Close

আগতে বিফল হোৱা বাবে আজি কাম কৰা বাদ দিব নেকি?

আপুনি আগতে এবাৰ বিফল হৈছিল, সেই কাৰণে আজি কাম কৰা বাদ দিব নেকি?

আপুনি কিবা এটা কাম কৰোতে যেনিবা অতীতত বিফল হৈছিল৷ হয়তো নিজৰ বাবে, নিজৰ কেৰিয়াৰৰ বাবে, নিজৰ জীৱনৰ বাবে আপুনি কিছুমান কাম কৰিব বিচাৰিছিল আৰু কৰিছিল, কিন্তু সেইবোৰত বিফল হৈছিল৷ কিন্তু তাত বিফল হোৱা বাবে যদি আজি আপুনি চেষ্টাই নকৰাটো ঠিক হ’বনে?

তেনে নকৰিব কাৰণ তেনে কৰাটো এটা সাংঘাটিক ভুল হ’ব ৷

কালিৰ ভুলৰ বাবে আমি কিয় আজি কাম নকৰাকৈ থাকো বা থাকিব খোজো?

আপুনি অতীতত কিছুমান ভুল কৰিছিল বা বিফল হৈছিল৷ তেনে ভুলবোৰ কৰা বাবে আপুনি নিজকে কিছুমান লেবেল লগাই দিয়ে৷ নিজকে আপুনি “কাম নাই” “কোনো কামৰ নহয়” “এলেহুৱা” “অকামিলা” “মুৰ্খ” ইত্যাদি নানা লেবেল লগাই দিয়ে৷ তাৰমানে নিজকে আপুনি তেনেদৰে ভাবি লয়৷ অথচ এইবোৰ মাত্ৰ লেবেলহে৷ কিন্তু ভয়ংকৰ কথাটো হ’ল যেতিয়া আপুনি সেই লেবেলবোৰ বিশ্বাস কৰি লয় আৰু সেইমতে চলা আৰম্ভ কৰে৷ আপুনি নিজকে পৰাজিত বুলি ভাবিলে আপুনি কাম কৰাৰ চেষ্টাই নকৰে৷ যদি আপুনি কাম নকৰে তেনহ’লে কাম নকৰা বাবে একো ফলাফলো নাপায়  আৰু সেইবাবে আপুনি সচাকৈয়ে পৰাজিত হৈ পৰে৷ গতিকে ই এটা চক্ৰৰ নিচিনাকৈ চলি থাকে আৰু আপুনি লাহে লাহে প্ৰমাণ পাবলৈ আৰম্ভ কৰে যে আপুনি সঁচাকৈয়ে পৰাজিত, বিফল, আপোনাৰ কোনো কাম নাই৷

কেতিয়াবা অতীতৰ বিফলতা আপোনাৰ অজুহাত হৈ পৰিব পাৰে ৷ স্বভাৱগতে ভাৱে অৰ্থাত আমাৰ স্বভাৱেই হ’ল আমি কষ্ট কৰিব নিবিচাৰো৷ যদি কিবা অজুহাত দি আমি কষ্ট কৰাৰ পৰা আতৰি থাকিব পাৰো সেয়া কৰাৰ সম্ভাৱনা বহু বেছি৷ আগতে কিবা এটা কামত বিফল হৈছিলো বুলি যদি আজি কাম এটা নকৰাকৈ থাকিব পাৰো তেনহ’লে সুবিধা পালে হয়তো আমি সেয়াই কৰিম৷

আপুনি যি কামেই নকৰক তাত কেতিয়াবা বিফলতা থাকিবই৷ ভালদৰে ভাবি চাওকচোন কথাটো হয় নে নহয় ৷ হয় ৷ বিফলতা নথকাকৈ কোনো কামেই নহ’ব৷ সৰু সৰু কামতো কেতিয়াবা বিফলতা থাকিবই৷ আৰু আপুনি নহয় সকলোৱে এনেধৰণৰ বিফলতাৰ সন্মুখীন হয়,….. আগতে হৈছে৷ প্ৰখ্যাত, সফল লোকসকলেও এনেধৰণৰ বিফলতাৰ সন্মুখীন হৈছে, হৈছিল আৰু সেই বিফলতাক তেওলোকে অতিক্ৰম কৰিছিল৷ কাৰোবাক তাৰবাবে হয়তোএবছৰ লাগিছিল, কাৰোবাক দুই বছৰ, কাৰোবাক কেবাবছৰো৷ কিন্ত তেওঁলোকে সেয়া কৰিছিল৷ হয়তো আপোনাক অলপ সময় লাগিব৷ হয়তো আপোনাৰ ক্ষেত্ৰত কাম এটা এবাৰতে নহ’ব, আপুনি তাক দুবাৰ বা তিনিবাৰ কৰিব লাগিব৷ তেনেহ’লে আপুনি যদি সেই সময় নিদিয়ে, যিমান বাৰ কৰিব লাগে সিমান বাৰ নকৰে, তেন্তে কেনেদৰে আপুনি বিচৰা সফলতা পাব?

যদি আপুনি সঁচাকৈয়ে ফলাফল এটা বিচাৰে, বস্তু এটা বিচাৰে, কিবা এটা লাভ কৰিব বিচাৰে, তেন্তে আপুনি নিজকে ক’ব লাগিব, “মোক এই ফলাফলটো লাগে, গতিকে তাৰ বাবে যিমান কষ্ট কৰিব লাগে কৰিম, যিমান সময় দিব লাগে দিম, যিমান বাৰ সেই কামটো কৰিব লাগে মই কৰিম ৷”

আগতে এবাৰ বিফল হৈছে বুলিয়ে আজিও বিফল হ’ব সেয়া সচা কথানে? আকৌ এবাৰ চেষ্টা কৰো আহক, প্ৰয়োজন হ’লে তাৰ পিছত আকৌ এবাৰ চেষ্টা কৰো আহক৷ তাৰ পিছত চাওচোন কিয় আমি কামটো নহয়, কেনেকৈ আমি বিচৰা ফলাফল নোপোৱাকৈ থাকো৷ কোনে আমাক ৰখাব পাৰে চাও আহক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top