অলপতে মই অসমৰ বিভিন্ন ঠাইৰ আঠখন পলিটেকনিকৰ এহেজাৰতকৈ বেছি ছাত্ৰ-ছাত্ৰীক লগ পাইছিলোঁ৷ তাৰে কিছুমানৰ লগত কথা পাতি মোৰ ভাব হৈছিল আজিৰ নতুন জেনেৰেচনটো আমাতকৈ বহুত বেছি ভাল, সঁচাই স্মার্ট৷ কিছুমানৰ লগত কথা পাতি সঁচাই ভাব হৈছিল তেওঁলোক বহুত আগবঢ়া৷ কেতিয়াবা ভাব হৈছিল যে আমাৰ নিচিনাই তেওঁলোকে একেবোৰ কথাৰ ওৰ বিচাৰি ফুৰিছে, একেধৰণৰ সমস্যাত ভূগিছে, একে ধৰণৰ গাইডেন্সৰ অভাৱত ভূগিছে, ঠাৱৰ কৰিব পৰা নাই জীৱনত কি কৰিব বিচাৰে৷
তেওঁলোকক কিছুমান সহায় আমি কৰিব পাৰোঁ আৰু এইখিনি সহায় কৰাটো মাক-দেউতাক, অভিভাৱক, শিক্ষক, দিশ দেখুৱাওতা, সমাজৰ অংশ হিচাপে আমাৰ কৰণীয়৷ এই গোটেই কথাখিনি কেইটামান প্ৰস্তাৱৰ ৰূপত আমি দাঙি ধৰিব পাৰোঁ৷
বহুত কথাই মনত পাকঘূৰণি খাই আছিল৷ সেইবোৰ কথাকে ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ৷ কিছুমান কাম কৰাৰ প্ৰয়োজন আছে আৰু এতিয়াই কৰাৰ প্ৰয়োজন আছে৷ সেইবোৰ কথাই ইয়াত প্ৰস্তাৱৰ আকাৰত তুলি ধৰিছোঁ৷ চাবচোন এইবোৰ কৰিবলগীয়া হয়নে আৰু কৰিব পাৰিনে৷
প্ৰথম প্ৰস্তাৱ
ল’ৰা-ছোৱালীক কিবা এটা পঢ়িবলৈ জোৰ কৰাৰ আগতে আহক সিহঁতৰ লগত বহি কথা পাতো৷ সিহঁতে নো কি বিচাৰে৷ কথা এইকাৰণেই পাতিব পাৰি কাৰণ ভবিষ্যতে সিহঁতে কি কৰিব সেয়া এটা সময়ৰ পিছত আৰু আপোনাৰ বাবে ইমান গুৰুত্বপূর্ণ বা ডাঙৰ কথা হৈ নাথাকিব৷ মুঠ কথাটো হ’ল সিহঁত অর্থনৈতিকভাৱে সবল হ’ব লাগে, সুখে-শান্তিৰে জীৱনত কটাব পাৰিব লাগে, জীৱনত কিবা এটা ভাল কৰিব লাগে, মানুহ হ’ব লাগে সেয়াই নহয় জানো? যদি সেয়া সিহঁতে আপুনি নিবিচৰা কিবা এটা কৰিও কৰিব পাৰে, তাত নো কি বেয়া কথা হ’ব? এটা উদাহৰণ চাওকচোন বাৰু৷ এজন ল’ৰাই মিউজিক সৃষ্টি কৰে আৰু ইউটিউবত নিজৰ চেনেলেত সেয়া আপলোড কৰে আৰু তেওঁৰ সেই কাম ইতিমধ্যে লাখ মানুহে চাইছে (ভিউজ), হাজাৰত তেওঁৰ অনুসৰণকাৰী (চাবস্ক্ৰাইবাৰ) আছে, তেওঁ আনৰ কাৰণে সংগীতৰ সৃষ্টি কৰি টকাও ঘটিছে, ইউটিউবৰ পৰাও নিজ চেনেলৰ জৰিয়তে তেওঁ ভবিষ্যতে যথেষ্ট উপার্জন কৰিব পাৰিব (ভিউজ বিলাকৰ পৰা)৷ কিন্তু তেওঁৰ অভিভাৱকে তেওঁ চাউণ্ড ইঞ্জিনিয়াৰিং কৰাটো নিবিচাৰে৷ অথচ ল’ৰাজনে তাৰ পৰাই যে ভবিষ্যতে আন বহুতে ভাবিব নোৱাৰা ধৰণৰ উপার্জন, নাম-সন্মান, সুখ-শান্তি আর্জন কৰিব পাৰিব সেয়া অভিভাৱকে বুজাই নাই৷ আন এগৰাকী ছোৱালীয়ে ফেচন ডিজাইজন কৰিব বিচাৰিছিল, কিন্তু অভিভাৱকে নিবিচাৰে তেওঁ সেয়া কৰক৷ কিয়? ফেচন ডিজাইনিং এটা ভদ্ৰ, যথেষ্ট উপার্জন, নাম-সন্মান থকা বৃত্তি৷ কিয় সেয়া কৰিব নালাগে?
কিবা কাৰণ থাকিব পাৰে, কিন্তু সেয়া জানি বহি কথা পাতি ইজনে-সিজনৰ কথা শুনি, বুজিবলৈ চেষ্টা কৰি, বুজি সমাধা কৰিব নোৱাৰোঁ? কি কাম কৰে সেইটো ডাঙৰ কথা নে জীৱনটোত কি কৰে সেইটো ডাঙৰ কথা?
দ্বিতীয় প্ৰস্তাৱ
সিহঁতৰ এটা জীৱন আছে৷ সিহঁতৰ জীৱনটো সিহঁতৰ মতেই জীয়াই থাকিবলৈ দিও আহক৷ সিহঁতৰ চিন্তা ধাৰা, সিহঁতৰ সামর্থ আপুনি ভবাৰ নিচিনা নহ’বও পাৰে৷ মই জানো যে আপুনি সিহঁতৰ আটাইতকৈ ভাল হোৱাটোৱে বিচাৰে, কিন্তু আপুনি খাটাং নে আপুনি সিহঁতৰ বাবে আটাইতকৈ কোনটো বস্তু ভাল হ’ব সেয়া জানে বা সিহঁতৰ বা সেইটো কাম কৰিবলৈ মন আছে নে নাই? নে আপুনি কিবা কাৰণত কৰিব নোৱাৰা কিবা এটা আপুনি সিহঁতৰ দ্বাৰা পূৰণ কৰাই ল’ব বিচাৰিছে৷ যদি কথাটো সেইটো হয় তেন্তে সিহঁতৰ জীৱনটো সিহঁতৰ হৈ থাকিল জানো? আপোনাৰ লগত আপোনাৰ অভিভাৱকে তেনে কৰিলে আপুনি ভাল পালেহেঁতেন জানো?
তৃতীয় প্ৰস্তাৱ
সিহঁতৰ মনবোৰৰ বিকাশ অর্থাৎ মানসিক বিকাশ কৰোঁ আহক৷ আজি যদি আমি সিহঁতৰ মানসিক বিকাশ ঘটাত সহায় কৰিব পাৰোঁ, কাইলৈ আমি সিহঁতক লৈ াৰু চিন্তা কৰিব নালাগে৷ ফেচবুক, হোৱাটছ এপ বা অনলাইন গেমৰ পৰা বচাই ৰাখিবলৈ আমি অনবৰতে সিহঁতক নজৰবন্দী কৰি ৰাখিব নালাগে৷ কাৰণ মানসিক বিকাশে সিহঁতক সহায় কৰিব সেই কথাটো বুজাত যে কোনটো কথা সিহঁতৰ বাবে বেছি প্ৰয়োজনীয় আৰু কিয় সিহঁতে সেই প্ৰয়োজনীয় কামবোৰ কৰিব লাগে৷ সিহঁতৰ মানসিক বিকাশ হ’লে আমি চাকৰি পাব নে নাপায়, স্মার্টনেছ থাকিবনে নাথাকে, জীৱন-যুদ্ধত পাৰ পাবলৈ সক্ষম হ’ব নে নহয় সেয়া চিন্তা কৰি চকুৰ টোপনি নোহোৱা কৰিব নালাগে৷ কাইলৈ ঘৰ এৰি আন ঠাইলৈ পঢ়িবলৈ যাওতে হোৱা সমস্যা, বেয়া সংগত পৰাৰ সমস্যা, নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰাৰ সম্ভাৱনা বা আন কিবা সমস্যাৰ উদ্ভৱ নহয় আৰু হ’লেও সিহঁতে সেই সমস্যাবোৰ নিজে নিজে চম্ভালি ল’বলৈ সক্ষম হ’ব৷
মানসিক বিকাশ এইবাবেই কৰোঁ আহক কালি যাতে সিহঁতে কাৰো মুখলৈ এচিড মাৰি নপঠিয়াও, আপোনাক বৃদ্ধাশ্ৰমলৈ নপঠিয়ায়, মহিলাক দিবলগীয়া সন্মান দিব জানে আৰু লগতে সমাজৰ প্ৰতি যে অৱদান দিয়াটো প্ৰয়োজনীয় সেই কথা বুজি পায়৷ ভাষাৰ কথা, সমাজৰ কথা চকুত আঙুলি থৈ যাতে কাকোৱে বুজাব লগীয়া নহয়৷ সেয়া সম্ভৱ হ’ব একমাত্ৰ মানসিক বিকাশৰ দ্বাৰাহে৷ মানসিক বিকাশ মানে অকল বেছি নম্বৰ পোৱা বা ভাল চাকৰি পোৱাই নহয়, তাতোকৈ বহুত বেছি৷
মানসিক বিকাশৰ বাবে যি শিকাব লাগে- মটিভেচন, লাইফ স্কিল, ইমচনেল ইন্টেলিজেন্স- সকলো কথাকে শিকাও আহক৷ মুঠতে সিহঁতক জীৱন যুদ্ধৰ বাবে সম্পূর্ণৰূপে সাজু কৰি পঠিয়াও৷
চতুর্থ প্ৰস্তাৱ
সপোন দেখিবলৈ শিকাও আহক৷ সপোন যদি জীৱনত নাথাকেই জীৱনটো মাত্ৰ সা-সম্পদ ঘটিবলৈ আৰু কোনোমতে বা ভালদৰে খাই-বই চলি থাকিলেই যে নহ’ব কথাটো শিকাওক আহক৷ নিজৰ বাবে, আনৰ বাবে, সমাজৰ বাবে যিসকল লোকে কিবা এটা কৰিছে সেই সকলোবোৰ কথাই সম্ভৱ হৈছে কিছুমান সপোনৰ বাবে৷ মাটিত নিজৰ শিপা দৃঢ় কৰি ৰাখিও যে আকাশ চোৱাৰ সপোন দেখিব পাৰি আৰু সেই সপোন পূৰণ কৰিব পাৰি সেয়া শিকাও আহক৷ কিজানিবা সেই সপোনৰ নেজত ধৰি সি নিজে বহুত ওপৰলৈ উঠাৰ লগতে, আপোনাৰ, অসমৰ আৰু মানুহৰ নাম উজ্বল কৰেই বা৷ গতিকে সপোনবোৰ অলপ ডাঙৰকৈ দেখিবলৈ দিও আহক, প্ৰয়োজন হ’লে সপোনবোৰ কেনেকৈ মেনেজ কৰিব লাগে, কেনেকৈ প্ৰয়োজন হ’লে সালসলনি কৰিব পাৰি সেয়া শিকাওক আহক৷ তাতোকৈ ডাঙৰ কথা শিকাওক আহক কিদৰে শৃংখলাবদ্ধভাৱে এই সপোনবোৰ লাভ কৰিবলৈ আনৰ ওপৰত নির্ভৰ নকৰি নিজে কাম কৰিব পাৰি আৰু সেইবোৰ লাভ কৰিব পাৰি৷
সিহঁতৰ সপোনবোৰ পূৰণ কৰিবলৈ সিহঁতক যি সহায় বা চাপর্ট লাগে সেয়া যিকোনো প্ৰকাৰে সিহঁতক দিও আহক৷ অভিভাৱক হিচাপে আপোনাৰ, মোৰ সেয়াই কাম নহয় জানো?
পঞ্চম প্ৰস্তাৱ
একোজন ৰোল মডেল হৈ পৰোঁ আহক৷ এই সকলোবোৰ তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আমি নিজে সিহঁতৰ বাবে একোজন ৰোল মডেল হৈ পৰিম৷ আপুনি কেৱল সিহঁতক ভাল হ’বলৈ কলেই সিহঁত ভাল হৈ নাযাব৷ আমি নিজে সিহঁতক দেখুৱাব পাৰিব লাগিব যে আমি সিহঁত কেনে হোৱাটো বিচাৰোঁ৷ আমাৰ যদি নিজৰ কোনো ধৰণৰ সপোন নাই বা সপোন দেখিবলৈ আমি কেতিয়াও সাহসেই কৰা নাই (সপোন লাভ কৰিছে নে নাই সেয়া ইয়াত জৰুৰী নহয়, আপুনি চেষ্টা কৰিছে নে নাই সেয়াহে বেছি জৰুৰী), আমি সিহঁতক সপোনৰ কথা কিদৰে ক’ম৷ আমি যদি নিজে কেতিয়াও গুটকা, চিগাৰেট বা মদ এৰিব পৰা নাই, সিহঁতক সেয়া নাখাবলৈ বা এৰিবলৈ কেনেকৈ ক’ম? আমি যদি নিজে আনক (মহিলাসকলকো ধৰি) সন্মান নকৰোঁ সিহঁতক আমি আমাক সন্মান কৰিবলৈ কেনেকৈ ক’ম?
কোনোবাই যদি সিহঁতৰ কাম নাই বুলি কৈছে, সিহঁতৰ মনত নিগেটিভ কথাবোৰ বাৰে বাৰে জোৰ কৰি সুমুৱাই দিবলৈ চেষ্টা কৰিছে, সেই কথাত বাধা দিও আহক৷ অকল মৰমৰ বশৱৰ্তী হৈ সিহঁতৰ দোষ ঢাকিবলৈ নহয়, এয়া আমি কৰোঁ ভালদৰে চালিজাৰি চাই সিহঁতৰ মনৰ ওপৰত নিগেটিভ প্ৰভাৱ নপৰিবলৈ৷ আমি সিহঁতক কও আহক “কিয় নোৱাৰিবা, চেষ্টা কৰাচোন,” বা “চেষ্টা কৰি চোৱা, এবাৰত হোৱা নাই, আকৌ এবাৰ কৰাচোন, মই আছোঁ নহয় তোমাৰ লগত৷” সিহঁতে কিবা কাম কৰিব নোৱাৰিলে আমি সিহঁতৰ সেই দুখৰ সময়ৰ চাপর্ট হও আহক, সিহঁতক মাত্ৰ আকৌ এবাৰ চেষ্টা কৰিবলৈ সাসহ দিও৷ বাকীখিনি কাম সিহঁতে নিজেই কৰিব, মাত্ৰ আপোনাৰ সহায়, চাপর্ট, উৎসাহ সিহঁতক লাগে৷ সেইখিনি দিও আহক৷ কিন্তু সেয়া দিবলৈও প্ৰথমে মোৰ মনটোৰ বিকাশ হ’ব লাগিব, মই এনে এজন মানুহ হ’ব লাগিব যাক সিহঁতে সন্মান কৰিব পাৰে, যাক লৈ সিহঁতে গৌৰৱ কৰিব পাৰে, যাৰ আঙুলিত ধৰি সিহঁত নিজৰ জীৱনত আগবাঢ়িব পাৰে৷
কামবোৰ কিন্তু বহুত ডাঙৰ নহয় আৰু এইবোৰ ব্যক্তিগত প্ৰচেষ্টাতো সম্ভৱ৷ চাবচোন এইবোৰ প্ৰস্তাৱ আমাৰ ঘৰবোৰত, স্কুলবোৰত গ্ৰহণ কৰিব পাৰি নেকি৷ তেতিয়া বহু কথাই আমি চিন্তা নকৰিলেও হ’ব আৰু আমাৰ জীৱনবোৰো যথেষ্ট সহজ-সৰল-সুন্দৰ হ’ব, সমাজৰো ভাল হ’ব আৰু জীয়াই থাকিও ভাল লাগিব৷