আপুনি বিচৰা ধৰণে জীৱনটো জীয়াই থকাৰ ৫টা উপায়

আমি প্ৰায়ে ভাল জীৱন এটাৰ সপোন দেখো কিন্তু তেনে জীৱন এটা লাভ কৰাটো ইমান সহজ নহয়। আমি তেনে এটা জীৱন লাভ কৰিবলৈ পৰিকল্পনা কৰোঁ কিন্তু তেনে পৰিকল্পনা মতে কাম কৰিব থাকিব নোৱাৰা বাবে তেনে এটা সপোনৰ জীৱন সপোন হৈয়ে থাকে। নতুন বছৰৰ আৰম্ভণিতে আমি কিছুমান কাম কৰিম বুলি থিৰাং কৰোঁ, কিন্তু প্ৰায়ে তেনে কাম হৈ নুঠে। কিছুদিন পিছত এই কথাবোৰ আমি পাহৰি যাওঁ আৰু আগৰ অভ্যাসবোৰৰ দ্বাৰাই পৰিচালিত হওঁ।

তলৰ পাঁচটা সহজ পদ্ধতিৰে আমি বিচৰা ধৰণৰ এটা জীৱন লাভ কৰিব পাৰোঁ-

১) আপোনাৰ ইচ্ছাবোৰ লিখি লওঁক- বিচৰা আৰু তুমি পাবা

আপুনি যদি বিচাৰে (খোজে), তেন্তে আপুনি তাক পাব। যেতিয়া আপুনি এটা কামত সম্পূৰ্ণ মনোযোগ আৰু শক্তি কেন্দ্ৰীভূত কৰে, তেন্তে আপুনি বিচৰা ফল পাবই। মাইকেল লজিয়েৰ (Michael Losier)ৰ “Law of Attraction” নামৰ কিতাপখনে এই কথাকে কয়। আমি যিটো কামত আমাৰ শক্তি, মনোযোগ কেন্দ্ৰীভূত কৰোঁ তাকে আমি আমাৰ জীৱনলৈ আকৰ্ষিত কৰোঁ। আপুনি যদি পজিটিভ কথাত মনোযোগ দিয়ে তেন্তে আপোনাৰ জীৱনত পজিটিভ ঘটনাবোৰ ঘটিব।নিগেটিভ কথাত গুৰুত্ব দিলে জীৱনলৈ আহিব নিগেটিভ ৰিজাল্ট। আপুনি যদি আপোনাৰ ইচ্ছাবোৰ লিখি লয়, আপুনি এইবোৰ সদায় দেখি থাকিব আাৰু সেইবোৰ লাভ কৰাৰ বাবে চেষ্টা কৰিব। ল অব এট্ৰাকচনৰ বাবে আপুনি আপোনাৰ ইচ্ছাবোৰ লাভ কৰিবলৈ সমৰ্থ হ’ব।

২) পজিটিভ হৈ থাকক- এই বিশ্বব্ৰহ্মাণ্ডৰ নিগেটিভ মানুহৰ প্ৰতি ভাল ভাব নাথাকে

পজিটিভ হৈ থাকিলে আপোনাৰ বহু লাভ হ’ব আৰু আপুনি বিচৰা জীৱনটো লাভ কৰিবলৈ সক্ষম হ’ব। পজিটিভ হৈ থাকিলে আপুনি বিচৰা জীৱনটোৰ দিশে কাম কৰিবলৈ আপুনি অনুপ্ৰাণিত হ’ব। আপোনাৰ জীৱনটোৰ লক্ষ্য আৰু ইচ্ছাবোৰ লাব কৰিবলৈ কাম কৰিব লাগিব আাপুনিয়ে। আপুনি যদি আনুপ্ৰাণিত হৈ থাকে, তেতিয়া আপোনাৰ লক্ষ্যৰ দিশে আপুনি বেছি ভালদৰে কাম কৰিব পাৰিব।

৩) মেডিটেচন কৰক- আপোনাৰ লক্ষ্যবোৰ মজবুত কৰক

মেডিটেচন কৰিলে কেবল আপোনাৰ মনটোৱে শান্ত হৈ নাথাকে লগতে আপোনাৰ সপোনৰ জীৱন এটা লাভ কৰাৰ আপোনাৰ লক্ষ্যতো আূনি মনোযোগ দিব পাৰিব। মাত্ৰ কেই মিনিটমান সময় মেডিটেচন কৰি আপুনি এই লক্ষ্যৰ বাবে কাম কৰিবলৈ নিজৰ শক্তি পুনৰ ঘূৰাই পাব। কেইমিনিটমানৰ মেডিটেচনৰ বাবেই আপুনি বহু অনুপ্ৰেৰণা আাৰু শক্তি পাব যি্যে আপোনাক আপোনাৰ সপোনবোৰ পূৰণ কৰাত সহায় কৰিব।

৪) ভয়বোৰ আঁতৰ কৰক- ব্ল’কেজবোৰৰ কথা উপলব্ধি কৰক আৰু সেইবোৰ আঁতৰ কৰক

আমাৰ সপোনৰ জীৱনটো লাভ কৰাত প্ৰধান বাধা আমি নিজে। ভয়ে আমাক সদায় আমাৰ লক্ষ্যৰ দিশে কাম কৰাত বাধা দিয়ে। সপোনাৰ জীৱনটো লাভ কৰিবলৈ আমি নিজকে সলনি কৰিব লাগে আৰু এনে সাল-সলনিক আমি ভয় কৰোঁ। আপুনি যদি অলপ মনোযোগ দি ইমানদিনে কিহে আপোনাক আপোনাৰ সপোনৰ জীৱনটও লাভ কৰাৰ বাধা দি আহিছে তাক লক্ষ্য কৰে, তেন্তে আপুনি দেখিব যে ভয়ে ইয়াৰ এটা ডাঙৰ কাৰণ। ই এটা বৰ ধ্বংসাত্মক আনুভূতি যিয়ে আপোনাক কাম কৰাত বাধা দিয়ে। মেডিটেচনৰ সময়ত আপোনাৰ ভয়ক এটা স্পষ্ট ৰূপত চাওঁক আৰু তাক বাহিৰ কৰি দিয়ক। বা ভয়ক আপোনাৰ শৰীৰৰ এক আৱৰণৰ ৰূপত চাবলৈ যত্ন কৰক আৰু তাক চালি-ছিৰি দলিয়াই পেলাওক। এয়া কৰাৰ পিছত আপুনি এক অদ্ভূত পৰিৱৰ্তন লক্ষ্য কৰিব।

৫) ব্যৱস্থা লওঁক- এটা সৰু কাম এক সময়ত

ব্যৱস্থা লোৱাটো বা কাম কৰাটো আটাইতকৈ দৰকাৰী পদ্ধতি। সেইবুলি ই এদিনাতেই সকলো সলনি কৰাটো নুবুজায়। এক সময়ত এটা কামৰ দ্বাৰা সৰু সৰু ষ্টেপ কিছুমান লৈ আপুনি কামবোৰ কৰিব পাৰে। এনে সৰু সৰু ষ্টেপবোৰ একেলগ হৈ কিছু সময়ৰ পিছত ডাঙৰ ৰূপ ল’ব আৰু আপুনি বিচৰা সাল-সলনিবোৰ হোৱাত সহায় কৰিব। কাম কৰা আৰু নিজকে পজিটিভ কৰি ৰখা– এই দুয়োটা কাম কৰিলে আপুনি বিচৰা জীৱনটোৰ পিনে আগৱাই যাব পাৰিব।

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

One thought on “আপুনি বিচৰা ধৰণে জীৱনটো জীয়াই থকাৰ ৫টা উপায়

Leave a Reply

Your email address will not be published. Required fields are marked *