আমাৰ প্ৰত্যাশাবোৰৰ বাবে আমাৰ নানা সমস্যা হয়৷ আমাৰ খঙ উঠে, হতাশা হয়, ডিপ্ৰেচন হয়, অশান্তি পাও, ফ্ৰাচট্ৰেচন হয়, সম্পৰ্কবোৰ বেয়া হয়৷
খঙ
প্ৰথমতে চাও আহক আপোনাৰ খঙ উঠে কিয়৷ সাধাৰণতে আমাৰ খঙ উঠাৰ এটা প্ৰধান কাৰণ হ’ল এক্সপেক্টেচন, আমাৰ প্ৰত্যাশাবোৰ৷ আমি কিছুমান কথা আশা কৰোঁ আৰু সেইমতে নহ’লে আমাৰ খঙ উঠে৷ নহয়নে?
আপোনাৰ ভোক লাগিছে, কিন্তু ভাত হোৱাই নাই, আপোনাৰ খঙ উঠিল৷ চাহ একাপ খাবলৈ আপোনাৰ বৰ মন গৈ আছে কিন্তু ঘৰৰ কোনেও আপোনাক চাহ একাপো কৰি আনি দিয়া নাই, আপোনাৰ খঙ উঠিল৷ আপুনি আগতে নিজৰ বন্ধ³ বা বান্ধৱীক সহায় কৰি থৈছে, কিন্তু আজি যেতিয়া আপোনাক সহায় লাগিছিল, সিহঁত কোনেও আগবািI. নাহে, আপোনাৰ খঙ উঠিল৷ আপুনি কাৰোবাক কাম এটা কৰিব দিছিল, তেওঁ আপুনি বিচৰা মাতে, বিচৰা সময়ত কামটো নকৰিলে গতিকে আপোনাৰ তেওঁৰ ওপৰত খঙ উঠিল৷ কোনোবাই কিবা এটা কাম কৰিলে যিটো আপোনাৰ মতে ভাল নহয়, আপোনাৰ বিশ্বাস, মূল্যবোধৰ মতে সি ঠিক নহয়, গতিকে আপোনাৰ খঙ উঠিল৷
এতিয়া যদি এই এক্সপেক্টেচনবোৰ যদি কমাব পাৰোঁ তেতিয়াহ’লে? একেবাৰে নোহোৱা কৰাটো সহজ নহয়, আৰু বহুতৰে বাবে ই ভাল নহ’বও পাৰে৷ কিন্তু এই সৰু সৰু এক্সপেক্টেচনবোৰ নোহোৱা কৰিব পাৰিলে আৰু ডাঙৰ ডাঙৰবোৰ কমাব পাৰিলে আমাৰ হতাশা, ডিপ্ৰেচন, ফ্ৰাচট্ৰেচন আদি নোহোৱা হ’ব৷ আৰু তেতিয়া এইবোৰৰ বৰ্হিপ্ৰকাশ খঙো নোহোৱা হ’ব৷ আপুনি যিহেতু আশা কৰাই নাছিল গতিকে আপুনি এক নিৰ্দিষ্ট পদ্ধতিত বা সময়ত কামটো হ’বই বুলি বা কোনোবাই কৰিব বুলি আশা কৰা নাছিল, গতিকে কাৰো ওপৰত খঙ উঠাৰ কোনো কাৰণেই নাথাকিব৷
সম্পৰ্কবোৰ
কোনোবাই ক‘ব পাৰে যে “মই কাৰোবাক ভাল পাও গতিকে তেওঁ মোৰ বাবে কিছুমান কাম কৰাটো বিচাৰোঁ৷ ” তাৰমানে তেওঁ যদি মোক ভালপায় তেন্তে তেওঁ সেই কামটো মোৰ বাবে কৰিবই বা কৰিব লাগিবই৷ তেনেদৰে ভাবি লোৱা মানে সেয়া জানো এটা কণ্ডিচন বা চৰ্ত নহ’ল? কাৰোবাক ভালপোৱাটো তেনেদৰে চৰ্তৰ অধীন হোৱাটো কিমান ভাল? আৰু চৰ্তৰ সৈতে কাৰোবাক ভালপোৱাটো ভাল নে কোনো ধৰণৰ চৰ্ত নথকাকৈ ভালপোৱাটো বেছি ভাল?
দৈন্দিন জীৱনত কেনেদৰে প্ৰত্যাশাবোৰ কমাব? আপুনি যেতিয়া ভালদৰে নিজৰ চিন্তাবোৰ মন কৰিব তেতিয়া আপুনি গম পাব যে কেতিয়া আপুনি আন কাৰোবাৰ পৰা কিবা এটা আশা কৰিছে৷ গম পোৱাৰ লগে লগে আপুনি সেই আশাটো কমাব পাৰে বা বাদ দিয়াৰ চেষ্টা কৰিব পাৰে৷ অভ্যাস কৰা আৰম্ভ কৰিলে ই এটা সময়ত সহজ হৈ পৰিব৷ তেনে অৱস্থাত আপোনাৰ খঙ উঠাৰ প্ৰায়বোৰ কাৰণেই নোহোৱা হৈ যাব৷
কোনোবাই ক’ব পাৰে যে এনেদৰে প্ৰত্যাশাবোৰ বাদ দিলে নানা সমস্যাৰ সৃষ্টি হ’ব৷ সেই বিষয়ে একেবাৰে শেষত কথা পাতিম৷
প্ৰত্যাশাবোৰ কমোৱাৰ আন কিছুমান লাভো আছে
আপুনি আশা নকৰিলেও যদি কোনোবাই আপোনাৰ বাবে কিবা এটা কৰে, সি যেনিবা চাহ একাপ আনি দিয়াৰ নিচিনা সৰু কথা এটাই হওক, তেতিয়া আপোনাৰ কেনে লাগে৷ ভাল লাগে৷ গতিকে আশা বাদ দিয়াৰ সেয়া আন এটা লাভ৷ আপুনি প্ৰায়ে প্লিজেKI×লি চাৰপ্ৰাইজদ হ’ব যেতিয়া আনে আপোনাৰ বাবে কিবা এটা কৰিব৷ এনে হ’লে আপোনাৰ সদায় মনটো ভাল লাগিব৷
তদুপৰি যেতিয়া আপুনি কাৰো পৰা একো আশা নকৰাকৈ চলি থাকে, কামবোৰ কৰি যায়, তেতিয়া ই আপোনাৰ মনটো টান কৰি গৈ থাকে৷ মনৰ শক্তি বI.ায়৷ কাইলৈ কিবা এটা সমস্যা বা বিপদ হ’লে আপুনি ইমানখিনি শক্তিশালী হ’ব যে আপুনি নিজেই নিজকে আৰু সমস্যাটোক চম্ভালি ল‘ব পাৰিব৷
আপোনাৰলোকৰ কোনবাই ভাবিব পাৰে যে প্ৰত্যাশাবোৰ বাদ দিলে আমি মেচিনৰ নিচিনা হৈ পৰিম আৰু আমাৰ সম্পৰ্কবোৰ মেকানিকেল হৈ পৰিব, তাত একো নাথাকিব৷ কথাটো সঁচানে৷ একদম নহয়৷ আপোনাৰ প্ৰত্যাশাবোৰেহে আপোনাক মেচিন নোহোৱাৰ পৰা, মেকানিকেল নোহোৱাৰ পৰা বচাই ৰাখিছে নেকি? নহয় আপুনি মানুহ কাৰণ আপুনি আপোনাৰ আৱেগ-অনুভূতি বোৰ অনুভৱ কৰিব পাৰে আৰু সেইবোৰ বিচাৰ কৰি সেইমতে কাম কৰিব পাৰে৷ আপোনাক প্ৰত্যাশা কমাবলৈহে কৈছোঁ, আৱেগ-অনুভূতি বা মৰম কমাবলৈ কোৱা নাই৷ বৰঞ্চ কোনো প্ৰত্যাশা নৰখাকৈ যি সম্পৰ্ক থাকিব সিহে প্ৰকৃত স¥ৰ্কৰ্ হ’ব পাৰে কাৰণ মই কিবা এটা বিচাৰি তোমাৰ লগত সম্পৰ্ক কৰিব বিচৰা নাই, মই তোমাক ভালপাও বাবেহে সম্পৰ্ক এটা হৈছে৷
গতিকে প্ৰত্যাশাবোৰ কমাওক৷ খঙৰ লগতে আন নানা সমস্যাবোৰো কমি যাব৷ আপুনি আগতকৈ বেছি শক্তিশালী হ’ব, বেছি সুখী হ’ব, বেছি শান্তি পাব৷