কেতিয়াবা অকণমান জিৰণি লোৱাটো বেয়া কথা নহয়, কিন্তু বহুত বেছি সময় তেনে কৰিলে লাহে লাহে ই এটা অভ্যাসত পৰিণত হ’ব পাৰে৷ এনে হ’লে চাইড লাইনত বহি থকাটো আপোনাৰ অভ্যাস হৈ পৰিব পাৰে৷ আপুনি আগতে কেতিয়াবা খেলপথাৰত ফুটবল খেল চাবলৈ গৈছে নে? খেলুৱৈসকলে খেলপথাৰত নিজৰ খেল খেলি থাকে আৰু দর্শকসকলে ফিল্ডৰ বাহিৰৰ পৰা খেল চাই থাকে৷ এনেদৰে আমি চাইড লাইনৰ পৰা খেলবোৰ চাই থাকো৷ কিন্তু কেৱল চাইহে থাকো৷ জীৱনটো আমি তাকেই কৰিব পাৰোঁ, খেলাৰ সলনি কেৱল চাইহে থাকিব পাৰোঁ৷
আপুনি চাইড লাইনত বহি আছে নেকি সেয়া চাও আহক৷
আপুনি সদায়ে চিন্তা আৰু পৰিকল্পনা কৰি থাকে
কিবা এটা কাম কৰিবলৈ আপুনি প্ৰায়ে চিন্তা কৰে, পৰিকল্পনা কৰে, ষ্ট্ৰেটেজী ঠিক কৰে৷ আৰু এয়া চলিয়েই থাকে৷ খেলখনৰ বিষয়ে আপুনি চিন্তা কৰি থাকে, কি কৰিব, কি নকৰিব সেয়া পৰিকল্পনা কৰি থাকে, কিন্তু খেলখন কেতিয়াও আৰম্ভই নকৰে৷ সেই খেলখন খেলি আপুনি আনন্দ পাবনে, জিকিবনে? আপুনি যিমানে পৰিকল্পনা নকৰক কিয়, আপুনি খেলিবলৈ আৰম্ভ নকৰালৈকে, খেলপথাৰত ননমালৈকে খেলখন আৰম্ভ নহ’বই আৰু আপুনি সদায়ে চাইদ লাইনতে ঠিয় হৈ থাকি যাব৷ ঘৰত চোফাত বহি, ষ্টেডিয়ামত চকীত বহি আপুনি খেলখন চাব পাৰিব, কিন্তু খেল খেলিবলৈ হ’লে ফিল্ডৰ ভিতৰলৈ সোমবাই লাগিব৷
আপুনি সুবিধাৰ বাবে অপেক্ষা কৰি আছে
সুবিধা এটা আহিব বুলি আপুনি অপেক্ষা কৰি আছে, খেলখন কিন্তু আজিলৈকে আৰম্ভ কৰাই নাই৷ সকলো চিনবোৰ ঠিক হ’লেহে, সকলোবোৰ সময়, সুবিধা আদি আপুনি ভবামতে হ’লে আপুনি আৰম্ভ কৰিব৷ সেই সময়টো কেতিয়াও নাহিবই পাৰে, সেই সুবিধাটো কেতিয়াও নাহিব পাৰে৷ আপুনি যি বিচাৰে সকলোবোৰ এতিয়াই আছে, মাত্ৰ আপুনি আৰম্ভ কৰিব লাগে৷ ৰৈ থাকিলে হয়তো সেই সুবিধাটো কেতিয়াই নাহিবই, সেই ৰিক্সটো ল’বলৈ আপুনি সাজুনে?
সমস্যাত পৰিলে আপুনি হাত দাঙি দিয়ে
কাম আৰম্ভ কৰিলেও বা আৰম্ভ কৰাৰ আগতেই কিবা এটা বাধাৰ বা সমস্যাৰ মুখামুখি হ’লে আপুনি হাত দাঙি দিয়ে৷ ফুটবল খেলিবলৈ আৰম্ভ কৰিলে, কেতিয়াবা কোনোবাই খুন্দিয়াই আপোনাক পেলাই দিব, কেতিয়াবা আঠুৰ চাল-বাকলি যাব, কেতিয়াবা কৰাবাত দুখ পাব৷ কিন্তু সেইবাবে জানো আপুনি ফুটবল খেলা একেবাৰে বাদ দিব? এইবোৰ অতিক্ৰম কৰি, এইবোৰক আওকাণ কৰি আপুনি নিজৰ খেল খেলি থাকে৷ এইবোৰক ভয় কৰিলে সদায় চাইড লাইনতে ঠিয় হৈ আনৰ খেল চাই থাকিব লাগিব৷ অলপ সমস্যা, অলপ অসুবিধা, অলপ বাধা যিকোনো কথাতে থাকিবই৷ আপুনি যদি সঁচাকৈয়ে খেলিব বিচাৰিছে, সেয়া আপুনি আওকাণ কৰি আগবাঢ়িবই লাগিব৷
আপুনি যিমান কষ্ট কৰিব লাগে সিমান নকৰে
আপুনি যেতিয়া ফুটবল খেলিবলৈ যায়, খেলবিধ সঁচাই ভাল পালে, আপুনি এটা সময়ত সকলো পাহৰি যায় আৰু কেৱল খেলৰ কথাহে মনত থাকে৷ তেতিয়া আপুনি ভাল খেলিবও পাৰিব আৰু খেলি এক অদ্ভূত আনন্দও ল’ব পাৰিব৷ তেনেদৰেই আপুনি যি কৰিব বিচাৰে সেই কাম যদি আপুনি সম্পূর্ণভাৱে তাত সোমাই পৰি কৰে, তেতিয়া সময়ৰ কোনো হিচাপ, কষ্টৰ কোনো হিচাপ নাথাকে আৰু আপুনি সেই কামৰ ফলাফলৰ লগতে কামবোৰ কৰি সন্তুষ্টি অৰু সুখ পায়৷
চাইডলাইন বেছি সুৰক্ষিত
আপুনি ভাবে যে খেল পথাৰত সোমাই খেলাতকৈ চাইদ লাইনত ঠিয় হৈ থকাটো বেছি সুৰক্ষিত৷ দুখ পোৱাৰ, কিবা হোৱাৰ সম্ভাৱনা নাই৷ কথাটো হয়?৷ কিন্তু চাইদ লাইনত থিয় হৈ থাকিলে আপুনি খেলিবলৈও নাপাব, খেলৰ আনন্দও নাপাব আৰু জিকাৰ সুবিধাও নাপাব আৰু জিকিলে কিবা এটা কৰাৰ যি আনন্দ আৰু গর্ব থাকে সেয়াও নাপাব৷ ই সুৰক্ষিত হয়, কিন্তু লগতে ই ৰিক্তও, চাইদ লাইনত একো নাই৷ চাইদ লাইনত থাকি আপুনি আন কাৰোবাৰ বাবে চিয়েৰ কৰিব পাৰিব, অলপ সময় খেল খন চাই ফুর্তি ল’ব পাৰিব, কিন্তু নিজে খেলখন খেলাৰ যি এক অনুভৱ সেয়া কেতিয়াও নাপায়৷ আৰু সেই খেলত আপুনি ভালপোৱা দলটো জয়ী হলেও খেলুৱৈ এজনৰ সমান আনন্দ, আৰু সন্মান আৰু গর্ববোধ আপুনি কেতিয়াও নাপায়৷
চাইডলাইনত বহি নাথাকিব৷ তাতোকৈ ফিল্ডত সোমাই পৰি আপুনি যিমান ভালদৰে খেলিব পাৰে সিমান ভালদৰে খেলাত লাগি যাওক৷ জীৱনটো জীয়াই থাকি বেছি ভাল লাগিব৷