Close

স্মার্ট হওক- এক্সাচাইজ কৰক

আমেৰিকাৰ আটাইতকৈ ফিট আৰু বুদ্ধিমান

১৯০০০ ছাত্ৰ-ছাত্ৰীক এখন স্কুলে আমেৰিকাৰ আটাইতকৈ ফিট আৰু বুদ্ধিমান কেনেদৰে কৰি তুলিছিল?

নেপাৰৱিল, ইলিনয় ৰ জিম টিচাৰসকলে এটা শিক্ষা বিষয়ক পৰীক্ষাত ভাগ লৈছিল যাৰ নাম আছিল “জিৰ’ আৱাৰ পি ই” (Zero Hour P.E.)৷ ক্লাছ আৰম্ভ হোৱাৰ আগতে ট্ৰেডমিল আৰু আন এক্সাচাইজ কৰা সজুঁলিৰে ছাত্ৰ-ছাত্ৰীসকলে এক্সাচাইজ কৰিছিল৷

ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে Trends in International Mathematics and Science Study (TIMSS) নামৰ এটা পৰীক্ষাত অংশগ্ৰহণ কৰিছিল, যিটো গোটেই পৃথিৱীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হয়৷ আগৰে পৰাই আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত বেয়া ফলাফল দেখুৱায়৷ আগতে মাত্ৰ ৭% আমেৰিকান ছাত্ৰ-ছাত্ৰীয়েহে একেবাৰে সর্বোচ্চ নম্বৰ লাভ কৰিছিল৷ এইবাৰ নেপাৰৱিলৰ 8th grade ৰ ৯৭% ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশ লৈছিল৷ এই পৰীক্ষাৰ ফলাফলে সকলোকে আচৰিত কৰি তুলিছিল৷ বিজ্ঞানত এই ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ ভিতৰতে প্ৰথম হৈছিল আৰু গণিতত হৈছিল বিশ্বৰ ভিতৰতে ষষ্ঠ৷ সেয়া সম্ভৱ হৈছিল তেওঁলোকৰ সেই বিশেষ এক্সাচাইজ প্ৰগ্ৰেমৰ বাবে৷

শাৰীৰিক ব্যায়ামে সকলোকে সহায় কৰে

যিমানে আপোনাৰ বয়স বাঢ়ি গৈ থাকিব সিমানে আপোনাৰ কিছুমান মগজুৰ কিছুমান ক্ষমতা কমি গৈ থাকে বা কনিটিভ ডিক্লাইন হৈ গৈ থাকে৷ এই কনিটিভ ডিক্লাইন কমাবলৈ হ’লে আপুনি এক্সাচাইজ কৰিব লাগিব৷ আলজেইমাৰ নহ’বলৈ বা মগজুৰ বয়স কমাই ৰাখিবলৈহ’লে আপুনি এক্সাচাইজ কৰিব লাগিব৷

এক্সাচাইজে নতুন ব্ৰেইন চেল আৰু নিউৰণ গঠন কৰাত সহায় কৰে আৰু সেয়ে আপুনি যেতিয়া এক্সাচাইজ কৰে তেতিয়া আপোনাৰ মগজুৰ ক্ষমতা আগতকৈ বাঢ়ে, মনত ৰখাৰ শক্তি আৰু আন আনুসাংগিক ক্ষমতা বাঢ়ে৷

Brain Derived Neurotrophic Factor বা BDNF

Brain Derived Neurotrophic Factor আপোনাৰ মগজুৰ বাবে সাৰৰ নিচিনা৷ আপুনি যেতিয়া 20-40 মিনিটৰ বাবে এক্সাচাইজ কৰে তেতিয়া আপোনাৰ শৰীৰত BDNF 32% বাঢ়ি যায়৷ BDNF বঢ়া মানে আপোনাৰ শিকিব পৰা ক্ষমতা বঢ়া৷ সেইবাবেই এক পৰীক্ষাত গৱেষণাকৰাসকলে পাইছিল যে নতুন শব্দ শিকাৰ ক্ষমতা এক্সাচাইজ কৰাৰ পিছত ২০% বাঢ়ি যায়৷

আন সুবিধা সমূহ

এক্সাচাইজ কৰিলে ই আপোনাৰ শক্তি বঢ়ায়, আৰু লগতে আপোনাৰ ফ’কাছ আগতকৈ বঢ়ায় ৷ এক্সাচাইজ কৰাৰ পিছত ২-৩ ঘন্টালৈকে আপোনাৰ ফ’কাছ আগতকৈ বাঢ়ে৷ এক্সাচাইজে আপোনাৰ মগজুত এনডৰফিন আৰু চেৰ’টনিন মুকলি কৰি দিয়ে আৰু ফলত আপোনাৰ মুড আগতকৈ ভাল হৈ পৰে, আৰু ডিপ্ৰেচনৰ চিনবোৰো নোহোৱা কৰে৷

ই মনত ৰখা শক্তি বঢ়ায়

আপোনাৰ শৰীৰটো যেতিয়া এক্টিভ হৈ থাকে তেতিয়া আপোনাৰ মগজুটোৱে ভএছই কথা মনত ৰাখিব পাৰে৷ আমেৰিকান কলেজ অব স্পর্টছত প্ৰকাশিত এক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলক দীঘলীয়া আখৰৰ এক লিষ্ট মনত ৰাখিবলৈ দিয়া হৈছিল আৰু তাৰ পিছত তেওঁলোকৰ কিছুমানক দৌৰিবলৈ, কিছুমানক ৱেইট লিফটইং কৰিবলৈ আৰু কিছুমানক মনে মনে বহি থাকিবলৈ দিয়া হৈছিল৷ দৌৰিবলৈ দিয়া ছাত্ৰ-ছাত্ৰীসকলে বেছি সোনকালে আৰু বেছি সঠিকভাৱে সেইবোৰ মনত ৰাখিব পাৰিছিল৷

এক্সাচাইজে মগজুৰ শিকিব পৰা শক্তি বঢ়ায়, নতুন কথা শিকাৰ ক্ষমতাও বঢ়ায়৷ কাৰোবাৰ যদি কিবা কথা শিকাৰ সমস্যা হয়, ফ’কাছ কৰিব নোৱাৰে, মনোযোগ দিব নোৱাৰে তাতো এক্সাচাইজে সহায় কৰিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top