আমাৰ কিছুমান অভ্যাসে আমাৰ মটিভেচন সম্পূর্ণৰূপে ধ্বংস কৰিব পাৰে৷ ফলত যেতিয়া আমাক মটিভেচনৰ প্ৰয়োজন হয় তেতিয়া আমি বিচাৰিলেও অলপো মটিভেচন বিচাৰি নাপাও৷ নিজকে মটিভেট কৰা টান কাম আৰু তাতে আপোনাৰ অভ্যাসবোৰে যদি সৃষ্টি কৰা, লাভ কৰা মটিভেচনো ধ্বংস কৰে তেতিয়া আপুনি কমাবোৰ কৰিব কেনেকৈ? এনে অভ্যাস যদি আপোনাৰ আছে তেনেহ’লে আপুনি আজিয়েই সাৱধান হ’ব লাগিব, এইবোৰ সলাব লাগিব৷
আনৰ লগত তুলনা
আপুনি আনৰ লগত নিজকে তুলনা কৰাৰ বাবে মনৰ পৰা মটিভেচন সম্পূর্ণৰূপে নোহোৱা হৈ যাব পাৰে৷ আমি তুলনা কৰিলে সাধাৰণতে আমাতকৈ ওপৰৰ কাৰোবাৰ লগত তুলনা কৰোঁ আৰু তেতিয়া আমি দেখিবলৈ লও যে আমাৰ জীৱনটো কিমান বেয়া, কিমান গুৰুত্বহীন, অর্থহীন, আমাৰ কিমান বস্তু নাই ইত্যাদি৷ মনৰ তেনে এক সাংঘাটিক নিগেটিভ অৱস্থা মটিভেচনৰ সম্পূর্ণ বিপৰীত৷ এনে নিগেটিভ চিন্তাবোৰে আপোনাৰ মটিভেচন নোহোৱা কৰি পেলাব৷
পার্ফেকচনিজম
আপুনি যদি সকলো কথাতে পাৰফেকচন বিচাৰে তেনেহ’লে ই আপোনাৰ মটিভেচন নোহোৱাৰ এটা কাৰণ হ’ব পাৰে৷ পাৰফেকচন বিচৰাটো বেয়া নহয় কিন্তু সকলো কথাতে ইয়াক বিচাৰিবলৈ গ’লে সমস্যা হ’ব৷ বইশেষকৈ যদি পাৰফেকচনিজম আপোনাৰ মনৰ ভিতৰত লুকাই থকা ভয়ৰ এটা ৰূপ হয়৷ আপুনি যদি “মোৰ কামটোৰ কোৱালিটি ভাল নহয়” বুলি ভয় কৰি সকলো কামতে বেছি সময় লগাই সেইবোৰ পাৰফেক্ট কৰিবলৈ চেষ্টা কৰে তেতিয়া কামবোৰ কৰি থাকিবলৈ আপোনাৰ মটিভেচন বাকী নাথাকিব৷
ডিচট্ৰেকচন
ডিচট্ৰেকচন বা মনোযোগ হৰণকাৰী বস্তুবোৰে আপোনাৰ মটিভেচন ধ্বংস কৰি পেলাব পাৰে৷ ৰাতিপুৱা আপুনি সম্পূর্ণ মটিভেচনৰে সৈতে নিজৰ অফিচৰ কিবা জৰুৰী কাম এটা কৰিবলৈ বহিলে আৰু অলপ পিছতে আপোনাৰ মবাইল ফোনত নানা ধৰণৰ নোটিফিকেচন অহা আৰম্ভ হ’ল যিবোৰ আপুনি অহাৰ লগে লগে চাবলৈ ল’লে৷ বা এগৰাকী ছাত্ৰ-বা ছাত্ৰীয়ে পঢ়িবলৈ বহিলে আৰু হাতত থকা মবাইল ফোনটোৰ কিবা এটা গেম ৰ কথা মনত পৰিল আৰু সেয়া খেলাত লাগিল বা চচিয়েল মিডিয়া একাউন্ট এটা খুলি সেয়া ব্ৰাউজ কৰাত লাগিল৷ তেনে পৰিস্থিতিত কিবা মটিভেচন থাকিবনে?
কাম পিছলৈ পেলাই থোৱা অভ্যাস
আপোনাৰ যদি কাম এটা কৰিবলৈ সঠিক সময় এটাৰ বাবে ৰৈ থকাৰ অভ্যাস আছে ইয়ো আপোনাৰ মটিভেচন নোহোৱা কৰিব পাৰে৷ সঠিক সময়ৰ বাবে ৰৈ থাকি থাকি আপুনি কামবোৰ পিছলৈ পেলাই থব৷ আজি যদিও কাম এটা কৰিবলৈ আপোনাৰ মন গৈছিল আৰু মটিভেচনো আছিল, তথাপি ভাল সময় এটাৰ বাবে ৰৈ থাকি আপুনি কামটো নকৰিলে, তেতিয়া সেই কামটো কৰাৰ মটিভেচন আকৌ নাহিবও পাৰে৷
মাল্টি টাস্কিং
আপুনি যদি এটা সময়ত একেলগে দুটা বা বেছি কাম কৰিবলৈ লয় এই অভ্যাসটোৱে আপোনাৰ মটিভেচন ধ্বংস কৰিব পাৰে৷ এনেদৰে মাল্টি টাস্কিং কৰিবলৈ যোৱাৰ ফলত আামৰ ষ্ট্ৰেছ হয় আৰু ফলত বিচৰা ধৰণে কামবোৰৰ ফলাফল আমি নাপাবও পাৰোঁ আৰু পালেও সেয়া উপভোগ কৰাৰ সুবিধা আমি নাপাও৷ আৰু যদি বিচৰা ধৰণে ফলাফল নাপাও তেতিয়া সেই কামটো কৰাৰ বা তাৰ পিছৰ পর্যায়টো কৰাৰ মটিভেচন থাকিব জানো?
সিদ্ধান্ত লোৱাৰ অসমর্থতা
সিদ্ধান্ত লোৱাৰ অসমর্থতা বা সংশয়ৰ বাবেও আপোনাৰ মটিভেচন একেবাৰে নাইকিয়া হৈ যাব পাৰে৷ প্ৰতিটো কথাতে, সৰু সৰু কথাতে যদি আপুনি যদি সিদ্ধান্ত ল’বলৈ টান পায় তেতিয়া আপোনাৰ মটিভেচন থাকিব কিদৰে৷ মটিভেচনৰ পৰা লাভ কৰা সমগ্ৰ শক্তি এইদৰে বাৰে বাৰে এটা সিদ্ধান্ত আৰু তাৰ অপচনবোৰৰ কথা ভাবি থাকোতেই খৰচ হ’ব, আপোনাৰ সময়বোৰোৰ নষ্ট হ’ব আৰু তেতিয়া কামবোৰ কৰাৰ বাবে কোনোধৰণৰ মটিভেচন বাকী নাথাকিব৷