Is attitude an important part of life?
হয়৷ এটিটিউড আপোনাৰ জীৱনৰ এটা খুব গুৰুত্বপূর্ণ অংশ৷ এক বেয়া এটিটিউড দৰাচলতে আপোনাৰ জীৱনৰ একমাত্ৰ বিকলাংগতা৷ আৰু ভালদৰে জীয়াই থাকিবলৈ আৰু জীৱনত সফলতাৰ বাবে আপোনাক লাগিব এটা পজিটিভ এটিটিউড৷
এটিটিউড কিয় আপোনাৰ বাবে গুৰুত্বপূর্ণ?
এটিটিউড সম্ভৱত জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ বস্তু৷ কাৰণ একেটা পৰিস্থিতিকে দুজন মানুহে বেলেগ বেলেগ ধৰণে চাব পাৰে, বুজি পাব পাৰে তেওঁলোকৰ এটিটিউড বেলেগ বেলেগ হোৱা বাবে৷ কোনোবা এজনে দুজন মানুহৰ ফালে চাই হাঁহিলে৷ মানুহ দুজনৰ সেই কথাটোৰ প্ৰতি ৰিয়েকচন সম্পূর্ণৰূপে বেলেগ বেলেগ হ’ব পাৰে৷ এজনে ভাবিব পাৰে “মোক ঠাট্টা কৰি হাঁহিছে” আৰু আনজনে ভাবিব পাৰে “মোক ভাল দেখি হাঁহি মাৰি মাতিছে”৷ তেওঁলোকে কি ভাবিব সেয়া তেওঁলোকৰ এটিটিউডৰ ওপৰত নির্ভৰ কৰিব৷
কিছুমান মানুহে নানা সমস্যা অতিক্ৰম কৰিব পাৰে কিন্তু কিছুমানে নোৱাৰে তেওঁলোকৰ এটিটিউডৰ পার্থক্যৰ বাবে৷ আপুনি নানা ধৰণৰ সমস্যাৰ লগত যুজিব পাৰিব নে নাই, সেইবিলাক আতৰ কৰি নিজৰ পথত খোজ কাঢ়ি গৈ থাকিব পাৰিব নে নাই সেয়া নির্ভৰ কৰিব আপোনাৰ এটিটিউডৰ ওপৰত৷
এটিটিউডে আপোনাৰ জীৱনটো কেনে হ’ব পাৰে তাক বহুখিনি নির্ণয় কৰিব পাৰে৷ এটা ভাল জীৱনৰ বাবে আপোনাক পজিটিভ এটিটিউড লাগিবই কাৰণ জীৱনত নানাধৰণৰ ভাল আৰু বেয়া সময় থাকিবই৷ জীৱনত কিছুমান ঘটনা আপোনাৰ হাতত নাথাকে কিন্তু সেই ঘটনাবোৰৰ ক্ষেত্ৰতো আপুনি কেনেদৰে ৰিয়েক্ট কৰিব সেয়া কিন্তু আপোনাৰ হাতত থাকে আৰু সেই ৰিয়েকচন নির্ভৰ কৰিব আপোনাৰ এটিটিউডৰ ওপৰত৷
এটিটিউডৰ সৃষ্টি
যিকোনো পৰিস্থিতি বা সমস্যাৰ ক্ষেত্ৰত আমাৰ এটিটিউড আমি নিজে বাচি ল’ব পাৰোঁ৷ এটিটিউড আহে আমাৰ বিশ্বাসৰ পৰা আৰু সেয়ে ই সকলোৰে বাবে বেলেগ বেলেগ হ’ব পাৰে৷ আপোনাৰ এটিটিউডৰ সৃষ্টি এদিনতে হোৱা নাই বৰঞ্চ ই লাহে লাহে আপোনাৰ এতিয়ালৈকে পাৰ হৈ যোৱা জীৱনটোত হৈছে৷
আমাৰ জীৱনত পজিটিভ এটিটিউড এটাই আমাৰ বাবে বহু ভাল ফলাফলৰ সৃষ্টি কৰে আৰু নিগেটিভ এটিটিউড এটাই পৰাজয় বা বিফলতাৰ সৃষ্টি কৰে৷ যিহেতু আমি যিকোনো পৰিস্থিতিতে নিজৰ ৰিয়েকচন বাচি ল’ব পাৰোঁ গতিকে আপুনি ৰিয়েকচনটো পজিটিভ নে নিগেটিভ এটিটিউডৰে কৰিব সেয়া বাচি ল’ব পাৰে৷ মোৰ যদি জীৱনৰ সকলো কথাতে এটিটিউডটো নিগেটিভ তেতিয়া জানো জীৱনত কিবা ভাল হ’ব পাৰে বুলি মই বিশ্বাস কৰিম? তেনে অৱস্থাত মই জানো কিবা পজিটিভ ফলাফলৰ কথা ভাবি কিবা কাম কৰিব পাৰিম? আৰু যদি কামটোৰ ফলাফল নিগেটিভ হ’ব বুলি মই আগতেই ভাবি লৈছো, কামটো কৰাৰ সময়ত জানো মই মোৰ ১০০% দি কামটো কৰিম? তেনেদৰে সম্পূর্ণ চেষ্টা নকৰিলে কেনেধৰণৰ ফলাফল মই আশা কৰিব পাৰিম?
ষ্টেনফর্ড ৰিচার্চ ইন্সষ্টিউটৰ এক গৱেষণাৰ মতে আমাৰ সফলতা ৮৮% নির্ভৰ কৰে এটিটিউডৰ ওপৰত আৰু ১২% নির্ভৰ কৰে আমাৰ শিক্ষাৰ ওপৰত৷ তেনেহ’লে আমি জানো আমাৰ এটিটিউডৰ ওপৰত বেছি গুৰুত্ব দিব নালাগিব?
আপুনি যদি জীৱনত এটা বিপর্যয়ৰ সন্মুখীন হয় আৰু আপোনাৰ এটিটিউড হ’ল “কোনো ধৰণৰ সমস্যা বা বিপর্যয়ে মোক মোৰ সপোনবোৰ লাভ কৰাৰ পৰা বাধা দি ৰাখিব নোৱাৰে” তেনেহ’লে কিহে আপোনাক বাধা দিব পাৰিব?