আপোনাৰ অতীতটোক আপোনাৰ জীৱনৰ নানা কথা সোমাই থাকে৷ কিছুমান ভাল কথা কিছুমান বেয়া৷ কেতিয়াবা অতীতত আমাৰ বাবে ৰোমন্থন কৰিবলগীয়া নানা কথা থাকে৷ কিন্তু কেতিয়াবা এই অতীতটো কিছুমান কথা লৈ আমি দোষী অনুভৱ কৰিব পাৰোঁ, বা কৰোঁ৷
আমি সকলোৱে এনে কিছুমান ভুল কৰোঁ৷ সকলোৱে কৰোঁ৷ ভুল হ’বই৷ কিন্তু সেই ভুলৰ বাবে যদি আপুনি অনবৰতে দোষী দোষী অনুভৱ কৰি আছে আৰু নিজৰ কামবোৰ কৰিব পৰা নাই তেনেহ’লে সেই বিষয়ে আমি কিবা এটা কৰিব লাগিব৷ অতীতৰ পৰা উৎপন্ন হোৱা দোষী দোষী ভাব এটাই যদি আপোনাৰ আজি আৰু কাইলৈটোক মানে বর্তমান আৰু ভবিষ্যতক নিগেটিভ ভাৱে প্ৰভাৱ পেলাইছে বা পেলাব বিচাৰিছে, সেয়া আমি হ’ব দিব নোৱাৰোঁ৷ তাৰবাবে আমি কিবা এটা কৰিব লাগিব৷ কিন্তু আমি কি কৰিব পাৰোঁ?
অতীতৰ ভুল বা দোষৰ পৰা শিকক
অতীতত যদি আপুনি কিবা ভুল কৰিছিল, কিবা দোষ কৰিছিল, তেনেহ’লে তাৰ পৰা আপুনি শিকিব পাৰিব৷ সেই দোষটো বা ভুলটো আৰু ভবিষ্যতলৈ আপুনি নকৰিলে হ’ল৷ সেয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আপুনি ভুল বা দোষটোৰ পৰা শিকিব৷ আৰু শিকা মানে দোষটো মূৰ পাতি লৈ নিজকে গালি-শপনি মাৰি, নিজৰ কাম নাই বুলি বিশ্বাস কৰি লোৱা নহয়৷ আনৰ ভুল এটা দেখিলে আপুনি তাক কেনেদৰে লক্ষ্য কৰে আৰু তাৰপৰা শিকে? ঠিক তেনেদৰেই আপুনি নিজৰ ভুল বা দোষৰ পৰাও শিকিব পাৰিব৷ মাত্ৰ সেই দোষটো লক্ষ্য কৰি তাৰ পৰা যি শিকিব পৰা কথা আছে সেয়া শিকি, নিজকে ভাল কৰাৰ বাবে যি কৰিব পাৰি সেয়া কৰা আৰম্ভ কৰিলে হ’ল৷
শিকিবলৈ ভুলটো বা দোষটোৰ কথা মনত পেলোৱাৰ সময়ত আকৌ এবাৰ নিজকে কাম নাই বুলি, অপদার্থ, মুর্খ বুলি মাৰি মাটিত পেলাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ সেয়া নকৰাকৈয়ে আপুনি নিজৰ ভুল বা দোষ এটাৰ বিষয়ে চিন্তা কৰিব পাৰিব আৰু তাৰ পৰা শিকিবলগীয়া কথাটো লৈ সেই অতীতৰ পৰা আতৰি আহিব পাৰিব৷ নিজকে মাত্ৰ এই প্ৰশ্নটো সুধিব – “মই ইয়াৰ পৰা কি শিকিব পাৰোঁ”৷ প্ৰয়োজন হ’লে বাৰে বাৰে প্ৰশ্নটো মনতে ৰিপিট কৰি থাকিব৷ তেতিয়া আন কথাবোৰৰ পিনে আপোনাৰ মনটো নাযায় আৰু নিজকে আকৌ এবাৰ বিচাৰৰ কাথগঢ়াত থিয় কৰোৱাৰ সম্ভাৱনাও তেতিয়া কম৷
জীৱনৰ দ্বায়িত্ব লোৱা আৰম্ভ কৰক
আপোনাৰ জীৱনৰ দ্বায়িত্ব আপোনাৰ৷ আন কোনেও এই দ্বায়িত্ব ল’ব নোৱাৰে৷ যদি আপুনি আগতে কিবা ভুল কৰিছিল বা দোষ কৰিছিল তাৰ দ্বায়িত্বও আপুনি ল’ব লাগিব৷ দ্বায়িত্ব লৈ উঠি আপুনি সেই দোষ কৰা মানুহকেইজনৰ ওচৰত ক্ষমা বিচাৰিব পাৰে৷ ক্ষমা বিচৰা কামটো আপোনাৰ তেওঁলোকে ক্ষমা কৰিব নে নাই সেয়া তেওঁলোকৰ কথা৷ ক্ষমা বিচৰাৰ পিছত আপুনি কথাটো এৰি দিব লাগিব কাৰণ তেতিয়াহে আপুনি শান্তি পাব আৰু সেই দোষী দোষী ভাবটোক জীৱনৰ পৰা আতৰি যাবলৈ এৰি দিব পাৰিব৷
কিন্তু মাত্ৰ এটা কথা খুব সাৱধানে লক্ষ্য কৰিব- দোষটো আপোনাৰ হয় নে নহয়৷ সকলো কথাতে নিজকে দোষী সজোৱাটো আৰু নিজৰ একেবাৰে দোষ নেদেখাতো দুয়োটা কথাই আপোনাৰ বাবে ভাল নহ’ব৷
দোষটো স্বীকাৰ কৰি লোৱা মানে আপুনি আনতকৈ বেয়া, আনতকৈ তলৰ সেয়া নহয়, বৰঞ্চ দোষটো স্বীকাৰ কৰাৰ সাহস দেখুওৱা মানে আপুনি সাহসীহে৷ বহু মানুহে সেয়া কৰিবই নোৱাৰে৷
আপোনাৰ কিছুমান দিশ ভাল কৰিবলগীয়া আছে, কৰক
আপুনি যদি অতীতৰ কিছুমান কথা লৈ নিজকে দোষী দোষী যেন অনুভৱ কৰি আছে, তেনেহ’লে আপুনি চাব লাগিব আপোনাৰ জীৱনৰ যিবোৰ দিশৰ বাবে, যিবোৰ স্বভাৱৰ বাবে সেই দোষবোৰ বা ভুলবোৰ হৈছিল সেইবোৰ এতিয়াও আছে নেকি৷ যদি আছে তেনেহ’লে আপুনি সেইবোৰ সলাব লাগিব৷ আপুনি যেতিয়া গম পাব যে তেনে কিছুমান সলাবলগীয়া কথা আছে, সেইবোৰ সলাবলৈ এতিয়া আৰম্ভ কৰিব লাগিব কাৰণ নহ’লে তেনে ভুল বা দোষ আকৌ হোৱাৰ সম্ভাৱনা আছে৷
নিজৰ জীৱনৰ দ্বায়িত্ব লৈ উঠি আপুনি এতিয়া নিজৰ কিবা ঠিক কৰিবলগীয়া থাকিলে সেয়া ঠিক কৰিব৷ তাৰবাবে যি কৰিব লাগে সেয়া আপুনি কৰিব লাগিব, যিমান সময় দিব লাগে দিব লাগিব, যিমান কষ্ট হয় সেয়া স্বীকাৰ কৰি ল’ব লাগিব৷