ব্যক্তি স্বার্থ থকাটো বেয়া নহয় কিন্তু ব্যক্তি (ক্ষুদ্ৰ) স্বার্থই যেতিয়া সামূহিক (জাতীয় বা দেশৰ স্বার্থ) তকৈ বেছি গুৰুত্ব পায় তেতিয়াই সমস্যাৰ সৃষ্টি হয় আৰু এনে কিছুমান সমস্যাই এটা জাতি, এখন দেশৰ বাবে অস্তিত্বৰ সংকটো কঢ়িয়াই আনিব পাৰে৷
ব্যক্তি এজনৰ নিজৰ স্বার্থ থাকিবই৷ তেওঁ নিজৰ, নিজৰ পৰিয়ালৰ কাৰণে যিমান ভাল কৰিব পাৰে সিমান ভাল কৰিবলৈ চেষ্টা কৰিবই৷ সেয়া ঠিকে আছে কিন্তু তাৰ লগতে যিহেতু আমি সমাজত বাস কৰোঁ আৰু সমাজখন প্ৰতিটো ব্যক্তিসত্তাৰ ওপৰত নির্ভৰশীল, গতিকে সমাজৰ প্ৰতি আমাৰ দ্বায়িত্ব থাকিবই৷ সমাজৰ কথা আহিলেই, থকা ঠাইৰ কথা আহিলেই, দেশৰ কথা আহিলেই সামূহিক স্বার্থ, দেশৰ স্বার্থৰ কথা আহিবই৷
ব্যক্তি স্বার্থই সামূহিক (জাতীয় বা দেশৰ স্বার্থ) তকৈ বেছি গুৰুত্ব পোৱাৰ বাবেই আমাৰ সমস্যাবোৰৰ উদ্ভৱ হোৱা নাই জানো? এটা দলৰ বা গ্ৰুপৰ স্বার্থই তেনেদৰে দেশ বা ৰাইজৰ স্বার্থতকৈ বেছি গুৰুত্ব পালেও ভয়াবহ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ আৰু ব্যক্স্তিবার্থই সহজে আন সকলোতকৈ বেছি গুৰুত্ব পাবলৈ আৰম্ভ কৰাটোও বৰ সহজ৷ পুজিবাদী, সমাজবাদী আদি কথাবোৰৰ আলোচনালৈ নোযোৱাকৈও আমি এটা কথা চিন্তা কৰিব আৰু বুজিব পাৰোঁ যে ব্যক্স্তিবার্থৰ ওপৰলৈ উঠি ৰাইজৰ স্বার্থ বা সামূহিক স্বার্থক গুৰুত্ব বেছি দিব পৰা যায়৷ অন্তত সদায় নহলেও প্ৰায়াবোৰ ক্ষেত্ৰতে সেয়া কৰাটো সম্ভৱ আৰু যিসকলে তেনে কৰিবলৈ টান পায় তেওঁলোকৰ বাবেও দুয়োটাৰে মাজত এটা বেলেঞ্চ সৃষ্টি কৰি ৰখাটো সম্ভৱ৷
দুৰ্নীতিৰ এক উঁই যিয়ে গোটেই দেশখনকে খাই শেষ কৰি পেলায়৷ এই দুর্নিতীও কিন্তু হয় ক্ষুদ্ৰ বা ব্যক্স্তিবার্থক সামূহিক বা দেশৰ স্বার্থতকৈ বেছি গুৰুত্ব দিয়া বাবে৷ বেছি ধন ঘটিব লাগে, বেছি সা-সুবিধা, আৰাম লাগে আৰু তাৰবাবে লাগে বেছি টকা-পইছা আৰু বেছিকৈ টকা-পইছা ঘটাৰ সহজ ৗউপায় হ’ল দুৰ্নীতি৷ সামূহিক স্বার্থৰ কথা ভবা মানুহ এজনে জানো আন উপায়েৰে দেশৰ লোকচান কৰি নিজৰ স্বার্থ পূৰোৱাৰ কথা ভাবিব?
চিংগাপুৰ ভ্ৰমণৰ অভিজ্ঞতা
চিংগাপুৰত ঘূৰি ফুৰোতে এই কথাটো মোৰ মনলৈ আহিছিল৷ চিংগাপুৰখন ইমান সৰু ঠাই সেই কথাটো হয় কিন্ত তাৰ পিছতো এই ঠাইখনে ইমান কমদিনত ইমান উন্নতি কেনেদৰে কৰিব পাৰিলে৷ তাৰ নাগৰিকৰ তাত হাত নিশ্চয় আছিল, কিন্তু তাতোকৈ ডাঙৰ কথা সম্ভৱত আছিল তাৰ নেতাসকল আৰু বিশেষকৈ তাৰ নেতাসকলৰ ব্যক্স্তিবার্থৰ ওপৰত উঠি দেশৰ বাবে, সামূহিক স্বার্থৰ বাবে কাম কৰাৰ অভিপ্ৰায়৷ আৰু সেয়াই জানো এজন নেতাৰ, এজন ৰাজনীতিকৰ উদ্দেশ্য নহয়?
লী কুৱান য়িউ (তেওঁক চমুকৈ LKY বুলি কোৱা হয়) আছিল চিংগাপুৰৰ প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে তিনি দশক ধৰি চিংগাপুৰৰ শাসন চলাইছিল৷ তেওঁক দেশৰ প্ৰতিষ্ঠাপক পিতৃ বুলি কোৱা হয়৷ চিংগাপুৰৰ স্বাধীনতাৰ যুঁজৰ তেওঁ আছিল এক মুখ্য নেতা৷ 1965 চনত চিংগাপুৰ মালয়েছিয়াৰ পৰা পৃথক হৈ আহিছিল৷ আৰু তেওঁৰ নেতৃত্বতে চিংগাপুৰ তৃতীয় শ্ৰেণীৰ বিশ্বৰ পৰা প্ৰথম শ্ৰেণীৰ বিশ্বলৈ ৰূপান্তৰিত হৈছিল৷ চৰকাৰী আৰু প্ৰশাসনিক এনে এটা ব্যৱস্থা তেওঁ স্থাপন কৰিছিল যে তাৰ শিক্ষা আজিও বিভিন্ন দেশৰ প্ৰশাসনিক বিষয়া আৰু আন লোকসকলক দিয়া হয়৷ জনপ্ৰিয় ৰাজনীতিতকৈ তেওঁ গুৰুত্ব দিছিল দীর্ঘদিনৰ সামাজিক আৰু অর্থনৈতিক পৰিকল্পনাৰ ওপৰত৷ দক্ষতাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল৷ সৰু তৃতীয় শ্ৰেণীৰ ৰাষ্ট্ৰ এখনৰ বাবে এনে কৰাটো কিমান কঠিন কাম সেয়া আপুনি অলপ মন কৰিলেই ধাৰণা কৰিব পাৰিব৷
তাৰ লোকসকলেও ব্যক্স্তিবার্থতকৈ কিছুমান ক্ষেত্ৰত সামূহিক স্বার্থত বেছি গুৰুত্ব দিয়ে৷ নিয়ম মানি চলাত তেওঁলোক ভাল৷ আনকি যিবিলাক লিখিত নিয়ম নাই, যিবিলাক সভ্য সমাজৰ নিয়ম হিচাপে স্বীকৃত, সেই নিয়মবিলাকো তেওঁলোকে মানি চলে৷ উদাহৰণ স্বৰূপে, এচকেলেটৰত গৈ থাকোতে সকলোৱে বাওফালে থিয় হয় আৰু সোফালটো খালি ৰাখে৷ কাৰোবাৰ যদি দৌৰাদৌৰি থাকে তেওঁ সোফালে খৰধৰকৈ উঠি যাব পাৰে৷ তেনেদৰে মেট্ৰ’ (তাত এম আৰ টি বুলি কয়) ত উঠাৰ আগতে সকলোৱে শাৰী পাতে আৰু নমা মানুহক আগতে নামিবলৈ দিএকাষে ৰৈ থাকে৷ তেওঁলোকৰ নমা শেষ হলেহে উঠিবলৈ ৰৈ থকাসকল উঠে৷ চিটত বহিবলৈ কোনেও দৌৰ নামাৰে৷ চিনিয়ৰ চিটিজেন আৰু মহিলাৰ চিট আন কোনেও দখল কৰি নাথাকে৷ নিজৰ কষ্ট হলেও ব্যক্তি স্বার্থতকৈ তেওঁলোকৰ বাবে সামূহিক স্বার্থৰ গুৰুত্ব বেছি৷
নেতৃত্ব আৰু নেতাসকল
সাধাৰণ মানুহো এই ক্ষেত্ৰত দোষী, কিন্তু নেতাসকলৰ এই দোষ অক্ষমণীয় কাৰণ তেওঁ নেতা বুলি স্বীকাৰ কৰি লোৱাৰ মানে হ’ল তেওঁৰ নেতৃত্ব দিয়াৰ ক্ষমতা আছে আৰু তেওঁ সাধাৰণ মানুহতকৈ বেলেগ আৰু বহু ক্ষেত্ৰত ওপৰত৷ তেনে মানুহে দেশক, ৰাইজক, সমাজক আগুৱাই নিব বুলি ভাবি লোৱা হয় আৰু সেইবাবে তেওঁৰ কষ্টৰ সলনি তেওঁক নিজৰ বিশ্বাস আৰু সন্মান প্ৰদান কৰা হয়৷ কিন্তু প্ৰায় ক্ষেত্ৰতে সেই নেতাই নিজৰ ব্যক্স্তিবার্থৰ বাবে তেনে বিশ্বাস আৰু সন্মানৰ ভৰিৰে মোহাৰি তাক টুকুৰা-টুকুৰ কৰি পেলায়৷
বিশেষকৈ নেতা বা লিডাৰসকলৰ ক্ষেত্ৰত এই কথাটো সম্ভৱত আটাইতকৈ জৰুৰী৷ আজি আমি কোনো নেতাকে বিশ্বাস কৰিব নোখোজো বা নোৱাৰো কাৰণ আমি হয়তো তেনে নেতা দেখা নাই বা আগৰ নেতাসকলৰ ব্যৱহাৰে আমাক সন্দেহী হ’বলৈ শিকাইছে৷ আমি দেখা নাই যে বেছিভাগ নেতাই ব্যক্স্তিবার্থক জলাঞ্জলি দি সামূহিক স্বার্থক বেছি গুৰুত্ব দিয়া নাই৷
বর্তমানৰ পৰিস্থিতিৰ পৰা আমি শিকিব পৰা কথা
আমি নিজে এই পৰিস্থিতিৰ পৰা দুটা কথা শিকি নিজৰ জীৱনটো আৰু অলপ সহায় কৰিব পাৰোঁ৷ প্ৰথম কথা হ’ল আমি নিজে অন্তত নিজৰ স্বার্থৰ লগতে সামূহিক বা দেশৰ স্বার্থক প্ৰতিদিনে অলপ হলেও গুৰুত্ব দিব পাৰোঁ৷ তেতিয়া দীর্ঘদিনত কিছুমান সমস্যাৰ সৃষ্টি নহ’ব৷ আমাৰ সামাজিক কিছুমান সমস্যাৰো উত্তৰ তাতে পোৱা যাব৷ সন্তানৰ মদ, ভাঙ, আন নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ, থকা ঠাইটুকুৰাৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, যৌতুক প্ৰথা, ডাইনী হত্যা, ভাষা, সাহিত্য নোহোৱা হৈ যাব বুলি ভবা দুশ্চিন্তা আদি নানা ধৰণৰ সামাজিক সমস্যাৰ সমাধানৰ গুৰি হ’ব পাৰে সামূহিক স্বার্থতক ব্যক্তিগত স্বার্থতকৈ বেছি গুৰুত্ব দিয়া সহজ-সৰল কথাটোৱে৷
আন একো নহলেও আমাৰ নিজৰ থকা ঠাইখন আমি এনেদৰে সুন্দৰ কৰি তুলিব আৰু ৰাখিব পাৰিম৷ এখন ঠাইৰ বেছিভাগ মানুহেই নিজৰ স্বার্থতকৈ সামূহিক স্বার্থত গুৰুত্ব দিবলৈ ল’লে সেয়া খুব টান কাম নহয়৷ তেতিয়া কোনেও আমাক কোনো অভিযানৰ দ্বাৰা শিকাবও নালাগে বা চাফা কৰিবলগীয়া হোৱা এক পৰিস্থিতিৰো সৃষ্টি নহয় কাৰণ কোনেও তাক লেতেৰাও নকৰে৷ মাউলিনংগ (Mawlynnong, Meghalaya) ৰ দৰে গাওঁ এখনে যদি নিজকে এছিয়াৰ আটাইতকৈ পৰিস্কাৰ গাওঁ এখনলৈ ৰূপান্তৰিত কৰিব পাৰে, সেয়া কিজানি আমিও পাৰিম মাত্ৰ নিজৰ স্বার্থতকৈ অকণমান সামূহিক স্বার্থৰ ফালে বেছি গুৰুত্ব দি নিজৰ ঠাইখন পৰিস্কাৰ কৰি ৰাখি৷
ব্যক্তিস্বাৰ্থত আমি নিজৰ সম্পত্তিৰ যত্ন লও, ৰক্ষা কৰোঁ৷ অসমখনকো নিজৰ বুলিয়েই আমি ভাবিব নোৱাৰো জানো আৰু ইয়াৰো যত্ন ল’ব নোৱাৰো জানো, ইয়াকো ৰক্ষা কৰিব নোৱাৰো জানো? অকল আজি আপোনাৰ সময়খিনি পাৰ হৈ যাওক বুলি নাভাবি কাইলৈ কি হ’ব, আপোনাৰ ল‘ৰা-ছোৱালীৰ কি অৱস্থা হ’ব, পিছৰ প্ৰজন্মৰ কি অৱস্থা হ’ব সেয়াও ভাবিবলৈ লও আহক৷
আমি যদি নিজে এই কথাটো শিকিব পাৰোঁ আৰু আমাৰ ল’ৰা-ছোৱালীকো সেয়া শিকাব পাৰোঁ তেতিয়া অসমৰ আজিৰ অৱস্থা আজিৰ নিচিনা হৈ নাথাকে৷ নানা সমস্যাৰ মাজতো ই লাহে লাহে আগবাঢ়িব৷ আৰু কালি আমাৰ নিজৰ ল’ৰা-ছোৱালীৰ মাজৰ পৰা এনে নেতাৰ সৃষ্টি নহয় যিয়ে নিজৰ সুবিধাৰ বাবে ৰাজ্যখনক, দেশখনক আনক বেছিবলৈ ইচ্ছা কৰিব আৰু যাৰ হঠকাৰিতাৰ বাবে আমি প্ৰতিবাদ, আন্দোলন কৰিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হ’ব৷
অসমৰ ভবিষ্যতৰ কথা
অসমক লৈ মোৰ বৰ বেছি দুশ্চিন্তা নাই৷ কিয়? আজি যিয়েই নহওক কোনেও ইমান সহজতে অসমক আৰু অসমীয়াক নোহোৱা কৰিব নোৱাৰে৷ মই আজিও বিশ্বাস কৰোঁ যে অনাগত ভবিষ্যতত এনে কোনো নেতা ওলাব যিয়ে ব্যক্তিগত স্বার্থতকৈ জাতিৰ, দেশৰ স্বার্থক বেছি গুৰুত্ব দিব আৰু তেনে লোকৰ নেতৃত্বত অসমৰ ভাবিব নোৱাৰা ধৰণে পজিটিভ উন্নতি হ’ব৷ মাত্ৰ হয়তো তেওঁলোকক দেশৰ স্বার্থ যে ব্যক্স্তিবার্থতকৈ বেছি ডাঙৰ সেয়া শিকোৱাৰ কাম আমাৰ আৰু আমি আমাৰ কাম ঠিকমতে কৰিলেই হ’ল৷