আপোনাৰ পৰৱৰ্তী অধ্যায়টো

আপোনাৰ পৰৱৰ্তী অধ্যায়টো কেনেকুৱা হোৱাটো বিচাৰে?

বহুতৰে জীৱনত নতুন অধ্যায় বুলি কোনো কথা নাথাকে৷ তেওঁলোকৰ জীৱনটো মাত্ৰ ‘চলি গৈ থাকে,’ আৰু তেনে অৱস্থাত নতুন অধ্যায় এটা আৰম্ভ কৰাটো বাদেই চিন্তাও কৰিব নোৱাৰি৷ এনে নহয় যে নতুন অধ্যায়ৰ সুবিধা তেওঁলোকৰ জীৱনলৈ নাহে৷ তেনে সুবিধা আহে কিন্তু তেওঁলোকে সেয়া গম নাপায় আৰু পালেও গ্ৰহণ কৰিব নোৱাৰে৷

aaron-burden-c333d6YEhi0-unsplash

আপুনি কি বিচাৰে?

পৰৱৰ্তী অধ্যায় মানে আপোনাৰ জীৱনৰ পৰৱৰ্তী কাম, খোজ, আৰম্ভণি৷ আপোনাৰ জীৱন অনুসৰি ই ভিন্ন ভিন্ন হ’ব৷ নতুন কিবা কোম্পানী আৰম্ভ কৰিব বিচাৰে, নিজৰ কাম কৰিব বিচাৰে, নতুন কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰে, নতুন কোম্পানী এটালৈ যাব বিচাৰে, নতুনকৈ কলেজ-স্কুল আৰম্ভ কৰিব ওলাইছে, প্ৰথমবাৰৰ বাবে চাকৰি লাভ কৰিছে, কোনো প্ৰেমিক-প্ৰেমিকাই আপোনাৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে, পৰিয়াললৈ নতুন সন্তান আহিছে, ল’ৰা-ছোৱালী স্কুল-কলেজলৈ যাবলৈ আৰম্ভ কৰিছে বা আন কিবা৷ ইয়াৰে যিকোনো এটাই আপোনাৰ জীৱনৰ এক নতুন অধ্যায় হ’ব পাৰে৷

আগৰ অধ্যায়বোৰ

এতিয়ালৈকে যিবোৰ অধ্যায় পাৰ হৈ গ’ল সেইবোৰ মনোগ্ৰাহী বা ইন্টাৰেষ্টিং হয়নে?

কাৰ বাবে ইন্টাৰেষ্টিং?

প্ৰথমতে আপোনাৰ বাবে৷

দ্বিতীয়তে আনৰ বাবে৷ এতিয়া যি নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰিছে সেয়া নিজৰ বাবে আৰু আনৰ বাবে মনোগ্ৰাহী হ’বনে? সদায় সদায় একো নতুনত্ব নথকা, একে ধৰণৰ অধ্যায় এটাকে আৰু কিমান জীয়াই থাকিব? আগৰ অধ্যায়টোৰ লগত যদি ই একে হয় তেনেহ’লে সেই অধ্যায়টো আৰু এই নতুন অধ্যায়টোৰ মাজত কি পার্থক্য থাকিলনো?

অধ্যায়বোৰে খাটাং কৰিব জীৱনটো কেনে

এই অধ্যায়বোৰে ঠিৰাং কৰিব আপোনাৰ জীৱনৰ কিতাপখন আৰু জীৱনৰ কাহিনীটো ইন্টাৰেষ্টিং হয় নে নহয়৷ মানুহে এইখন কিতাপ পঢ়িব নে নাই সেয়া সিদ্ধান্ত কৰিব কিতাপখন আৰু অধ্যায়বোৰ ইন্টাৰেষ্টিং হয় নে নহয় তাৰ ওপৰত নির্ভৰ কৰি৷

এতিয়ালৈকে আপুনি যি কৰিলে কৰিলে- সফল হ’ল যদি খুব ভাল কথা, যদি বিফল হ’ল তেতিয়াও একো চিন্তা কৰিব লগীয়া নাই৷ সেইবোৰ ‘আগৰ’ অধ্যায়, নতুন অধ্যায়টো আপুনি বিচৰাৰ নিচিনা কৰিলেই হ’ল৷

mantas-hesthaven-GdcYjQfkHwY-unsplash

অতীতটো অতীত

এটা কথা আপুনি মনত ৰাখিব লাগিব- আগৰ অধ্যায়বোৰৰ ওপৰত আপোনাৰ বর্তমানৰ আৰু পৰৱৰ্তী অধ্যায়টো নির্ভৰ নকৰে৷ আমি অতীতৰ কথাকে ভাবি বহি থাকো, ‘মই এতিয়ালৈকে অসফল, এতিয়া পাৰিম জানো?’ ‘মইতো আগতে কৰিব পৰা নাই, এতিয়াও নোৱাৰিম,’ ‘ইমানদিনে মইনো কি কৰিছোঁ যে এতিয়া পাৰিম?’- এনেধৰণৰ চিন্তা যদি আপুনি কৰিছে সেয়া বাদ দিয়ক৷ অতীতৰ কথাই আপোনাৰ ভবিষ্যতটো নির্ণয় নকৰে৷ অৱশ্যে আপুনি ফলাফল সলনি কৰিবলৈ হ’লে নিজে সলনি হ’ব লাগিব৷ সলনি নকৰি যদি একেজন মানুহ হৈ থাকে তেতিয়া আপোনাৰ অতীত আৰু বর্তমান একেই হ’ব৷

লগতে আৰু এটা কথা নাভাবিব- ‘এই নতুন অধ্যায়়-নতুন চেপ্টাৰ আদিৰ কথা ইতিমধ্যে সফল মানুহবোৰৰ বাবে, মোৰ দৰে মানুহৰ বাবে নহয়,’ কাৰণ ই সঁচা নহয়৷ তেওঁলোক সফল কাৰণ তেওঁলোকৰ আগৰ অধ্যায়বোৰ নিজৰ কাৰণে আৰু আনৰ কাৰণে মনোগ্ৰাহী আছিল, সেইবাবেহে তেওঁলোক সফল৷

নতুন অধ্যায়টো বেলেগ একেজন মানুহৰে নহ’ব

আগতে কোৱাৰ দৰে নতুন অধ্যায়টো বেলেগ হ’বলৈ হ’লে মানুহজনো বেলেগ হ’ব লাগিব৷ ইয়াৰ বাবে এজন বেলেগ আপোনাৰ প্ৰয়োজন হ’ব৷ অর্থাৎ আপোনাৰ বেলেগ এটা সংস্কৰণৰ৷ নতুন ভার্চন এটাৰ৷ আপুনি সলনি হ’ব লাগিব৷ কি সলনি হ’ব লাগিব? কেনেদৰে সলনি হ’ব লাগিব? আপুনি যি কৰিব বিচাৰে সেয়া কৰিবলৈ মানুহজন যেনে হ’ব লাগে তেনে হ’ব লাগিব, যি যি স্কিল বা কৌশল লাগে সেয়া শিকিব লাগিব৷ নতুন বিশ্বাস, চিন্তা কৰাৰ ধৰণ, এটিটিউড আৰু অভ্যাস আদি আপোনাক লাগিব৷ এই কথাবোৰ সলালে সি আপোনাক এক নতুন মানুহ হোৱাত, এক নতুন সংস্কৰণ গঢ়াত সহায় কৰিব৷

যদি আগতকৈ বহুত বেলেগ হোৱাটো বিচাৰে এটা ডাঙৰ জাপ মাৰিব লাগিব, ডাঙৰ সালসলনি হ’ব লাগিব৷ সৰু কিবা এটা সলনি কৰি আপুনি ডাঙৰ ফলাফল নাপাবও পাৰে৷ নতুন অধ্যায়টো আগৰবোৰতকৈ বহুত বেলেগ হ’ব লাগিলে আপোনাৰ চিন্তা, ব্যৱহাৰ আৰু কাম বহুত বেলেগ হ’ব লাগিব৷

যদি অধ্যায়টো বেয়া

আমাৰ জীৱনৰ কিছুমান অধ্যায় বেয়া, দুখলগা৷ যদি অধ্যায়টো বেয়া তেন্তে পাৰিলে ইয়াক সৰু কৰি পেলাওক, নতুন অধ্যায় এটাৰ আৰম্ভ কৰক৷ ইয়াৰ কথা মনত কৰি কৰি, দুখ লগাই লগাই ইয়াক দীঘলীয়া নকৰিব৷ যি কথাই অশান্তি দিয়ে, মনত দুখ দিয়ে সেইবোৰো কেতিয়াবা আমাৰ বাবে জৰুৰী, কিন্তু জানি শুনি সেইবোৰত দীঘলীয়া সময় কটোৱাৰ প্ৰয়োজন নাই৷

বেয়া সময়ৰ বেয়া অধ্যায়ৰ পৰা আপুনি কি কি শিকিব পাৰে? সেই শিক্ষা আপোনাৰ আৰু আন মানুহৰ কামত আহিব নেকি? যদি আহে, সেই কথা আনৰ লগতো শ্বেয়াৰ কৰিব৷ দুখবোৰ নহয়, শিকিবলগীয়া কথাবোৰ৷ আপোনাৰ কামত আহিব যদিহে আপুনি কথাবোৰ শিকি সেইবোৰ কামত লগায়৷ বেয়া অধ্যায়টো এনেয়ে যোৱাতকৈ আপোনাৰ কিবা কামত অহাটো বেছি ভাল নহ’ব জানো?

jorge-vasconez-c4cWawGBFv8-unsplash

কেনেকৈ এটা ভাল অধ্যায় লাভ কৰিব পাৰে?

নিজকে এক বৃদ্ধ বুলি কল্পনা কৰক (70 বা 80 বছৰীয়া বুলি ধৰিলেই হ’ব)৷ এতিয়া নিজৰ জীৱনৰ পাৰ হৈ যোৱা সময়ছোৱালৈ লক্ষ্য কৰক৷ কি দেখিছে? জীৱনৰ বিভিন্ন অধ্যায়বোৰ দেখি আপোনাৰ কেনে লাগিছে৷ এতিয়া আপুনি বিশেষকৈ চাব বিচৰা অধ্যায়টো চাওক৷ সেই অধ্যায়টো দেখি এতিয়া আপোনাৰ কেনে লাগিছে? মনটো ভাল লাগিছেনে, নিজৰ ওপৰত গর্ব হৈছেনে, নিজকে শ্ৰদ্ধা কৰিবলৈ মন গৈছেনে, নিজৰ প্ৰতি সন্মান উপজিছেনে, সন্তুষ্টি লাভ কৰিছেনে, সুখ পাইছেনে? যদি এইবোৰ হোৱা নাই, সম্ভৱত আপোনাৰ সেই অধ্যায়টো সিমান ভাল হোৱা নাই, তাক তেতিয়াহ’লে সলাব লাগিব৷

এইটো এটা সহজ উপায়৷ এই পৰীক্ষাটোৱে আপোনাক এক বেছি ভাল দৃষ্টিভংগী (perspective) দিব৷ গোটেই জীৱনটো কিছুমান অধ্যায় হিচাপে চকুৰ সন্মুখত ভাহি উঠিলে আপুনি সেই অধ্যায়টো আৰু ভাল কৰি তুলিবলৈ, আৰু ইন্টাৰেষ্টিং কৰি তুলিবলৈ, আৰু ডাঙৰ কৰি তুলিবলৈ সাহস আৰু শক্তি পাব৷ আৰু যিহেতু আপুনি কল্পনা কৰি লৈছে, গতিকে কিবা এটা বেয়া পালে তাক সলাবলৈ আপোনাৰ হাতত সময় আছে৷ আজি একো নকৰিলে কাইলৈ সেই সময় হাতত নাথাকিবও পাৰে৷

আপোনাৰ কিবা এটা কৰিবলৈ মন আছে আৰু সেইটো আপোনাৰ পৰৱৰ্তী অধ্যায় হ’ব পাৰে৷ তেন্তে সেইটো কৰক৷ নহ’লে এদিন যেতিয়া বয়স হ’ব, তেতিয়া আপোনাৰ অনুতাপ হ’ব যে মই কিয় সেই কামটো নকৰিলোঁ, কৰিব লাগিছিল, কৰিব পাৰিলোঁহেঁতেন৷ কিন্তু একেটা কামকে যদি আপুনি কৰে আৰু সফল হয় তেতিয়া আপোনাৰ সেই অধ্যায়টো এটা সুন্দৰ, মনত ৰাখিবলগীয়া, মনোগ্ৰাহী অধ্যায় হৈ পৰিব৷ আৰু সফল নহলেও নিজৰ নাতি-নাতিনীক ক’ব পৰাকৈ ই মনোগ্ৰাহী হ’ব কিজানি৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *