Close

আপোনাৰ পৰৱৰ্তী অধ্যায়টো

আপোনাৰ পৰৱৰ্তী অধ্যায়টো কেনেকুৱা হোৱাটো বিচাৰে?

বহুতৰে জীৱনত নতুন অধ্যায় বুলি কোনো কথা নাথাকে৷ তেওঁলোকৰ জীৱনটো মাত্ৰ ‘চলি গৈ থাকে,’ আৰু তেনে অৱস্থাত নতুন অধ্যায় এটা আৰম্ভ কৰাটো বাদেই চিন্তাও কৰিব নোৱাৰি৷ এনে নহয় যে নতুন অধ্যায়ৰ সুবিধা তেওঁলোকৰ জীৱনলৈ নাহে৷ তেনে সুবিধা আহে কিন্তু তেওঁলোকে সেয়া গম নাপায় আৰু পালেও গ্ৰহণ কৰিব নোৱাৰে৷

আপুনি কি বিচাৰে?

পৰৱৰ্তী অধ্যায় মানে আপোনাৰ জীৱনৰ পৰৱৰ্তী কাম, খোজ, আৰম্ভণি৷ আপোনাৰ জীৱন অনুসৰি ই ভিন্ন ভিন্ন হ’ব৷ নতুন কিবা কোম্পানী আৰম্ভ কৰিব বিচাৰে, নিজৰ কাম কৰিব বিচাৰে, নতুন কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰে, নতুন কোম্পানী এটালৈ যাব বিচাৰে, নতুনকৈ কলেজ-স্কুল আৰম্ভ কৰিব ওলাইছে, প্ৰথমবাৰৰ বাবে চাকৰি লাভ কৰিছে, কোনো প্ৰেমিক-প্ৰেমিকাই আপোনাৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে, পৰিয়াললৈ নতুন সন্তান আহিছে, ল’ৰা-ছোৱালী স্কুল-কলেজলৈ যাবলৈ আৰম্ভ কৰিছে বা আন কিবা৷ ইয়াৰে যিকোনো এটাই আপোনাৰ জীৱনৰ এক নতুন অধ্যায় হ’ব পাৰে৷

আগৰ অধ্যায়বোৰ

এতিয়ালৈকে যিবোৰ অধ্যায় পাৰ হৈ গ’ল সেইবোৰ মনোগ্ৰাহী বা ইন্টাৰেষ্টিং হয়নে? কাৰ বাবে ইন্টাৰেষ্টিং? প্ৰথমতে আপোনাৰ বাবে৷

দ্বিতীয়তে আনৰ বাবে৷ এতিয়া যি নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰিছে সেয়া নিজৰ বাবে আৰু আনৰ বাবে মনোগ্ৰাহী হ’বনে? সদায় সদায় একো নতুনত্ব নথকা, একে ধৰণৰ অধ্যায় এটাকে আৰু কিমান জীয়াই থাকিব?

অধ্যায়বোৰে খাটাং কৰিব জীৱনটো কেনে

এই অধ্যায়বোৰে ঠিৰাং কৰিব আপোনাৰ জীৱনৰ কিতাপখন আৰু জীৱনৰ কাহিনীটো ইন্টাৰেষ্টিং হয় নে নহয়৷ মানুহে এইখন কিতাপ পঢ়িব নে নাই সেয়া সিদ্ধান্ত কৰিব কিতাপখন আৰু অধ্যায়বোৰ ইন্টাৰেষ্টিং হয় নে নহয় তাৰ ওপৰত নির্ভৰ কৰি৷

অতীতটো অতীত

এটা কথা আপুনি মনত ৰাখিব লাগিব- আগৰ অধ্যায়বোৰৰ ওপৰত আপোনাৰ বর্তমানৰ আৰু পৰৱৰ্তী অধ্যায়টো নির্ভৰ নকৰে৷ আমি অতীতৰ কথাকে ভাবি বহি থাকো, ‘মই এতিয়ালৈকে অসফল, এতিয়া পাৰিম জানো?’ ‘মইতো আগতে কৰিব পৰা নাই, এতিয়াও নোৱাৰিম,’ ‘ইমানদিনে মইনো কি কৰিছোঁ যে এতিয়া পাৰিম?’- এনেধৰণৰ চিন্তা যদি আপুনি কৰিছে সেয়া বাদ দিয়ক৷ অতীতৰ কথাই আপোনাৰ ভবিষ্যতটো নির্ণয় নকৰে৷ অৱশ্যে আপুনি ফলাফল সলনি কৰিবলৈ হ’লে নিজে সলনি হ’ব লাগিব৷ সলনি নকৰি যদি একেজন মানুহ হৈ থাকে তেতিয়া আপোনাৰ অতীত আৰু বর্তমান একেই হ’ব৷

ইয়াৰ বাবে এজন বেলেগ আপোনাৰ প্ৰয়োজন হ’ব৷ অর্থাৎ আপোনাৰ বেলেগ এটা সংস্কৰণৰ৷ নতুন ভার্চন এটাৰ৷ আপুনি সলনি হ’ব লাগিব৷ কি সলনি হ’ব লাগিব? কেনেদৰে সলনি হ’ব লাগিব? আপুনি যি কৰিব বিচাৰে সেয়া কৰিবলৈ মানুহজন যেনে হ’ব লাগে তেনে হ’ব লাগিব, যি যি স্কিল বা কৌশল লাগে সেয়া শিকিব লাগিব৷ নতুন বিশ্বাস, চিন্তা কৰাৰ ধৰণ, এটিটিউড আৰু অভ্যাস আদি আপোনাক লাগিব৷ এই কথাবোৰ সলালে সি আপোনাক এক নতুন মানুহ হোৱাত, এক নতুন সংস্কৰণ গঢ়াত সহায় কৰিব৷

যদি অধ্যায়টো বেয়া

আমাৰ জীৱনৰ কিছুমান অধ্যায় বেয়া, দুখলগা৷ যদি অধ্যায়টো বেয়া তেন্তে পাৰিলে ইয়াক সৰু কৰি পেলাওক, নতুন অধ্যায় এটাৰ আৰম্ভ কৰক৷ ইয়াৰ কথা মনত কৰি কৰি, দুখ লগাই লগাই ইয়াক দীঘলীয়া নকৰিব৷

বেয়া সময়ৰ বেয়া অধ্যায়ৰ পৰা আপুনি কি কি শিকিব পাৰে? সেই শিক্ষা আপোনাৰ আৰু আন মানুহৰ কামত আহিব নেকি? যদি আহে, সেই কথা আনৰ লগতো শ্বেয়াৰ কৰিব৷

কেনেকৈ এটা ভাল অধ্যায় লাভ কৰিব পাৰে?

নিজকে এক বৃদ্ধ বুলি কল্পনা কৰক (70 বা 80 বছৰীয়া বুলি ধৰিলেই হ’ব)৷ এতিয়া নিজৰ জীৱনৰ পাৰ হৈ যোৱা সময়ছোৱালৈ লক্ষ্য কৰক৷ কি দেখিছে? জীৱনৰ বিভিন্ন অধ্যায়বোৰ দেখি আপোনাৰ কেনে লাগিছে৷ এতিয়া আপুনি বিশেষকৈ চাব বিচৰা অধ্যায়টো চাওক৷ সেই অধ্যায়টো দেখি এতিয়া আপোনাৰ কেনে লাগিছে? মনটো ভাল লাগিছেনে, নিজৰ ওপৰত গর্ব হৈছেনে, নিজকে শ্ৰদ্ধা কৰিবলৈ মন গৈছেনে, নিজৰ প্ৰতি সন্মান উপজিছেনে, সন্তুষ্টি লাভ কৰিছেনে, সুখ পাইছেনে? যদি এইবোৰ হোৱা নাই, সম্ভৱত আপোনাৰ সেই অধ্যায়টো সিমান ভাল হোৱা নাই, তাক তেতিয়াহ’লে সলাব লাগিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top