ৰাজীৱে নিজৰ আৰু ভাল কৰিবলৈ, নিজৰ ব্যক্তিত্ব বিকাশ কৰিবলৈ সদায় চেষ্টা কৰে৷ তাৰবাবে যিবোৰ কাম কৰিব লাগে, অনুশীলন কৰিব লাগে সেইবোৰ তেওঁ সদায়ে কৰি থাকে৷ মেডিটেচন তথা কথা পতাৰ কৌশলবোৰ শিকিবলৈ যত্ন কৰি থাকে৷ কিন্তু মাজে-সময়ে বৰ অসহ্য লাগে৷ এইবোৰ কৰি কিনো লাভ৷ লগৰ ল’ৰা-ছোৱালীবোৰে দেখোন এইবোৰ নকৰাকৈ আড্ডা মাৰি, চিনেমা-টিভি চাই সময়বোৰ এনজয় কৰিছে৷ মাজে মাজে সকলো বাদ দিম যেন লাগে৷
কবীৰৰ চিন্তা কেনেদৰে নিজৰ কর্মজীৱনটোত উন্নতি কৰিব পাৰি৷ নিজকে উন্নত কৰি যে তেওঁ চাকৰি জীৱনত উন্নতি কৰিব পাৰিব আৰু লগতে কামবোৰো এনজয় কৰিব পাৰিব সেয়া তেওঁ জানে আৰু তাৰ বাবে তেওঁ নিজৰ জীৱনৰ বিভিন্ন দিশ যেনে, শাৰীৰিক, মানসিক, অর্থনৈতিক সকলো দিশতে উন্নত কৰিবলৈ চেষ্টা কৰি থাকে৷ কিন্তু প্লেনবোৰ বনোৱাহে হয়, সেইবোৰ বেছিদিনলৈ অনুসৰণ কৰি কাম কৰা নহয়৷ কবীৰে নাজানে কেনেদৰে এই প্লেনবোৰৰ মতে কাম কৰি নিজে বিচৰা ফলাফল লাভ কৰিব৷ ইমান কষ্ট কৰিবলৈ মনেই নাযায় দেখোন৷
আপুনি নিজকে আৰু ভাল কৰিবলৈ, আৰু ভাল হ’বলৈ চেষ্টা কৰি আছে, কিন্তু মাজে মাজে আপোনাৰ অসহ্য লাগে৷ মাজে মাজে লাগে আনে নকৰা এনে কষ্টকৰ কামনো আপুনি কিয় কৰিব লাগে৷ কথাটো হয়ো৷ আনে ইমান আৰামত জীৱন চলাই নিছে, কিন্তু আপুনিহে নিজৰ উন্নতি বা পার্ছনেল ডেভেলপমেন্টৰ বাবে ইমান কষ্ট কৰি মৰিছে৷ তাৰোপৰি আপুনি নিজৰ কামবোৰ ভালকৈ কৰিবলৈ চেষ্টা কৰি থাকে, কিন্তু দেখে যে আনে কামত পাল মাৰিয়েই দিনবোৰ চলাই নিছে৷ হয় আপুনি নিজৰ বাবেই এয়া কৰিছে, কিন্তু তথাপি কেতিয়াবা এইবোৰ কৰিবলৈ মন নাযায়৷ তেনে মুহূর্তত আপোনাক লাগে অনুপ্ৰেৰণা৷ তাৰোপৰি নিজৰ উন্নতি লাভ কৰাটো কঠিন কাম গতিকে তাৰ বাবওে মাজে সময়ে আপুনি নিজকে মটিভেট কৰিব লাগে বা অনুপ্ৰেৰণা যোগাব লাগে৷ কেনেদৰে নিজকে অনুপ্ৰেণা যোগাব? কিবা উপায় আছেনে?
নিজকে অনুপ্ৰেৰণা যোগোৱাৰ উপায়-
“কিয়” টোৰ উত্তৰ বিচাৰক
“The two most important days in your life are the day you are born and the day you find out why.” – Mark Twain
আপুনি কিয় কাম এটা কৰিব বিচাৰে বা কৰিব লাগে, তাৰ কাৰণটো অর্থাৎ why টো বিচাৰক৷ কাম এটা এনেয়ে নকৰিব৷ আমাৰ বহুতৰে এই অভ্যাসটো আছে- আমি কাম এটা কিয় কৰিছোঁ বা কিয় কৰিব লাগে তাৰ কাৰণটো নিবিচাৰো, গতিকে কিছুদিন পিছত আমি কামটো কৰাৰ উৎসাহো হেৰুৱাই পেলাও আৰু লাহে লাহে ইয়াক কৰা বাদ দিও৷ কিন্তু যদি আপুনি জানে কিয় আপুনি কাম এটা কৰিছে বা কৰিব লাগে, তেতিয়া আপুনি কেতিয়াও উৎসাহ নেহেৰুৱায় আৰু সেয়া কৰিবলৈ আপোনাক আনে অনুপ্ৰেৰণা যোগাব নালাগে৷ আপুনি ভলন্টিয়াৰ হিচাপে মানুহৰ ঘৰে ঘৰে গৈ পুৰণা ভাল অৱস্থাত থকা কাপোৰ বিচাৰিছে৷ কামটো কৰিবলৈ আপোনাৰ খুব বেছি উৎসাহ থাকিবনে৷ বেছি ভাগৰে নাথাকে৷ কিন্তু যদি আপুনি জানে যে আপুনি এইদৰে লাভ কৰা কাপোৰবোৰ দুখীয়া মানুহবোৰক দিয়া হ’ব আৰু এই কাপোৰবোৰে ঠাণ্ডাত তেওঁলোকক অলপ হলেও কষ্ট নোপোৱাকৈ ৰাখিব আৰু যিমান কাপোৰ আপুনি গোটাব পাৰে, সিমান দুখীয়া মানুহৰ লাভ হ’ব৷ কাৰণটো জানিলে আপুনি আৰু বেছি চেষ্টা কৰি বেছিকৈ কাপোৰ নোগোটাবনে?
আপোনাৰ জীৱনৰ উদ্দেশ্য
যদি আপুনি নিজকে মটিভেট কৰিব লাগে তাৰ বাবে আপোনাক প্ৰথমতে লাগিব এনে এক লক্ষ্য যিয়ে আপোনাক অনবৰতে প্ৰেৰণা যোগাই থাকে, আপোনাক শান্তিৰে শুবলৈও নিদিয়ে৷ এক ডাঙৰ লক্ষ্য বা আপুনি ক’ব পাৰে জীৱনৰ এক উদ্দেশ্য লাগিব৷ যদি আপোনাৰ জীৱনৰ এনে এক উদ্দেশ্য আছে, তেন্তে আপুনি নিশ্চয় অনবৰতে এটা নির্দিষ্ট দিশত কাম কৰি যাবলৈ প্ৰেৰণা পাব৷ ই এনে এটা উদ্দেশ্য হ’ব লাগিব, যিটো সফল হ’লে আপোনাৰ জীৱনটো সফল হোৱা যেন লাগিব৷ আৰু ই ডাঙৰ হ’ব লাগিব, নহ’লে সৰু লক্ষ্য এটা লৈ তাক লাভ কৰাৰ পিছত আকৌ আপোনাৰ একেটা সমস্যাই হ’ব- “মই নিজকে কেনেদৰে অনুপ্ৰেৰণা যোগাব পাৰোঁ?”৷ কেনেদৰে আপুনি নিজৰ জীৱনৰ উদ্দেশ্য বাচি উলিয়াব পাৰে, সেই বিষয়ে আমি আগতেও আপোনাক কৈ আহিছো৷ এনে এটা উদ্দেশ্য (কাম) বাছি লওক যিটো আপুনি সঁচাকৈ ভাল পায়, এইকাৰণে নল’ব কাৰণ তাত পইচা, মান-সন্মান, নাম বেছি, বা আন কোনোবাই আপোনাক কৈছে৷ যেতিয়া আপুনি উদ্দেশ্য এটা বাছি লৈ সেইটো প্ৰাপ্তিৰ ফালে কাম কৰা আৰম্ভ কৰিব তেতিয়া আপোনাক আৰু বাহিৰৰ পৰা অনুপ্ৰেৰণা নালাগে৷ আপোনাৰ উদ্দেশ্যটোৱে আপোনাক সন্মুখলৈ টানি থাকিব৷ আৰু এনেদৰে সন্মুখলৈ টনা শক্তিৰ ক্ষমতা, পিছফালৰ পৰা ঠেলা শক্তিতকৈ (সাধাৰণতে বাহিৰৰ অনুপ্ৰেৰণা) বহুত বেছি৷
নিজৰ আগৰ অৱস্থাৰ লগত এতিয়াৰ অৱস্থা তুলনা কৰক
আপুনি ইতিমধ্যে নিজৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে আৰু নিজকে উন্নতি কৰাৰ চেষ্টাত সফলো হৈছে৷ এতিয়া দহ বছৰ আৰু পাঁচ বছৰ আগৰ নিজৰ কথা মনত পেলাওকচোন৷ সেই সময়ত আপুনি যেনেকুৱা আছিল, তাতোকৈ আপুনি আজি বেছি ভাল হৈছে নে নাই, বেছি ভাল অৱস্থা এটাত আছে নে নাই? শাৰীৰিক, মানসিক, অর্থনৈতিক, সামাজিক আদি বিভিন্ন ক্ষেত্ৰত আপুনি অলপ হ’লেও উন্নতি কৰিছে৷ মানুহে লাহে লাহে উন্নতি কৰি গৈ থাকে, তাৰ বাবে মাত্ৰ লাগে অলপ চেষ্টা৷ যদি আপুনি জীৱনৰ বিভিন্ন সময়ত অলপ হ’লেও চেষ্টা কৰিছে, তেতিয়াহ’লে আপুনি অলপ হ’লেও উন্নতি কৰিছে৷ আৰু যেতিয়াই আপুনি নিজকে লক্ষ্য কৰিব তেতিয়াই এই উন্নতি আপোনাৰ চকুত পৰিব৷ এই উন্নতি চকুত পৰাৰ লগে লগে ই আপোনাৰ মনটোত এক নতুন উৎসাহেৰে ভৰাই তুলিব৷ আপুনি যদি আগৰ এটা সময়ত চেষ্টা কৰি নিজৰ উন্নতি সাধিব পাৰিছিল, তেতিয়াহ’লে এতিয়াও চেষ্টা কৰি থাকিলে ভবিষ্যতলৈও আপুনি আৰু ভাল কৰিব পাৰিব আৰু বেছি সফল হ’ব পাৰিব৷ আপুনি কষ্ট কৰিছে সঁচা, কিন্তু সেই কষ্ট কৰাৰ বাবে আপুনি কামবোৰৰ ভাল ফলাফল লাভ কৰিছে৷ এই কথাবোৰে আপোনাক নিজকে আৰু ভাল কৰিবলৈ আৰু লগতে আপুনি যি কৰি আছে সেয়া কৰি যাবলৈ অনুপ্ৰেৰণা যোগাব৷
ডাঙৰ ছবিখন চাবলৈ চেষ্টা কৰক
আপুনি কৰা কামটো কৰিবলৈ যদি ইচ্ছা নোহোৱা হৈছে বা আপুনি ব’ৰ (বিৰক্ত) হৈছে, তেতিয়া কামটোৰ লগত জড়িত ডাঙৰ ছবিখন চাবলৈ যত্ন কৰক৷ ধৰি লওঁ আপুনি নতুনকৈ চাকৰিত জইন কৰা চাকৰিয়াল সকলক ট্ৰেইনিং দি আছে৷ কিন্তু কামটো বিৰক্তিকৰ আৰু লাহে লাহে আপোনাৰ কাম বাঢ়িহে গৈছে৷ এতিয়া আপুনি ভাবিব পাৰে যে এইবোৰ কৰি নো কি হ’ব? এই ট্ৰেইনিঙৰ নিচিনা বিৰক্তিকৰ কাম এটা কিয় কৰোনো? এনে ভাব আহিলে যদি আপুনি বিচাৰ-খোচাৰ কৰি চায়, তেতিয়াহ’লে আপুনি হয়তো দেখিব যে আপোনাৰ ট্ৰেইনিঙৰ বাবে নতুনকৈ জইন কৰাসকলে মাত্ৰ দুসপ্তাহৰ ভিতৰতে নিজৰ কামত সম্পূর্ণভাৱে জপিয়াই পৰিব পাৰিছে আৰু তেনে প্ৰশিক্ষণ প্ৰাপ্ত মানুহে অনা অর্ডাৰৰ মূল্য প্ৰতি মাহত প্ৰায় দহ লাখ টকা৷ যেতিয়া আপুনি এই ডাঙৰ ছবিখন দেখা পাব, তেতিয়া আপুনি নিজে নিজেই কামটো আৰু ভালদৰে কৰিবলৈ অনুপ্ৰাণিত হ’ব৷
নিজৰ লগত বাজি মাৰক
আপুনি কিবা এটা কাম কৰিবলৈ ইচ্ছা কৰিছে৷ কামটো কিমান সময়ৰ ভিতৰত কৰিব বা আনতকৈ সোনকালে বা ভালকৈ কৰিব তেনেকুৱা এটা বাজি মাৰক নিজৰ লগত৷ আৰু আনৰ লগত যেনেকৈ বাজি মাৰিলে জিকিবলৈ চেষ্টা কৰে, তেনেকৈ নিজৰ লগত মৰা বাজিটোও জিকিবলৈ চেষ্টা কৰক৷ আৰু প্ৰয়োজন হ’লে বাজিত জিকিলে নিজকে পুৰষ্কৃতও কৰক৷ এই কামটোৱে আপোনাক কৰি থকা কামটো বা কৰিবলগীয়া কাম এটা কৰি থাকিবলৈ, আৰু কামটো কৰি শেষ কৰিবলৈ অনুপ্ৰাণিত কৰিব৷
নিজক পুৰষ্কাৰ দিয়ক
আপুনি কিবা এটা পুৰষ্কাৰ পালে ভাল নাপায় জানো? আপোনাৰ মনটো ভাল নালাগে জানো? তেতিয়াহ’লে সেইটো এটা নিজকে মটিভেট বা অনুপ্ৰাণিত কৰাৰ উপায় হিচাপে প্ৰয়োগ কৰক৷ আপুনি যি কাম কৰিম বুলি ভাবিছে তাৰ বাবে নিজকে এটা পুৰষ্কাৰ দিবলৈ ঠিক কৰক৷ যদি আপুনি কামটো কৰিব পাৰে, তেন্তে আপুনি এই পুৰষ্কাৰটো পাব আৰু যদি আপুনি নোৱাৰে, তেন্তে আপুনি পুৰষ্কাৰটো নাপায়৷ সৰু এটা চক’লেট, এখন চিনেমা, এটা মবাইল ফোনৰ পৰা আৰম্ভ কৰি ক’ৰবালৈ এটা ভ্ৰমণ বা গাড়ী এখন কিনা এনেদৰে বেলেগ বেলেগ মানুহৰ বাবে পুৰষ্কাৰটো বেলেগে বেলেগ হ’ব পাৰে৷ এনেকৈ নিজে নিজকে পুৰষ্কাৰ দিম বুলি ঠিক কৰিলে সেই কথাটোৱে নিশ্চয় আপোনাক অনুপ্ৰেৰণা যোগাব৷ ভাল কামৰ বাবে পুৰষ্কাৰ দিলে মানুহ অনুপ্ৰাণিত হয় আৰু আপুনি নিজে কৰা ভাল কাম বা কৰিবলগীয়া কামৰ বাবে পুৰষ্কাৰ দিলে আপুনি নিজেও নিজকে অনুপ্ৰানিত কৰিব পাৰিব৷ কি পুৰষ্কাৰ দিব সেইটো আপুনি নিজে ঠিক কৰিব লাগিব কাৰণ আপুনিহে জানে আপোনাক কিহে ম’টিভেট কৰে৷
নিজকে সোধা প্ৰশ্নবোৰ সলনি কৰক
“মোৰ কি কি বেয়া গুণ আছে বা মোৰ কি কি দোষ আছে” সেয়া সোধাতকৈ “মোৰ কি কি ভাল গুণ আছে” সেয়া সোধাটো বেছি দৰকাৰী যদিহে আপুনি নিজকে অণুপ্ৰাণিত কৰি ৰাখিব বিচাৰে৷ যদি আপোনাৰ প্ৰশ্নবোৰে (নিগেটিভ প্ৰশ্ন) প্ৰায়ে আপোনাক দুখী কৰে, আপোনাৰ মনটো বেয়া কৰে, তেনেস্থলত আপুনি অনুপ্ৰাণিত হ’ব পাৰিবনে? গতিকে যদি আপুনি নিজকে কিবা নিগেটিভ প্ৰশ্ন সুধি আছে, তেন্তে আজিয়েই এনে প্ৰশ্ন সোধা বন্ধ কৰক৷ তেনে প্ৰশ্ন কৰাতকৈ নিজকে সোধক কিদৰে আপুনি সন্মুখৰ সমস্যাটোৰ সমাধান এটা উলিয়াব পাৰে৷ এই প্ৰশ্নটোৱে আপোনাৰ মগজুক সমাধান কেইটামান চিন্তা কৰি উলিওৱাত সহায় কৰিব৷
লক্ষ্য ঠিক কৰি লওক আৰু কাম কৰক
আপোনাৰ জীৱনৰ উদ্দেশ্যটো বহু ডাঙৰ৷ গতিকে হয়তো আপুনি ভাবি উলিয়াব পৰা নাই ক’ৰ পৰা কাম আৰম্ভ কৰিব৷ গতিকে প্ৰথমতে এটা কাম কৰক৷ এই ডাঙৰ উদ্দেশ্যটোক সৰু সৰু কিছুমান লক্ষ্যত ভাগ কৰি লওক৷ এই লক্ষ্যবোৰ ঠিক কৰি লৈ, এইবোৰ সন্মুখত লৈ, কাম কৰা আৰম্ভ কৰক৷ প্ৰতিদিনে আপোনাৰ কৰিবলগীয়া বিভিন্ন কাম থাকিব আৰু এইবোৰ কাম কৰি যাওঁতে আপুনি লক্ষ্য কৰিব যে আপোনাৰ জীৱনৰ উদ্দেশ্যৰ পূর্ণ প্ৰাপ্তিৰ দিশে আপুনি আগবাঢ়ি গৈ আছে৷ লক্ষ্যবোৰ যেতিয়া আপুনি সম্পূর্ণ কৰিব তেতিয়া ই আপোনাক এখ সুখানুভূতি প্ৰদান কৰিব আৰু লগতে আৰু বেছি কাম কৰিবলৈ আপোনাক উৎসাহ দিব৷
আপুনি নিজকে অনুপ্ৰেৰণা যোগাম বুলি ভাবিলে যোগাব পাৰে আৰু আপোনাক এই অনুপ্ৰেৰণাৰ খুব প্ৰয়োজন হ’ব কাৰণ ইয়াৰ সহায়ত আপুনি বিচৰা কামবোৰ আৰু কৰিবলগীয়া কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে কাম কৰি উপভোগও কৰিব পাৰিব৷ মটিভেচন বা অনুপ্ৰেৰণা থাকিলেহে আপুনি কৰিব বিচৰা ডাঙৰ আৰু ভাল কামবোৰ আপুনি কৰিব পাৰিব আৰু নিজৰ জীৱনটো সার্থক কৰিব পাৰিব৷