Close

পৰীক্ষাত অকৃতকার্য পৰীক্ষাৰ্থীসকললৈ

এই লিখাটো প্ৰকাশ হোৱালৈ বিভিন্ন পৰীক্ষাৰ ৰিজাল্ট দিবই৷ কিছুমানে পৰীক্ষাত খুব ভাল কৰিবা আৰু বহুতে ভাল কৰিবা৷ এই লিখাটো তেনে ছাত্ৰ-ছাত্ৰী বা তেনে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বাবে নহয়৷ এই লিখাটো সেইসকল পৰীক্ষাৰ্থী যিসকল পৰীক্ষাত অণুতীর্ণ হৈছে বা অকৃতকার্য হৈছে বা ফেইল কৰিছে তেওঁলোকৰ বাবে আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বাবে৷

ৰাস্তাৰে যেতিয়া আমি খোজ কাঢ়ি গৈ থাকো, তেতিয়া হঠাতে কেতিয়াবা আমি উজুটি খাই পৰি যাব পাৰোঁ৷ তেনেদৰে পৰি গ’লে, তেতিয়া আমি কি কৰোঁ? ৰাস্তাৰ ধূলি-বালি, থু-খেকাৰ আদি লেটি লৈ আমি ৰাস্তাতে পৰি থাকো নে? কেতিয়াও নাথাকো৷ তেন্তে আমি কি কৰোঁ? আমি উঠি আকৌ খোজ লওঁ৷ তেতিয়াহ’লে আজি যেতিয়া জীৱনৰ এটা খোজত উজুটি খাই লুটি খাই পৰিলা, তেতিয়াহ’লে তাকে চিন্তা কৰি বহি কিয় থাকিবা? নাথাকা, তুমি আকৌ উঠি নতুনকৈ খোজ ল’বা৷ যদি উজুটি খাই তোমাৰ নখ এটা উঠি গ’ল বা তোমাৰ কাপোৰ-কানি লেতেৰা হ’ল, তেতিয়াহ’লে তুমি তাৰ প্ৰতিকাৰ (উপায়) এটা কৰিবা৷ কিন্তু তুমি খোজ ল’বলৈতো নেৰা৷ এৰিবা জানো? তেতিয়াহ’লে তুমি পৰীক্ষা এটাত ফেইল কৰিলা বুলিয়েই সকলো বাদ দিবানে? নে আত্মহত্যাৰ নিচিনা ডাঙৰ কথা এটাও চিন্তা কৰিবা? নকৰা৷ তুমি উঠিবা আৰু খোজ ল’বা৷ পৰীক্ষাত ফেইল কৰা কথাটোও তুমি জীৱনত খোৱা এটা উজুটিৰ নিচিনা কথা নহয় জানো৷ উজুটি খাই তুমি পৰি গলা, এতিয়া তুমি পৰিয়েই থাকিবা নে উঠি আকৌ খোজ ল’বা? 

হাৰ বা ফেইলিওৰ

আজি যে তুমি পৰীক্ষাত ফেইল কৰিলা বা অকৃতকার্য হ’লা (বা কম নম্বৰ পালা, যিসকলে কম নম্বৰ পাইছা), সেয়া আচলতে কিনো? সঁচাকৈয়ে হাৰ (ফেইলিওৰ) বোলা কিবা আছেনে? আছে কিজানি নহয় জানো, নহ’লে ইমানবোৰ মানুহে জানো ক’লেহেঁতেন বা আজি তুমি জানো ফেইল কৰিলাহেঁতেন? আকৌ সুধিছো, সঁচাকৈয়ে ফেইল কৰা (ফেইলিওৰ) বোলা কিবা আছে জানো? অকণমান বেলেগ ধৰণে চাওঁচোন আহা৷

ফেইলিওৰ (বা হাৰি যোৱা) বোলা কোনো বস্তু আচলতে নাই৷ মাত্ৰ আছে বেলেগ ফলাফল৷ মানে? মানে তুমি পৰীক্ষাত বিচাৰিছিলা 30 শতাংশ, 40 শতাংশ  বা 50 শতাংশ নম্বৰ, কিন্তু তুমি পালা 30 শতাংশতকৈ কম৷ তাকে আমি কওঁ যে তুমি ফেইল কৰিলা৷ আচলতে তাৰমানে তুমি বিচৰা নম্বৰতকৈ (30 শতাংশ, 40 শতাংশ  বা 50 শতাংশ নম্বৰ) তুমি কম নম্বৰ পালা (হয়তো 30 শতাংশতকৈ কম)৷ অর্থাৎ তুমি বিচৰাতকৈ কামৰ ফলাফলটো বেলেগ হ’ল৷ তাৰ বাহিৰেতো ই আন একো নহয়৷ আমিহে তাক ফেইল কৰা নাম এটা দিছো৷

অহাবাৰ তুমি চেষ্টা কৰিব লাগিব যে তুমি বিচৰা নম্বৰখিনি যেন তুমি পোৱা৷ তাৰ কাৰণে তোমাৰ চেষ্টা লাগিব আৰু লগতে লাগিব এটা প্লেন৷ প্লেনমতে কাম কৰি গলে তুমি বিচৰা ফলাফলটো আৰু পোৱা ফলাফলটো একে হ’ব৷ আৰু সেয়া তুমি ইচ্ছা কৰিলে কৰিব পাৰা৷

চুইচাইড (আত্মহত্যা)

যদি তোমাৰ চুইচাইড কৰিবলৈ মন গৈছে বা যায়, তাৰ আগতে এবাৰ হ’লেও মোলৈ ফোন এটা কৰিবা, কথা পাতিবা যাতে মই দেখুৱাব পাৰোঁ, তোমাৰ এই চিন্তা আচলতে কিমান ভুল৷

চুইচাইডৰ কথা চিন্তা কৰাতো আচলতে এটা চিন্তাহে৷ তাৰ বাহিৰে ই আন একো নহয়৷ আৰু তোমাৰ চিন্তাবোৰৰ অধিকাৰী বা গৰাকী কোন? তুমি নিজে৷ আমাৰ মনলৈ এদিনত হেনো প্ৰায় কেবাহাজাৰো চিন্তা আহে৷ তাৰ মাত্ৰ কেইশমান চিন্তাৰ কথাহে আমি গম পাওঁ৷ চুইচাইডৰ চিন্তা এনে চিন্তাৰ মাজৰে এটা৷ আৰু এক নির্দিষ্ট পদ্ধতিৰ মাজেৰে তোমাৰ মনলৈ এই চিন্তাটো আহিছে৷ হয়তো পৰীক্ষাত ফেইল কৰা বাবে বা কম নম্বৰ পোৱা বাবে ঘৰৰ কোনোবাই তোমাক গালি পাৰিলে, কথা শুনালে, লগৰ কোনোবাই, ওচৰ-চুবুৰীয়াই তোমাক দেখাকৈ বা লুকুৱাই হাঁহিলে, কিবা ক’লে, হয়তো তুমি চিন্তা কৰিলা যে মানুহে কি ভাবিব৷ মুঠতে এনে বেলেগ বেলেগ কাৰণত তোমাৰ মনলৈ চিন্তা আহিলে যে তুমি জীয়াই থাকি আৰু লাভ নাই৷ ফলত তুমি চুইচাইডৰ কথা চিন্তা কৰিলা৷ কিন্তু অলপ ভালদৰে মন কৰিলে তুমি দেখিবা যে যিবোৰ কাৰণত তুমি মৰিবলৈ সাজু সেইবোৰ আচলতে খুব এটা ডাঙৰ কাৰণ নহয়৷ সেইবোৰ নিতান্তই মূল্যহীন৷ আনে কি ক’ব, আনে হাঁহিব এইবোৰ কাৰণত কোনোবাই নিজৰ সুন্দৰ জীৱনটো শেষ কৰি দিব বিচাৰে নে? আচলতে আমাৰ সকলো আছে কাৰণে আমি এইবোৰৰ কোনো গুৰুত্ব নিদিও৷ আমাৰ হাত-ভৰি, চিন্তা কৰিব পৰা মন আদি সকলো ঠিকে আছে কাৰণে আমাৰ জীৱনত ক’তো কিমান সম্পদ আছে, সেই কথা আমি ভাবিবই নোৱাৰো৷ মাত্ৰ যেতিয়া এই সম্পদবোৰ হেৰায়, তেতিয়াহে আমি এইবোৰৰ মূল্য বুজি পাওঁ৷ হাত বা ভৰি নোহোৱাকৈ জীয়াই থকাটো কিমান টান কাম, সেয়া হাত বা ভৰি নোহোৱা মানুহ এজনক সুধিলে তুমি গম পাবা৷ তেনেদৰে যি কষ্ট কৰিও এসাজ খাবলৈ পোৱা নাই তেওঁক সুধিলে তুমি গম পাবা, তুমি কিমান ভাগ্যবান৷ যি ল’ৰা-ছোৱালী পঢ়াত ভাল হৈও, ঘৰৰ অৱস্থাৰ কাৰণে পঢ়িব নোৱাৰে তেওঁলোকক সুধিলে তমি গম পাবা তুমি কিমান ভাগ্যবান৷ কিন্তু তোমাৰ কাৰণেতো তোমাৰ জীৱনটো মূল্যহীন আৰু সেয়ে তোমাৰ মনলৈ আত্মহত্যাৰ দৰে কথা আহিছে৷

তুমি আৰু এই কাৰণেও ভাগ্যবান কাৰণ নিজৰ চিন্তাবোৰ তুমি ইচ্ছা কৰিলে নিজে সলাব পাৰা৷ আজি যদি তোমাৰ মনলৈ আত্মহত্যাৰ দৰে চিন্তা আহিছে, তুমি ইচ্ছা কৰিলেই তাক সলনি কৰিব পাৰা৷ মানুহৰ ইমানখিনি শক্তি আছে আৰু মই তোমাক তোমাৰ চিন্তাটো কেনেদৰে সহজে সলনি কৰিব পাৰি সেয়া দেখুৱাব পাৰিম৷

আত্মহত্যা কৰি এই পৃথিৱীৰ পৰা পলোৱাটো সহজ৷ কিন্তু এবছৰৰ পিছত পৰীক্ষাত আকৌ অৱতীর্ণ হৈ ভাবিব নোৱাৰা ধৰণে ফলাফল কৰি মানুহক আচৰিত কৰাটো টান যদিও ই কিন্তু তোমাক বেছি আনন্দ দিব৷ পৰীক্ষাত ভাবিব নোৱাৰা ধৰণৰ ৰিজাল্ট কৰি মানুহৰ চকু থিয় কৰি দি তোমাৰ বেছি ভাল নালাগিবনে? লাগিব৷ আৰু এবছৰত এই কাম কৰাটো সম্ভৱ৷ ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ কাম মানুহে ইতিমধ্যে কৰিছে৷ তুমিতো মাত্ৰ কিতাপ পঢ়িব লাগে, বুজিব লাগে আৰু মাত্ৰ পৰীক্ষাত লিখিব লাগে৷ আন মানুহেতো পাহাৰ খান্দি তাৰ মাজেৰে ৰাস্তাও বনাই পেলাইছে, তাকো অকলে৷ তোমাৰ কামটোতো বহু সহজ মাত্ৰ যদিহে তুমি কৰিবলৈ মান্তি হোৱা৷

কংগ্ৰেচুলেচনছ

যদি তুমি পৰীক্ষাত ফেইল কৰিছা, তেন্তে কংগ্ৰেচুলেচনছ৷ কি? অ,কংগ্ৰেচুলেচনছ৷ নাই মই পাগল হোৱা নাই বা কাকো ঠাট্টাও কৰা নাই৷  তুমি নিজৰ 15 বছৰ বা 17 Áবছৰ বয়সতে এটা ডাঙৰ সুবিধা পাইছা৷ জীৱনত বিভিন্ন সময়ত তুমি নানা সমস্যাৰ সন্মুখীন হ’বা আৰু তুমি এইবিলাকৰ মুখামুখি হ’বই লাগিব৷ ইমান কম বয়সতে তুমি তেনে এক ডাঙৰ সমস্যাৰ মুখামুখি হ’বলৈ সুবিধাটো পাইছা৷ সকলোৱে এই সুবিধাটো নাপায়৷ পৰীক্ষাত ভাল কৰাসকলে আনকি ষ্টেণ্ড কৰাসকলেও এই সুবিধাটো পোৱা নাই৷ তুমি নাভাবতেই জীৱনে হঠাতে তোমাৰ আগত এটা সোণালী সুযোগ পেলাই দিছে৷

এতিয়া কথাটো হ’ল তুমি এই সুবিধাটো কেনেদৰে ল’বা৷ জীৱনে এনেদৰে আঘাত কৰি তোমাক বিভিন্ন সময়ত পেলাই দিব, তুমি তেতিয়া কি কৰিবা৷ তেনেদৰে পৰি যোৱাৰ পৰা তুমি উঠি আকৌ আৰম্ভ কৰিবা নে পৰিয়েই থাকিবা? সিদ্ধান্তটো তোমাৰ৷ কিবা এটা তুমি কৰিবই লাগিব আৰু কি কৰিবা সেয়া তুমি নিজে ঠিক কৰিব লাগিব৷ কিন্তু যদি তুমি ঠিক কৰা যে জীৱনে মাৰ মাৰি তোমাক মাটিত পেলাই দিলেও তুমি আকৌ উঠি ইয়াৰ মুখামুখি হ’বা, তেন্তে কালি সাফল্য আহি তোমাৰ ওচৰ পাবহি৷ কাৰণ তোমাক তোমাৰ বিচৰা বস্তুৰ পৰা কোনেও আঁতৰ কৰি ৰাখিব নোৱাৰে কাৰণ তুমি বিচৰা বস্তুটো নোপোৱালৈকে নমনা৷

এই সমস্যাটোৰ এটা সমাধান তুমি আজি বিচাৰি উলিয়াব পাৰিলে কালি তুমি আন সমস্যাৰো সমাধান উলিয়াব পাৰিবা৷ আজি যদি তুমি এই হাৰৰ পৰা নিজকে আকৌ দাঙি তুলিব পৰা, তেতিয়াহ’লে ই তোমাৰ আত্মবিশ্বাস আৰু মনোবল বঢ়াব যিয়ে তোমাক তোমাৰ গোটেই জীৱনতে সহায় কৰি থাকিব৷ তেমাৰ জীৱনলৈ যেনে সমস্যাই নাহক, যেনে পৰিস্থিতিয়ে নহওক, তুমি ভয় নোখোৱা আৰু কোনো পৰিস্থিতি, সমস্যাই তোমাৰ গতি ৰোধ কৰিব নোৱাৰে৷

অভিভাৱকসকল

আপুনি জোৰ-জবৰদস্তি নিজৰ ল’ৰা-ছোৱালীক এনে এটা বিষয় পঢ়িবলৈ বাধ্য কৰিছে নেকি যত সিহঁতৰ কোনো ৰাপ নাই? আপোনাৰ সন্তানে হয়তো বুৰঞ্জী বিষয়টো পঢ়িব খুজিছিল, কিন্তু আপুনি নিদিলে কাৰণ সি আগৰ পৰীক্ষাত ভাল কৰিছিল গতিকে বিজ্ঞান পঢ়িব লাগিব, বা বুৰঞ্জী পঢ়ি একো ভবিষ্যত নাই বা আন তেনে কিবা কাৰণত আপুনি নিজৰ সন্তানক জোৰকৈ এনে এটা বিষয় পঢ়িবলৈ দিলে যিটোত তাৰ কোনো ইচ্ছাই নাই৷ তেনেস্থলত সি ভাল ফল দেখুৱাব পাৰিবনে? আৰু পঢ়াত ভাল ল’ৰা এটাই বা ছোৱালী এজনীয়ে যেতিয়া ভাল কৰিব নোৱাৰিব তেতিয়া সিহঁতৰ ডিপ্ৰেচন নহ’বনে? আৰু লাহে লাহে সেই ডিপ্ৰেচনৰ পৰা বাঢ়ি গৈ আন সমস্যাৰ সৃষ্টি নহ’বনে?

আপোনালোকে নিজৰ ল’ৰা-ছোৱালীক সদায় বা প্ৰায়ে নিগেটিভ কথা কৈ কৈ সিহঁতৰ যি শক্তি আছে তাত কুঠাৰাঘাত কৰিছে নেকি? যদি কৰিছে তেন্তে সিহঁতৰ এই অসফলতাৰ ভাগ আপোনালোকেও ল’ব লাগিব৷ যদি আপুনি ইমানদিনে নিয়মীয়াকৈ “তোৰ কাম নাই,” , “তোৰ দ্বাৰা নহ’ব,” “বৰুৱা বা ৰহমান বা বৰাৰ ল’ৰাই ইমান পায়, তই ইমান কম পাওঁ কিয়,” “তই গাধ, তই গৰু” আদি বাক্যৰ দ্বাৰা আপোনাৰ ল’ৰা-ছোৱালীৰ অভিনন্দন কৰি আহিছে, তেন্তে আপোনাৰ সন্তানৰ আজি যি পৰিনাম, তাৰ কৃতিত্ব আপুনিও পাব লাগে৷ নিসন্দেহে আপোনাৰ ল’ৰাৰ বেয়া ফলাফল বা নিজৰ ওপৰত বিশ্বাস নোহোৱা অৱস্থাৰ আপুনিও এক প্ৰবল দাবীদাৰ৷

মাক-দেউতাক হিচাপে আপুনি কিছুমান কথা জানিব লাগিব, নাজানিলে শিকিব লাগিব৷ কিন্তু ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰাটো এক টান কাম আৰু আপুনি কি কৰিব লাগে, কি কৰিব নালাগে সেয়া জানিবই লাগিব৷ ল’ৰা-ছোৱালীক যেতিয়া আপুনি সদায় নিগেটিভ কথা কৈ থাকিব, গালি পাৰি থাকিব, সেইবোৰে সিহঁতৰ আত্মসন্মান, আত্মবিশ্বাস কমোৱাৰ লগতে সিহঁতৰ মানসিক বিকাশতো বেয়া প্ৰভাৱ পেলাব৷ গতিকে যদি আপোনাৰ সন্তানৰ নিজৰ ওপৰত বিশ্বাস নাই তাৰ কাৰণ হয়তো আপোনাৰ কথাবোৰ, ব্যৱহাৰ আৰু লগতে আপোনাৰ পৰা পাবলগীয়া সাহার্যৰ অভাৱ৷

কিন্তু আপুনি এতিয়াও আপোনাৰ ল’ৰা-ছোৱালীক ভাল হোৱাত সহায় কৰিব পাৰে, অহাবছৰ ফলাফল বিচৰা মতে পোৱাত সহায় কৰিব পাৰে৷ যদি পৰীক্ষাত অকৃতকার্য হৈছে মাৰধৰ কৰাৰ সলনি, গালি-শপনি পৰাৰ সলনি নিজৰ সন্তানৰ লগত বহি ভালদৰে আলোচনা কৰি এই এক বছৰত কেনেদৰে আগবাঢ়িলে আপোনাৰ সন্তানে বিচৰা ফলাফল লাভ কৰিব পাৰিব সেয়া চিন্তা কৰি এটা প্লেন বনাই লওক৷ আৰু এতিয়াৰ পৰা সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো অলপ মনোযোগ দিবলৈ সময় উলিয়াওক৷ যিবিলাক কথাই সিহঁতৰ ব্যক্তিত্ব বিকাশত বাধা দিয়ে সেইবোৰ কথা বাদ দিয়ক৷ যিবিলাক কথা, আচাৰ-ব্যৱহাৰে সিহঁতক জীৱনত আৰু আগুৱাই যোৱাত সহায় কৰে সেইবোৰৰ ওপৰত গুৰুত্ব দিয়ক৷ এইবোৰ ইমান টান নহয় যদিহে আপুনি কি কৰিব লাগে জানে৷ কোনো কথাই টান নহয় যদি আপুনি জানে কি কৰিব লাগে আৰু কেনেদৰে কৰিব লাগে৷ আৰু কিবা সহায়ৰ প্ৰয়োজন হ’লেতো আমি (LSTI) আছোৱেই৷

ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব পাৰা? তোমালোকে  এতিয়া কি কৰিবা৷ প্ৰথমতে এটা কথা বুজি লোৱা যে যি হৈ গ’ল তাক তুমি নোহোৱা কৰিব নোৱাৰা কিন্তু ভবিষ্যতটো এতিয়াও তোমাৰ হাতত৷ আগৰ কথা বাদ দি তুমি নিজৰ সমগ্ৰ চিন্তা আৰু একাগ্ৰতা ফ’কাছ কৰিব লাগিব তোমাৰ অহা বছৰটোত, যিটো বছৰ তুমি ভালদৰে প্লেন কৰি, ভালদৰে প্ৰস্তুতি কৰি পৰীক্ষাটো আকৌ দিবা আৰু মানুহৰ চকু থিয় কৰি দিয়া ফলাফল এটা দেখুৱাবা৷ কামটো টান, কিন্তু সহজ কাম কৰি জানো তুমি ভাল হ’ব পাৰিবা বা মানুহৰ বাহ বাহ পাবা? পাৰিম বুলি ভাবিলে তুমি পাৰিবা আৰু নোৱাৰিম বুলি ভাবিলে নোৱাৰা৷ কেনেদৰে কি ভাবিবা সেয়া সম্পূর্ণ তোমাৰ কথা৷ আনে যদি পাৰিছে তুমি নোৱাৰিবানে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top