আজি আপুনি যিটো জীৱন আজি জীয়াই আছে সেই জীৱনটোৰ সৃষ্টি কিন্তু আপুনি নিজে কৰিছে৷ যদি জীৱনটো ভাল তেতিয়া সেয়া আপোনাৰ ক্ৰেডিট আৰু যদি ই বেয়া তেন্তে দোষো আপোনাৰ নিজৰে৷
কিছুমানে ক’ব যে কথাটো হয়, মই নিজেহে জীৱনটো এনেকুৱা কৰিছোঁ৷ আন কিছুমানে ক’ব যে নহয় পৰিবেশেহে বা পৰিস্থিতিয়েহে মোৰ জীৱনটো এনেকুৱা কৰিছে৷ কেতিয়াবা আপোনাৰ লাগিব পাৰে যে নানা ধৰণৰ পৰিবেশ বা ঘটনাৰ বাবেহে আপোনাৰ জীৱনটো বর্তমানৰ নিচিনা হৈ পৰিছে৷ যিসকলৰ জীৱনটো ঠিকে চলি আছে, জীৱনত সফলতা পাইছে তেওঁলোকে ক”ব “হয়, মই জীৱনটো এনেকুৱা কৰিব বিচৰা বাবেহে জীৱনটো এনেকুৱা হৈছে৷” আনহাতে জীৱনটো বিচৰা মতে নহ’লে, নিগেটিভ হ’লে কোনোবাই ক’ব যে পৰিবেশ আৰু পৰিস্থিতেয়েহে মোৰ জীৱনটো এনেকুৱা কৰিছে৷ আপোনাৰো তেনে লাগিব পাৰে৷ কিন্তু সঁচাকৈয়ে কথাটো তেনে হয়নে?
আপোনাৰ জীৱনটো বর্তমানৰ নিচিনা হৈ পৰিছে কাৰণ বিভিন্ন সময়ত আপুনি বিভিন্ন ধৰণৰ সিদ্ধান্তবোৰ লৈছিল৷ সেই সময়ত আপোনাৰ হাতত বেলেগ বেলেগ পচন্দ বা অপচন আছিল আৰু আপুনি তাৰে এটা গ্ৰহণ কৰিছিল৷ সেই পচন্দটো অনুসৰি আপোনাৰ জীৱনটো সলনি হৈ পৰিছিল৷ আপুনি লোৱা পচন্দবোৰ অনুসৰি আপোনাৰ জীৱনটো তেনেকুৱা হৈ পৰে৷
কেতিয়াবা আমাৰ পৰিবেশৰ বাবেও আমি বিচৰা কামবোৰ কৰাত অসুবিধা হৈ পৰে৷ আপুনি হয়তো নিজৰ বিজনেছ আৰম্ভ কৰিব বিচাৰিছিল কিন্তু ঘৰৰ অসুবিধাৰ বাবে আপুনি সেই কাম বাদ দি চাকৰি কৰিলে৷ সেয়া ঠিকে আছে৷ কিন্তু তাৰমানে সদায়ৰ বাবে আপুনি নিজৰ বিজনেছ আৰম্ভ কৰাৰ সপোন বাদ দিব লাগিব নেকি? নালাগে৷ আপুনি কৰো বুলি ভাবিলে চাকৰি কৰি থকাৰ লগতে প্ৰথমতে সৰুকৈ নিজৰ কামো আৰম্ভ কৰিব পাৰে৷ বা মুনলাইটিঙৰ সহায় ল’ব পাৰে৷ সেয়া কৰিবলৈ কষ্ট হ’ব কিন্তু যদি আপুনি সঁচাকৈয়ে বিচাৰে তেন্তে সেই কষ্টখিনি আপুনি কৰিব৷ আনহাতে যদি আপুনি সিমান কষ্ট কৰিব নোৱাৰি বুলি কষ্ট নকৰাকৈ থাকে তেন্তে আপোনাৰ জীৱনত আৰু নিজৰ বিজনেচ কৰা নহ’বও পাৰে৷ তেতিয়া আপুনি পৰিবেশক দোষ দিব পাৰিব, কাৰণ কামটো নকৰাকৈ থকাৰ অজুহাত হিচাপে আপুনি পৰিবেশৰ কথা ক’ব পাৰিব৷
বা এটা সময়ৰ পিছত চাকৰি বাদ দি নিজৰ কাম আৰম্ভ কৰিব পাৰে৷ তেতিয়া আপুনি যদি পৰিয়াল আছে বুলি এনে কৰিব নোৱাৰো বুলি ভাবে, সেয়া জানো আপোনাৰ নিজৰ এক সিদ্ধান্তই নহয় জানো? মাত্ৰ আপুনি পৰিয়াল থকা বাবে বা আন কিবা এটা অসুবিধাৰ বাবে এতিয়া আৰম্ভ কৰিব নোৱাৰো বুলি ভাবি লৈছে৷ সেই সিদ্ধান্তটো অনুসৰি আপোনাৰ জীৱনটো বেলেগ হ’ব৷
ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো একেটাই কথা৷ তোমাৰ যদি সঁচাকৈয়ে পঢ়িবলৈ মন আছে কাৰণ কিবা এটা বিশেষ ক্ষেত্ৰত তোমাৰ কেৰিয়াৰ গঢ়িবলৈ মন আছে যত কষ্ট কৰি নপঢ়িলে তুমি ভাল ইন্সষ্টিটিউট এটাত চিট নোপোৱা৷ তুমি কথাটো বুজি পোৱা৷ আৰু সেইবাবে তুমি নিজে কষ্ট কৰি পঢ়িবা সেই ফলাফলটোৰ বাবে৷ কিন্তু তুমি যদি মবাইল ফোনটোৰ বাবে, ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম বা টিকটকৰ বাবে নপঢ়া তেন্তে তাৰ ফলাফল তুমি যি হ’ব সেয়াও নিজে দেখা পাবা৷ যদিও তুমি ক’ব পাৰা যে পঢ়িব নোৱাৰো; আচলতে পঢ়িব নোৱাৰা নে সিমান কষ্ট কৰি নপঢ়া, পঢ়িবলৈ তোমাৰ মন নাই? তুমি যিমান কষ্ট কৰিব পাৰিম বুলি ভাবা দৰাচলতে সেয়া তুমি কৰিব পৰা কষ্টৰ মাত্ৰ ৪০% মানহে৷ আৰু ৬০% মান কৰিব পৰা কষ্ট তুমি নকৰাকৈ থকা৷ তাৰমানে তুমি কষ্ট কৰিম বুলি ভাবিলে তুমি আৰু বহু বেছি কষ্ট কৰিব পাৰা৷ অকল পঢ়াৰ ক্ষেত্ৰতে নহয়, জীৱনৰ আন সকলো ক্ষেত্ৰতে, আনকি তোমাৰ লগতে ডাঙৰ মানুহৰ ক্ষেত্ৰতো একেটা কথাই খাটে৷
আপুনি যিহেতু কিবা এটা কাৰণত একো কাম কৰা নাই, হাত সাৱটি বহি আছে, ফলত পৰিবেশে যেনেদৰে জীৱনটো চলাই নিছে আপোনাৰ জীৱনটো তেনেকুৱাই হৈ পৰিছে৷ কিন্তু সেয়াও হৈছে আপুনি একো নকৰাৰ সিদ্ধান্ত বা “মই কৰিব নোৱাৰিম” বুলি সিদ্ধান্ত এটা লোৱাৰ বাবে৷
কিন্তু এটা কথা মন কৰিবচোন-
বর্তমানৰ জীৱনটো যদি আপুনি সৃষ্টি কৰিছে আৰু যদি ইয়াক আপুনি ভাল নাপায়, তেনেহ’লে তাক আপুনিয়ে সলাব পাৰিব৷ আপুনি যদি বর্তমানৰ জীৱনটো সৃষ্টি কৰিছিল, তেন্তে নতুন ভাল, সুন্দৰ জীৱন এটাৰো সৃষ্টি আপুনিয়ে কৰিব পাৰিব….. নহয় জানো?