Move on – always look forward
কেতিয়াবা কেতিয়াবা আমাৰ জীৱনলৈ কিছুমান ডাঙৰ সমস্যা আহে৷ সেইবোৰ আনৰ বাবে ডাঙৰ হয় নে নহয় সেয়া বেলেগ কথা কিন্তু আমাৰ বাবে সেইবোৰ ডাঙৰ৷ এনে সমস্যা আহি পৰিলে আমাৰ এনে লাগে যেন পৃথিৱীখন একেঠাইতে ৰৈ গ’ল৷ কিন্তু দৰাচলতে পৃথিৱীখন ৰৈ গ’ল নে?
কাৰোবাৰ কাৰণে তেনে সমস্যা এটা চাকৰি যোৱাটো হ’ব পাৰে৷ কোনোবাই মনত খুব আঘাত পালে তেনে হ’ব পাৰে৷ কাৰোবাৰ ব্ৰেক আপ হ’ল, তাৰবাবেও তেনে লাগিব পাৰে৷ আপোনাৰ জীৱনৰ খুব গুৰুত্বপূর্ণ কোনোবা ঢুকালেও তেনে হ’ব পাৰে৷ আন কাৰোবাৰ আন কিবা সমস্যা হ’লে তেনে লাগিব পাৰে৷ সম্ভৱত প্ৰেম আৰু সম্পর্ক এটা ভাগি গ’লে মানুহে এনে অনুভৱ বেছিকৈ কৰে৷ গ
কিন্তু জীৱনটো জানো ৰৈ যায়? আপুনি বিচাৰক বা নিবিচাৰক জীৱনটো চলি গৈ থাকিব৷
আপুনি এটা কথা ভালদৰে মন কৰকচোন৷ সমস্যাটোৱে আমাৰ গতি ৰুদ্ধ কৰিছে নে আমি সমস্যাটোৰ বিষয়ে কি ভাবো সেই কথাটোৱে গতি ৰুদ্ধ কৰিছে? আপুনি মনত কি ভাবে সেই কথাটোৱেহে আপোনাৰ গতি ৰূদ্ধ কৰিছে, সমস্যাটোৱে নহয়৷
জীৱনত যিয়েই নহওক কিয়, ৰৈ নাযাব৷ ৰৈ গ’লে, ভবিষ্যতে আৰু বর্তমানত আপোনাৰ বাবে যি ভাল সময়, ভাল কথা আছে, সেইবোৰ এনেয়ে যাব, নষ্ট হৈ যাব৷ আপোনাৰ হাতত এই সময়টোহে আছে৷
আগলৈ খোজ লওক৷ আপুনি ভবিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰে, লক্ষ্য ঠিক কৰিব পাৰে৷ আৰু সেইবোৰ ঠিক কৰি লৈ উঠি আকৌ নিজৰ কাম আৰম্ভ কৰিব পাৰে৷ এয়া সম্ভৱ হ’ব যদিহে আপোনাৰ কৰিবলগীয়া কামবোৰ কৰাৰ কিবা এটা কাৰণ আছে, জীৱনত কিবা উদ্দেশ্য আছে বা কিবা অর্থ আছে৷ এনে কথাবোৰ আপোনাতকৈ ডাঙৰ আৰু এইবোৰে তেনে ধৰণৰ ডাঙৰ সমস্যা এটা আহিলেও তাক অতিক্ৰম কৰিবলৈ আপোনাক সহায় কৰিব৷
আপুনি যেতিয়া গতি ল’ব, সন্মুখলৈ আগবাঢ়িব, তেতিয়া কিমান স্পিডত গৈছে সেয়া ডাঙৰ কথা নহয়৷ কোনোবাই খুব স্পিডত যাব পাৰে, আপুনি হয়তো লাহে লাহে গৈছে৷ একো কথা নাই৷ ৰৈ থকাতকৈ গৈতো আছে৷ আপুনি কিমান সফলতা পালে সেয়াও ডাঙৰ কথা নহয়. আপুনি কিমান টকা-পইচা কৰিছে, কিমান সম্পত্তি গোটাইছে সেয়াও ডাঙৰ কথা নহয়৷ ইয়াত ডাঙৰ কথাটো হ’ল আপুনি সন্মুখলৈ গৈ আছে, গতি কৰি আছে, ৰৈ থকা নাই৷
কিবা কথাই যদি আপোনাক আগবাঢ়িব নিদিয়াকৈ জপটিয়াই ধৰি আছে, সেইবোৰ বাদ দিয়াটোৱে সম্ভৱত আপোনাৰ বাবে বেছি ভাল হ’ব৷ কিছুমান কথা ধৰি থকাতকৈ সেইবোৰ এৰি দিয়াটোৱে আমাৰ বাবে বেছি ভাল৷ কেতিয়াবা কিয় এৰি দিব লাগে সেই কথা আমি আজি বুজি নাপাব পাৰোঁ, কিন্তু সেয়া হয়তো আমাৰ ভবিষ্যত আৰু বর্তমান দুয়োটাৰ বাবেই ভাল৷
আপুনি যদি কিবা এটা ভুল কৰিছিল আৰু এটা সমস্যাৰ ৰূপত তাৰ মূল্য দিব লগীয়া হৈছে, তেতিয়াও আপুনি আগবাঢ়িব লাগিব৷ সেই ভুলটোৰ দ্বায়িত্ব লওক, আৰু সেই সমস্যাটোৰ সমাধানৰ বাবে যি কৰিব পাৰি সেয়া কৰক আৰু তাক এৰি দিয়ক৷
আপুনি কথা এটা এৰি নিদিয়ালৈকে, নিজকে ক্ষমা কৰি নিদিয়ালৈকে, পৰিস্থিতিটোক ক্ষমা নকৰালৈকে আপুনি অগবাঢ়িব নোৱাৰিব৷ আপুনি যেতিয়ালৈকে বুজি নাপায় যে সেই পৰিস্থিতিটো ইতিমধ্যে পাৰ হৈ গ’ল, মাত্ৰ আপুনিহে এঠাইত ৰৈ আছে, তেতিয়ালৈকে আপুনি কেনেদৰে আগবাঢ়িব?
আপুনি যদি ঘটি যোৱা ঘটনা এটা, পৰিস্থিতি এটাক বাৰে বাৰে অভাৰ এনালাইজ কৰি থাকি ঘন্টাৰ পিছত ঘন্টা কটাব পাৰে; কি হ’ল, কি হ’ব পাৰিলেহেঁতেন, কি হ’ব লাগিছিল ইত্যাদি কথা ভাবি বহি থাকিব পাৰে৷ অথবা আপুনি সেই সকলোবোৰ পিছত এৰি থৈ সন্মুখলৈ খোজ আগবঢ়াব পাৰে৷ কি কৰিব সেই পচন্দটো আপোনাৰ নিজৰ৷
যদি আপোনাৰ কিবা এটা সমস্যা হৈছে, তাৰ সমাধানৰ এটা উপায় বিচাৰক আৰু তাৰবাবে কৰিবলগীয়া যি যি কাম আছে কৰিবলৈ আৰম্ভ কৰক৷ সন্মুখলৈ গতি কৰিবলৈ আৰম্ভ কৰক৷
আগলৈ খোজ লোৱা মানে, আগলৈ গতি কৰা মানে অতীতক একেবাৰে বাদ দি দিয়া নহয়৷ অতীতত যিবোৰ ভাল ভাল স্মৃতি আছে, যিবোৰৰ কথা ভাবিলে আপোনাৰ মুখত হাঁহি ফুটি উঠে সেইবোৰ লগত লৈ লওক৷ গোটেই যাত্ৰাটো আকর্ষণীয় হৈ পৰিব৷