জোচেফ ব্ৰডস্কি য়ে বিপর্যয় আৰু নিন্দুকৰ লগত মোকাবিলা কৰাৰ বিষয়ে এটা কার্যকৰী উপদেশ দিছে৷ তেওঁ কোৱা কথাখিনি শুনাৰ আগতে জোচেফ ব্ৰডস্কি নো কোন সেয়া জানি লও আহক৷
১৯৬২ চনৰ কথা জোচেফ নামৰ ডেকা এজনে মেৰিনা নামৰ এগৰাকী ছোৱালীক লগ পালে৷ জোচেফে কবিতা লিখে, মেৰিনাই ছবি আকে৷ দুয়ো প্ৰেমত পৰিল আৰু একেলগে জীৱন কটাবলৈ আৰম্ভ কৰিলে৷ জীৱনটো সুখৰ আছিল৷ এটা সন্তানো তেওঁলোকৰ মাজলৈ আহিল৷
হঠাত ১৯৭২ চনৰ এদিন চভিয়েট ৰাচিয়াৰ বিষয়া কিছুমান আহিল আৰু জোচেফক গ্ৰেপ্তাৰ কৰিলে, এপার্টমেন্টটো তছনছ কৰিলে, তেওঁক প্লেন এখনত ভিয়ানালৈ পঠিয়াই দিলে আৰু জনালে যে তেওঁক ৰাচিয়াৰ পৰা নির্বাসিত কৰা হৈছে৷ তেওঁ অৰু কেতিয়াও মেৰিনাক দেখা নাপালে৷
এয়া আছিল জোচেফ ব্ৰডস্কি৷ কবি হিচাপে বিশ্ববিখ্যাত, যিয়ে ১৯৮৭ চনত সাহিত্যৰ নবেল বটা লাভ কৰিছিল৷ চভিয়েট ৰাচিয়াৰ চৰকাৰক বাদ দি আন সকলোৱে তেওঁৰ কবিতাক আদৰি লৈছিল৷ তেওঁক “এন্টি-চভিয়েট” আখ্যা দিয়া হৈছিল, তেওঁ চাকৰি হেৰুৱাইছিল আৰু দেশৰ পৰা নির্বাসিত হৈছিল৷
এতিয়া চাও আহক জোচেফ ব্ৰডস্কিয়ে কি কৈছিল-
যিসকলে আপোনাৰ জীৱনটো দুখলগা কৰি তুলিব খোজে তেওঁলোকৰ প্ৰতি মনোযোগ নিদিব৷ তেনে মানুহ আপুনি বহুত পাব– অফিচিয়েল আৰু নিজে নিজে হোৱা বা পাবত গজা৷ তেওঁলোকৰ পৰা যদি পলাব নোৱাৰে, তেতিয়া তেওঁলোকক সহ্য কৰক, কিন্তু এবাৰ তেওঁলোকৰ পৰা আতৰি আহিব পাৰিলে তেওঁলোকৰ প্ৰতি একেবাৰে মনোযোগ নিদিব৷ আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ হাতত আপুনি লাভ কৰা অন্যায় ব্যৱহাৰৰ কথা নোকোৱাকৈ থাকিবলৈ চেষ্টা কৰিব, আপোনাৰ দর্শকে যিমানে শুনিবলৈ নিবিচাৰক কিয়, সেই বিষয়ে নক’ব৷ এনে ধৰণৰ কাহিনীবোৰে আপোনাৰ বিপক্ষৰ জীৱনটো মিছাকৈয়ে দীঘলীয়া কৰে, তেওঁলোকে সম্ভৱত আপুনি নিজৰ কাহিনীটো আনৰ আগত কোৱাটোৱেই বিচাৰে৷ অন্যায় কৰাত অকল এজন এনে ব্যক্তিৰ কোনো মূল্য নাই৷ দৰাচলতে এজনে আনজনৰ লগত কৰা অন্যায়তকৈ তাৰ প্ৰতিধ্বনিটোহে আচল কথা৷ যিকোনো দমনকাৰীৰ, সেয়া লাগিলে চৰকাৰী বা স্বয়ম্ভূ হওক, সেয়া হ’ল প্ৰধান নীতি৷ সেইবাবে সেই প্ৰতিধ্বনিটোক নীৰৱ কৰি দিয়ক বা চুৰি কৰক যাতে সেই ঘটনাটোক, ই যিমানে দুখলগা বা গুৰুত্বপূর্ণ নহওক কিয়, আপুনি ই ঘটিবলৈ লগা সময়তকৈ আৰু এখন্তেকো বেছি সময় নিদিয়ে৷
আপোনাৰ শত্ৰুৱে কৰা কামটোৱে নিজৰ গুৰুত্ব বা প্ৰভাৱ লাভ কৰে আপুনি কৰা প্ৰতিক্ৰিয়াৰ পৰা৷ সেইবাবে এনে ঘটনাবোৰৰ মাজেৰে এনেদৰে ফটাফট পাৰ হৈ যাওক, যেন সেইবোৰ ট্ৰেফিক লাইটৰ ৰঙা লাইট নহয়, হালধীয়া লাইটহে৷ মানসিকভাৱে বা কথাৰ দ্বাৰা সেইবোৰত বেছি সময় নকটাব, সেইবোৰ ক্ষমা কৰি দিয়া বা পাহৰি যোৱা বুলি গর্ব নকৰিব—যদি আটাইতকৈ বেয়া ঘটনাটো ঘটে, তেতিয়াও পাহৰি যোৱা কামটো আগতে কৰিব৷ এনেদৰে আপুনি নিজৰ মগজুৰ কোষবোৰক অযথা উত্তেজিত হোৱাৰ পৰা বচাব পাৰিব৷ এনেদৰে আপুনি সম্ভৱ আনকি সেই মুর্খ, ঠেক মগজুৰ মানুহবোৰকো নিজৰ পৰা বচাব পাৰিব, কাৰণ পাহৰি যোৱাৰ প্ৰত্যাশা ক্ষমা কৰাৰ প্ৰত্যাশাতকৈ চুটি৷ গতিকে চেনেলটো সলাওক- আপুনি সম্ভৱত গোটেই নেটৱর্কটোক নোহোৱা কৰিব নোৱাৰে, কিন্তু তাৰ ৰেটিং নিশ্চয় কমাব পাৰিব৷ এই উপায়টোৱে দেৱদূতসকলক নিশ্চয় সন্তুষ্ট কৰিব নোৱাৰিব, কিন্তু ই অসুৰবোৰক নিশ্চয় আঘাত কৰিব, আৰু এই মুহূর্তত সেয়াই প্ৰয়োজনীয়৷
জোচেফ ব্ৰডস্কি, অন গ্ৰিফ এণ্ড ৰিজনচ: এচেজ Joseph Brodsky, On Grief and Reason: Essays
আমি যিমানে নিগেটিভ কথা এটাৰ বিষয়ে কথা পাতো সিমানে ই বাঢ়ি গৈ থাকে৷ আপুনি কি কৈছে সেয়া জৰুৰী নহয়, ইয়াৰ বিষয়ে আলোচনা কৰা কথাটোৱেই ইয়াক প্ৰসাৰ ঘটাই গৈ থাকে৷ আৰু সেয়ে আপোনাৰ লগত ঘটা এনে নিগেটিভ ঘটনা এটাক ই ঘটিবলৈ লগা সময়তকৈ বেছি সময় নিদিয়াৰ উপায় হ’ল ইয়াৰ বিষয়ে কথা নপতা৷
আপোনাৰ লগত ঘটা অন্যায় ঘটনাটো যিমানে আপুনি মনত কৰিব, আনৰ আগত ক’ব সিমানে সি দীঘলীয়া জীৱন এটা পাব, সিমানে তাৰ আৰু তাক কৰা মানুহজনৰ আয়ুস বাঢ়ি যাব৷ আৰু যিয়ে আপোনাৰ প্ৰতি অন্যায় কৰিছে তেওঁ তাকে বিচাৰে৷ কিন্তু আপুনি সেয়া নকৰি যদি কথাটো একেবাৰেই পাহৰি যায়, কাৰো আগত নকয়, নিজেও মনত কৰি নাথাকে, সেয়াই সেই অন্যায়কাৰীৰ বাবে কঠিন শাস্তি৷