Close

বিপৰ্যয়ক আপোনাক বাধা দিবলৈ নিদিব

জীৱনত বিভিন্ন ধৰণৰ বিপৰ্যয় সংঘটিত হ’ব পাৰে। আপুনি কোনোবা এটা প্ৰজেক্টত কাম কৰি আাছিল  কিন্তু তাৰ ফলাফল আপুনি বিচৰা ধৰণে নহ’ল।আপুনি বহুদিনৰ পৰা চিগাৰেট এৰাৰ চেষ্টা কৰি আছিল আৰু বহুদিন নোখোৱাকৈও আছিল, কিন্তু হঠাতে এদিন ষ্ট্ৰেছ ইমান বেছি হ’ল যে আপুনি চিগাৰেট এটা খাই তাক দূৰ কৰাৰ চেষ্টা কৰিলে। আপোনাৰ চাকৰিৰ ইন্টাৰভিউটো খুব ভাল হৈছিল, কিন্তু চাকৰিটো আপুনি নাপালে। এনে সৰু-ডাঙৰ বিপৰ্যয় আপোনাৰ জীৱনত থাকিবই। কিন্তু তেনে বিপৰ্যয়ক আপুনি বিচৰা বস্তুটো পোৱাত বাধা দিবলৈ নিদিব।

বিপৰ্যয়ক আপোনাক বাধা দিবলৈ নিদিয়াকৈ ৰখাৰ বহুকেইটা উপায় আছে-

বিপৰ্যয় সংঘটিত হোৱাৰ সম্ভাৱনা

বিপৰ্যয় সকলো মানুহৰে ক্ষেত্ৰতে সংঘটিত হয়। গতিকে আপোনাৰ ক্ষেত্ৰতো ই সংঘটিত হোৱাতো নিতান্তই স্বাভাৱিক কথা। যেতিয়াই আপুনি কিবা এটা ডাঙৰ আৰু ভাল কৰিবলৈ চেষ্টা কৰিব তেতিয়াই তেনে কিছু সমস্যাই দেখা দিবই।আপুনি যেতিয়াই কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰিব, কিবা সলনি কৰাৰ চেষ্টা কৰিব, নতুন ভাল অভ্যাস এটা কৰাৰ চেষ্টা কৰিব বা বেয়া অভ্যাস এটা নোহোৱা কৰাৰ চেষ্টা কৰিব, তেতিয়াই কিবা এটা বিপৰ্যয়ে দেখা দিব। তাৰ বাবে সাজু হৈ থাকিব। তাক লৈ খুব এটা চিন্তা নকৰিব।

নিজকে অলপ ভাল পাওঁক

তেনে কোনো সমস্যাই দেখা দিলে আপুনি নিজৰ প্ৰতি অলপ যত্ন লওঁক আৰু নিজৰ প্ৰতি অলপ ভালপোৱা দেখুওৱাক। আপুনি জনা উচিত যে আপুনি যদি কৰিবলৈ দিয়ে তেন্তে বিপৰ্যয়ে আপোনাক যি কৰিব খুজিছে তাত বাধা দিব। তেনে সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ আপোনাক নিজৰ সহায় আৰু সমৰ্থন লাগিব। আপুনি ইতিমধ্যে প্ৰজেক্ট বা কামটোত যি অগ্ৰগতি লাভ কৰিছে তাৰ বাবে আপুনি নিজকে কিবা এটা পুৰষ্কাৰ দিয়া উচিত, যিটো কৰিলে আপোনাৰ উৎসাহ বাঢ়িব।

সহায় বিচাৰক

নিজকে ভাল পালেও যদি আপোনাৰ বাবে সমস্যাটোৰ পৰা উদ্ধাৰ পোৱাটো সম্ভৱ নহয়, তেন্তে আপুনি আন কাৰোবাৰ সহায় লাগিব। আপোনাৰ পৰিবাৰ বা স্বামী, পুত্ৰ-কন্যা, বন্ধু-বান্ধব ইত্যাদিয়ে আপোনাক সহায় কৰিব পাৰে। আনে আপোনাক সহায় কৰিব পাৰিব যদিহে তেওঁলোকে জানে আপুনি কি কৰি আছে আৰু আপুনি কামটো কৰিবলৈ কিমান চেষ্টা কৰি আছে।

আৰু প্ৰেকটিছ কৰক

আপুনি যদি নতুন এটা অভ্যাস গঢ়িবলৈ চেষ্টা কৰিছে বা বেয়া অভ্যাস এটা বাদ দিবলৈ চেষ্টা কৰিছে, তেন্তে আপোনি আৰু বেছি প্ৰেকটিছ কৰিব লাগিব। যেতিয়া কিবা এটা বিপৰ্যয়ে দেখা দিয়ে, তেতিয়া এনে লাগে যেন কামটো খুব টান আৰু তাক কৰি একো লাভ নাই। প্ৰেকটিছ কৰি থাকিলে কামটো কিন্তু নিজে নিজেই সহজ হৈ পৰে আৰু কৰিবলৈও ই উজু হৈ পৰে।

বিপৰ্যয় ক্ষন্তেকীয়া কিন্তু আপোনাৰ লক্ষ্যবোৰ নহয়

আপোনাৰ জীৱনত বিভিন্ন বিপৰ্যয় সংঘটিত হ’ব পাৰে, কিন্তু এইবোৰ ক্ষন্তেকীয়া। আনহাতে আপোনাৰ যিবোৰ লক্ষ্য আছে, সেইবোৰ কিন্তু ক্ষন্তেকীয়া নহয় আৰু আপুনি এই লক্ষ্যবোৰ লাভ কৰিবই লাগিব। যিহেতু বিপৰ্যয়বোৰ ক্ষন্তেকীয়া গতিকে এইবৰে আপোনাক আপোনাৰ লক্ষ্য লাভৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। আপোনাৰ নিজৰ শক্তিৰ দ্বাৰা আপুনি এনে সমস্যাবোৰ আঁতৰাই নিজৰ ঈপ্সিত লক্ষ্য লাভ কৰিব পাৰিব।

আকৌ আৰম্ভ কৰক

আকৌ আৰম্ভ কৰক। যদিও এইটো সহজ কথা নহয়, তথাপি আপুনি পাৰিব, কাৰণ আপুনিও যিকোনো এজন সাধাৰণ মানুহ নহয়। সফল আৰু সুখী হ’বলৈ হ’লে আন মানুহতকৈ আপুনি বেলেগ হ’বই লাগিব। আৰু তেনে বেলেগ মানুহ এজনে আনে নোৱাৰিলেও আকৌ আৰম্ভ কৰিব পাৰিব। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ’বলৈ ইচ্ছা কৰে, তেন্তে আপুনি আকৌ আৰম্ভ কৰিব পাৰিব লাগিব। আপুনি যদি আকৌ আৰম্ভ কৰিব পাৰে, পিছৰ বাৰৰ যাত্ৰাটো আগৰ দৰে কঠিন নহ’ব।

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top