কোনোবাই আপুনি সৰু থাকোতে কৈছিল “তোমাৰ কাম নাই” বা “তই মুর্খ” বা “তোমাৰ দ্বাৰা একো নহ’ব” আৰু আজি ২০ বা ৩০ বছৰে আপুনি তাকে কঢ়িয়াই লৈ ফুৰিছে নেকি? এয়া কোনো কল্পনা কৰা কথা নহয়৷ বহুতে ২০, ৩০, ৪০ বছৰ এনে নানা কথা কঢ়িয়াই লৈ ফুৰে৷
কোনোবাই আাপোনাক ঠগিছিল, বিশ্বাসঘাটকতা কৰিছিল আৰু সেই কথাটোকে আপুনি মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছে নেকি? মা বা দেউতাই কিবা এটা কৈছিল বা কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিছিল আৰু সেই কথাতো আপুনি মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছে৷
কঢ়িয়াই লৈ ফুৰাটো বেয়া নহ’লহেঁতেন যদিহে সেই কথাবোৰে তেওঁক নিগেটিভ ধৰণে প্ৰভাৱিত নকৰিলেহেঁতেন আৰু জীৱনটো নষ্ট নকৰিলেহেঁতেন৷ এই কথাবোৰৰ বাবে আপুনি যদি মৰি মৰি জীয়াই আছে, তেনেহ’লে সেয়া জানো আপোনাৰ বাবে কিবা ভাল কথা হ’ব? এই কথাবোৰৰ বোজাই যদি আপোনাক খোজ মন্থৰ কৰি পেলাইছে, তেন্তে সেয়া জানো আপোনাৰ বাবে ভাল হ’ব?
আপুনি যদি কবি বা সাহিত্যিক আৰু সেই দুখ, যন্ত্ৰণা, কাকো ক’ব নোৱাৰা কথাবোৰ কবিতা, সাহিত্য ৰচনা কৰা কামত ব্যৱহাৰ কৰিছে তেতিয়া বেলেগ কথা, তেতিয়া আপুনি কিবা এটা উংপাদন কৰি আছে, সেয়া ঠিকে আছে৷ কিন্তু তেনে কথাবোৰৰ বাবে যদি আপুনি হাঁহি মাৰিব পৰা নাই, আপুনি কৰিব বিচৰা কামবোৰ কৰিব পৰা নাই, জীৱনটো প্ৰতিটো দিনেই সুখ-শান্তিৰে জীয়াই থকাৰ সলনি অশান্তি, কষ্টেৰে জীয়াই আছে, তেন্তে তেনে কঢ়িয়াই লৈ ফুৰা কথাবোৰ, বস্তুবোৰ জানো আপোনাৰ বাবে ভাল?
কেনেদৰে তাৰ পৰা হাত সাৰিব?
আপুনি কথাটো বুজি পালে গম পালেহেঁতেন যে এই ভীষণ বোজাটো কান্ধৰ পৰা পেলাই দিয়াটো সহজ৷
আপোনাক কোনোবাই কিবা বুলি ক’লে- মুর্খ, গাধ, চৰিত্ৰহীন, অপদার্থ, নিস্কর্মা, ঠগ, বা আন কিবা বুলি কৈছিল৷ আপুনি বুজি পাইছেনে যে সেয়া কাৰোবাৰ অপিনিয়ন হে মাত্ৰ৷ তাতে এজন বা দুজনমান মানুহৰ অপিনিয়ন বা মতামত হে মাত্ৰ৷ ই সঁচা নহ’বও পাৰে ৷ আৰু যিসকলে আপোনাক তেনেদৰে কৈছিল তেওঁলোকে নিজে নো কি? তেওঁলোক সেই ফির্ল্ড এক্সপার্ট নেকি?
আৰু চাওক সেয়া ইমানদিন আগতে কৈছিল, কিন্তু ইমান পুৰণি অতীতৰ কথা এটা আপুনি আজিও চলাই ৰাখিছে৷ অতীতৰ সেই সময়ৰ পৰা ইমানবোৰ কথা সলনি হ’ল, আপুনিও সলনি হৈছে, তেনেহ’লে আগৰ কথাটো আজিও সঁচানে, আজিও তাৰ একেই মূল্য আছেনে?
তাতোকৈ ডাঙৰ কথাটো হ’ল আপুনি যে মনৰ মাজত কোনোবা এজনৰ ব্যৱহাৰৰ বাবে ইমানবোৰ দুখ-যন্ত্ৰণা কঢ়িয়াই লৈ ফুৰিছে সি কিন্তু তেওঁক কোনো ধৰণে প্ৰভাৱিত কৰা নাই৷ ই প্ৰভাৱিত কৰিছে আপোনাক৷
যদি পৰিয়ালৰ প্ৰতি তেনেদৰে মনত কিবা কঢ়িয়াই লৈ ফুৰিছে তেন্তে সি আপোনাৰ লগতে পৰিয়ালকো প্ৰভাৱিত কৰিছে, আপোনাৰ সুখ-শান্তি নোহোৱা কৰাৰ লগতে পৰিয়ালৰ আনৰো সুখ শান্তি নোহোৱা কৰিছে৷
আজি আপুনি কি বুলি ভাবে? এটা কথা মন কৰিব সেই কথাটো আপোনাৰ বিশ্বাসৰ এটা অংশ হৈ পৰিছে নেকি? সম্ভৱত হৈ পৰিছে আৰু সেয়ে সি আপোনাক ইমান দিগদাৰি কৰি থাকে, সেয়ে সি বাৰে বাৰে মনলৈ আহি থাকে৷ তেতিয়া কিন্তু আপুনি সাৱধান হ’ব লাগিব, কথাটো মন কৰিব লাগিব আৰু তাক গুচাবলৈ চেষ্টা আৰম্ভ কৰিব লাগিব৷