Close

চাকৰি এটাৰ বাবে কেনেদৰে সাজু হ’বা

Get ready for a job

  • Cover letter
  • Powerpoint
  • GD
  • Interview

তুমি যদি ডিগ্ৰীৰ বা মাষ্টাৰ ডিগ্ৰীৰ ফাইনেল ইয়াৰ বা চেমিষ্টাৰত তেতিয়া সম্ভৱত তুমি চাকৰি বিচৰাৰ, চাকৰি এটা লাভ কৰিবলৈ চেষ্টা কৰাৰ সময় সমাগত৷ কিন্তু চাকৰি এটা বিচাৰিলেই তুমি পাবানে? চাকৰি এটা পাবলৈ সহজ হ’ব যদিহে তুমি তাৰবাবে সাজু হৈ থকা৷

ভাল কোম্পানী এটাত চাকৰি পাবলৈ হ’লে তুমি তাৰবাবে সাজু হ’ব লাগিব৷ আৰু সাজু ওভা মানে তুমি পাঁচটা ক্ষেত্ৰত সাজু হ’ব লাগিব? কি কি ক্ষেত্ৰত?

. কভাৰ লেটাৰ

. চিভি

. পাৱাৰপইন্ট প্ৰেজেন্টেচন

. গ্ৰুপ ডিচকাচন

. পার্চনেল ইনন্টাৰভিউ

কিয়?

যিকোনো ভাল চাকৰিতে তুমি এই কেইটা ষ্টেপ পাৰ কৰিব লাগিব৷ কিছুমান কোম্পানীত আন কিছুমান ষ্টেপো থাকিব পাৰে যেনে টেকনিকেল টেষ্ট আদি৷ কিন্তু সাধাৰণতে ভাল, ডাঙৰ, বেছি দৰমহা দিয়া কোম্পানী এটাত এই কেইটা ষ্টেপ আজিকালি থাকেই৷ সেয়ে তুমিও তাৰবাবে সাজু হৈ থাকিব লাগিব৷

এতিয়া এই কেইটা ষ্টেপ এটা এটাকৈ চাও আহা যাতে তুমি এইবোৰ কি গম পোৱা আৰু সেইবোৰৰ বাবে সাজু হ’বলৈ আৰম্ভ কৰিব পৰা৷

Cover letter

তোমাৰ কভাৰ লেটাৰখন হ’ল তোমাৰ চিভিখন পঢ়ি চাবলৈ HR ৰ বাধ্য কৰাৰ এটা উপায়, এটা সঁজুলি৷ কভাৰ লেটাৰখনে তোমাৰ চিভিখনক চিনাকি কৰাই দিয়ে বা ইন্ট্ৰ’দিউজ কৰে৷ এইখন বহুত দীঘল হ’ব নালাগে৷ বহু ল’ৰা-ছোৱালীয়ে কভাৰ লেটাৰ এখন নোহোৱাকৈ নিজৰ চিভিখন পঠিয়াই দিয়ে৷ তেন কৰিলে তোমাক ইন্টাৰভিউলৈ নমতাৰ সম্ভাৱনা বেছি৷ কাৰণ তুমি যদি কেৱর তোমাৰ চিভিখন মোলৈ পঠিয়াই দিয়া তেতিয়া মই কেনেদৰে গম পাম কোনটো পোষ্টৰ বাবে, কোনটো চাকৰিৰ বাবে তুমি সেই চিভিখন পঠিয়াইছা? যদি মই HR, মোৰ ইমান সময় আছেনে যে মই তোমাৰ চিভিখন কোনটো চাকৰিৰ বাবে ঠিক হ’ব সেয়া বাচি তোমাৰ চিভিখন সঠিক ঠাইত থম? নাই৷ গতিকে মই কি কৰিম…… তোমাৰ চিভিখন লাহেকৈ ডাষ্টবিনত পেলাই দিম৷

সেইবাবে কভাৰ লেটাৰখন তোমাক লাগে৷

CV

তোমাৰ চিভিখন হ’ল HR ক তোমাক চাকৰিৰ বাকী কেইটা পর্যায়লৈ মাতিবলৈ বাধ্য কৰাৰ এটা উপায় বা এটা সঁজুলি৷ তোমাৰ চিভিখন এনেকুৱা হ’ব লাগিব যাতে প্ৰথমতে সেইখনত চকু ফুৰাই চাবলৈ HR ৰ মন যায় আৰু দ্বিতীয়তে তোমাক সেই চাকৰিটোৰ বাকী কেইটা পর্যায় অর্থাৎ গ্ৰুপ ডিচকাচন, পাভাৰপইন্ট প্ৰেজন্টেচন আৰু পার্চনেল ইন্টাৰভিউলৈ মাতিবলৈ তেওঁলোক বাধ্য হৈ পৰে৷

তোমাৰ চিভিখনত তুমি গুৰুত্ব এইবাবেই দিব লাগিব কাৰণ এজন HR এ এখন চিভিত চকু ফুৰায় মাত্ৰ ৩-৫ চেকেণ্ডৰ বাবেহে৷ দিনটোত তেনে চিভি হয়তো তেওঁলোকে ১০০ ৰ পৰা ৩০০ মানলৈ পায়৷ গতিকে তুমি মাত্ৰ সেই ৩ৰ পৰা ৫ চেকেণ্ডৰ ভিতৰতে মানুহ এজনক ইমপ্ৰেচ কৰিব পাৰিব লাগিব তোমাৰ চিভিখনেৰে৷ তেতিয়াহে তোমাক চাকৰিটোৰ বাবে ইন্তাৰভিউলৈ তেওঁলোকে মাতিব, নহ’লে নামাতে, তোমাৰ চিভিখন ডাষ্টবিনত পেলাই দিব৷

চিভি এখন লিখাৰ আৰু ডিজাইন কৰাৰ কিছুমান নিয়ম আছে৷ তুমি এই নিয়মবোৰ জানিব লাগিব, শিকিব লাগিব আৰু সেইমতে তোমাৰ চিভি এখন বনাই ল’ব লাগিব৷ বেলেগ বেলেগ লেভেলৰ চাকৰিৰ বাবে বেলেগ বেলেগ চিভি ফর্মেট থাকে৷

আৰু এটা কথা সকলো চাকৰিলৈকে তুমি একেখন চিভিকে পঠিয়াব নোৱাৰা৷ চাকৰিটো কিহৰ সেয়া চাই চাকৰিটোৰ বাবে চিভিখন কাষ্টমাইজ কৰিব লাগিব, তেতিয়াহে তুমি ইন্টাৰভিউ কল পোৱাৰ সম্ভাৱনা বেছি৷

Powerpoint প্ৰেজেন্টেচন

পাৱাৰপইণ্ট প্ৰেজন্টেচন মানে কেৱল পাৱাৰ পইন্টত শ্লাইড কেইখনমান বনাই লৈ গৈ তাৰ পৰা পঢ়ি যোৱাই নহয়৷ পাৱাৰ পইন্ট প্ৰেজেন্টেচন এটাত দুটা কথাত তুমি মন দিব লাগিব– এটা হ’ল তাৰ ডিজাইন আৰু আনটো কেনেদৰে প্ৰেজেন্ট কৰা হৈছে৷
এটা পাভাৰপইন্ট প্ৰেজেন্টেচন সঁচাকৈয়ে প্ৰফেচনেল পাৱাৰপইন্ট প্ৰেজন্টেচন হ’বলৈ হ’লে তাৰ ডিজাইনৰ বিষয়ে কিছুমান কথা জানিব লাগিব৷ যেনে এখন পাৱাৰপইন্ট শ্লাইডত কিমানটা বাক্য থাকিব পাৰে, এইবোৰ কিমান দীঘল হ’ব পাৰে, বুলেট পইন্ট থাকিব পাৰেনে আৰু যদি পাৰে কেইটা থাকিব পাৰে, এটা নে কেইটা পেৰাগ্ৰাফ থাকিব পাৰে, ছবি থাকিব লাগে নে নালাগে ইত্যাদি নানা কথা থাকে৷ তুমি সেইবোৰৰ বিষয়ে শিকি ল’ব পাৰিবা৷

আনহাতে পাৱাৰপইন্ট প্ৰেজন্টেচন এটা প্ৰেজন্ট কৰোতেও তুমি জানিবলগীয়া কিছুমান কথা থাকে৷ যেনে, তুমি কেনেকৈ ঠিয় হ’বা, ক’ত থিয় হ’বা, শ্লাইডখনৰ পৰা পঢ়ি গৈ থাকিবা নে কি, তোমাৰ দর্শকৰ পিনে চাবা নে কোনপিনে চাবা, তুমি যদি আৰম্ভ কৰিছা তেনে তুমি আৰম্ভণিতে কি কৰিব লাগিব ইত্যাদি নানা কথা থাকে৷ এইবোৰ কথা তুমি জানিব লাগিব৷

GD

গ্ৰুপ ডিচকাচন হ’ল এটা গ্ৰুপত তুমি এটা টপিক বা বিষয়ৰ বিষয়ে ডিচকাচন কৰিবা৷ ১০ বা ১২ জনৰ এটা গ্ৰুপ বনাই তাত তোমালোকক এটা বিষয় দিয়া হ’ব আৰু সেয়া ১০-১৫ মিনিটৰ বাবে আলোচনা কৰিবলৈ দিব৷ তুমি কিমান জনা, কিমান নানা ধৰণৰ বিষয়ৰ বিষয়ে জনা সেয়া চোৱাতকৈ ইয়াত চেষ্টা কৰাৰ হয় তোমাৰ কমিউনিকেচন স্কিল কেনেকুৱা৷

তুমি মাত্ৰ এটা কথা মনত ৰাখিব লাগিব যে গ্ৰুপ ডিচকাচনত যদি তুমি বহিছা তুমি কথা ক’বই লাগিব৷ তাত বহি যদি তুমি অলপো কথা ক’ব নোৱাৰা তেন্তে তুমি পৰৱর্তী ষ্টেপলৈ নোযোৱাৰ আৰু চাকৰিটো নোপোৱাৰ সম্ভাৱনাই অধিক৷

কেতিয়াবা তুমি বিষয়টোৰ বিষয়ে একো নাজানিব পৰা, সেয়া ডাঙৰ কথা নহয়, কাৰণ পৃথিৱীৰ সকলো বিষয়ৰ বিষয়ে জনাটো সম্ভৱ নহয়৷ কিন্তু তেতিয়াও তুমি অলপ সময় হলেও তাত কথা ক’বই লাগিব৷ আৰু সেয়া সম্ভৱ৷ তুমি বিষয়টোৰ বিষয়ে একো নাজানিলেও গ্ৰুপ ডিচকাচন এটাত কথা ক’ব পাৰি৷ তাৰবাবে কিছুমান কৌশল আছে৷

Interview

ইন্টাৰভিউ বা পার্চনেল ইন্টাৰভিউ হ’ল তোমাৰ বিষয়ে ভালদৰে জনাৰ বাবে৷ সাধাৰণতে ইন্টাৰভিউত কিছুমান সাধাৰণ প্ৰশ্ন HR সোধে৷ তুমি যদি আগতেই এই প্ৰশ্নবোৰ লৈ তাৰ উত্তৰবোৰ ঠিক কৰি লোৱা তেতিয়াহ’লে তুমি ইন্টাৰভিউত বহি সেইবোৰৰ উত্তৰ বিচাৰি খপজপাই ফুৰিব নালাগে৷ আগতে উত্তৰবোৰ নিজে ঠিক কৰি থলে সেইবোৰ উত্তৰ সম্পূর্ণ আত্মবিশ্বাসেৰে, র্স্মাটনেছেৰে সৈতে দিবলৈ তোমাৰ সুবিধা হ’ব৷ তোমাৰ উত্তৰবোৰো তেওঁলোকে ভালপোৱাৰ সম্ভাৱনা বেছি৷

ইন্টাৰভিউত কেতিয়াও মিছা নামাতিবা কাৰণ এটা মিছা ঢাকিবলৈ তুমি আৰু মিছা কথা ক’ব লাগিব৷ আৰু সেয়া কৰা সম্ভৱ নহয়৷ ঘূৰাই ঘূৰাই প্ৰশ্ন কৰিলে তুমি সঁচা কৈছা নে মিছা কৈছা সেয়া ওলাই পৰিব৷ আৰু HR এ সেই কথাবোৰ জানে, কাৰণ তেওঁলোক ট্ৰেইনড৷

তুমি যেনেকুৱা তেনেকুৱা হৈ থাকিলেই হ’ল কাৰণ নহ’লে যদি ভাও ধৰা যিজন HR ৰ মানুহ থাকিব তেওঁ তোমাৰ ভাও গম পোৱাৰ সম্ভাৱনা থাকিব আৰু তেতিয়া দিগদাৰ হ’ব৷   

তুমি সাজু হ’ব লাগিব কাৰণ বর্তমান কম্পিটিচন বহু বেছি৷ তুমি সাজু নহ’লে আন কোনোবা সাজু হৈ থকা এজনৰ বাবে সেই চাকৰিটো পোৱাটো সহজ হ’ব৷

এই সকলোবোৰ কথা জানিলে তুমি লাহে লাহে সময় লৈ কামবোৰ কৰিব পাৰিবা আৰু শিকিবলগীয়া কথাবোৰ শিকিব পাৰিবা৷ তেতিয়া তোমাৰ পৰৱর্তী চাকৰিটোৰ বাবে ইন্টাৰভিউ কল অহালৈ তুমি সম্পূর্ণৰূপে সাজু হৈ থাকিবা৷ আৰু তেতিয়া তোমাৰ সাফল্যৰ সম্ভাৱনা আগতকৈ বহু বাঢ়ি যাব৷

Prepare and get ready to Get a Job

অসমীয়া অনলাইন কৰ্ছ যিয়ে চাকৰি এটা পাবলৈ তোমাক সহায় কৰিব

https://bikashkalita.teachable.com/p/presenting-yourself

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top