Close

৩০ দিনৰ প্ৰত্যাহ্বান – ১০০ পুশ আপ এমাহৰ বাবে

চেলেঞ্জ – ১০০ পুশ আপ এমাহৰ বাবে

মই ধৰি লৈছো আপুনি খুব বিজি আৰু অপোনাৰ একেবাৰে সময় নাই. আনকি নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈও আপোনাৰ সময় নাই৷ আপুনি যদি চাকৰিৰ বাবে ইফালে সিফালে, ইখন ঠাইৰ পৰা সিখন ঠাইলৈ ঘূৰি ফুৰিব লাগে আৰু সেইবাবে এক্সাচাইজ কৰিবলৈ, জিমলৈ যাবলৈ আপোনাৰ সময় নাই, তেতিয়াহ’লে তেনেহ’লে এই চেলেঞ্জটো আপোনাৰ বাবে৷ আপুনি ল’ৰা হওক, ছোৱালী হওক, পুৰুষ হওক, মহিলা হওক সকলোৱে এই চেলঞ্জটো গ্ৰহণ কৰিব পাৰে৷

এই চেলঞ্জত আপুনি ১০০ টা পুশ আপ মাৰিব প্ৰতিদিনে মাত্ৰ এমাহৰ বাবে৷ এবাৰ আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এয়া কৰিব লাগিব৷

প্ৰতিদিনে ১০০ টা পুশ আপ

এবাৰতে ১০০ টা পুশ আপ মাৰিব নালাগে, প্ৰয়োজন হ’লে মাজতে আপুনি অলপ সময় ৰেষ্ট ল’ব পাৰিব৷ ধৰি লওক প্ৰথমে ২০ টা পুশ আপ মাৰিলে, তাৰ পিছত ১ মিনিট সময় ৰেষ্ট ল’লে তাৰ পিছত আকৌ ২০ টা পুশ আপ মাৰিলে আকৌ ১ মিনিট ৰেষ্ট ল’লে. তেনেদৰে আপুনি গৈ থকিব পাৰিব৷ ইমান সময়ৰ ভিতৰত কৰিবই লাগিব বুলি ধৰা বন্ধা কোনো নিয়ম নাই, মাত্ৰ আপুনি ১০০ টা পুশ আপ মাৰিব লাগে৷ সেইবুলি ২০ তা ৰাতিপুৱা অমৰিলো, বিশ টা দূপৰীয়া মাৰিলো, ৰাতি ২০ টা পুশ আপ মাৰিলো সেয়া কৰিবলৈ কোৱা নাই৷ পাৰিলে ১০ ৰ পৰা ৩০ মিনিট মানৰ ভিতৰত ১০০ টা পুশ আপ মৰাৰ কথাহে কৈছোঁ৷
কিন্তু পুশ আপ কিয়?

পুশ আপ মৰাৰ বা কৰাৰ লাভ কি কি

১. পুশ আপ মাৰিলে ফুল বডী ৱর্কআউট হৈ যায়৷ মানে গোটেই শৰীৰটোৰে এক্সাচাইজ হৈ যায়৷ আপোনাৰ আর্ম, ল’ৱাৰ বডী আৰু এবছ গোটেইবোৰতে ই প্ৰভাৱ পেলায়৷ আপোনাৰ মাংসপেশীবোৰ শক্তিশালী হৈ পৰে৷

২. শৰীৰটোত বেলেঞ্চ আৰু ষ্টেবিলিটি আনে- ই আপোনাৰ ৰিয়েকচন টাইম ভাল কৰে৷ ফলত বেলেঞ্চ আৰু স্পিড বাঢ়ে

৩. মাংসপেশীৰ ঘনত্ব বঢ়ায়- আপোনাৰ মাচলবোৰৰ ডেনচিটি বঢ়ায়৷ বয়সৰ লগে লগে যি মাংসপেশী কমি গৈ থাকে তাক ই নোহোৱা কৰে

৪. শৰীৰৰ ওপৰৰ অংশটো দেখাত ধুনিয়া কৰে৷ চেষ্ট, বেক আৰু চোলডাৰ অংশবোৰ দেখাত ভাল কৰে, টোন কৰি তোলে৷

৫. আপোনাৰ ক’ৰ বা মাজ অংশটো মজবুত কৰে৷ পেট কমাবলৈ সহায় কৰে, পিঠিৰ সমস্যাবোৰ নোহোৱা কৰাৰ লগতে, পেটৰ অংশটো মজবুত কৰি গোটেই শৰীৰটোক চাপর্ট দিয়া কামত ই সহায় কৰে৷

পুশ আপ কৰাটো আপোনাৰ বাবে সহজ৷ ইয়াক কৰোতে কম সময় লাগিব, মাত্ৰ ১০-২০ মিনিট সময়৷ আপুনি যিকোনো ঠাইতে কৰিব পাৰিব৷ কৰবাত হোটেলত আছে, এটা ৰূমত আছে, সকলোতে আপুনি এয়া কৰিব পাৰে৷ পুশ আপ মাৰিবলৈ একো সা-সজুলি নালাগে৷ আপোনাৰ শৰীৰটো আৰু মজিয়াখন হ’লেই হ’ল৷

প্ৰথমতে আপুনি অলপ অসুবিধা পাব পাৰে৷ যদি কেতিয়াও পুশ আপ মৰাই নাই বহুদিন পুশ আপ কৰা নাই, তেনেহ’লে আপুনি অলপ অসুবিধা পাব৷ তেতিয়া এবাৰত এটা চেটত ১০ তাকৈ পুশ আপ মাৰিব, অর্থাৎ ১০ টাকৈ পুশ আপ এটা চেটত, মুঠ ১০টা তেনে পুশ আপ চেট মাৰিব৷

মই বাহিৰলৈ গ’লে যত আন একো কৰাৰ সুবিধা নাই তাত তেনে কৰোঁ৷ অলপতে মই ২৪ দিন একেৰাহে ৮ খন পলিটেকনিকত ক্লাছ কৰিবলৈ অসমৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ৷ তেতিয়া ৰাতিপুভা সোনকালে ক্লাছবোৰ আৰম্ভ হয় আৰু দিনটো চলে গতিকে সময় কম আছিল আৰু আন একো কৰা সুবিধাও নাছিল, গতিকে মই তেনেদৰে ৰাতিপুৱা ২০ টাকৈ পুশ আপ মাৰিছিলোঁ৷ আপুনি ২০০ টা নালাগে ১০০ তা পুশ আপ কৰিলেও হ’ব৷

এয়া আপোনাৰ বাবে চেলেঞ্জ৷ মাত্ৰ এবাৰ আৰম্ভ কৰিলে মাজত এদিনো গেপ নিদিয়াকৈ ৩০ দিন কৰি চাওক৷ তাৰ লাভ দেখিলে আপুনি আৰু এয়া কৰা নেৰে৷ আপুনি ল’ৰা হওক, ছোৱালী হওক, পুৰুষ হওক, মহিলা হওক সকলোৱে এই চেলঞ্জটো গ্ৰহণ কৰিব পাৰে৷

ল’বনে আপুনি এই চেলেঞ্জটো?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top