Close

সহজ পচন্দ, কঠিন জীৱন, কঠিন পচন্দ, সহজ জীৱন

Easy Choices Hard Life, Hard Choices, Eays Life

Jerzy Gregorek

আপোনাৰ পচন্দবোৰ বা চইচবোৰ যদি সহজ, তেন্তে পিছলৈ আপোনাৰ জীৱনটো কঠিন হ’ব৷

আপুনি দিনটোৰ বেছি সময় কটায় মবাইল ফোনটোত৷ ইয়াত ইমানবোৰ আকর্ষণীয় বস্তু আছে৷ ফেচবুক, ইন্টাগ্ৰাম, টিকটক, ইউটিউব যত নানা ধৰণৰ আকর্ষণীয় ডিভিঅ, ফট’ আদি আছে যিবোৰ চাই থাকোতে আপুনি গমেই নাপায় সময়বোৰ কেনি যায়৷ এয়া আপোনাৰ চইচ বা পচন্দ৷ এনেদৰে অপোআনৰ জীৱনটো চলি গৈ আছে৷ কিন্তু যেতিয়া পৰীক্ষাৰ সময় আহিল তেতিয়া আপোনাৰ ভয় লাগিল৷ কাৰণ ইমানদিনে আপোনাৰ কৰিবলগীয়া কামবোৰ কৰা হোৱা নাই, নোটবোৰ লিখা হোৱা নাই, প্ৰেকটিকেলবোৰ লিখা আৰু দেখুওৱা হোৱা নাই, পৰীক্ষাৰ বাবে পঢ়া হোৱা নাই৷ ফলত পৰীক্ষাৰ ফলাফলো আপুনি বিচৰা ধৰণৰ হোৱা নাই৷ তেনেদৰে যেতিয়া আপুনি মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী পাছকৰি চাকৰিৰ বাবে চেষ্টা আৰম্ভ কৰিলে তেতিয়া আপুনি গম পালে যে আন বহুতৰে তুলনাত আপুনি চাকৰি এটাৰ বাবে একেবাৰেই নিজকে সাজু কৰিব পৰা নাই৷ এনে হোৱাৰ কাৰণ হ’ল যিখিনি সময়ত কমিউনিকেচন স্কিল ভাল কৰাৰ, ব্যক্তিত্ব গঢ়াৰ, নতুন কিছুমান স্কিল শিকাৰ সময় আছিল সেইখিনি সময় আপুনি আনৰ লগত হোৱাটছ এপ কৰোতে, ইনষ্তাগ্ৰাম কৰোতে, ভিডিঅ চাওতে ব্যস্ত আছিল৷ নতুন স্কিল শিকা, কমিউনিকেচন স্কিল বঢ়োৱা কামটো টান কাম, কষ্টৰ কাম আৰু তাৰবাবে সময় লাগে৷ আৰু আপুনি তাতোকৈ সহজ পচন্দ এটা বাচি লৈছিল- ভিডিঅ চোৱা যত একো কষ্ট নাই৷ গতিকে এতিয়া চাকৰি বিচাৰি পাবলৈ আপোনাৰ সাংঘাটিক কষ্ট হৈছে৷

আপুনি যদি চাকৰি কৰে আৰু যদি আপুনি যিখিনি নকৰিলে নহয় সেইখিনিহে কৰি আছে তেনেহ’লে সেয়া আপোনাৰ পচন্দ৷ ইমান সময় কাম কৰাৰ পিছত বা মাজতে সময় উলিয়াই আন কিবা দৰকাৰী স্কিল শিকাত বা নতুন কিবা এটা প্ৰয়োজনীয় চার্টিফিকেচন কৰাত আপোনাৰ মন নাই, কাৰণ সেইবোৰ টান কাম, কষ্ট কৰিব লাগে, বহু সময় দিব লাগে৷ তাতোকৈ সেইখিনি সময় নেটফ্লিক্স বা প্ৰাইম ভিডিঅত আপুনি কিবা এটা চাব পাৰে৷ সেয়া সহজ পচন্দ আৰু সেয়া আপুনি বাচি লৈছে৷ আপোনাৰ লগৰে এজনে কিন্তু তেনে কষ্টৰ কাম বাচি লৈছে, কষ্ট কৰিছে, বহু সময় তেনেদৰে কষ্ট কৰি কটাইছে, আৰু তেনে কঠিন পচন্দ বাচি লোৱা বাবে পিছলৈ গৈ তেওঁৰ চাকৰিত তেওঁ আপোনাতকৈ বহু বেছি উন্নতি কৰিছে৷ তেনে মানুহ আপুনি নিজৰ ওচৰে-পাজৰে বিচাৰি পাব৷

প্ৰতিদিনে ৩০ মিনিট বা এঘন্টা সময় এক্সাচাইজ কৰাটো এটা কঠিন চইছ, কাৰণ ই কষ্টকৰ, টান, ঘাম বাহিৰ হয়, উশাহ চুটি হৈ পৰে, গা বিষায়৷ ইমান কষ্ট কৰাতকৈ দেৰিলৈকে শুই থকাটো সহজ কাম৷ বা কোনোবাই সুধিলে কিবা এটা অজুহাত উলিওৱাটো সহজ কাম৷ আপুনি যদি তেনে কৰিছে তেনেহ’লে আপোনাৰ যিমানে বয়স হৈ গৈ থাকিম সিমানে জীৱনটো কঠিন হৈ গৈ থাকিব৷ নানা ধৰণৰ শাৰীৰিক সমস্যা, বেমাৰ আদিয়ে লগ দিব, গাটো দাঙিবলৈ মন নাযাব, দেখাত বেয়া হৈ গৈ থাকিব, শৰীৰটো শকত হৈ গৈ থাকিব, পেটতো বাঢ়ি গৈ থকিব৷ আনহাতে যদি আপুনি নিয়মীয়াকৈ এক্সাচাইজ কৰিবলৈ আৰম্ভ কৰিছে, প্ৰতিদিনে ই কষ্টকৰ হ’ব  কাৰণ ই এটা কঠিন পচন্দ, কিন্তু তাৰ ফলাফল স্বৰূপে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য বহুত ভাল হৈ থাকিব, জীৱনটো বহুত সহজ-সৰল-সবল হ’ব৷

আপুনি যদি আজি সকলো এনে বস্তু খায় যিবোৰ খাবলৈ ভাল৷ মানে আপোনাৰ জিভাখনে নির্ণয় কৰে কোনবোৰ বস্তু আপুনি খাব আৰু কোনবোৰ নাখায়৷ বার্গাৰ, কল্ড ড্ৰিংকছ আদি সকলোবোৰ জাংক ফুড আপুনি ভাল পায় কাৰণ এইবোৰ খু টেষ্টী৷ দিনটোত পানী খাবলৈ আপুনি পাহৰিয়ে থাকে৷ আনহাতে আপুনি জানে যে এনে বহু খাদ্য আছে যিবোৰ আপোনাৰ শৰীৰৰ বাবে ভাল কিন্তু সেইবোৰ খাবলৈ একেবাৰে মজা নাই, একদম টেষ্টী নহয়৷ গতিকে আপুনি সেইবোৰ নাখায়৷ এনে সহজ পচন্দৰ অর্থাৎ জাংক ফুড খোৱাৰ ফল আপুনি কেইবছৰমান পিছতহে পাব৷ নানা ধৰণৰ বেমাৰ-আজাৰৰ ফলত আপোনাৰ জীৱনটো কঠিন হৈ পৰিব৷
আপুনি এনে এজন মানুহক ভাল পায় বা এনে এজন মানুহৰ লগত বিয়া হৈছে যিয়ে প্ৰায়ে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছে, শোষণ কৰি আহিছে৷ তেওঁক এৰি দি নিজৰ জীৱনটো চম্ভালি লোৱাটো বৰ কঠিন পচন্দ, আৰু সিদ্ধান্ত কিন্তু সেই সিদ্ধান্তটোৱে আপোনাৰ তাৰ পিছৰ জীৱনৰ সময়খিনি বহুত সহজ, আৰু ভাল কৰি তুলিব পাৰে৷ তেনেদৰে তেওঁক বাদ নিদি এয়া সহ্য কৰি থকাৰ পচন্দটো আগৰটোতকৈ সহজ কিন্তু ই আপোনাৰ জীৱনটো কঠিন কৰি তুলিব৷

পচন্দবোৰ আপোনাৰ কাৰণ জীৱনটো আপোনাৰ

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top