আপুনি যদি য়োগা কৰে, বডী বিল্ডিং কৰে বা আন কিবা শাৰিৰিক ব্যায়াম বা এক্সাচাইজ কৰে, এয়া কৰি থাকোতে আপোনাৰ বহু সময়ত এনে এনে লাগিব যেন “আৰু নোৱাৰোঁ”৷ আপুনি যদি শাৰিৰিক ব্যয়াম কৰে তেনেহ’লে এদিন হলেও আপোনাৰ তেনে অনুভৱ হৈছে৷ কিন্তু “আৰু নোৱাৰো” যেন লগৰা পিছতো এক মিনিট বা দুই মিনিটমান ৰেষ্ট ল’লে আপুনি আকৌ বাকী থকা এক্সাচাইজ বোৰ কৰিব পৰা হয়৷ তেনেদৰে ৱর্কআউট আৰম্ভ কৰাৰ আগতে আজি কৰিবলগীয়া এক্সাচাইজবোৰ দেখি কেতিয়াবা আপোনাৰ লাগিব পাৰে “এইবোৰ বহুত টান হ’ব, মই নোৱাৰোঁ” কিন্তু আৰম্ভ কৰাৰ পিছত লাহে লাহে কৰি গৈ একেজন মানুহে সকলো এক্সাচাইজ কৰি শেষ কৰে৷
এনে হোৱাৰ কাৰণ হ’ল আপুনি ভবাতকৈ আপুনি দৰাচলতে বেছি শক্তিশালী৷
আপুনি নিজকে যিমানৰ মানুহ বুলি ভাবে, নিজৰ যিমান সামর্থ আছে বুলি ভাবে তাতোকৈ আপোনাৰ শক্তি, সামর্থ বহু বেছি৷ আপুনি নিজৰ বিষয়ে কৰা ধাৰণা ভুল৷ আপুনি নিজকে আপুনি যিমানৰ তাতোকৈ কম বুলি ধৰে, বিশ্বাস কৰে৷
আমি যেতিয়াই কিবা এটা অসুবিধা পাও আৰু অস্বস্তিত পৰোঁ তেতিয়াই আমি “মই এয়া নোৱাৰিম,” “ মোৰ দ্বাৰা নহ’ব,” “মোৰ ইমানেই সামর্থ” বুলি মানি লও৷ তেনে কৰিলে আমি আৰু কষ্ট কৰিব নালাগে৷ আমি সেই অস্বস্তি বা কষ্ট বা অসুবিধাৰ পৰা হাত সাৰিব পাৰোঁ৷ এনে অসুবিধা, কষ্ট আমি জীৱনৰ বেলেগ বেলেগ মসয়ত, বেলেগ বেলেগ কামত পাব পাৰোঁ৷ কেৰিয়াৰ সলনি কৰা, কৰবালৈ পঢ়িবলৈ যোৱা, চাকৰি বিচৰা, সংসাৰ চলোৱা আদি নানা ধৰণৰ কাম কৰোতে, জীৱনৰ বেলেগ বেলেগ পর্যায়ত আমি তেনে ধৰণৰ অসুবিধা বা ডিচকমফর্টৰ সন্মুখীন হ’ব পাৰোঁ৷
উদাৰণ স্বৰূপে, আমি কও যে “মই ভোক সহ্য কৰিব নোৱাৰোঁ,” কিন্তু খুব কঠিন অৱস্থাত পৰিলে হয়তো আমি এদিন, দুদিন একো নোখোৱাকৈও থাকিব পাৰোঁ৷ আপুনি যদি কৰাবালৈ যাওতে বন্ধৰ সন্মুখীন হয়, তেতিয়া আপুনি গম পাব যে এদিন নোখোৱাকৈ থকা কথাটো যিটো আগতে আপুনি ভাবিবও নোৱাৰিছিল, সেই কামটো আপুনি বেছি অসুবিধা নোহোৱাকৈ কৰিব পাৰিছে৷
কেতিয়াবা আমাৰ ভাব হয়, “মই এই চাকৰিটো আৰু কৰিব নোৱাৰোঁ” কিন্তু যদি প্ৰয়োজন হয় আৰু এসপ্তাহ বা এমাহ বা এবছৰ আমি সেই চাকৰিটো কৰি থাকিব পাৰিম৷ সিমানখিনি শক্তি আমাৰ মাজত আছে৷ চাকৰিটো যিমান ষ্টৰ্েছফুল নহওক কিয়, বছ যিমানে বেয়া নহওক কিয় আমি আৰু কিছুদিন সেই চাকৰিটো কৰি থাকিব পাৰোঁ৷
কিছুমানে কয়, “মই সদায় এক্সাচাইজ কৰিব নোৱাৰোঁ” কাৰণ তেওঁ ভাবে যে তেওঁ নোৱাৰে৷ কিন্তু যদি কিবা কাৰণত তেওঁ বাধ্যত পৰে, যেনে কিবা বেমাৰৰ বাবে বা ওজন কমাবৰ বাবে বা বেমাৰৰ পৰা বাচি থাকিবলৈ, তেওঁ প্ৰতিদিনে এক্সাচাইজ কৰাটো তেওঁৰ বাবে সৰু কথা হৈ পৰিব পাৰে৷
কিবা এটা কৰাত, কৰি থকাত আপুনি অশান্তি পাব পাৰে, অসুবিধা পাব পাৰে কিন্তু তাৰমানে আপুনি নোৱাৰিব তেনে নহয়৷ আৰু অসুবিধা, অস্বস্তি বা দিচকমফর্ট সহ্য কৰিব পৰাটো আপোনাৰ বাবে জৰুৰী৷
অস্বস্তি সহ্য কৰিবলৈ মনৰ শক্তি লাগে আৰু সেই শক্তি আপোনাৰ মাজতে আছে৷ মাত্ৰ আপুনি সেই শক্তি বিচাৰিব লাগিব৷
নিজৰ মনৰ শক্তিক অবিশ্বাস নকৰিব৷ আপুনি “নোৱাৰিম” বুলি ভাবিলে আপোনাৰ মনত তেনেধৰণৰ অনুভৱেই হ’ব আৰু এই অনুভৱে আপোনাৰ ব্যৱহাৰ আৰু আপুনি কাম এটা কিমান শক্তিৰে কৰিব তাক নির্ণয় কৰিব৷
আপুনি যদি অসুবিধা পাব নিবিচাৰে তেনেহ’লে আপুনি উন্নতিও কৰিব নোৱাৰিব৷ আপোনাৰ যিবোৰ জীৱনৰ লক্ষ্য আছে, সেই লক্ষ্যবোৰ লাভ কৰিব নোৱাৰিব৷
আৰু অসুবিধা পালেই যদি আপুনি কাম কৰা বাদ দিয়ে তেতিয়াহ’লে ই লাহে লাহে আপোনাৰ অভ্যাসত পৰিণত হ’ব৷ তেতিয়া যিকোনো কথাতে অলপ অসুবিধা পালে, অলপ কষ্ট পালে, অলপ অস্বস্তি পালেই আপুনি সদায় কৰিব বিচৰা কামবোৰ, কৰিবলগীয়া কামবোৰ এৰি দিব৷ তেনে কৰিলে আপোনাৰ জীৱনটো কেনেকুৱা হ’বগৈ?
জীৱনত সমস্যা হলেও বহু সময়ত আমাৰ এনে লাগে যেন “আৰু নোৱাৰি” মই নিজে বহুবাৰ এই কথাৰ প্ৰমাণ পাইছোঁ৷ সকলো বাদ দি দিম যেন লাগে৷ কিন্তু আপুনি যদি এৰি নিদি কামবোৰ কৰি গৈ থাকে তেতিয়াহ’লে আপুনি দেখিব যে সেই কামবোৰ আপুনি কৰিব পাৰিছে৷ এনে প্ৰমাণ আমি আমাৰ দৈনন্দিন জীৱনত প্ৰায় সদায়ে পাই থাকো৷ গতিকে আপুনি “মই নোৱাৰিম” বুলি, “মোৰ শক্তি, সামর্থ নাই” বুলি কামবোৰ কৰা কেতিয়াও এৰিব নালাগে৷
আপুনি নিজে বিশ্বাস কৰাতকৈ বেছি সাহসী, দেখাতকৈ বেছি শক্তিশালী আৰু ভবাতকৈ বেছি স্মার্ট৷