অলপতে টিভি চেনেল এটাত “ব্লু হোৱেল” গেমটোৰ ভয়াবহতাৰ বিষয়ে আলোচনা কৰিবলৈ মোক নিমন্ত্ৰণ কৰিছিল৷ আলোচনাৰ শেষত মোৰ মনলৈ এটা চিন্তা আহিছিল৷ আমি এটা গেমে চুইচাইডৰ নিচিনা ভয়াবহতাৰ পিনে আমাৰ ল’ৰা-ছোৱালীক ঠেলি দিয়া দেখি চিন্তা কৰিছোঁ, কিন্তু তেনে আন বহুকেইবিধ সমস্যা ইতিমধ্যে আমাৰ মাজতে আছে যাৰ কথা হয়তো আমি আলোচনা কৰাই নাই৷ এই সমস্যাবোৰ আৰু তাৰ সমাধানৰ কথাকে অলপ আলোচনা কৰোঁ আহক৷
সমস্যাবোৰ
আপোনাৰ ল’ৰা-ছোৱালীয়ে ভূগিব পৰা কেইবিধমান সমস্যা হ’ল- যৌন নির্যাতন বা শোষণ, ড্ৰাগছ আৰু আন নিচাসক্তি, বুলিয়িং, ডিপ্ৰেচন আৰু আন মানসিক সমস্যা ইত্যাদি৷
প্ৰথমতে এটা প্ৰাৰম্ভিক কথা-
ল’ৰা–ছোৱালী প্ৰায়ৰিটি হয়নে?
আপোনাৰ প্ৰায়ৰিটি কি? অর্থাৎ আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ কি? কেৰিয়াৰ, আৰাম, টকা-পইচা নে আন কিবা? এই কথাটো বৰ গুৰুত্বপূর্ণ কাৰণ ইয়াৰ ওপৰত নির্ভৰ কৰিব আপুনি সন্তান সুবৃদ্ধিত কিমান গুৰুত্ব দিব, কিমান সময় দিব, কিমান খিনিলৈকে কৰিব৷ যদি কেৰিয়াৰ আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ আপুনি পৰিয়ালক আৰু সন্তানক দিয়া সময়ৰ পৰিমাণ অলপ কম হ’ব পাৰে৷ এয়া ভাল নে বেয়া তেনেধৰণৰ কোনো কথা নাই৷ বিভিন্নজনৰ বাবে প্ৰায়ৰিটি বিভিন্ন হ’ব পাৰে৷ যদি সন্ধিয়া অফিচৰ পৰা আহি অলপ আৰাম কৰাটো আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ, তেন্তে আপুনি তাত বেছি গুৰুত্ব দিব৷ আপোনাৰ প্ৰায়ৰিটিৰ ওপৰত নির্ভৰ কৰি আপুনি বেলেগে বেলেগ কাম কৰিব৷ কিন্তু সমস্যাটো হ’ল আপুনি কি কৰে সেয়া গুৰুত্বপূর্ণ হৈ পৰে আন এটা কথাৰ বাবেহে৷ আপোনাৰ সন্তানে আপুনি কি কৰে, কেনেকৈ কৰে, সেয়া লক্ষ্য কৰি থাকে আৰু সিহঁতে আপোনাৰ পৰা কথাবোৰ শিকে৷
সন্তানক ভালদৰে ডাঙৰ কৰাটো এক ডাঙৰ দ্বায়িত্ব৷ এই কাম ভালদৰে কৰিবলৈ হ’লে ল’ৰা-ছোৱালী আপোনাৰ এক প্ৰধান প্ৰায়ৰিটি হ’বই লাগিব৷ যদি নহয়, তেন্তে আপুনি হয়তো কিছুমান কাম নকৰিব বা কৰিব নোৱাৰিব৷ তেনে ক্ষেত্ৰত অফিচৰ পৰা আহি টিভি নাচাই ল’ৰা-ছোৱালীক সময় দিয়াটো সম্ভৱ নহ’ব৷ সন্তানৰ বাবে সলনি হ’বলগীয়া হলে সেয়া কৰাও সম্ভৱ নহ’ব৷ মদ খোৱাটো সন্তানে নিশিকক বুলি মদ খাবলৈ এৰাটোও সম্ভৱ নহ’ব৷
এতিয়া আপোনাৰ ল’ৰা-ছোৱালীয়ে সন্মুখীন হ’ব পৰা সমস্যাবোৰৰ কিছুমান সমাধান৷
বুলিয়িং
ডাঙৰ বা বেছি শক্তিশালী কোনোবাই আপোনাৰ সন্তানক ভয় খুৱাব পাৰে, শাৰীৰিক ভাৱে অনিষ্ট কৰিব পাৰে, মানসিক ভাৱে অশান্তি দিব পাৰে৷ এই সকলোবোৰক বুলিয়িং বুলি কয়৷ এনে হ’লে আপোনাৰ সন্তানৰ জীৱনটো বিষময় হৈ পৰিব৷ অত্যধিক এনে হ’লে ই আত্মহত্যাৰ পথলৈও কাৰোবাক ঠেলি দিব পাৰে৷
এনে বুলিয়িং বন্ধ কৰিবলৈ হ’লে আপোনাৰ সন্তানৰ আত্ম-সন্মান আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব লাগিব৷ কাৰণ বুলি বোৰে সদায় আত্মবিশ্বাস কম থকা ল’ৰা-ছোৱালীক সহজ চিকাৰ বুলি বাচি লয়৷ আত্মবিশ্বাসেৰে ভৰপূৰ ল’ৰা-ছোৱালীক কোনেও জোকাই ল’বলৈ সাহস নকৰে৷
পৰিয়ালৰ আন সদস্যসকলৰ লগত এক শক্তিশালী সম্বন্ধই এনে ঘটনা আপোনাৰ সন্তানৰ লগত হোৱাৰ পৰা বচাই ৰাখিব৷ যদি কেতিয়াবা তেনে হয়ো, আপোনাৰ সন্তানে মনৰ ভিতৰত কথাবোৰ লুকাই ৰাখি নাৰকীয় অৱস্থাত বাস কৰাতকৈ, আপোনাক খোলাকৈ কথাবোৰ ক’ব পাৰিব আৰু তেতিয়া আপুনি তাৰ প্ৰতিকাৰৰ বাবে কিছুমান কাম হাতত ল’ব পাৰিব৷
যৌন নির্যাতন
আমি যিমান যৌন নির্যাতনৰ ঘটনা সংঘটিত হৈ আছে বুলি মানি লও তাতোকৈ হয়তো বহু বেছি তেনে ঘটনা ইতিমধ্যে সংঘটিত হৈ আছে৷ আৰু এনে নির্যাতন যে কেৱল ছোৱালীৰ ক্ষেত্ৰতে সংঘটিত হৈ আছে তেনে নহয়৷ ল’ৰাৰ ক্ষেত্ৰতো তেনে ঘটনা সংঘটিত হ’ব পাৰে৷ এনে নির্যাতন বন্ধ কৰাৰ উপায় আপুনি কৰিব লাগিব৷ তাৰবাবে আপোনাৰ সন্তানে যাতে আপোনাৰ লগত কোনো ভয়, শংকা নোহোৱাকৈ কথাৰ আদান-প্ৰদান কৰিব পাৰে, সেয়া অত্যন্ত আৱশ্যক৷
যৌন নির্যাতন কেনেদৰে হ’ব পাৰে সেয়া নিজৰ সন্তানক আপুনি শিকাব লাগিব৷ পিতৃ-মাতৃ দুয়োৰে তেনে কৰাটো এক কর্তব্য৷ যদি দেউতাকে সেয়া কথা পাতিব নোৱাৰে, তেন্তে মাকে হয়তো তেনে কথাবোৰ নিজৰ সন্তানৰ লগত পাতিব পাৰিব৷ কি কি কথাক যৌন নির্যাতন বুলি কয়, সেয়া জানিলেহে কালি সিহঁতে তেনে ব্যৱহাৰৰ বিৰুদ্ধে মাত মাতিব পাৰিব৷
লগতে আপোনাৰ সন্তানক কিছুমান কথাত ‘নহ’ব’, ‘নাই’, ‘নকৰো’ আদি কথা শিকাব লাগিব৷ তেনে অৱস্থাত সিহঁতে নাই, নহ’ব বা নকৰিবা ধৰণৰ কথা ক’বলৈ টান নেপাব৷
ড্ৰাগছৰ সমস্যা, মানসিক সমস্যা আদি
এই সমস্যাবোৰৰ পৰা ৰক্ষা পাবলৈ তলৰ কথাবোৰে সহায় কৰিব৷ অঅপোনাৰ ল’ৰা-ছোৱালীক যদি অঅপুনি তলৰ কথাবোৰ ভালদৰে শিকাব পাৰে, তেন্তে ড্ৰাগছ আসক্তি, অত্যধিক মবাইল আসক্তি, গেম আসক্তি, ডিপ্ৰেচন বা আন মানসিক সমস্যা আদিৰ পৰা আপোনাৰ সন্তানক সদায় আতৰত ৰাখিব পাৰিব৷
নিজৰ সপোনবোৰ বিচাৰি উলিয়াবলৈ সহায় কৰক
সঁচা সপোনবোৰে সিহঁতক যিকোনো বেয়া পথৰ পৰা আতৰাই ৰাখিব কাৰণ সিহঁতৰ ফ’কাছ সদায় থাকিব নিজৰ সপোনবোৰৰ ওপৰত, গতিকে আন কোনো কথাই সিহঁতৰ মনোযোগ সিহঁতৰ বাবে বেয়া কথালৈ বা পথলৈ নিব নোৱাৰিব৷
অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ শিকাওক
এই শিক্ষাই সিহঁতক জীৱনৰ নানা ক্ষেত্ৰত সহায় কৰিব৷ এই শিকনিটোৱে সিহঁতক যৌন নির্যাতনৰ পৰাও বচাই ৰাখিব৷ কোনোবাই নকৰিবলগীয়া কিবা কৰিব খুজিলেই সিহঁতে তেনে কথাত ‘নহ’ব’ বুলি কোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে লগে লগে মাত মাতিব পাৰিব৷ লগতে আনে সিহঁতৰ ওপৰত দাদাগিৰি কৰিলে, সিহঁতৰ কিবা অন্যায় কৰিব খুজিলেই সিহঁতে তাৰ বিৰুদ্ধে মাত মাতিব পাৰিব৷
নিজকে সলাওক
আপুনি আপোনাৰ সন্তানৰ বাবে ৰোল মডেল অর্থাৎ সিহঁতে আপোনাৰ দেখি শুনি শিকিব৷ সিহঁত সাধাৰণতে আপোনাৰ নিচিনা হোৱা সম্ভাৱনা বেছি৷ আপুনি কি কৰে, কেনেকৈ কৰে, সেয়া সিহঁতে সাৱধানে লক্ষ্য কৰি থাকে৷ তাৰোপৰি সৰুৰে পৰা যিবোৰ বিশ্বাস, মূল্যবোধ আপুনি সিহঁতক শিকায় সেইবোৰৰ ওপৰত নির্ভৰ কৰি সিহঁত চিন্তা, বিশ্বাসবোৰ গঢ় লৈ উঠে৷ আৰু এইবোৰে সিহঁত ব্যৱহাৰ আৰু ভবিষ্যত নির্ধাৰণ কৰে৷ গতিকে আপুনি যদি নিজৰ সন্তানৰ মাজত কিবা বেয়া দেখা পাইছে, সেয়া সিহঁতে আপোনাৰ পৰা শিকা নাইতো? যদি কিবা বেয়া আছে, তেন্তে আপুনি সেয়া সলাব লাগিব৷ আপোনাক যদি সিহঁতে কেতিয়াও হাতত কিতাপ এখনো তুলি লোৱা দেখা নাই, কষ্ট কৰি ভাল কাম কৰাৰ চেষ্টা কৰা দেখা নাই , তেন্তে সিহঁতেও কিতাপ পঢ়া বা ভাল ফলৰ বাবে কষ্ট কৰাৰ প্ৰয়োজনীওতা অনুভৱ নকৰিব পাৰে৷ আপুনি যদি আন কাৰো লগতে লগ হ’বলৈ নিদি সিহঁতক কেৱল বেছি নম্বৰ পোৱা একোটা মেচিন বনাইছে, তেন্তে কালি আপোনাৰ বাবেও ভাবিবলৈ সিহঁতৰ সময় নথকাটো একো ডাঙৰ কথা নহয়৷ আপুনি যদি সিহঁতক টকা-পইচাৰ গর্ব কৰিবলৈ শিকাইছে, কষ্ট নকৰাকৈ ফল লাভৰ চেষ্টা কৰিবলৈ শিকাইছে, তেন্তে কালি সিহঁতে সেয়াই কৰিব৷
কোনো গোপন কথা নাই
আপুনি যদি সন্তানৰ পৰা কিছুমান কথা গোপন কৰি ৰাখে, সিহঁতেও আপোনাৰ পৰা বহু কথা গোপন কৰি ৰাখিব৷ বাস্তব পৃথিৱীত গোপন কথা থকাৰ বাবেই, সম্বন্ধবোৰ সহজ নোহোৱা বাবেই, অনলাইন পৃথিৱীত গোপন কথা নথকা বুলি ভবা বন্ধু-বান্ধৱী বিচাৰিবলগীয়া হয়৷ আৰু সেই অনলাইন পৃথিৱীৰ কথাবোৰ আপোনাৰ ল’ৰা-ছোৱালীয়ে আপোনাক নকয়৷ কিছুমান একান্ত ব্যক্তিগত কথা বাদ দি পৰিয়ালত গোপন কৰিবলগীয়া কথা নাথাকিলেই ভাল৷
সঠিক বিচাৰৰ ক্ষমতা
এয়া এটা এনে স্কিল বা কৌশল যিটোৱে আপোনাৰ সন্তানক সকলো সময়তে, সকলো ক্ষেত্ৰতে সহায় কৰিব৷ কোনটো কাম কৰা সঠিক, কোনটো সময়ত কৰা সঠিক, কেনেকৈ কৰা সঠিক, কাক বিশ্বাস কৰিব পাৰি, কাক নোৱাৰি ইত্যাদি কথাৰ সঠিক সিদ্ধান্ত ল’ব পাৰিলে আপোনাৰ সন্তান নানা সমস্যাৰ পৰা আতৰি থাকিব পাৰিব৷ ই যৌন নির্যাতন, বুলিয়িং, ড্ৰাগছ বা আন নিচাসক্তি আদিৰ পৰা আপোনাৰ সন্তানক সদাই বচাই ৰাখিব কাৰণ কোনটো কাম সিহঁতৰ বাবে বেয়া আৰু কোনটো কাম ভাল সেয়া সিহঁতে বুজিব পাৰিব আৰু সেইমতে কাম কৰিব পাৰিব৷
ৰাতিৰ খোৱা একেলগে খাওক
এইটো এটা এটি সৰু কাম৷ দিনটোত হয়তো আপোনালোকৰ সকলোৰে একেলগে বহি আহাৰ খাবলৈ সময় নহয়৷ গতিকে ৰাতিৰ সাজটো একেলগে খাবলৈ চেষ্টা কৰক৷ এনে কৰিলে আপোনালোকৰ লাভহে হ’ব কোনো লোকচান নহয়৷ খোৱা সময়ছোৱাত হাতৰ মবাইল ফোন আতৰাই থওক, টিভিটো বন্ধ কৰি থওক৷ ইজনে-সিজনৰ লগত কথা পাতিবলৈ, দিনটোৰ কথা আলোচনা কৰিবলৈ সময় পাব৷ সেই সময়ছোৱাত কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত নললেও হ’ব আৰু বিশেষকৈ কাজিয়া বা ইজনে সিজনৰ কথা কটাকটি নকৰাই ভাল৷ সময়খিনি পৰিয়ালৰ সকলোৱে আনন্দমনেৰে একেলগে কটাবলৈ চেষ্টা কৰি চাওকচোন৷ ই আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজৰ অলপ হলেও বান্ধোন মজবুত কৰাৰ লগতে ইজনৰ লগত সিজনক কথা পাতিবলৈ সুযোগ দিব৷
সিহঁতৰ লগত কথা পাতক– কথা শুনক
নিজৰ ল’ৰা-ছোৱালীৰ লগত কথা পতাৰ অভ্যাস কৰক৷ কথা পাতিলেই সিহঁতে আপোনাৰ কথা নুশুনা হ’ব, আপোনাক গুৰুত্ব নিদিয়া হ’ব তেনে কথা সঁচা নহয়৷ বৰঞ্চ কথা পাতিলেহে আপোনালোকৰ মাজত এটা সহজ সম্পর্ক গঢ়ি উঠিব৷ আপোনাক তেতিয়াহে নিজৰ সন্তানে মনৰ কথা বা সিহঁতৰ পৃথিৱীত ঘটি থকা কথাবোৰ ক’বলৈ ইচ্ছা আৰু চেষ্টা কৰিব৷
আৰু কথা পাতোতে নিজে কথা শুনোৱাতকৈ সিহঁতৰ কথা শুনিবলৈ যত্ন কৰক৷ বর্তমান সময়ত শুনিবলৈ আমাৰ সময় কম, কিন্তু শুনিব পাৰিলেহে
আপুনি সিহঁতৰ বিষয়ে আৰু ভালদৰে জানিব পাৰিব৷
মাত্ৰ এদিনতে আপুনি সিহঁতৰ আটাইতকৈ ভাল বন্ধু হৈ পৰিব বুলি নাভাবিব৷ তাৰ বাবে সময় লাগিব আৰু আপোনাৰ চেষ্টা লাগিব৷ আৰু সেইখিনি চেষ্টা আপুনি কৰিব কাৰণ এয়া আপোনাৰ সন্তানৰ কথা৷ নহয় জানো?