আমি কাম কৰিম বুলি কেতিয়াবা পিছলৈ পেলাই থও৷ কৰিম বুলি কও, কৰিম বুলি ভাবো, কিন্তু কামটো নকৰো৷ আপোনাৰো তেনে হয় নেকি?
আমাৰ সকলোৰে তেনে হ’ব পাৰে৷ আৰু এনে নহয় যে এনে বর্তমান সময়তহে হয় বা আজিৰ ইমান ব্যস্ত যুগতহে হয়৷ ই অতীজৰে পৰা চলি আহিছে আৰু আজিও ই আমাৰ লগ এৰা দিয়া নাই৷ চক্ৰেটিছ আৰু এৰিষ্ট’টলৰ নিচিনা গ্ৰীক দার্শনিকে ইয়াক বুজাবলৈ এটা শব্দ ব্যৱহাৰ কৰিছিল৷ সেই শব্দটো হ’ল এক্ৰাচিয়া৷
এক্ৰাচিয়া শব্দটোৰ অর্থ হ’ল – নিজৰ বিচাৰ-বুদ্ধিৰ বিপৰীতে কাম কৰা৷ মানে আপুনি জানে যে এটা কাম আপোনাৰ বাবে ভাল, কিন্তু আপুনি সেয়া নকৰে৷ আপুনি জানে এটা কাম আপোনাৰ নিজৰ বাবেই বেয়া, কিন্তু তাকে কৰে৷ কাম পিছলৈ পেলাই থোৱা স্বভাৱ বা নিজৰ ওপৰত নিয়ন্ত্ৰণ নথকা কথাটো বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়৷ আপুনি কাম এটা কৰিম বুলি ভাবিছিল বা কৈছিল কিন্তু সেয়া নকৰে- সেয়াই এক্ৰাচিয়া
কিন্তু কিয় আমি কাম পিছলৈ পেলাই থও?
এনে হোৱাৰ কাৰণ হ’ল আপোনাৰ মগজুটোৱে লগে লগে লাভ কৰা পুৰস্কাৰক ভবিষ্যতৰ পুৰস্কাৰতকৈ বেছি মূল্য দিয়ে
উদাহৰণ স্বৰূপে, আপুনি জানে যে আপুনি যদি নিয়মীয়াকৈ এক্সাচাইজ কৰে তেতিয়া আপোনাৰ শৰীৰ আৰু মন ভালে থাকিব, বেমাৰ আজাৰ নহয়, দেখাত আপুনি ভাল হ’ব৷ কিন্তু আজি যদি আপুনি এক্সাচাইজ নকৰি এতিয়া বহি মবাইল ফোনটোত কিবা কিবি ভিডিঅ চায়, সেয়া বেছি ভাল লাগিব, আপোনাৰ এন্টাৰটেইনমেন্ট হ’ব৷ গতিকে আপুনি তাকে কৰিলে৷
ছাত্ৰ-ছাত্ৰী এগৰাকীয়ে আজি পঢ়িলে কথাবোৰ বুজি পালেহেঁতেন অৰু লগতে পৰীক্ষাৰ সময়ত সেই কথাবোৰ মনত পৰিলেহেঁতেন৷ কিন্তু তাতোকৈ লগৰ কাৰোবাৰ লগত বহি হোৱাটছ এপত কথা পতা, টিকটকৰ ভিডিঅ চোৱা বেছি ভাল লগা এই মুহূর্তত৷ সেয়ে তেওঁ তেনে কৰাৰ সম্ভাৱনা বেছি৷
আন এটা কাৰণৰ বাবেও আপুনি কামবোৰ কৰিব বুলি ভাবিও, কৰিম বুলি কৈও নকৰে৷ কাৰণ এনে ধৰণৰ কামবোৰ কৰাটো টান, কষ্টকৰ৷ আপুনি পৰিকল্পনা কৰে ভবিষ্যতৰ বাবে, কিন্তু কাম কৰিব লাগে এতিয়া৷ আৰু এতিয়া এইবোৰ কৰাটো কষ্টকৰ৷ পৰীক্ষাত ৮০ বা ৯০ শতাংশ নম্বৰ পাম বুলি কোৱাটো বা পাম বুলি ভবাটো আৰু তাৰবাবে পৰিকল্পনা কৰাটো সহজ৷ কিন্তু সেয়া কৰিবলৈ আজি যি পঢ়া কাম কৰিব লাগে সেয়া কৰাটো কষ্টকৰ৷ আৰু সেয়া অকল এদিন নহয়, প্ৰতিদিনে কৰি থাকিব লাগিব৷ তেনে কৰাটো ইমান সহজ নহয়৷ আপুনি এবছৰৰ ভিতৰতে এটা প্ৰমোচন ল’ম বুলি ভাবিব পাৰে, তাৰবাবে পৰিকল্পনাও কৰিব পাৰে৷ কিন্তু তেনে ফলাফল পাবলৈ প্ৰতিদিনে আপুনি খুব ভাল কোৱালিটিৰ কাম কৰিব লাগিব, কনচিষ্টেনচি লাগিব আৰু কামৰ জৰিয়তে ওপৰৱালাৰ চকুত পৰিব লাগিব৷ তেনে নিয়মীয়াকৈ কৰাটো টান কাম৷
আপুনি কৰিম বুলি ভবা আৰু কৰিব বুলি কোৱা কামবোৰ কৰিবলৈ হ’লে আপুনি তাৎক্ষণিক পৰিতৃপ্তিক পিছলৈ থব পাৰিব লাগিব৷ এনে কৰিব পৰাটো সেইবাবে বৰ ডাঙৰ কথা৷ এনে কৰিলে আপুনি আজি কৰিবলগীয়া কামবোৰ আজিয়েই কৰিব পাৰিব, পিছলৈ পেলাই নথয়৷
কাম পিছলৈ পেলাই থলে কি সমস্যা হয় আৰু তেনে অভ্যাসক জয় কৰিবলৈ কেনে অভিনৱ উপায়ে অৱলম্বন কৰিব পাৰি সেয়া চাও আহক-
১৮৩০ চনৰ কথা৷ ভিক্তৰ হুগো এটা সাংঘাটিক সমস্যাত পৰিছিল৷ তেওঁ নিজৰ প্ৰকাশক ১২ মাহ আগতে কথা দিছিল যে এই সময়ত নতুন কিতাপ এখন ছপা কৰিবলৈ দিব৷ কিন্তু ১২ টা মাহ তেওঁ কেৱল আন কাম কৰি, আলহী-অতিথিৰ লগত সময় কটাই এই কামটো পিচুৱাই থাকিল৷ এতিয়া সময়ত কিতাপ নাপাই প্ৰকাশকে এক নতুন ডেডলাইন বান্ধি দিলে- ৬ মাহৰ সময় দিলে৷
এনেদৰে কামটো পিছলৈ পেলাই থোৱাটো যাতে এইবাৰ আৰু নঘটে তাৰ বাবে ভিক্তৰ হুগোৱে এক আচৰিত বুদ্ধি কৰিলে৷ তেওঁ নিজৰ সকলোবোৰ কাপোৰ-কানি নিজৰ এজন এচিটেন্টৰ হাতত গোটাই দি এটা বাকচত ভৰাই তলা মাৰি থবলৈ দিলে৷ তেওঁৰ গাত ল’বলৈ থাকিল মাত্ৰ এখন শ্বল৷ যিহেতু বাহিৰলৈ যাবলৈ একো কাপোৰেই নাই, গতিকে তেওঁ নিজৰ পঢ়া ৰূমত বহি থাকিল আৰু দিনে নিশাই লিখাৰ কামত লাগিল৷ তেওঁৰ এনে কামৰ ফলত কিতাপখন সময়তকৈ দুসপ্তাহ আগতেই প্ৰকাশ হৈ ওলাল৷