খঙ নোহোৱা কৰাৰ দুটা সহজ উপায়
বিভিন্ন সময়ত আৰু বিভিন্ন কাৰণত আমাৰ খঙ উঠিব পাৰে৷ কিছুমান সময়ত অলপ খঙ বেয়া নহয়, কিন্তু বৰ বেছি খঙ উঠা বা সঘনাই খঙ উঠাটো আপোনাৰ কাৰণে ভাল নহয়৷ লগতে ই আনৰ কাৰণেও ভাল নহয়৷ আপুনি যদি এনেকুৱা এজন মানুহ যাৰ খুব খঙ উঠে বা সঘনাই খঙ উঠি থাকে তেনেহ’লে আন মানুহে আপোনাৰ লগত কথা পাতিবলৈ, সম্পর্ক স্থাপন কৰিবলৈ ভয় কৰিব, চিন্তা কৰিব৷ আৰু আপুনিও জানে যে বহু সময়ত এনে খঙ উঠাৰ পিছত আমি অনুতাপো কৰিবলগীয়া হয়৷ কাৰোবাৰ বৰ বেয়াকৈ, নক’বলগীয়া কথা কৈ আমি পিছত অনুতাপত ভূগো৷
এনে খঙ নোহোৱা কৰাৰ উপায় আছে৷
প্ৰথম উপায়টো অলপ টান কিন্তু কৰিব পাৰি৷ আৰু এটা কথা – আপোনাৰ বাবে ভাল, আপোনাৰ কামত অহা কোনটো কামনো টান নহয়৷
প্ৰথমতে চাও আহক আপোনাৰ খঙ উঠে কিয়৷ সাধাৰণতে আমাৰ খঙ উঠাৰ এটা প্ৰধান কাৰণ হ’ল এক্সপেক্টেচন, আমাৰ প্ৰত্যাশাবোৰ৷ আমি কিছুমান কথা আশা কৰোঁ আৰু সেইমতে নহ’লে আমাৰ খঙ উঠে৷ নহয়নে?
আপোনাৰ ভোক লাগিছে, কিন্তু ভাত হোৱাই নাই, আপোনাৰ খঙ উঠিল৷ চাহ একাপ খাবলৈ আপোনাৰ বৰ মন গৈ আছে কিন্তু ঘৰৰ কোনেও আপোনাক চাহ একাপো কৰি আনি দিয়া নাই, আপোনাৰ খঙ উঠিল৷ আপুনি আগতে নিজৰ বন্ধু বা বান্ধৱীক সহায় কৰি থৈছে, কিন্তু আজি যেতিয়া আপোনাক সহায় লাগিছিল, সিহঁত কোনেও আগবাঢ়ি নাহে, আপোনাৰ খঙ উঠিল৷ আপুনি কাৰোবাক কাম এটা কৰিব দিছিল, তেওঁ আপুনি বিচৰা মাতে, বিচৰা সময়ত কামটো নকৰিলে গতিকে আপোনাৰ তেওঁৰ ওপৰত খঙ উঠিল৷ কোনোবাই কিবা এটা কাম কৰিলে যিটো আপোনাৰ মতে ভাল নহয়, আপোনাৰ বিশ্বাস, মূল্যবোধৰ মতে সি ঠিক নহয়, গতিকে আপোনাৰ খঙ উঠিল৷
এতিয়া যদি এই এক্সপেক্টেচনবোৰ যদি কমাব পাৰোঁ তেতিয়াহ’লে? একেবাৰে নোহোৱা কৰাটো সহজ নহয়, আৰু বহুতৰে বাবে ই ভাল নহ’বও পাৰে৷ কিন্তু এই সৰু সৰু এক্সপেক্টেচনবোৰ নোহোৱা কৰিব পাৰিলে আৰু ডাঙৰ ডাঙৰবোৰ কমাব পাৰিলে আমাৰ হতাশা, ডিপ্ৰেচন, ফ্ৰাচট্ৰেচন আদি নোহোৱা হ’ব৷ আৰু তেতিয়া এইবোৰৰ বর্হিপ্ৰকাশ খঙো নোহোৱা হ’ব৷ আপুনি যিহেতু আশা কৰাই নাছিল গতিকে আপুনি এক নির্দিষ্ট পদ্ধতিত বা সময়ত কামটো হ’বই বুলি বা কোনোবাই কৰিব বুলি আশা কৰা নাছিল, গতিকে কাৰো ওপৰত খঙ উঠাৰ কোনো কাৰণেই নাথাকিব৷
দ্বিতীয় উপায়
এই উপায়টো আগৰটোতকৈ অলপ সহজ৷
খঙ উঠিলে লগে লগে ৰিয়েক্ট নকৰি সদায় অলপ সময় ৰৈ দিয়ক৷ কিছুমান চিনেমাত এই বিষয়ে কৈছে, আন কিছুমান মটিভেচনেল স্পিকাৰেও এই বিষয়ে আগতে কৈ গৈছে৷
খঙ উঠিলে খঙৰ ভমকত আমি যি কৰোঁ, অর্থাৎ তৎক্ষণাত আমি যি কৰোঁ সি সাংঘাটিক হয়৷ কিন্তু মাত্ৰ অলপ সময় যদি আপুনি নিজকে দিয়ে তেতিয়াহ’লে লাহে লাহে আপোনাৰ খঙটো অলপ কমে আৰু তেতিয়া আপোনাৰ ৰিয়েক্সচনটো অলপ হলেও নিয়ন্ত্ৰণ কৰিব পাৰি৷ খঙ উঠা বুলি গম পোৱাৰ লগে লগে নিজকে আপুনি অলপ সময় ৰখাব লাগিব, পোন্ধৰ চেকেণ্ড, বিশ চেকেণ্ড, ত্ৰিশ চেকেণ্ড আৰু তাৰ পিছত যদি কিবা ক’বলগীয়া থাকে তেতিয়া ক’ব৷ তেতিয়া আপোনাৰ আৱেগ আৰু আপোনাৰ উত্তৰ দুয়োটাকে অলপ হলেও মৃদু, কোমল কৰিব পাৰি৷
এই সময়খিনি ৰৈ দিয়াৰ পিছত যদি আপোনাৰ এনে লাগে যে একো টানকৈ নকলেও হ’ব, তেতিয়া টানকৈ নক’ব বা যদি ভাব হয় একোৱে নকলেও হ’ব তেতিয়া মনে মনে থকাটোও বেয়া নহয়৷