চিন্তা কৰিব পৰা শক্তিটো মানুহৰ বাবে এটা আশীর্বাদ৷ জীৱনৰ বিভিন্ন সময়ত বিভিন্ন কাম কৰোতে আমি চিন্তা কৰাৰ দৰকাৰ হয়৷ কিন্তু কেতিয়াবা এই চিন্তা কৰা কামটোও সমস্যাৰ কাৰণ হ’ব পাৰে৷ আপুনি যদি বেছিকৈ চিন্তা কৰিবলৈ লয় তেনেহ’লে ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব৷ বেছিকৈ চিন্তা কৰিলে আপুনি বহু বস্তু হেৰুৱাবও পাৰে৷
আমাৰ বহুতৰে লগাতকৈ বেছিকৈ চিন্তা কৰাৰ অভ্যাস আছে৷ আমি অদৰকাৰী বহু কথাও চিন্তা কৰি থাকো৷ কেতিয়াবা আমি এটা কথাৰ বিষয়ে চিন্তা কৰিয়েই থাকো৷ আমি চিন্তা কৰোঁ, কথাটোৰ বিষয়ে মনতে এনালাইছিচ কৰি থাকো আৰু ফলত আমি দৰকাৰতকৈ বেছিকৈ চিন্তা কৰোঁ আৰু এনালাইছিচ কৰোঁ৷
এটা উদাহৰণ –
আমি কোনোবা এজন মানুহক লগ পালে আমি চিন্তা কৰোঁ- আমি কেনেকৈ তেওঁৰ লগত কথা পতা উচিত, কেনেকৈ আমি তেওঁৰ কথাৰ উত্তৰ দিয়া উচিত, তেওঁৰ বডী লেংগুৱেজে কি কৈছে, যদি তেওঁ হাঁহি আছে কিয় হাঁহি আছে ইত্যাদি৷ তেনে কৰাৰ ফলত আমি বহু বস্তু মন কৰিবলৈ সময়ে নাপাও কাৰণ আমাৰ মনটো এই এনালাইছিচবোৰ কৰাত ব্যস্ত আছিল৷ কেনে কথাবোৰ মন কৰিবলৈ আমি সময় নাপাওঁ-
১) সেই মানুহজনে কি কৈ আছে আমি সেয়া মন নকৰোঁ
২) তেওঁৰ লগত কথা-বতৰা হৈ থকা অৱস্থাত আমি কি কৰা উচিত এই কথা বেছিকৈ চিন্তা কৰোতে আমি বহু দৰকাৰী ইনফৰমেচন বা তথ্যৰ ওপৰত মনোযোগেই নিদিও৷
৩) আমি বর্তমান মূহুর্তটোত মনোযোগ দিব নোৱাৰা বাবে আমি কথা-বতৰা পতাৰ যি আনন্দ সেয়াও লাভ কিৰব নোৱাৰো৷
৪) আমাৰ মনত ষ্ট্ৰেছৰ সৃষ্টি হয়
আমি যদি অনবৰতে কেবল চিন্তা কৰি থাকো, তেতিয়া সেই মূহুর্তটোত হৈ থকা কথা-বতৰাত মনোযোগ কেন্দ্ৰীভূত কৰিব নোৱাৰো৷ গতিকে তেনে কথা-বতৰাৰ ফলাফলো আমি বিচৰা ধৰণে নহয়গৈ৷ সেই ফলাফলে আমাক আন এটা পাকচক্ৰত পেলাই দিয়ে- সেয়া হ’ল “নিজকে দোষ দিয়া৷” আৰু নিজকে দোষ দিয়া এই প্ৰবণতা আহে বেছিকৈ কৰা এনালাইছিচৰ পৰা৷ বেছিকৈ কৰা এনালাইছিচ বেছিকৈ কৰা চিন্তাৰে আন এটা ৰূপ৷