Close

নিজৰ প্ৰতি দয়াশীল হওক

নিজৰ প্ৰতি অলপ দয়াশীল, অলপ সদয় হওক৷ নিজকে অলপমান ভাল পাবলৈ শিকক৷ আপুনি যদি নিজকে ভাল নাপায় আন কোনে পাব? নিজক অলপ মৰম কৰিলে, দয়াশীল হলে ই আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল কৰাৰ লগতে আপোনাক শক্তিশালীও কৰিব৷ নিজৰ প্ৰতি দয়াশীল হব পাৰিলেহে আপুনি আনৰ প্ৰতিও দয়াশীল হব পাৰিব, আনকো মৰম কৰিব পাৰিব৷ কিছুমান কাম কৰিলে আপুনি নিজে নিজৰ প্ৰতি আৰু অলপ দয়াশীল বা kind ব পাৰিব৷

নিজৰ বাবে অলপমানমোৰ সময়

নিজৰ বাবে অলপমান মোৰ সময়উলিয়াওক৷ প্ৰতিদিনে অলপ সময় নিজৰ বাবেই একাষৰীয়া কৈ থওক৷ এইখিনি আপোনাৰ সময়, তাত আন কাৰো দাবী নাখাটিব৷ আপুনি নিজৰ সুবিধা মতে এক নির্দিষ্ট সময়ত এইখিনি সময় আছুতীয়াকৈ থব পাৰে৷ আপুনি যদি পাৰে, আপোনাৰ হাতত যদি সময় আছে তেনেহলে এঘন্টা তেনে সময় প্ৰতিদিনে ৰাখিব৷ কিন্তু যদি আপোনাৰ হাতত ইমান সময় নাই, তেতিয়াও পাৰিলে আধা ঘন্টা তেনে সময় ৰাখিব৷ এইখনি সময়ত আপুনি যি কৰি ভাল পায় তাকে কৰিব৷

নিজকে এটা ট্ৰিট দিয়ক

নিজকে ট্ৰিট দিলে ই আপোনাৰ মটিভেচন আৰু পেচন আকৌ লাভ কৰাত সহায় কৰিব৷ দৈনন্দিন জীৱনৰ হেঁচা, দুখ-কষ্ট পাৰ কৰিবলৈ এনে ধৰণৰ সৰু সুৰা ট্ৰিটবোৰে আপোনাক সহায় কৰিব৷ এনে কথাবোৰে আপোনাৰ চেলফ এষ্টিম বঢ়ায় আৰু মুড ঠিক কৰে৷ কেনে ধৰণৰ ট্ৰিট নিজকে দিব পাৰে? ৫ মিনিট সময় একো নকৰাকৈ থকা, কিবা এটা স্বাস্থ্যসন্মত খোৱা, কাৰোবাক ফোন কৰা, ১০ মিনিট গেইম এটা খেলা, কিবা এটা পঢ়া, চিনেমা এখন ১৫ মিনিট চোৱা, নিজৰ বাকেট লিষ্টৰ কিবা এটা সৰু কাম কৰা, এটা চকোলেট বা আইচক্ৰিম খোৱা, নতুন কাপোৰ এটা কিনা, অকলে এখন ৰেষ্টুৰেন্টলৈ গৈ আৰামত বহি কিবা এটা খোৱা, নতুন কিবা এটা ৰন্ধা, অলপ সময় শোৱা, বা আপুনি ভালপোৱা তেনে কিবা এটা কৰা, চোৱা বা খোৱা৷

অলপ খোজ কাঢ়ক

দেখাত তেনেই সাধাৰণ কথা যেন লাগিলেও খোজ কঢ়াটো এটা ডাঙৰ কথা হ’ব পাৰে৷ ই আপোনাৰ বাবে ভাল৷ খোজ কাঢ়িলে ই ষ্ট্ৰেছ কমায়, লগতে মন ভাল লগোৱা এনেডৰফিন শৰীৰত নিসঃৰণ ঘটাই ই আপোনাৰ মুড ভাল কৰে আৰু লগতে চেলফ এষ্টিম বঢ়োৱাতো সহায় কৰিব পাৰে৷ ই আপোনাৰ ব্লাড প্ৰেচাৰ কমাব পাৰে, ওজন কমাব পাৰে, নিজৰ মনত নিজকে ফিট যেন অনুভৱ কৰাব পাৰে৷ নিজৰ শৰীৰ আৰু মনৰ ইমানবোৰ লাভ দিয়া এই কামটো কৰা মানে নিজকে ভালপোৱা নহয় জানো?

গান শুনক বা কিতাপ পঢ়ক

আপুনি যদি গান শুনি ভাল পায় অলপ সময় গান শুনক৷ আপুনি যেনে ধৰণৰ গান শুনি ভাল পায় তেনেধৰণৰ গান শুনক৷ যদি কিতাপ পঢ়ি ভাল পায়, দিনটোত অলপ সময় নিজৰ বাবে উলিয়াওক যি সময়ত আপুনি কিতাপ পঢ়িব৷ প্ৰয়োজন হ’লে আন কিবা এটা কাম বাদ দি নিজৰ বাবে পঢ়িবলৈ বা গান শুনিবলৈ সময় উলিয়াওক৷ এনেদৰে নিজৰ বাবে সেইখিনি সময় উলিওৱাটো নিজকে ভালপোৱাৰ আন এটা ৰূপ৷

অচিনাকি মানুহ এজনক সহায় কৰক

অচিনাকি মানুহ এজনক সহায় কৰিলে ই কেনেকৈ নিজৰ প্ৰতি দয়াশীল হোৱাটো বুযাব? আপুনি যেতিয়া অচিনাকি মানুহ এজনক সহায় কৰে, তেতিয়া মনটো কেনে লাগে? ভাল লাগে নহয়নে? আপুনি যেতিয়া কাৰোবাক চিনি নাপালেও, একো স্বার্থ নাথাকিলেও সহায় কৰে, তেতিয়া নিজৰ মনত নিজৰ প্ৰতি আপোনাৰ সন্মান বাঢ়ি যায়, নিজকে অলপ হলেও ভাল লাগে৷ এই কথাটোৱে আপোনাৰ আত্মসন্মান বঢ়াব, নিজকে আৰু ভাল পাবলৈ শিকাব৷

জীৱনটো কিয় সুন্দৰ তাৰ ৫ টা কাৰণ বিচাৰক

নিজেক সোধক “মোৰ জীৱনটো সুন্দৰ হোৱাৰ ৫ টা কাৰণ কি?” প্ৰথমতে হয়তো মনলৈ আহিব পাৰে “মোৰ জীৱনটো ক’তনো সুন্দৰ?” কিন্তু তথাপিও আকৌ নিজকে সেই প্ৰশ্নটো সোধক৷ তাৰ উত্তৰ নোপোৱালৈকে সুধি থাকক৷ এটা সময়ত আপোনাৰ অৱচেতন মনটোৱে তাৰ ৫ টা কাৰণ আপোনাক উলিয়াই দিব৷ আৰু আপুনি সেয়া দেখি আচৰিত হ’ব৷ আপুনি মন নকৰা, নভবা এনে কিছুমান কাৰণ সি বিচাৰি মেলি উলিয়াই দিব যিবোৰ দেখি আপুনি আচৰিত হ’ব এইবোৰ ক’ত লুকাই আছিল বুলি৷ এনে কিছুমান কথা আমাৰ ভিতৰতে থাকে, মাত্ৰ সেইবোৰক বিচাৰিব লাগে৷ এয়া বিচাৰি পালে আপোনাৰ লগে লগে নিজৰ প্ৰতি মৰম বাঢ়িব আৰু জীৱনটো আগতকৈ ভাল যেন লাগিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top