সিদ্ধান্ত লোৱা আৰু টাইম মেনেজমেন্ট দুয়োটাতে কামত আহে এই পদ্ধতিটো
যদি আপোনাৰ বহু কাম কৰিবলগীয়া আছে আৰু আপুনি বুজি পোৱা নাই ক’ত আৰম্ভ কৰিব, কোনটো কৰিব, কেতিয়া কৰিব তেতিয়াহ’লে তাৰ এটা উপায় আছে৷
জীৱনত আমি নানা সিদ্ধান্ত ল’বলগীয়া হয়৷ কেতিয়াবা যদি কিছুমান সিদ্ধান্ত লওতে আপোনাৰ সমস্যা হয় তেতিয়াও এই পদ্ধতিটোৱে আপোনাক সহায় কৰিব নানাধৰণৰ সিদ্ধান্ত লওতে৷
এই পদ্ধতিটো হ’ল আইজেনহাৱাৰ মেট্ৰিক্স৷ ইয়াক ব্যৱহাৰ কৰি আপুনি দুয়োটা সমস্যাৰে উপায় পাব৷
কোনবিলাক কাম এতিয়াই কৰিব লাগিব, কোনবোৰ পিছত কৰিলেও হ’ব, কোনবোৰ আনক কৰিবলৈ দিব পাৰি আৰু কোনবোৰ নকৰিলেও হ’ব সেই সিদ্ধান্ত লোৱাত আৰু তেনেদৰে আপোনাৰ সময়বোৰ মেনেজ কৰাত ই আপোনাক সহায় কৰিব৷
কি এই পদ্ধতিটো?
আমেৰিকাৰ ৩৪ নম্বৰ ৰাষ্ট্ৰপতি আইজেনহাৱাৰে এই পদ্ধতিটো ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ নামেৰে ইয়াক আইজেনহাৱাৰ মেট্ৰিক্স বুলি কোৱা হয়৷
এই মেট্ৰিক্সটোত ৪ টা ভাগ আছে- Urgent, Important, Not Urgent, Not Important
ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব?
প্ৰথমটো ভাগ- এই ভাগটোত আহিব সেইবোৰ কাম যিবোৰ Urgent আৰু Important৷
এই কামবোৰ আপোনাৰ বাবে অর্থাৎ আপোনাৰ জীৱনৰ বাবে, কেৰিয়াৰৰ বাবে, পৰিয়ালৰ বাবে, বৰ গুৰুত্বপূর্ণ আৰু এইবোৰ এতিয়াই কৰিবই লাগিব৷ যিমান সোনকালে পাৰি সিমান সোনকালে এই কামবোৰ কৰিব লাগিব৷
আপোনাৰ কেৰিয়াৰৰ বাবে এনে এটা কাম হ’ব পাৰে কোনোবা এজন গুৰুত্বপূর্ণ ক্লায়েন্টৰ ইমপৰটেন্ট ইমেইল এটা ৰ উত্তৰ দিয়া৷ আনহাতে পৰিয়ালৰ ক্ষেত্ৰত তেনে এটা কাম হ’ব পাৰে আপোনাৰ ল’ৰা বা ছোৱালীৰ স্কুলৰ এডমিচন বা স্কুলৰ ফিজ দিয়া কাম৷ কাৰোবাৰ যদি মেডিকেল ইমাৰজেন্সি হৈছে সেয়াও এই ভাগটোৰ ভিতৰত আহিব৷
দ্বিতীয়টো ভাগ- Important কিন্তু Not Urgent৷
এই কামবিলাক গুৰুত্বপূর্ণ হয় কিন্তু জৰুৰী নহয়৷ আপোনাৰ জীৱনৰ যিবোৰ দীর্ঘদিনীয়া লক্ষ্য বা লং টার্ম গ’ল আছে সেইবোৰ এই ভাগৰ অন্তর্ভুক্ত হ’ব৷ এই কামবিলাক কেতিয়া কৰিব সেয়া আপুনি সিদ্ধান্ত ল’ব পাৰে৷
কেনেধৰণৰ কামবোৰ ইয়াৰ ভিতৰুৱা হ’ব? ধৰক শাৰীৰিক ব্যায়াম বা এক্সাচাইজ কৰাটো আপোনাৰ বাবে, আপোনাৰ জীৱনৰ বাবে, ভবিষ্যতৰ বাবে গুৰুত্বপূর্ণ আৰু আপুনি সিদ্ধান্ত ল’ব পাৰে আপুনি কেতিয়া এইবোৰ কৰিব, সদায় কৰিব নে নকৰিব, কোনটো সময়ত কৰিব ইত্যাদি৷ কেৰিয়াৰৰ ক্ষেত্ৰত যদি চায় আন এটা ডিগ্ৰী বা প্ৰফেচনেল কর্চ এটা কৰিলে আপোনাৰ কেৰিয়াৰৰ বাবে বেছি ভাল হ’ব৷
তৃতীয়টো ভাগ- এই কামবোৰ পাৰিলে আনক কৰিবলৈ দিয়ক৷
এই কামবোৰ গুৰুত্বপূর্ণ নহয়, কিন্তু জৰুৰী৷ এই কামবোৰ আপোনাৰ বাবে, আপোনাৰ লক্ষ্যবোৰৰ বাবে বা আপোনাৰ কাৰণে খুব গুৰুত্বপূর্ণ মানুহবোৰৰ বাবে গুৰুত্বপূর্ণ নহয়৷ ধৰি লওক কোনোবাই ইমেইল কৰিলে বা ফোন কৰিলে৷ সকলোবোৰ ফোন আৰু ইমেইল আপোনাৰ বাবে গুৰুত্বপূর্ণ নহ’বও পাৰে৷ গতিকে লগে লগে সেইবোৰৰ উত্তৰ দিবই লাগিব বুলি কোনো কথা নাই৷ সেয়া আন কাৰোবাৰ বাবে গুৰুত্বপূর্ণ হ’ব পাৰে আপোনাৰ বাবে নহয়৷ গতিকে নিজৰ কৰি থকা কাম বাদ দি এই কামটো কৰিবই লাগিব বুলি কোনো কথা নাই৷ ফোন ধৰা, বিল দিয়া, সৰু-সুৰা বজাৰ কৰা আদি এনে কিছুমান কাম৷ সেয়া পাৰিলে আপুনি আনক কৰিবলৈ দিব পাৰে৷
চতুর্থটো ভাগ- এই কামবোৰ গুৰুত্বপূর্ণও নহয়, জৰুৰীও নহয়৷
এইবিলাক বাদ দিয়ক, ডিলিট কৰি দিয়ক৷ এইবিলাক আপোনাৰ বাবে সময় নষ্ট বাদে আন একো নহয়৷ এইবিলাক যদি আপুনি বাচি উলিয়াব পাৰে আৰু বাদ দিব পাৰে আপোনাৰ ইমান সময় ওলাব যে আপুনি নিজে আচৰিত হৈ যাব৷
টিৱি চোৱা, ভিডিঅ গেম খেলা আদি, বাৰে বাৰে চিনেমা এখন চোৱা, বাৰে বাৰে ক্ৰিকেট মেচ এখন চোৱা আদি এনে কাম হ’ব পাৰে৷ কেতিয়াবা অলপ সময় আপুনি ইয়াত দিবলৈ মন যাব পাৰে, তেন আপুনি ইচ্ছা কৰিলে কৰিব পাৰে৷ যদি অলপ সময় গেম খেলিলে আপোনাৰ নিজৰে ৰিচার্জ হৈ যোৱা যেন লাগে সেয়া আপুনি কৰিব পাৰে৷
আপুনি আৰু আন এজন মানুহ বেলেগ৷ গতিকে যিটো কথা আন এজনৰ বাবে খুব গুৰুত্বপূর্ণ আৰু জৰুৰী হ’ব সেয়া আপোনাৰ বাবে নহ’বও পাৰে৷ সেই কথাটো কামবোৰ ভগোৱাৰ সময়ত মনত ৰাখিব৷ সেয়া সম্পূর্ণৰূপে আনক অনুসৰণ কৰাতকৈ আপুনি নিজৰ কামবোৰ নিজে এনেদৰে চাৰিটা ভাগত ভগাই ল’লে বেছি ভাল হ’ব৷
আপোনাৰ প্ৰায়ৰিটিবোৰ মেনেজ কৰাত ই খুব ভালধৰণে আপোনাক সহায় কৰিব৷ আপুনি চেষ্টা কৰিব লাগে আপুনি যাতে বেছি সময় দুই নম্বৰ ভাগটোত দিব পাৰে৷ মাত্ৰ সাৱধান হ’ব এই দুই নম্বৰ ভাগটোত, যত কামবোৰ গুৰুত্বপূর্ণ কিন্তু জৰুৰী নহয়, অর্থাৎ এতিয়াই কৰিবলগীয়া নহয়, তাত প্ৰায়ে কামবোৰ পিছলৈ পেলাই থবলৈ মন যাব পাৰে, কাৰণ এই কামবোৰ জৰুৰী নহয়৷ আপুনি তেনে নকৰিব৷ এই কামবোৰ পিছলৈ পেলাই নথব৷ এইবোৰ আপোনাৰ প্ৰফেচনেল আৰু ব্যক্তিগত জীৱনৰ বাবে বৰ গুৰুত্বপূর্ণ কাম আৰু এইবোৰে আপোনাক আপোনাৰ লক্ষ্যৰ পিনে আগুৱাই নিব৷ সেইবাবে এইবোৰ কাম কৰাটোত বেছি গুৰুত্ব দিব আৰু আপুনি আগতকৈ বেছি গতিত আৰু বেছি ভালদৰে নিজৰ লক্ষ্যৰ পিনে আগুৱাই যাব পাৰিব৷