আপুনি যদি খুব ব্যস্ত কিন্তু তাৰ পিছতো আপুনি বহুকেইটা কাম কৰিব বিচাৰে, জীৱনৰ বিভিন্ন দিশক সমানে আগুৱাই নিব বিচাৰে তেনেহ’লে আপুনি এই উপায়টো ব্যৱহাৰ কৰিব পাৰে৷ আপুনি যদি নিজৰ চাকৰি কৰা বা পঢ়া কামটোৰ লগতে, গীটাৰ বজাবলৈ শিকা, মেডিটেচন কৰা, আন এটা ভাষা শিকা, চফটৱেৰ এটা ব্যৱহাৰ কৰিবলৈ শিকা আদি আন কামো কৰিব বিচাৰে তেনেহ’লে সেয়া কৰা সম্ভৱ৷
আপুনি যদি বিভিন্ন কাম কৰিব বিচাৰে তেন্তে এই উপায়টোৱে সেই কামত সহায় কৰিব৷ এই উপায়টো হ’ল মিনি হেবিট৷
বিভিন্ন লক্ষ্য
আপোনাৰ জীৱনৰ বিভিন্ন দিশত যদি বেলেগ বেলেগ লক্ষ্য আছে তেতিয়াহ’লে আপুনি এইসকলোবোৰ লক্ষ্য লাভ কৰিবলৈ কাম কৰি যাব পাৰে৷ এনে নহয় যে এটা লক্ষ্য লাভ কৰিবলৈ আপুনি আন এটা লক্ষ্য বাদ দিব৷ বেলেগ বেলেগ লক্ষ্যবোৰ মেনেজ কৰা বাবে আপুনি এই উপায়টো ব্যৱহাৰ কৰিব পাৰে৷
কেনেদৰে এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰি?
ধৰি লওক আপুনি মেডিটেচন কৰিব বিচাৰে আৰু আপুনি ঠিক কৰি লৈছে দিনে মই এঘন্টা মেডিটেচন কৰিম৷ কিন্তু প্ৰায়ে সেয়া কৰা নহয়৷ কিয়? কাৰণ আপুনি মন কৰিলেও এঘন্টা সময় বহি আপুনি মেডিটেচন কৰিব নোৱাৰে৷ গতিকে আৰম্ভ কৰিলেও দুদিনমানৰ পিছত আপুনি ইয়াৰ বাবে সময় উলিয়াব নোৱাৰা হয়, কৰিবলৈ মন নাযায়৷ ফলত কামটো বাদ পৰে৷ কিন্তু তাকে নকৰি যদি আপুনি নিজে ঠিক কৰি লয় যে “মই ৫ মিনিট সময় মেডিটেচন কৰিম,” তেতিয়া দিনটোত ৫ মিনিট সময় আপোনাৰ নিশ্চয় ওলাব৷ আৰু ৫ মিনিট সময় মেডিটেচন কৰা কামটো টান কাম নহয়৷ এঘন্টা সময় মেডিটেচন কৰাতকৈ ই বহু সহজ কাম৷ গতিকে আপুনি প্ৰতিদিনে সেয়া কৰাৰ সম্ভাৱনা বেছি৷ ইমান কম সময়ৰ বাবে মেডিটেচন কৰি কিবা লাভ হ’বনে? হ’ব৷ সেই বিষয়ে অলপ পিছত আমি আলোচনা কৰিম৷
এনে কৰিব পাৰিনে? নিশ্চয় পাৰি৷ সাধাৰণতে আমি নিজৰ পৰা বহু বেছি আশা কৰোঁ আৰু ফলত সেই ডাঙৰ আশা বোৰৰ বাবে আমাৰ একো কৰা নহয়৷ কিন্তু এনেদৰে যদি মিনি হেবিট একোটা আৰম্ভ কৰা এইবোৰে প্ৰতিদিনে কৰাটো সম্ভৱ আৰু কিছুদিন পিছত ই আমাৰ অভ্যাসত পৰিণত হ’ব৷
এই মিনি হেবিটৰ ক্ষেত্ৰত তাৰ পৰা আপুনি কৰা আশাবোৰ বহুত সৰু৷ যেনে আপুনি এক্সাচাইজ মাত্ৰ ১৫ মিনিটৰ বাবেহে কৰিব বিচাৰে, বা ১০ মিনিটৰ বাবেহে পঢ়িব বিচাৰে৷ সেইবাবে বেছি সময় হাতত সময় নাথাকিলেও এইবোৰ কৰিব পাৰি৷ আশাবোৰ কম বা সৰু গতিকে সেইবোৰ কৰাটো টান কাম নহয়৷ ডিপ্ৰেচন হৈ থাকিলেও এনে মিনি হেবিটবোৰ কৰিব পাৰি৷ আপুনি যদি কিতাপ পঢ়িব বিচাৰে, তেন্তে কিতাপ পঢ়ক ১০ মিনিটৰ বাবে, মেডিটেচন কৰক ৫ মিনিটৰ বাবে, এক্সাচাইজ কৰক ১৫ মিনিটৰ বাবে৷
আপুনি অভ্যাস এটা কৰিলে লাগিলে একেবাৰে কম সময়ৰ বাবেই কৰক, সি লাহে লাহে আপোনাৰ অভ্যাস হৈ পৰে৷ পিছলৈ সেই সময়টো বঢ়াব খুজিলে বঢ়োৱাটো আপোনাৰ বাবে টান নহ’ব৷
ইয়াতে এটা প্ৰশ্ন হ’ব পাৰে যে ইমান কম সময়ৰ বাবে কিবা এটা কৰি কি লাভ হ’ব?
লাভ হ’ব৷ একেবাৰে নকৰাতকৈ ১০ মিনিট নিয়মীয়াকৈ এক্সাচাইজ কৰাও ভাল নহয় জানো? মেডিটেচন একেবাৰে নকৰাতকৈ ৫ মিনিট সদায় কৰাও ভাল নহয় জানো? একেবাৰে কিতাপ নপঢ়াতকৈ ১০ মিনিট প্ৰতিদিনে কিতাপ পঢ়া বেছি ভাল নহ’বনে? এবাৰ এনেদৰে ১০ মিনিট এক্সাচাইজ কৰা অভ্যাস হৈ গ’লে সেই সময়টো বঢ়োৱাটো জানো সহজ নহ’ব?
তাতকৈ ডাঙৰ কথা এনেদৰে মিনি হেবিট এটা আৰম্ভ কৰিলে ই মমেন্টাম সৃষ্টি কৰাত সহায় কৰে৷ ছাত্ৰ-বা ছাত্ৰী এগৰাকীয়ে পঢ়া আৰম্ভ কৰিলে মাত্ৰ ৫ মিনিটৰ বাবে আৰু ৫ মিনিট শেষ হওতে যদি পাৰে আৰু অলপ সময় বঢ়ালে, আৰু ৫ মিনিট বঢ়ালে, তেনেদৰে বঢ়াই গৈ থকাটো সম্ভৱ আৰু সহজ৷ এই মমেন্টাম বস্তুটো এটা সাংঘাটিক বস্তু৷ এবাৰ আৰম্ভ কৰিব পাৰিলে, নোৱাৰিম বুলি ভবা বহু কামো কৰি শেষ কৰাত ই সহায় কৰে৷
এই পদ্ধতিত লক্ষ্যবোৰ সৰু আৰু আশা ও কম- গতিকে কামবোৰ হয়, কামবোৰ কৰিব পাৰি৷
আপুনি যদি কিবা এটা অভ্যাস আৰম্ভ কৰিব পৰা নাই তেনেহ’লে এই উপায়টো তাত ব্যৱহাৰ কৰক৷ কিতাপ পঢ়া, মেডিটেচন, এক্সাচাইজ কৰা, স্কুল-কলেজৰ বাবে পঢ়া, গীটাৰ বজাবলৈ শিকা, নতুন ভাষা এটা শিকা, নতুন হ’বি এটা অৰম্ভ কৰা ইত্যাদি যিকোনো কথাতে ইয়াক ব্যৱহাৰ কৰিব পাৰিব৷ আৰু অসুবিধা নোপোৱাকৈ ইয়াক প্ৰতিদিনে কৰি গৈ থাকিব পাৰিব যেতিয়ালৈকে ই আপোনাৰ অভ্যাসত পৰিণত নহয়৷