আপুনি যদি কৰি থকা আৰু কৰিবলগীয়া কামৰ পৰা আনন্দ পাব বিচাৰে তেনেহ’লে এই ধাৰণাটোৱে তাত সহায় কৰিব৷ আপুনি যদি কিবা এটা শিকিব বিচাৰে, সেয়া ভালদৰে শিকাত ই সহায় কৰিব৷
জেন বুদ্ধিজমত শোশিন নামৰ এটা ধাৰণা আছে৷ এই শব্দটোৰ অর্থ হ’ল “আৰম্ভণি কৰোতাৰ মন”৷ ই কিবা এটা বিষয় অধ্যয়ন কৰোতে আপোনাৰ আগৰ ধাৰণা সমূহ, প্ৰত্যাশাবোৰ, এৰি দিয়া আৰু অপকটতাৰ এক এটিটিউড লৈ কাম কৰাকে বুজায়৷ অৰম্ভণি কৰোতা বা নতুন শিকাৰু হিচাপে আপুনি এক খোলা মন লৈ, নতুন চকুৰে বস্তুবোৰ চাব পাৰিব ৷
নতুন শিকাৰুৰ সুবিধা
আপুনি যদি একেবাৰু নতুন শিকাৰু, তেতিয়া আপোনাৰ মনটো খালী আৰু খোলা হৈ নাথাকে জানো? সেই সময়ত আপুনি শিকিবলৈ আগ্ৰহী হয় আৰু লাভ কৰা সকলোবোৰ তথ্যকে আপুনি বিচাৰ কৰে৷ ইয়াক শিশু এটাই নতুন কিবা এটা প্ৰথমবাৰৰ বাবে দেখা, শুনা বা চুই চোৱাৰ লগত ৰিজাব পাৰি৷ শিশু এটাই নতুন কথা এটা দেখিলে, চুলে বা শুনিলে ই কিমান ভাল পায়, আচৰিত হয়, ফূর্তি পায়৷ সেই একে ধৰণৰ আনন্দ, আৰু অভিজ্ঞতা আমি পাব পাৰোঁ যদি আমি মনটো শিশু এটাৰ নিচিনা কৰি ৰাখিব পাৰোঁ৷
আমি যিমানে ডাঙৰ হ’বলৈ ধৰোঁ, মনটো সলনি হ’বলৈ ধৰে, ই বন্ধ হৈ পৰিবলৈ ধৰে৷ আপুনি ভবা আৰম্ভ কৰে, “মই সকলো জানোৱেই, কিনো শিকিব লগীয়া আছে?” আৰু তেনে অৱস্থাত আপুনি নতুন কথা এটা শিকি একো আনন্দ নাপায় আৰু লগতো যিকোনো কথা আৰু অভিজ্ঞতাৰ পৰা কোনো ধৰণৰ ফূর্তিও নাপায়৷ কথা এটা শিকোতে আপুনি বিভিন্ন তথ্য আওকাণ কৰে আৰু ভালদৰে মনোযোগ নিদিয়ে৷ ফলত আপোনাৰ কথাবোৰ শিকাৰ ক্ষমতা আগতকৈ হ্ৰাস পায়৷
আমি যদি শোশিন ধাৰণা টো অভ্যাস কৰোঁ, তেতিয়া আমাৰ জীৱনটোৰ বহু কথা সলনি হৈ পৰিব৷ যদি আমি জীৱনটোৰ এনেদৰে ওচৰ চাপিব পাৰো, তেতিয়া আমি শিকিব বিচৰা কথাবোৰ শিকিব পাৰিম অৰু যিকোনো কথা শিকিবলৈ সহজ হ’ব৷ লগতে ইয়াক অভ্যাস কৰিলে নানা ধৰণৰ সমস্যাৰ সমাধানো হৈ যাব৷ কামবোৰ কৰোতেওঁ আমি আনন্দ পাব পাৰিলোঁহেঁতেন৷ শোশিন ধাৰনাটো যে অকল ছাত্ৰ-ছাত্ৰীক লাগে এনে নহয়, ই যিকোনো বয়সৰ মানুহৰ বাবেই কামত অহা, জৰুৰী ধাৰণা৷
জীৱনটোক এনেদৰে নতুনকৈ আৰম্ভণি কৰা এজনৰ মনটোৰে চাবলৈ চেষ্টা কৰো আহক৷ তেনে কৰিব পাৰিলে আমি সৰু সৰু কথাতে আনন্দ পাব পাৰিম৷ আনকি পুৰণি, আগতে লাভ কৰা অভিজ্ঞতা একোটাৰ পৰাও আমি আনন্দ লাভ কৰিব পাৰিম৷
প্ৰতিটো দিনৰ, প্ৰতিটো মুহূর্তত এয়া আমি অভ্যাস কৰিব পাৰোঁ৷ তেনে কৰিবলৈ অভ্যাস কৰাৰ লগে লগে আমাৰ সৰু সৰু, আগতে কোনো মূল্য নথকা বুলি ভবা মুহূর্ত এটাইও আমাৰ বাবে ফূর্তি, আনন্দৰ জোৱাৰ আনিব পাৰিব৷ সেয়া হোৱাৰ কাৰণ হ’ল এই শোশিন ধাৰণাটোৱে আমাক সাংঘাটিক ধৰণে মাইণ্ডফুল হ’বলৈ শিকাব পাৰে৷ আৰু মাইণ্ডফুলনেছ আজিৰ সদাব্যস্ত পৃথিৱীত আমাক লাগে৷ যিমানে আমি এয়া অভ্যাস কৰিম সিমানে আমি বর্তমানত বাস কৰিব পাৰিম, বর্তমানত চলিব পাৰিম আৰু তেতিয়া আনন্দ পোৱাৰ লগতে অতীতক লৈ হোৱা দুখ আৰু ভবিষ্যতক লৈ হোৱা দুঃচিন্তা নোহোৱা হ’ব৷
শোশিন অভ্যাস কৰিলে সকলো কথাকে আপুনি গুৰুত্ব দিব পাৰিব৷ সৰু সৰু কথাবোৰৰ পৰা আনন্দ পাব, আপুনি কৰা কামবোৰৰ অভিজ্ঞতা বেছি ভাল হ’ব৷ আৰু যদি কামবোৰৰ পৰা আপুনি ভাল অভিজ্ঞতা পায়, কামবোৰ কৰি উপভোগ কৰে, তেতিয়া আপুনি কাম পিছলৈ পেলাই নথয়৷ যি সময়ত কাম এটা কৰিব লাগে সেই সময়ত কামটো কৰিব আৰু বেছি ভালদৰে কৰিব৷
শোশিনে আমাৰ উদ্বেগো নোহোৱা কৰিব৷ আপুনি যিহেতু কাম কৰিবলৈ চিন্তা নকৰে, পিছলৈ পেলাই নথয়, কামবোৰ কৰি ভাল পায়, গতিকে এতিয়া আৰু কামৰ বাবে আপোনাৰ উদ্বেগ হ’ব কেনেদৰে? জীৱনত, ঘৰত, অফিচত কিবা সালসলনি হ’লেও, নতুন কথা শিকিব লগীয়া হলেও আপোনাৰ আৰু ষ্ট্ৰেছ নহয়, কাৰণ আপুনি আনন্দেৰে, আগ্ৰহেৰে এইবোৰ শিকিবলৈ চেষ্টা কৰিব, নতুন কথা শিকিবলৈ পাম বুলি আপোনাৰ মনটো ভাল লাগিব৷