Close

কামটো কৰক বা তাৰ বিষয়ে কোৱাটো বন্ধ কৰক

Do it — or stop talking about it.

আপুনি যদি কিছুমান কাম কৰিব বিচাৰে তেন্তে সম্ভৱত আপুনি সেই বিষয়ে কথা কয়৷ নিজৰ বন্ধুবর্গৰ আগত, অফিচৰ সহকর্মীৰ আগত, আন কোনোবাৰ আগত৷ আপুনি কৰিব বিচৰা কাম এটা নানা ধৰণৰ হ’ব পাৰে৷ কোনোবাই নিজৰ বিজনেচ বা কাম আৰম্ভ কৰিব বিচাৰে৷ আন কোনোবাই নিজৰ এখন খেতি কৰা ঠাই বা ফার্ম আৰম্ভ কৰিব বিচাৰে৷ কোনোবাই মাউন্ট এভাৰেষ্ট বগাব বিচাৰে৷ আন কোনোবাই আকৌ নিজৰ ইউটিউব চেনেল এটা আৰম্ভ কৰিব বিচাৰে, কোনোবাই লিখক হ’ব বিচাৰে, কোনোবাই নিজৰ শৰীৰটো বডীবিল্ডাৰৰ নিচিনাকৈ বনাব বিচাৰে, কোনোবাই নিজৰ ওজন কমাব বিচাৰে, কোনোবাই চিনেমাত এক্টিং কৰিব বিচাৰে, কোনোবাই গায়ক বা গায়িকা হ’ব বিচাৰে৷

আমি এইবোৰ কথা আনৰ আগত কও৷ আৰু যেতিয়া আমি এইবোৰ কাম আৰম্ভই নকৰোঁ বা সেইবোৰৰ দিশত একো কামেই হাতত নলও তেতিয়া আমি কেৱল আনৰ আগত “এয়া কৰিম,” “সেয়া কৰিম,” আদি নানা কথা কৈ থাকো৷ কিছুমানে তেনে কথা সদায়ে কৈয়ে থাকে৷  ঘন্টাৰ পিছত ঘন্টা ধৰি আমি কি কৰিম, কেনেদৰে কৰিম, কি হ’ব সেই বিষয়ে কথা কৈ থাকিব পাৰোঁ, সৰু –ডাঙৰ সকলো বিৱৰণ দিব পাৰোঁ৷ কিন্তু তেনে কৰাৰ পৰা আমাৰ একো লাভ হোৱা নাই, কামটো আগতেও একো হোৱা নাছিল, আজিও একো হোৱা নাই, সি একেটা অৱস্থাতে আছে৷

আনৰ আগত এয়া কৰিম, সেয়া কৰিম বুলি কথাবোৰ বন্ধ কৰক৷ আপুনি যদি এই বিষয়ে একো কৰা নাই তেনেহ’লে সেই বিষয়ে কথা কোৱা বন্ধ কৰক৷ নিজকে এটা প্ৰতিজ্ঞা কৰক- “যোৱা এসপ্তাহত যদি এই বিষয়ে মই একো কৰা নাই তেতিয়াহ’লে মই এই বিষয়ে কাৰো আগত একোকে নকও৷” যদি যোৱা এসপ্তাহত আপুনি কৰিব বিচৰা কামটো বা কামবোৰৰ দিশত কিবা এটা কৰিছে, তেতিয়াহে এই বিষয়ে আপুনি আনৰ আগত কথা ক’ব৷ লাগিলে কামটো একেবাৰে সৰুৱে হওক, কিন্তু আপুনি যদি সঁচাকৈ সেই কামটো হাতত লৈছিল আৰু কৰিছিল বা কৰি আছে, তেতিয়াহে আপুনি কথা কোৱাৰ যোগ্য৷

এয়া এইকাৰণেই কৰিব লাগে কাৰণ নহ’লে হয়তো আপুনি কেৱল এই বিষয়ে কৈ হে থাকিব, একো নকৰে৷ এতিয়া যদি একো নকৰাকৈ আপুনি কামটোৰ কথা কৈ হৈ আছে তেন্তে কামটো নকৰাকৈ থকাৰ এটা সুবিধা হিচাপে হয়তো আপুনি সেই কামটোক ব্যৱহাৰ কৰি আছে৷ আপুনি হয়তো ভাবিছে “মই এইটো, সেইটো কাৰণত একো কৰিব পৰা নাই, কিন্তু কামটো মই এৰি দিয়া নাই, কাৰণ তাৰ প্ৰমাণ হ’ল মই এই বিষয়ে কথা কৈ আছোঁ৷” কিন্তু সেয়া সঁচা জানো? আপুনি নিজকে পতিয়ন নিয়াব বিচাৰিছে যে আপুনি আগতে যিটো কাম কৰিব বিচাৰিছিল আজিও সেয়া বিচাৰে মাত্ৰ নানা ধৰণৰ সমস্যাৰ বাবে, কাৰণৰ বাবে আপুনি সেয়া কৰিব পৰা নাই৷ কিন্তু সঁচাকৈয়ে আপুনি নিজকে পতিয়ন নিয়াব পাৰিছেনে? নে নিজেও আপুনি প্ৰকৃততে জানে যে সেয়া কেৱল কোৱা কথাহে, কামবোৰ নকৰাকৈ থকাৰ বাবে কিছুমান অজুহাত৷ তাৰ দ্বাৰা আপুনি নিজকে ফাঁকি দি আছে নেকি?

নাই, আপুনি কামটো বা কামবোৰ বাদ দি দিব নালাগে৷ বৰঞ্চ তাৰ ওলোটাটোহে কৰক৷ কৰিব বিচৰা সেই কামবোৰ কৰাৰ দিশত, নিজৰ সপোনবোৰৰ দিশত সৰু সৰুকৈ, এটা এটাকৈ কামবোৰ কৰা আৰম্ভ কৰক৷

সেই বিষয়ে ঘন্টাৰ পিছত ঘন্টা আনৰ আগত কথা কোৱাতকৈ নিজে ঘন্টাৰ পিছত ঘন্টা ধৰি সেই বিষয়ে কাম কৰা আৰম্ভ কৰক. কাম কৰা আৰম্ভ কৰিলে তাৰ ফলাফলো আপুনি দেখা পাবলৈ আৰম্ভ কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top