সদায় ৰাতিপুৱা আপুনি ভাবে যে আজি বহুত কাম কৰিম; কৰিবলগীয়া ইমানবোৰ কাম আছে, আজি সকলোবোৰ শেষ কৰিম; কিন্তু ৰাতি যেতিয়া দিনটোৰ কামৰ খতিয়ান লয় তেতিয়া দেখে যে দিনটোত একো কাম কৰাই নহ’ল৷ কৰিম বুলি ভবা কামবোৰ তেনেদৰেই থাকিল৷ কিন্তু কিয় এনে হয়?
আপুনি পৰিকল্পনা কৰা নাছিল
আপুনি সপ্তাহটো, বা দিনটো আৰম্ভ কৰোতে ইয়াৰ বাবে পৰিকল্পনা বা প্লেন কৰা নাছিল৷ “যি ঘটে ঘটিব” এনেধৰণৰ এক চিন্তাৰ সৈতে আপুনি দিনটোৰ বা সপ্তাহটোৰ আৰম্ভণি কৰিছিল৷ তেনে অৱস্থাত তাৰ পৰা একো ফল নোপোৱাটো আচৰিত কথা হয়নে? আপুনি যদি সন্মুখত কিছুমান লক্ষ্য লৈ বা কৰিবলগীয়া কাম লৈ সেইবোৰ কেনেদৰে কৰিব, কেতিয়া কৰিব, কিমান সময় লাগিব পাৰে এই সকলোবোৰ কথা আগতে চিন্তা কৰি সেইমতে দিনটো আৰু সপ্তাহটোৰ কৰিবলগীয়া কামবোৰ ঠিক কৰি নলয়, প্লেন কৰি নলয়, তেতিয়া কেনেদৰে এই কামবোৰ কৰা হ’ব? প্ৰতি সপ্তাহৰ শেষত আপুনি পৰৱর্তী সপ্তাহৰ বাবে পৰিকল্পনা কৰা আৰম্ভ কৰিব পাৰে৷ বা ৰবিবাৰৰ দিনটোত সেয়া কৰিব পাৰে৷
দিনটোৰ কাম আৰম্ভ কৰোতে সেই দিনৰ বাবে ঠিক কৰা কামবোৰৰ প্লেনটো ৰাতিপুৱা উলিয়াই লৈ সেইমতে কামবোৰ কৰা আৰম্ভ কৰি দিব৷
প্লেন কৰোতে আপুনি দিনটোৰ আটাইতকৈ গুৰুত্বপূর্ণ কামটো ঠিক কৰি ল’ব আৰু সেই কামটো প্ৰথমতে কৰা আৰম্ভ কৰিব৷ দিনটোৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ কামটো যদি কৰা হয় তাৰমানে আপোনাৰ দিনটো প্ৰডাক্টিভ হৈ পৰিব আৰু আপোনাৰ প্ৰয়োজনীয় গুৰুত্বপূর্ণ কামবোৰ কৰাও হ’ব৷
আপুনি নো বা নহ’ব বা নোৱাৰো বুলি ক’ব নোৱাৰে
আন মানুহে যেতিয়া আপোনাক কিবা এটা কাম কৰিবলৈ কয়, কিবা এটা অনুৰোধ কৰে, তেতিয়া আপুনি নো বা নহ’ব বা নোৱাৰোঁ বুলি ক’ব নোৱাৰে৷ সেয়া আপোনাৰ স্বভাৱেই নহয়৷ ফলত আপুনি আনৰ কাম কৰি থাকে, নিজৰ কাম পিছলৈ পেলাই থৈ৷ নিজৰ সহকর্মী বা আনকি বছকো অন্যায় অনুৰোধ বা দাবী নামানি বেয়া নোপোৱাকৈ নো বুলি ক’ব পাৰি৷ তাৰবাবে মাত্ৰ আপুনি কৌশল কিছুমান জানিব লাগে৷ আনৰ কথা মানি লওতে বা হ’ব বুলি কোৱাৰ আগতে ভালদৰে কথাটো ভাবি চিন্তি চাব কাৰণ বেছিভাগ ক্ষেত্ৰতে আপুনি নহ’লেও সেই কামটো হ’ব বা হয়তো কামটো ইমান জৰুৰী নহয়েই৷
কোনোবাই কিবা ক’লেই সেয়া কৰিব লাগিব বুলি কোনো কথা নাই৷ আপুনি যদি নিজৰ কামবোৰ পৰিক্ল্পনা কৰি লৈছে আৰু সেইবোৰ আগতেই ঠিক কৰা হৈ আছে তেতিয়া আনৰ কাম এটা আপুনি কৰি নিদিয়াটো একো বেয়া কথা নহয়৷ আপোনাৰ হাতত যদি সময় আছে আৰু আপুনি কাৰোবাক সহায় কৰিব বিচাৰিছে তেতিয়া সেই কামটো কৰাটো বেয়া নহয়৷ কিন্তু আনৰ কাম আপোনাক কৰিবলৈ বা আপোনাৰ বাবে প্ৰয়োজনীয় কামবোৰ এৰি আনৰ বাবে প্ৰয়োজনীয় কামবোৰ কৰিবলৈ কোনেও আপোনাক বাধ্য কৰাব নোৱাৰে৷
মাত্ৰ মনত ৰাখিব কাৰোবাক নো বা নহ’ব বা নোৱাৰোঁ বুলি কোৱাটো একো বেয়া কথা নহয়৷
ডিচট্ৰেকচনবোৰে আপোনাক সমস্যাত পেলায়
আপুনি যেতিয়া কিবা এটা কাম কৰিবলৈ ল’ব তেতিয়া কিছুমান ডিচট্ৰেকচন তাত থাকিবই৷ এনে ডিচট্ৰেকচনবোৰে আপোনাৰ মনোযোগ কাম এটাৰ পৰা আতৰাই আনফালে লৈ যাব৷ আজিৰ সময়ত এনে ধৰণৰ ডিচট্ৰেকচনবোৰ থাকিবই আৰু সেইবোৰক সম্পূর্ণৰূপে নোহোৱা কৰাটো কেতিয়াবা আমাৰ হাতত নাথাকিবও পাৰে৷ হঠাতে এটা ইমেইল আহিল বা ফোনটোত কিবা এটা নোটিফিকেচন আহিল, কৰোবাৰ ফোন আহিল, কোনোবাই আগতে ফোন নকৰাকৈ লগ পাবলৈ আহিল, বা আপুনি চচিয়েল মিডিয়া চাইট এটা খুলি চালে বা ভিডিঅ এটা চালে৷ এনেধৰণৰ নানা ধৰণৰ ডিচট্ৰেকচন আপুনি প্ৰতিদিনে মুখামুখি হ’বই৷
সেইবাবে আপোনাৰ কামবোৰ সঠিকভাৱে কৰিবলৈ হ’লে এনে ডিচট্ৰেকচনবোৰক কাম কৰা ঠাইৰ পৰা দূৰত ৰাখিব লাগিব৷ কাম কৰা সময়ত ফোনটো দূৰত থৈ দিলে আপুনি কিছুমান ডিচট্ৰেকচনৰ পৰা বাচিব পাৰিব৷ তেনেদৰে সময়ৰ এটা শ্লট কাম কৰিবলৈ বান্ধি ল’লে আৰু সেই সময়ত আন একো কথাকে কৰি থকা কামটোক বধা দিবলৈ নিদিয়াকৈ থাকিলে আপোনাৰ কামবোৰ কৰা হ’ব আৰু তাৰ কোৱালিটিও ভাল হ‘ব৷ আপুনি এনে সময়ৰ কিছুমান ব্লক নিজে নিজৰ বাবে সৃষ্টি কৰি ল’ব পাৰে যি সময়ত আপুনি আন একো কথালৈ মন নিদি মাত্ৰ কৰি থকা কামটোতহে মন দিব৷
এই কেইটা কথা মন কৰিলে আপুনি কৰিব বিচৰা কামবোৰ সময়ত কৰিব পাৰিব, সেইবোৰ থাকি নাযায়, দিনটোৰ শেষত, সপ্তাহটোৰ শেষত কৰা কামবোৰৰ কথা ভাবি আপোনাৰ নিজৰে ভাল লাগিব আৰু আপুনি বিচৰা দিশত অগ্ৰগতি লাভ কৰি গৈ থাকিব৷