Close

সুখ আৰু বেলুনবোৰ

এদিন এখন চেমিনাৰত পঞ্চাশ জন মানুহে অংশগ্ৰহণ কৰিছিল৷ বক্তাজন ৰূমটোত সোমাল আৰু তেওঁ উপস্থিত সকলোকে এটা এটা বেলুন দিলে৷ বেলুনবোৰ ইতিমধ্যে ফুলোৱা আছিল৷ তেওঁ সকলোকে নিজৰ নিজৰ বেলুনবোৰত নিজৰ নিজৰ নামবোৰ লিখিবলৈ ক’লে৷ গোটেই বেলুনবোৰ গোটাই আন এটা ৰূমত থৈ দিয়া হ’ল৷

অলপ পিছত সেই ৰূমটোলৈ অংশগ্ৰহণকাৰীসকলক লৈ যোৱা হ’ল৷ বক্তাজনে তেওঁলোকক নিজৰ নিজৰ নাম লিখা থকা বেলুনটো বিচাৰিব ক’লে৷ তেওঁলোকক মাত্ৰ 5 মিনিট সময় দিয়া হ’ল৷ মানুহবোৰে নিজৰ নামৰ বেলুনটো বিচাৰি খৰধৰ কৰিলে, ইজনে-সিজনৰ গাত খুন্দা খালে, ঠেলাঠেলি লাগিল৷ মুঠতে গোটেই  ৰূমটোত বিশৃংখল অৱস্থাৰ সৃষ্টি হ’ল৷

5 মিনিট পাৰ হৈ গ’ল, কিন্তু কোনেও নিজৰ নামৰ বেলুনটো বিচাৰি নাপালে৷

এইবাৰ বক্তজনে সকলোকে ক’লে যে অংশগ্ৰহণকাৰীসকলক ক’লে যে তেওঁলোকক আকৌ এটা সুবিধা দিয়া হ’ব কিন্তু তেওঁলোকে এইবাৰ নিজৰ নামৰ বেলুনটো বিচাৰিব নালাগে, বৰঞ্চ যিকোনো এটা বেলুন লৈ সেই বেলুনটোত নাম থকা ব্যক্তিজনক বেলুনটো দিব লাগে৷ সকলোৱে কথামতে কাম কৰিলে৷ এইবাৰ সকলোৱে নিজৰ নামৰ বেলুনটো পালে আৰু গোটেই কামটোত কৰোতে 5 মিনিটতকৈ বহু কম সময় লাগিল৷

বক্তাজনে ক’লে, “আমাৰ জীৱনতো এনেকুৱাই হয়৷ আমি সকলোৱে চাৰিওফালে পাগলৰ নিচিনাকৈ নিজৰ সুখ বিচাৰি আছো, কিন্তু আমি নাজানে ক’ত বিচাৰিব লাগে আৰু কেনেকৈ বিচাৰিব লাগে৷ আচলতে আমাৰ সুখ আনক সুখ দিয়াৰ মাজতে আছে৷ যেতিয়া আমি আনক সুখ প্ৰদান কৰোঁ তেতিয়া আমি নিজেও সুখ লাভ কৰোঁ৷ আৰু এয়াই হ’ল মানুহৰ জীৱনৰ উদ্দেশ্য৷’‘

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top