এদিন এখন চেমিনাৰত পঞ্চাশ জন মানুহে অংশগ্ৰহণ কৰিছিল৷ বক্তাজন ৰূমটোত সোমাল আৰু তেওঁ উপস্থিত সকলোকে এটা এটা বেলুন দিলে৷ বেলুনবোৰ ইতিমধ্যে ফুলোৱা আছিল৷ তেওঁ সকলোকে নিজৰ নিজৰ বেলুনবোৰত নিজৰ নিজৰ নামবোৰ লিখিবলৈ ক’লে৷ গোটেই বেলুনবোৰ গোটাই আন এটা ৰূমত থৈ দিয়া হ’ল৷
অলপ পিছত সেই ৰূমটোলৈ অংশগ্ৰহণকাৰীসকলক লৈ যোৱা হ’ল৷ বক্তাজনে তেওঁলোকক নিজৰ নিজৰ নাম লিখা থকা বেলুনটো বিচাৰিব ক’লে৷ তেওঁলোকক মাত্ৰ 5 মিনিট সময় দিয়া হ’ল৷ মানুহবোৰে নিজৰ নামৰ বেলুনটো বিচাৰি খৰধৰ কৰিলে, ইজনে-সিজনৰ গাত খুন্দা খালে, ঠেলাঠেলি লাগিল৷ মুঠতে গোটেই ৰূমটোত বিশৃংখল অৱস্থাৰ সৃষ্টি হ’ল৷
5 মিনিট পাৰ হৈ গ’ল, কিন্তু কোনেও নিজৰ নামৰ বেলুনটো বিচাৰি নাপালে৷
এইবাৰ বক্তজনে সকলোকে ক’লে যে অংশগ্ৰহণকাৰীসকলক ক’লে যে তেওঁলোকক আকৌ এটা সুবিধা দিয়া হ’ব কিন্তু তেওঁলোকে এইবাৰ নিজৰ নামৰ বেলুনটো বিচাৰিব নালাগে, বৰঞ্চ যিকোনো এটা বেলুন লৈ সেই বেলুনটোত নাম থকা ব্যক্তিজনক বেলুনটো দিব লাগে৷ সকলোৱে কথামতে কাম কৰিলে৷ এইবাৰ সকলোৱে নিজৰ নামৰ বেলুনটো পালে আৰু গোটেই কামটোত কৰোতে 5 মিনিটতকৈ বহু কম সময় লাগিল৷
বক্তাজনে ক’লে, “আমাৰ জীৱনতো এনেকুৱাই হয়৷ আমি সকলোৱে চাৰিওফালে পাগলৰ নিচিনাকৈ নিজৰ সুখ বিচাৰি আছো, কিন্তু আমি নাজানে ক’ত বিচাৰিব লাগে আৰু কেনেকৈ বিচাৰিব লাগে৷ আচলতে আমাৰ সুখ আনক সুখ দিয়াৰ মাজতে আছে৷ যেতিয়া আমি আনক সুখ প্ৰদান কৰোঁ তেতিয়া আমি নিজেও সুখ লাভ কৰোঁ৷ আৰু এয়াই হ’ল মানুহৰ জীৱনৰ উদ্দেশ্য৷’‘