Close

Ask Bikash 23

Ask Bikash 23

কিশোৰে মোক সুধিছিল—–

মই ইংৰাজী ক’ব বিচাৰোঁ কিন্তু যেতিয়া মই মোৰ লগৰ ছাত্ৰ-ছাত্ৰী আৰু মোৰ শিক্ষকৰ আগত ক’বলৈ চেষ্টা কৰোঁ তেতিয়া মোৰ ভয় লাগে….মই কি কৰিম?

তুমি যদি ইংৰাজী ক’বলৈ ইচ্ছা কৰা তেন্তে তোমাক প্ৰেকটিচ লাগিব৷ কোৱাৰ প্ৰেকটিচ৷ যেতিয়াই সুবিধা পোৱা তাতে সেই প্ৰেকটিচ তুমি কৰিব লাগিব৷ সুবিধা পাবলৈ তুমি ৰৈ থাকিব নালাগে৷ তেনে সুবিধা তুমি সদায়, প্তৰতিদিনে নিজে উলিয়াই ল’ব পাৰা৷ আন মানুহ নথকা সময়ত তুমি সেই সুবিধা পাবা৷ সেই সময়ত তুমি নিজে নিজে ক’বলৈ প্ৰেকটিচ কৰিব লাগিব৷ মনলৈ যি আহে তাকে ক’বলৈ অভ্যাস কৰিব লাগিব৷ এনেদৰে কওতে কওতে ইংৰাজী ভাষাটো তোমাৰ আৰু আচহুৱা যেন নলগা হ’ব৷ কওতে কওতে নিজৰ কাণতে কথাবোৰ আচহুৱা যেন নলগা হ’ব৷ যিমানে প্ৰেকটিচ কৰিবা সিমানে তোমাৰ বাবে ভাষাটো সহজ হৈ আহি থাকিব৷

অসমীয়াৰ নিচিনাকৈ ইংৰাজী আন এটা ভাষা৷ অসমীয়া তুমি কেনেদৰে ক’বলৈ শিকিলা? আনৰ কথা শুনি শুনি৷ তেনেদৰে ইংৰাজী ক’বলৈ হ’লে, ভালদৰে ক’বলৈ হ’লে তুমি আন মানুহৰ কথা শুনিব লাগিব৷ তাৰবাবে তুমি গান শুনিব পাৰা, অডিঅ বুক শুনিব পাৰা, ইন্টাৰভিউ শুনিব পাৰা৷ কিন্তু আটাইতকৈ বেছি ভাল হ’ব ইংৰাজী চিনেমা চালে৷ চিনেমা চালে তোমাৰ এন্টাৰটেইনমেন্টো হ’ল আৰু লগতে তুমি ইংৰাজী শুনিলা৷ তাত আন এটা ডাঙৰ সুবিধা আছে৷ ইংৰাজী কওতে কোনটো কথাত কেনে এক্সপ্ৰেচনেৰে কওতাজনে কথাটো কৈছে সেয়া তুমি দেখা পাবা৷ কেনেকৈ ক’ব লাগে সেয়া তুমি শিকিব পাৰিবা৷ আৰু তোমাৰ সহজে মনতো থাকিব৷

কেতিয়াবা প্ৰেকটিচ কৰি থাকোতে তুমি এটা সমস্যাত পৰিবা৷ তুমি শব্দ এটা কওতে কোনোবাই হাঁহিব৷ তেতিয়া তুমি কি কৰিবা? তুমি সুধি লোৱা সঠিক শব্দটো কি? যিজনে তোমাক হাঁহিছিল তেওঁ তোমাক কৈ দিব৷ সেই শব্দটো শিকি লোৱা আৰু তাক সঠিকৈ ক’বলৈ তাতেই প্ৰেকটিচ কৰা৷ তেনে কৰিলে একেটা শব্দতে তোমাৰ আৰু পিছৰবাৰ ভুল নহয় আৰু আন কোনেও হাঁহিবলৈ সুবিধা নাপায়৷

ইংৰাজী কওতে ভুল হ’বই৷ আমি সকলোৱে শুদ্ধকৈ অসমীয়া ক’ব পাৰোনে? আমি অসমীয় কওতে জানো ভুল নহয়? উচ্চাৰণ ভুল নহয়? হয়৷ তেতিয়াহ’লে তুমি অসমীয়া কোৱা বাদ দিয়া নেকি? নিদিয়া৷ গতিকে তেনেদৰে ইংৰাজী কওতেও তোমাৰ ভুল হ’বই সেয়া দাঙৰ কথা নহয়, ডাঙৰ কথাতও হ’ল তুমি প্ৰেকটিচ কৰিবলৈ নেৰাটো৷ তোমাৰ লাজ লাগক, ভয় লাগক মুঠতে তুমি ইংৰাজী ক’বলৈ এৰিব নালাগে৷ মাত্ৰ ভুল হ’লে তুমি এটা কাম কৰিব লাগিব৷ মন কৰিব লাগিব কি কথাত, কোনটো কথাত ভুল হৈছে৷ প্ৰয়োজন হ’লে সেয়া তুমি আন এজনক সুধিব পাৰিবা৷ আৰু সুধি গম পালে মাত্ৰ বাৰে বাৰে একেটা ভুলকে নকৰিবলৈ চেষ্টা কৰিলে হ’ল৷

হ’বনে? আজিৰ পৰা মাত্ৰ ইংৰাজীত কথা ক’বলৈ তুমি নেৰিবা, প্ৰতিদিনে আধা ঘন্টা হলেও সেয়া কৰিবা৷ সুবিধা নাপালে নিজে নিজৰ বাবে সুবিধা উলিয়াই ল’বা৷ অল দা বেষ্ট

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top