devi-puspita-amartha-yahya-Nur08yBgJzE-unsplash

এক নতুন আপুনি

কম্পিউটাৰৰ অপাৰেটিঁং চিষ্টেমটো প্ৰতি 2-4 বছৰৰ মূৰে মূৰে সালসলনি হয়৷ Windows অপাৰেটিং চিষ্টেমটো যদি চায়, তেনেহ’লে আগতে Windows XP আছিল, তাৰ পিছত আহিল Windows 7,  আৰু এতিয়া  Windows 10৷ এনেদৰে সালসলনি হৈ থাকে৷ এনড্ৰইড বা আন মবাইল ফোনৰো অপাৰেটিং চিষ্টেমটো তেনেদৰে এক নির্দিষ্ট সময়ৰ মূৰে মূৰে সলনি হয়৷  এই গোটেই প্ৰক্ৰিয়াটোতে বহুত টকা-পইচা, বহুত মানুহৰ […]

aaron-burden-c333d6YEhi0-unsplash

আপোনাৰ পৰৱৰ্তী অধ্যায়টো

আপোনাৰ পৰৱৰ্তী অধ্যায়টো কেনেকুৱা হোৱাটো বিচাৰে? বহুতৰে জীৱনত নতুন অধ্যায় বুলি কোনো কথা নাথাকে৷ তেওঁলোকৰ জীৱনটো মাত্ৰ ‘চলি গৈ থাকে,’ আৰু তেনে অৱস্থাত নতুন অধ্যায় এটা আৰম্ভ কৰাটো বাদেই চিন্তাও কৰিব নোৱাৰি৷ এনে নহয় যে নতুন অধ্যায়ৰ সুবিধা তেওঁলোকৰ জীৱনলৈ নাহে৷ তেনে সুবিধা আহে কিন্তু তেওঁলোকে সেয়া গম নাপায় আৰু পালেও গ্ৰহণ কৰিব নোৱাৰে৷ আপুনি […]

remi-jacquaint-CCIsZRL8X5U-unsplash

অতীতটো অতীত

আপোনাৰ অতীতটোৱে আপোনাৰ বর্তমান আৰু ভবিষ্যত নির্ণয় নকৰে৷ আপুনি যদি মাত্ৰ এই কথাটো বুজি পায় তেনেহ’লে আপোনাৰ জীৱনত বহু সমস্যাই দেখাই নিদিব৷ লগতে আপুনি আন এটা জানেই- আপুনি অতীতলৈ ঘূৰি গৈ একো সলনি কৰিব নোৱাৰে, মাত্ৰ বর্তমান আৰু ভবিষ্যতহে কিবা সালসলনি কৰিব বিচাৰিলে কৰিব পাৰিব৷ তেনেহ’লে অতীতৰ কথা ভাবি থাকি, বিশেষকৈ নিগেটিভ কথাবোৰ ভাবি মনটো […]

jaime-spaniol--L0N74GWsq8-unsplash

হাত দাঙি দিবলৈ মন গ’লে কি কৰিব পাৰে?

শ্বাহনৱাজ কলেজৰ ছাত্ৰ৷ জীৱনত প্ৰতিযোগিতামূলক সেৱাত নিজ চেষ্টাৰ বলত চাকৰি লাভ কৰাটো এক সপোন৷ তাৰবাবে কলেজীয়া জীৱন আৰম্ভ কৰাৰ পৰাই চেষ্টা কৰি আছে৷ আনে যিসময়ত একলগ হৈ আদ্দা মাৰি থাকে তেওঁ লাইব্ৰেৰীত বহি নিজৰ সাধাৰণ জ্ঞান আৰু ইংৰাজী ভাল কৰাৰ চেষ্টা কৰে৷ দৰকাৰী মেগাজিন দুখনমান প্ৰতিমাহতে ৰাখে আৰু গোটেই বুজি নাপালেও ইমূৰৰ পৰা সিমূৰলৈ ভালদৰে […]

psychology-4440675_1920

আত্ম সচেতনতা

জীৱনৰ বিষয়ে যদি আপুনি মাত্ৰ এটা কথা শিকিব পাৰে বা শিকিব বিচাৰে, তেন্তে আত্মসচেতনতাৰ কথাকে শিকক৷ আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ কথাবোৰৰ ভিতৰৰ প্ৰধান এটা হ’ল আত্মসচেতনতা৷ ই এইবাবেই ইমান গুৰুত্বপূর্ণ কাৰণ ই নথকা বাবে বহু মানুহৰে জীৱনবোৰ নষ্ট হৈছে, সম্ভাৱনীয়তাবোৰ শেষ হৈ গৈছে আৰু সামগ্ৰিকভাৱে সমাজে বহু বস্তু হেৰুৱাইছে৷ আত্মসচেতনতা নাথাকিলে কি হ’ব? আত্মসচেতনতা নাথাকিলে […]

destination-1285851

এশ টকাই আপোনাৰ জীৱনটো সলনি কৰিব পাৰেনে?

মাত্ৰ এশ টকা এটাই আপোনাৰ জীৱনটো সলনি কৰি পেলাব পাৰে নে? পাৰে৷ এশ টকাই নহয়  তাতোকৈ কম টকাই আপোনাৰ জীৱনটো সম্পূর্ণৰূপে সলনি কৰিব পাৰে, আগতকৈ কেবাগুণে ভাল কৰি তুলিব পাৰে৷ যদিও এশ টকাৰ এখন কিতাপে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে, কিতাপ এখন কিনি পঢ়াৰ কথা ইয়াত কোৱা নাই৷ তেতিয়াহ’লে?  এটা চর্ত এই কথাখিনি আৰম্ভ কৰাৰ […]

dry-856544_1920

আপুনি ন’ মেনছ লেণ্ডত আছে নেকি?

এটুকুৰা সাংঘাটিক ঠাই হ’ল “ন মেনছ লেণ্ড৷” দুখন দেশৰ মাজত থকা ঠাইটুকুৰাৰ দৰে এখন ঠাই৷ ইয়াত থকা মানে আপুনি এইফালৰো নহয়, সেইফালৰো নহয়৷ আপোনাৰ জীৱনটো যদি তেনে এক অৱস্থাত পৰে, তেন্তে কেনে হ’ব? ই আপোনাৰ বর্তমান আৰু ভবিষ্যতৰ বাবে বৰ ভাল নহ’ব৷ ন মেনছ লেণ্ড কি? ই সেই ঠাইখন যত আপুনি সুখীও নহয়, কিন্তু ইমান […]

rock-1771913_1920

কোনেও আপোনাক চাপর্ট নকৰিলে কি কৰিব

জীৱনত এনেকুৱা সময় কেতিয়াবা আহিব যি সময়ত আপোনাক কোনেও সহায় নকৰে, চাপর্ট নকৰে৷ সেয়া পঢ়ি থাকোতে হ’ব পাৰে, চাকৰি কৰোতে হ’ব পাৰে বা জীৱনৰ আন সময়ত হ’ব পাৰে৷ যি সময়ত আপোনাক চাপর্টৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল, সেই সময়তে আপুনি দেখিব যে আপোনাক চাপর্ট কৰা মানুহ কোনো নাই৷ মই কাজিয়া বা তর্কাতর্কিত আপোনাক চাপর্ট কৰা মানুহৰ […]

steps

আপুনি এক অসফল, পৰাজিত মানুহ

আপুনি এজন অসফল, পৰাজিত মানুহ৷ মই নাই কোৱা৷ আপুনি হয়তো নিজেই সিদ্ধান্ত কৰিছে, নিজেই ভাবি লৈছে অথবা আন কোনোবাই (আপোনাৰ মৰমৰ কোনোবাই বা ভালদৰে নজনা কোনোবা এজনে) আপোনাক সেই কথাটো বুজাই দিছে৷ আৰু আপুনি কথাটো বুজি পাইছে আৰু বিশ্বাসো কৰিছে৷ সমস্যাটো তাতেই৷ আপনি এবাৰ বিশ্বাস কৰি ল’লে, যেতিয়ালৈকে আপুনি এই বিশ্বাসটো সলনি নকৰে তেতিয়ালৈকে আপোনাৰ […]

board-978179_1920

জীৱনটো ভাল পোৱা নাই, তেনেহ’লে সলাই পেলাওক

আপুনি কাৰোবাৰ লগত কথা পাতি আছে কিন্তু কথাটো পাতি ভাল লগা নাই৷ আপুনি কি কৰিব পাৰে? কথাটো সলাওক৷ বেলেগ বিষয় এটা উলিয়াওক৷ যদি সেই মানুহজনৰ লগত কথা পাতি ভাল লগা নাই সেই মানুহজনক সলাই বেলেগ এজন মানুহৰ লগত কথা পাতক৷ তেনে আমি কৰিয়েই থাকো৷ একেবাৰে সহজ কথা৷ তেনেহ’লে জীৱনৰ আন আন অংশত, আন আন কথাত […]