steps

আপুনি এক অসফল, পৰাজিত মানুহ

আপুনি এজন অসফল, পৰাজিত মানুহ৷ মই নাই কোৱা৷ আপুনি হয়তো নিজেই সিদ্ধান্ত কৰিছে, নিজেই ভাবি লৈছে অথবা আন কোনোবাই (আপোনাৰ মৰমৰ কোনোবাই বা ভালদৰে নজনা কোনোবা এজনে) আপোনাক সেই কথাটো বুজাই দিছে৷ আৰু আপুনি কথাটো বুজি পাইছে আৰু বিশ্বাসো কৰিছে৷ সমস্যাটো তাতেই৷ আপনি এবাৰ বিশ্বাস কৰি ল’লে, যেতিয়ালৈকে আপুনি এই বিশ্বাসটো সলনি নকৰে তেতিয়ালৈকে আপোনাৰ […]

board-978179_1920

জীৱনটো ভাল পোৱা নাই, তেনেহ’লে সলাই পেলাওক

আপুনি কাৰোবাৰ লগত কথা পাতি আছে কিন্তু কথাটো পাতি ভাল লগা নাই৷ আপুনি কি কৰিব পাৰে? কথাটো সলাওক৷ বেলেগ বিষয় এটা উলিয়াওক৷ যদি সেই মানুহজনৰ লগত কথা পাতি ভাল লগা নাই সেই মানুহজনক সলাই বেলেগ এজন মানুহৰ লগত কথা পাতক৷ তেনে আমি কৰিয়েই থাকো৷ একেবাৰে সহজ কথা৷ তেনেহ’লে জীৱনৰ আন আন অংশত, আন আন কথাত […]

I1

ইকিগাই  – দীর্ঘ আৰু সুখী জীৱন

অকিনৱা নামৰ জাপানী দ্বীপ এটাত এই শব্দটোৰ আৰম্ভণি হৈছিল, যি দ্বীপত আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি শতবৰ্ষীয় লোক৷ তাৰমানে এই ধাৰণাটোৰ লগত দীর্ঘ জীৱনৰ কিবা সম্পর্ক আছে নেকি? কি বস্তু এই ইকিগাই (বা আইকিগাই বা একিগাই)? ই এটা এনে ধাৰণা যিয়ে আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱাত সহায় কৰিব৷ কিন্তু অকল সেয়াই নহয় আপুনি কি কাম […]

jaliya-rasaputra-U_eZSoRUMQM-unsplash

দিনটো নিগনি খেদি শেষ কৰিলে নে হৰিণ চিকাৰ কৰি

আপুনি আপোনাৰ দিনবোৰ কি কৰি শেষ কৰে- নিগনি খেদি নে হৰিণৰ চিকাৰ কৰি? নিউট গিনগ্ৰিচ নামৰ এজন লিখক, ৰাজনীতিক আৰু বুৰঞ্জীবিদে এটা আকর্ষণীয় উপমাৰে আমাৰ জীৱনৰ কথা কৈছিল৷ এই কথাটো আমাৰ জীৱনত যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে প্ৰয়োজ্য৷ এটা সিংহই পথাৰৰ নিগনি এটা ধৰি, মাৰি খাবলৈ সম্পূর্ণৰূপে সক্ষম৷ কিন্তু সেয়া কৰিবলৈ যিমান কষ্ট হ’ব নিগনিটোৰ পৰা […]

javardh

খোলা

“তুমি যদি সঁচা মানুহজনীক চাব খোজা তেনেহ’লে তাইক এনেকুৱা এটা পৰিবেশ-পৰিস্থিতিত এৰি দিয়া য’ত তাই সঁচাকৈয়ে উপলব্ধি কৰিব পাৰে যে তাই নিশ্চিন্ত- তাইৰ যিহকে ইচ্ছা তাকে কৰিবলৈ স্বাধীনতা আছে আৰু সেয়া ভাল কামেই হওক বা বেয়া কামেই হওক পৰিবেশটোৱে কোনো ক্ষতি নকৰে, বৰং সহায়হে কৰিব৷ তেতিয়া তাই খুব সন্তঃর্পণে খোলাৰ পৰা আচল মানুহজনীক বাহিৰলৈ উলিয়াই […]

window

“মোৰ কোনো কাম নাই” চিন্তা মনলৈ আহিলে কি কৰিব?

“মোৰ কোনো কাম নাই” – এই চিন্তাটো কোনোবা নহয় কোনোবা সময়ত বহু মানুহৰ মনলৈ আহে৷ এনে হ’ব পাৰে আপুনি যেতিয়া কিবা এটা বস্তু লাভ নকৰে, যেতিয়া আপুনি ‘বিফল’ হয়, যেতিয়া আপুনি নিজকে আনৰ লগত তুলনা কৰে, যেতিয়া আপুনি ভবামতে কামবোৰ নহয় তেতিয়া৷ আপুনি তেনে পৰিস্থিতিত কি কৰিব পাৰে সেয়া বিচৰাৰ আগতে এয়া চাও আহকচোন৷ “আপোনাৰ […]

success

আশ্চর্যকৰ ফলাফল লাভ কৰিব বিচাৰে- এই কামটো কৰক

আপুনি যদি আশ্চর্যকৰ ফলাফল লাভ কৰিব বিচাৰে, এটা সহজ উপায়েৰে আপুনি তেনে ফলাফল লাভ কৰিব পাৰে৷ এই পদ্ধতিটোৱে জীৱনৰ যিকোনো ক্ষেত্ৰতে আপোনাক ফলাফল লাভ কৰাত সহায় কৰিব৷ তাতোকৈ ডাঙৰ কথা ই আপোনাক আপুনি সপোন দেখা জীৱনটো লাভ কৰাত সহায় কৰিব৷ ই মোক এনে এটা পর্যায়লৈ অহাত সহায় কৰিছে যাৰ কথা মই আগতে কেৱল সপোনতহে ভাবিব […]

men

আজি ঘটিব পৰা আটাইতকৈ ভাল কথাবোৰ

পণ্য বা বস্তু এটা বা কিনিব পৰা সামগ্ৰী এটাই আপোনাক সুখী নকৰে৷ ঠিক আছে কেতিয়াবা ই আপোনাক অলপ সময়ৰ বাবে সুখী কৰিব পাৰে যেতিয়া প্ৰথমবাৰৰ বাবে আপুনি বস্তুটো বা সামগ্ৰীটো পায় বা কিনে৷ কিন্তু আপোনাৰ অভিজ্ঞতাবোৰে আপোনাক সুখী কৰে৷ আটাইতকৈ ভাল কথাবোৰ যিবোৰ আজি সংঘটিত হ’ব পাৰে- ১. এটা শান্ত ৰাতিপুৱা ২. ভালকৈ ব্যায়াম কৰা […]

work

৫ টা কমিউনিকেচন কৌশল যিয়ে আপোনাক সফল হোৱাত সহায় কৰিব

আপুনি যদি সফল হ’ব বিচাৰে আপোনাৰ কমিউনিকেচন স্কিল (যোগাযোগৰ দক্ষতা) খুব ভাল হ’ব লাগিব৷ আপুনি যদি জীৱনত এক উচ্চস্তৰৰ পর্যায় পাব বিচাৰে তেন্তে কমিউনিকেচন দক্ষতাবোৰে আপোনাক তাত উপস্থিত হ’বলৈ সহায় কৰিব৷ ইয়াত আমি ৫ টা এনে কমিউনিকেচন দক্ষতাৰ কথা আলোচনা কৰিম যিয়ে অকল আপোনাক নিজকে বুজি পোৱাতে সহায় নকৰে, লগতে ই আন মানুহকো বুজি পোৱাত […]

background

কাম কমকৈ কৰক, জীৱনটো বেছিকৈ জীয়াই থাকক

সকলোৱে আজিকালি খুব ব্যস্ত৷ সম্ভৱত সকলোৱে ব্যস্ততা ভাল পায় আৰু সেয়া ভাল কথা৷ কিন্তু কেতিয়াবা আপোনাৰ এনে লাগে নেকি আপুনি ক্ৰমান্বয়ে বেছি ব্যস্ত হৈ গৈ আছে আৰু যদিও আপুনি আৰু বেছি কাম কৰি গৈ আছে আপুনি কিন্তু জীৱনটো জীয়াই থকা নাই৷ আপোনাৰ যদি তেনে অনুভৱ হৈছে, আপুনি অকলশৰীয়া নহয়৷ সম্ভৱত আমি আৰু বেছিকৈ কাম কৰি […]