Beautiful happy woman with bicycle on the beach

সুখী হ’ব বিচাৰে? এই অভ্যাসটো কৰক

এদিন এজন প্ৰফেচাৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “আজি তোমালোকৰ পৰীক্ষা লোৱা হ’ব৷” সকলো আচৰিত, পৰীক্ষাৰতো একো কথা তেওঁলোকক কোৱা হোৱা নাছিল৷ চাৰপ্ৰাইজ টেষ্ট তাৰমানে৷ প্ৰশ্নকাকতখন পোৱাৰ পিছত সকলো আৰু আচৰিত হ’ল৷ বগা কাগজখনৰ সোমাজত মাত্ৰ এটা ক’লা ফুট আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “তোমালোকে কাগজখনত যি দেখা সেই বিষয়ে কেইটামান লাইন লিখিব লাগে৷ […]

Little boy learning to swim underwater, mother and female instructor holding child

স্কুললৈ নোযোৱাকৈ কেনেকৈ শিকিব পাৰি

কিবা এটা শিকিব বিচাৰিলে আমি সাধাৰণতে কি কৰোঁ? তেনেকুৱা কর্চ এটা বিচাৰোঁ আৰু সেই কর্চটো শিকোৱা স্কুল, কলেজ, ইউনিভার্চিটি, বা ইন্সিষ্টিটিউট এটা বিচাৰোঁ৷ কিন্তু কিবা এটা শিকিবলৈ অকল সেয়াই একমাত্ৰ উপায়নে? কোনোবাই যদি কিবা কাৰণত স্কুল বা কলেজলৈ যাব নোৱাৰে তেওঁ একো শিকিবই নোৱাৰিব নে কি? কোনোবা বয়সীয়া মানুহ এজনে যদি গীটাৰ বজাবলৈ শিকিম বুলি […]

girl-1208307_1920

আমি কেনেকৈ সুখী হ’ব পাৰোঁ

কেইটামান কাম কৰিলে আপুনি আজি সুখী হ’ব পাৰিব৷ ইয়াত মাত্ৰ কেইটামান কামৰ কথাহে কৈছো কাৰণ আপুনি মাত্ৰ কেইটামান কামহে এদিনত কৰিব পাৰে সকলোবোৰ নোৱাৰে৷ সুখৰ পিছে পিছে দৌৰি নুফুৰিব, নিজৰ কাম কৰি গৈ থাকিলে সুখ এটা সময়ত আহি নিজে নিজে আপোনাৰ কান্ধত বহিবহি৷ এতিয়া আহো কি কাম কৰিব তালৈ৷ কৃতজ্ঞতাৰ জার্ণেল এখন জার্নেল লিখা আৰম্ভ […]

im-right-1458410_1280

অভিযোগৰ ফান্দ

প্ৰথমতে এটা পৰীক্ষা৷ পৰীক্ষা মাত্ৰ এমাহৰ বাবে এই পৰীক্ষাটো কৰি চাওক৷ এমাহ কোনো অভিযোগ নকৰাকৈ চলক৷ কোনো ধৰণৰ এটাও অভিযোগ নকৰাকৈ৷ প্ৰতিদিনে হিচাপ ৰাখিব যাতে এদিনো কোনো কথাতে, ব্যক্তিগত বা ৰাজহুৱা, ঘৰত বা অফিচত, কোনো কথাতে অভিযোগ নকৰে৷  মাত্ৰ এমাহ কৰি চাওকচোন৷ জীৱনটো আৰু অলপ আকর্ষণীয়, উত্তেজনাৰে ভৰা হৈ পৰিব৷ আপুনি যদি অভিযোগ কৰে তাৰ […]

devi-puspita-amartha-yahya-Nur08yBgJzE-unsplash

এক নতুন আপুনি

কম্পিউটাৰৰ অপাৰেটিঁং চিষ্টেমটো প্ৰতি 2-4 বছৰৰ মূৰে মূৰে সালসলনি হয়৷ Windows অপাৰেটিং চিষ্টেমটো যদি চায়, তেনেহ’লে আগতে Windows XP আছিল, তাৰ পিছত আহিল Windows 7,  আৰু এতিয়া  Windows 10৷ এনেদৰে সালসলনি হৈ থাকে৷ এনড্ৰইড বা আন মবাইল ফোনৰো অপাৰেটিং চিষ্টেমটো তেনেদৰে এক নির্দিষ্ট সময়ৰ মূৰে মূৰে সলনি হয়৷  এই গোটেই প্ৰক্ৰিয়াটোতে বহুত টকা-পইচা, বহুত মানুহৰ […]

joshua-earle--87JyMb9ZfU-unsplash

পাহাৰ বগাও আহক

আমাৰ সকলোৰে এখন পাহাৰ বগাবলৈ থাকে৷ সকলোৰে পাহাৰখন বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সকলোৰে এখন নহয় এখন পাহাৰ বগাবলৈ থাকেই৷ কামটো টান, কষ্টকৰ, বহুত সময় লাগিব পাৰে, কিছুমান ত্যাগ কৰিবলগীয়া হ’ব পাৰে, কিন্তু এই কামটোৰ আপোনাৰ জীৱনটো সলনি কৰাৰ শক্তি থাকে৷ কোনোবাই ইয়াক এক অশান্তি, অপ্ৰয়োজনীয় কাম বুলি ভাবিব পাৰে আৰু আন কোনোবাই এক সোণালী […]

psychology-4440675_1920

আত্ম সচেতনতা

জীৱনৰ বিষয়ে যদি আপুনি মাত্ৰ এটা কথা শিকিব পাৰে বা শিকিব বিচাৰে, তেন্তে আত্মসচেতনতাৰ কথাকে শিকক৷ আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ কথাবোৰৰ ভিতৰৰ প্ৰধান এটা হ’ল আত্মসচেতনতা৷ ই এইবাবেই ইমান গুৰুত্বপূর্ণ কাৰণ ই নথকা বাবে বহু মানুহৰে জীৱনবোৰ নষ্ট হৈছে, সম্ভাৱনীয়তাবোৰ শেষ হৈ গৈছে আৰু সামগ্ৰিকভাৱে সমাজে বহু বস্তু হেৰুৱাইছে৷ আত্মসচেতনতা নাথাকিলে কি হ’ব? আত্মসচেতনতা নাথাকিলে […]

destination-1285851

এশ টকাই আপোনাৰ জীৱনটো সলনি কৰিব পাৰেনে?

মাত্ৰ এশ টকা এটাই আপোনাৰ জীৱনটো সলনি কৰি পেলাব পাৰে নে? পাৰে৷ এশ টকাই নহয়  তাতোকৈ কম টকাই আপোনাৰ জীৱনটো সম্পূর্ণৰূপে সলনি কৰিব পাৰে, আগতকৈ কেবাগুণে ভাল কৰি তুলিব পাৰে৷ যদিও এশ টকাৰ এখন কিতাপে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে, কিতাপ এখন কিনি পঢ়াৰ কথা ইয়াত কোৱা নাই৷ তেতিয়াহ’লে?  এটা চর্ত এই কথাখিনি আৰম্ভ কৰাৰ […]

steps

আপুনি এক অসফল, পৰাজিত মানুহ

আপুনি এজন অসফল, পৰাজিত মানুহ৷ মই নাই কোৱা৷ আপুনি হয়তো নিজেই সিদ্ধান্ত কৰিছে, নিজেই ভাবি লৈছে অথবা আন কোনোবাই (আপোনাৰ মৰমৰ কোনোবাই বা ভালদৰে নজনা কোনোবা এজনে) আপোনাক সেই কথাটো বুজাই দিছে৷ আৰু আপুনি কথাটো বুজি পাইছে আৰু বিশ্বাসো কৰিছে৷ সমস্যাটো তাতেই৷ আপনি এবাৰ বিশ্বাস কৰি ল’লে, যেতিয়ালৈকে আপুনি এই বিশ্বাসটো সলনি নকৰে তেতিয়ালৈকে আপোনাৰ […]

board-978179_1920

জীৱনটো ভাল পোৱা নাই, তেনেহ’লে সলাই পেলাওক

আপুনি কাৰোবাৰ লগত কথা পাতি আছে কিন্তু কথাটো পাতি ভাল লগা নাই৷ আপুনি কি কৰিব পাৰে? কথাটো সলাওক৷ বেলেগ বিষয় এটা উলিয়াওক৷ যদি সেই মানুহজনৰ লগত কথা পাতি ভাল লগা নাই সেই মানুহজনক সলাই বেলেগ এজন মানুহৰ লগত কথা পাতক৷ তেনে আমি কৰিয়েই থাকো৷ একেবাৰে সহজ কথা৷ তেনেহ’লে জীৱনৰ আন আন অংশত, আন আন কথাত […]