joshua-earle--87JyMb9ZfU-unsplash

পাহাৰ বগাও আহক

আমাৰ সকলোৰে এখন পাহাৰ বগাবলৈ থাকে৷ সকলোৰে পাহাৰখন বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সকলোৰে এখন নহয় এখন পাহাৰ বগাবলৈ থাকেই৷ কামটো টান, কষ্টকৰ, বহুত সময় লাগিব পাৰে, কিছুমান ত্যাগ কৰিবলগীয়া হ’ব পাৰে, কিন্তু এই কামটোৰ আপোনাৰ জীৱনটো সলনি কৰাৰ শক্তি থাকে৷ কোনোবাই ইয়াক এক অশান্তি, অপ্ৰয়োজনীয় কাম বুলি ভাবিব পাৰে আৰু আন কোনোবাই এক সোণালী […]

remi-jacquaint-CCIsZRL8X5U-unsplash

অতীতটো অতীত

আপোনাৰ অতীতটোৱে আপোনাৰ বর্তমান আৰু ভবিষ্যত নির্ণয় নকৰে৷ আপুনি যদি মাত্ৰ এই কথাটো বুজি পায় তেনেহ’লে আপোনাৰ জীৱনত বহু সমস্যাই দেখাই নিদিব৷ লগতে আপুনি আন এটা জানেই- আপুনি অতীতলৈ ঘূৰি গৈ একো সলনি কৰিব নোৱাৰে, মাত্ৰ বর্তমান আৰু ভবিষ্যতহে কিবা সালসলনি কৰিব বিচাৰিলে কৰিব পাৰিব৷ তেনেহ’লে অতীতৰ কথা ভাবি থাকি, বিশেষকৈ নিগেটিভ কথাবোৰ ভাবি মনটো […]

psychology-4440675_1920

আত্ম সচেতনতা

জীৱনৰ বিষয়ে যদি আপুনি মাত্ৰ এটা কথা শিকিব পাৰে বা শিকিব বিচাৰে, তেন্তে আত্মসচেতনতাৰ কথাকে শিকক৷ আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ কথাবোৰৰ ভিতৰৰ প্ৰধান এটা হ’ল আত্মসচেতনতা৷ ই এইবাবেই ইমান গুৰুত্বপূর্ণ কাৰণ ই নথকা বাবে বহু মানুহৰে জীৱনবোৰ নষ্ট হৈছে, সম্ভাৱনীয়তাবোৰ শেষ হৈ গৈছে আৰু সামগ্ৰিকভাৱে সমাজে বহু বস্তু হেৰুৱাইছে৷ আত্মসচেতনতা নাথাকিলে কি হ’ব? আত্মসচেতনতা নাথাকিলে […]

destination-1285851

এশ টকাই আপোনাৰ জীৱনটো সলনি কৰিব পাৰেনে?

মাত্ৰ এশ টকা এটাই আপোনাৰ জীৱনটো সলনি কৰি পেলাব পাৰে নে? পাৰে৷ এশ টকাই নহয়  তাতোকৈ কম টকাই আপোনাৰ জীৱনটো সম্পূর্ণৰূপে সলনি কৰিব পাৰে, আগতকৈ কেবাগুণে ভাল কৰি তুলিব পাৰে৷ যদিও এশ টকাৰ এখন কিতাপে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে, কিতাপ এখন কিনি পঢ়াৰ কথা ইয়াত কোৱা নাই৷ তেতিয়াহ’লে?  এটা চর্ত এই কথাখিনি আৰম্ভ কৰাৰ […]

dry-856544_1920

আপুনি ন’ মেনছ লেণ্ডত আছে নেকি?

এটুকুৰা সাংঘাটিক ঠাই হ’ল “ন মেনছ লেণ্ড৷” দুখন দেশৰ মাজত থকা ঠাইটুকুৰাৰ দৰে এখন ঠাই৷ ইয়াত থকা মানে আপুনি এইফালৰো নহয়, সেইফালৰো নহয়৷ আপোনাৰ জীৱনটো যদি তেনে এক অৱস্থাত পৰে, তেন্তে কেনে হ’ব? ই আপোনাৰ বর্তমান আৰু ভবিষ্যতৰ বাবে বৰ ভাল নহ’ব৷ ন মেনছ লেণ্ড কি? ই সেই ঠাইখন যত আপুনি সুখীও নহয়, কিন্তু ইমান […]

steps

আপুনি এক অসফল, পৰাজিত মানুহ

আপুনি এজন অসফল, পৰাজিত মানুহ৷ মই নাই কোৱা৷ আপুনি হয়তো নিজেই সিদ্ধান্ত কৰিছে, নিজেই ভাবি লৈছে অথবা আন কোনোবাই (আপোনাৰ মৰমৰ কোনোবাই বা ভালদৰে নজনা কোনোবা এজনে) আপোনাক সেই কথাটো বুজাই দিছে৷ আৰু আপুনি কথাটো বুজি পাইছে আৰু বিশ্বাসো কৰিছে৷ সমস্যাটো তাতেই৷ আপনি এবাৰ বিশ্বাস কৰি ল’লে, যেতিয়ালৈকে আপুনি এই বিশ্বাসটো সলনি নকৰে তেতিয়ালৈকে আপোনাৰ […]

I1

ইকিগাই  – দীর্ঘ আৰু সুখী জীৱন

অকিনৱা নামৰ জাপানী দ্বীপ এটাত এই শব্দটোৰ আৰম্ভণি হৈছিল, যি দ্বীপত আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি শতবৰ্ষীয় লোক৷ তাৰমানে এই ধাৰণাটোৰ লগত দীর্ঘ জীৱনৰ কিবা সম্পর্ক আছে নেকি? কি বস্তু এই ইকিগাই (বা আইকিগাই বা একিগাই)? ই এটা এনে ধাৰণা যিয়ে আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱাত সহায় কৰিব৷ কিন্তু অকল সেয়াই নহয় আপুনি কি কাম […]

scott-walsh-wWCGW9AQ-y0-unsplash

কেৰিয়াৰ কেনেকৈ বাচি ল’ব পাৰি

(বহু অভিভাৱকৰ লগত পতা কথাই মোক এইটো লিখনি লিখিবলৈ বাধ্য কৰিছে) আমি কেৰিয়াৰ কেনেদৰে বাচোঁ আমি সদায় নিজে কেৰিয়াৰ বাচি লওতে বা ল’ৰা-ছোৱালীৰ বাবে কেৰিয়াৰ বাচি দিওতে সদায় এনে এটা কেৰিয়াৰ বাচি লও যিটোত চাকৰি পাবলৈ সহজ বা যত টকা-পইচা ঘটিবলৈ চিন্তা কৰিব নালাগে৷ যেনে ডাক্তৰ বা ইঞ্জিনিয়াৰ৷ অতীতৰে পৰা সেয়া কৰি আহিছোঁ আৰু আজিও […]

jaliya-rasaputra-U_eZSoRUMQM-unsplash

দিনটো নিগনি খেদি শেষ কৰিলে নে হৰিণ চিকাৰ কৰি

আপুনি আপোনাৰ দিনবোৰ কি কৰি শেষ কৰে- নিগনি খেদি নে হৰিণৰ চিকাৰ কৰি? নিউট গিনগ্ৰিচ নামৰ এজন লিখক, ৰাজনীতিক আৰু বুৰঞ্জীবিদে এটা আকর্ষণীয় উপমাৰে আমাৰ জীৱনৰ কথা কৈছিল৷ এই কথাটো আমাৰ জীৱনত যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে প্ৰয়োজ্য৷ এটা সিংহই পথাৰৰ নিগনি এটা ধৰি, মাৰি খাবলৈ সম্পূর্ণৰূপে সক্ষম৷ কিন্তু সেয়া কৰিবলৈ যিমান কষ্ট হ’ব নিগনিটোৰ পৰা […]

allie-smith-tc7chPE3FZc-unsplash

নিজৰ ভালৰ বাবে চিন্তা কেনেকৈ কৰিব পাৰি

এদিন এজন প্ৰফেচাৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “আজি তোমালোকৰ পৰীক্ষা লোৱা হ’ব৷” সকলো আচৰিত, পৰীক্ষাৰতো একো কথা তেওঁলোকক কোৱা হোৱা নাছিল৷ চাৰপ্ৰাইজ টেষ্ট তাৰমানে৷ প্ৰশ্নকাকতখন পোৱাৰ পিছত সকলো আৰু আচৰিত হ’ল৷ বগা কাগজখনৰ সোমাজত মাত্ৰ এটা ক’লা ফুট আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “তোমালোকে কাগজখনত যি দেখা সেই বিষয়ে কেইটামান লাইন লিখিব লাগে৷ […]