psychology-4440675_1920

আত্ম সচেতনতা

জীৱনৰ বিষয়ে যদি আপুনি মাত্ৰ এটা কথা শিকিব পাৰে বা শিকিব বিচাৰে, তেন্তে আত্মসচেতনতাৰ কথাকে শিকক৷ আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ কথাবোৰৰ ভিতৰৰ প্ৰধান এটা হ’ল আত্মসচেতনতা৷ ই এইবাবেই ইমান গুৰুত্বপূর্ণ কাৰণ ই নথকা বাবে বহু মানুহৰে জীৱনবোৰ নষ্ট হৈছে, সম্ভাৱনীয়তাবোৰ শেষ হৈ গৈছে আৰু সামগ্ৰিকভাৱে সমাজে বহু বস্তু হেৰুৱাইছে৷ আত্মসচেতনতা নাথাকিলে কি হ’ব? আত্মসচেতনতা নাথাকিলে […]

destination-1285851

এশ টকাই আপোনাৰ জীৱনটো সলনি কৰিব পাৰেনে?

মাত্ৰ এশ টকা এটাই আপোনাৰ জীৱনটো সলনি কৰি পেলাব পাৰে নে? পাৰে৷ এশ টকাই নহয়  তাতোকৈ কম টকাই আপোনাৰ জীৱনটো সম্পূর্ণৰূপে সলনি কৰিব পাৰে, আগতকৈ কেবাগুণে ভাল কৰি তুলিব পাৰে৷ যদিও এশ টকাৰ এখন কিতাপে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে, কিতাপ এখন কিনি পঢ়াৰ কথা ইয়াত কোৱা নাই৷ তেতিয়াহ’লে?  এটা চর্ত এই কথাখিনি আৰম্ভ কৰাৰ […]

dry-856544_1920

আপুনি ন’ মেনছ লেণ্ডত আছে নেকি?

এটুকুৰা সাংঘাটিক ঠাই হ’ল “ন মেনছ লেণ্ড৷” দুখন দেশৰ মাজত থকা ঠাইটুকুৰাৰ দৰে এখন ঠাই৷ ইয়াত থকা মানে আপুনি এইফালৰো নহয়, সেইফালৰো নহয়৷ আপোনাৰ জীৱনটো যদি তেনে এক অৱস্থাত পৰে, তেন্তে কেনে হ’ব? ই আপোনাৰ বর্তমান আৰু ভবিষ্যতৰ বাবে বৰ ভাল নহ’ব৷ ন মেনছ লেণ্ড কি? ই সেই ঠাইখন যত আপুনি সুখীও নহয়, কিন্তু ইমান […]

steps

আপুনি এক অসফল, পৰাজিত মানুহ

আপুনি এজন অসফল, পৰাজিত মানুহ৷ মই নাই কোৱা৷ আপুনি হয়তো নিজেই সিদ্ধান্ত কৰিছে, নিজেই ভাবি লৈছে অথবা আন কোনোবাই (আপোনাৰ মৰমৰ কোনোবাই বা ভালদৰে নজনা কোনোবা এজনে) আপোনাক সেই কথাটো বুজাই দিছে৷ আৰু আপুনি কথাটো বুজি পাইছে আৰু বিশ্বাসো কৰিছে৷ সমস্যাটো তাতেই৷ আপনি এবাৰ বিশ্বাস কৰি ল’লে, যেতিয়ালৈকে আপুনি এই বিশ্বাসটো সলনি নকৰে তেতিয়ালৈকে আপোনাৰ […]

I1

ইকিগাই  – দীর্ঘ আৰু সুখী জীৱন

অকিনৱা নামৰ জাপানী দ্বীপ এটাত এই শব্দটোৰ আৰম্ভণি হৈছিল, যি দ্বীপত আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি শতবৰ্ষীয় লোক৷ তাৰমানে এই ধাৰণাটোৰ লগত দীর্ঘ জীৱনৰ কিবা সম্পর্ক আছে নেকি? কি বস্তু এই ইকিগাই (বা আইকিগাই বা একিগাই)? ই এটা এনে ধাৰণা যিয়ে আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱাত সহায় কৰিব৷ কিন্তু অকল সেয়াই নহয় আপুনি কি কাম […]

scott-walsh-wWCGW9AQ-y0-unsplash

কেৰিয়াৰ কেনেকৈ বাচি ল’ব পাৰি

(বহু অভিভাৱকৰ লগত পতা কথাই মোক এইটো লিখনি লিখিবলৈ বাধ্য কৰিছে) আমি কেৰিয়াৰ কেনেদৰে বাচোঁ আমি সদায় নিজে কেৰিয়াৰ বাচি লওতে বা ল’ৰা-ছোৱালীৰ বাবে কেৰিয়াৰ বাচি দিওতে সদায় এনে এটা কেৰিয়াৰ বাচি লও যিটোত চাকৰি পাবলৈ সহজ বা যত টকা-পইচা ঘটিবলৈ চিন্তা কৰিব নালাগে৷ যেনে ডাক্তৰ বা ইঞ্জিনিয়াৰ৷ অতীতৰে পৰা সেয়া কৰি আহিছোঁ আৰু আজিও […]

jaliya-rasaputra-U_eZSoRUMQM-unsplash

দিনটো নিগনি খেদি শেষ কৰিলে নে হৰিণ চিকাৰ কৰি

আপুনি আপোনাৰ দিনবোৰ কি কৰি শেষ কৰে- নিগনি খেদি নে হৰিণৰ চিকাৰ কৰি? নিউট গিনগ্ৰিচ নামৰ এজন লিখক, ৰাজনীতিক আৰু বুৰঞ্জীবিদে এটা আকর্ষণীয় উপমাৰে আমাৰ জীৱনৰ কথা কৈছিল৷ এই কথাটো আমাৰ জীৱনত যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে প্ৰয়োজ্য৷ এটা সিংহই পথাৰৰ নিগনি এটা ধৰি, মাৰি খাবলৈ সম্পূর্ণৰূপে সক্ষম৷ কিন্তু সেয়া কৰিবলৈ যিমান কষ্ট হ’ব নিগনিটোৰ পৰা […]

allie-smith-tc7chPE3FZc-unsplash

নিজৰ ভালৰ বাবে চিন্তা কেনেকৈ কৰিব পাৰি

এদিন এজন প্ৰফেচাৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “আজি তোমালোকৰ পৰীক্ষা লোৱা হ’ব৷” সকলো আচৰিত, পৰীক্ষাৰতো একো কথা তেওঁলোকক কোৱা হোৱা নাছিল৷ চাৰপ্ৰাইজ টেষ্ট তাৰমানে৷ প্ৰশ্নকাকতখন পোৱাৰ পিছত সকলো আৰু আচৰিত হ’ল৷ বগা কাগজখনৰ সোমাজত মাত্ৰ এটা ক’লা ফুট আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “তোমালোকে কাগজখনত যি দেখা সেই বিষয়ে কেইটামান লাইন লিখিব লাগে৷ […]

florian-wehde-4PaBB8Bl_8Q-unsplash

বেছি ভালদৰে কাম কৰাৰ আৰু অর্থপূর্ণ কিবা এটা সৃষ্টি কৰাৰ প্ৰক্ৰিয়াটো

আপুনি যেতিয়া কাম এটা বেছি ভালদৰে কৰিব বিচাৰে আৰু কিবা এটা অর্থপূর্ণ সম্পন্ন কৰিব বিচাৰে তেতিয়া আপুনি কি কৰে? কিবা পদ্ধতি, কিবা এনে টেকনিক আছে নেকি যিয়ে আপোনাক বেছি ভালদৰে কাম কৰাত আৰু অর্থপূর্ণ কাম কৰাত সহায় কৰিব পাৰে? এনে এটা প্ৰক্ৰিয়া থাকিব পাৰেনে যিয়ে আপোনাক সকলো কাম খুব ভালদৰে কৰাত সহায় কৰিব আৰু তাৰ […]

aneta-ivanova-tPKQwYHy8q4-unsplash

নায়কৰ যাত্ৰা

নায়কৰ যাত্ৰা৷ ই সকলোতে বিদ্যমান৷ ধর্মপ্ৰচাৰক বা গুৰুসকলৰ জীৱনতো এয়া দেখা যায়৷ বুদ্ধ, হজৰত মহম্মদ বা যীশু খ্ৰীষ্ট বা মজেজ সকলোৰে জীৱনত এয়া দেখা যায়৷ পৌৰাণিক কাহিনীত এয়া দেখা যায়৷ হাৰকিউলিচ হওক বা ৰাম হওক বা পাণ্ডৱ হওক সকলোৰে জীৱনত এনে হোৱা দেখা যায়৷ আনকি বুৰঞ্জীয়ে ঢুকি পোৱা সময়তো ৰজা-মহাৰজাৰ জীৱনতো এই যাত্ৰা আপুনি দেখিবলৈ […]