positive-455580_1280

ধনাত্মক কথাৰ পুনঃৰোক্তি

ধনাত্মক কথাৰ পুনঃৰোক্তি মানে হ’ল নিজে বাৰে বাৰে আপুনি নিজৰ জীৱনত বিচৰা ধনাত্মক কথাবোৰ নিজকে কৈ থকাতো। বাৰে বাৰে কৈ থকাৰ ফলত এনে ধনাত্মক কথাবোৰ আাপোনাৰ মনত ৰৈ যায়। আপোনাৰ অৱচেতন মনত এই কথাবোৰে ক্ৰিয়া কৰি আপোনাৰ মনটো শক্তিশালী কৰি তোলে। আপোনাৰ অন্তঃমনৰ চিন্তাবোৰ সলনি কৰি এইবোৰক ধনাত্মক চিন্তাৰে পৰিপূৰ্ণ কৰি তোলে। “According to the […]

to-do-list-749304_1280

তালিকাৰ পৰা কামবোৰ কাটি যাওক

যেতিয়া আপোনাৰ কোনো এখন তালিকা বা লিষ্টৰ পৰা আপুনি কামবোৰ কাটি যাব পাৰে, আপোনাৰ মনটো ভাল লাগে। যদি আপোনাৰ কৰিবলগীয়া কামৰ এখন তালিকা আছে, তেন্তে তাৰ পৰা কৰিবলগীয়া কামবোৰ কৰাৰ পিছত কামবোৰ কাটি যাব পাৰিলে আপোনাৰ মনটো ভাল লাগে। এটাৰ পিছত এটাকৈ এনে কামবোৰ কাটি যাব পাৰিলে আপুনি আনন্দিত হয়। তেনে আনন্দ পাবলৈ আপুনি আপোনাৰ […]

santa-claus-2918_1280

এটা সহজ দিন লাভ কৰাৰ সাতটা নিয়ম

আমাৰ দিনবোৰ প্ৰায়ে বৰ বিৰক্তিকৰ বা ব্যস্ত হয়। ষ্ট্ৰেছ, টেনচন, ব্যস্ততা, চিন্তা আদি মিলি আমাৰ দিনটো থানবান কৰি পেলায়। এটা দিনৰ ভিতৰতে আমি বহু কাম কৰিবলগীয়া হয়। যদি আপুনি আপোনাৰ দিনটো সহজ আৰু সৰল কৰিব পাৰে, তেন্তে আপোনাৰ জীৱনটোও বহু সহজ হৈ পৰিব। ৭ টা নিয়মেৰে আপুনি আপোনাৰ দিনটো সহজ কৰি তুলিব পাৰে- নিয়ম ১ […]

destination-1285851_1280

আমাৰ জীৱনৰ উদ্দেশ্যবোৰ

“Whether one believes in religion or not, whether one believes in this religion or that religion, the very purpose of our life is happiness, the very motion of our life is towards happiness.” H.H. the Dalai Lama, from The Art of Happiness সকলো মানুহৰে জীৱনৰ প্ৰকৃত উদ্দেশ্য হ’ল সুখ। এই উদ্দেশ্য লাভ কৰিবলৈ বিভিন্নজনে বিভিন্ন […]

girl-204327_1280

আপুনি কৰা কামটো লৈ আপুনি সুখীনে?

আপুনি যিটো কাম কৰি আছে, সেই কামটো লৈ আপুনি সুখীনে? এইটো এটা সাধাৰণ প্ৰশ্ন কিন্তু ইয়াৰ উত্তৰটো সাধাৰণ নহয়, বৰ টান। আপুনি এতিয়া কি কৰে? আপুনি কি কৰি আছে? আপুনি নিজে ভাল নোপোৱা এটা ৯-৫ চাকৰি কৰি আছে নেকি? আপুনি কিবা এটা অদৰকাৰী বা অযথা কাম কৰি আাছে নেকি? আন কোনোবাই বেয়া কৰা কাম এটা […]

french-bulldog-1482630_1280

আপোনাৰ আনন্দক বৃদ্ধি কৰাৰ ৯ টা উপায়

আনন্দৰ পৰিমাণ বৃদ্ধি কৰাটো সম্ভৱনে? আপুনি নিজে পাৰেনে নিজৰ আনন্দ বৃদ্ধি কৰিব? নিশ্চয়, আপুনি পাৰে। চাইক’লজিষ্টসকলে অতীজৰে পৰা কেনেকৈ মানুহক সুখী হোৱাৰ মাত্ৰা বঢ়াব পাৰি তাৰ ওপৰত গৱেষণা কৰি আহিছে। এনে গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি কিছুমান কাম কৰি আপোনাৰ আনন্দ বৃদ্ধি কৰিব পাৰি। কিবোৰ কাম কৰিলে এনেদৰে আনন্দ বৃদ্ধি কৰিব পাৰি চাওঁকচোন আহক- ৯ […]

girl-872149_1280

আজিৰ দিনটো কাৰোবাক সুখী কৰক

আপুনি যেতিয়া আন কাৰোবাক সুখী কৰে, তেতিয়া আপুনিও সুখী হয়। যিমানে আন মানুহক আপুনি সুখী কৰিব, সিমানে আপুনি নিজেও সুখী হ’ব। সেইবাবে যেতিয়া আপুনি নিজে সুখী হ’বলৈ মন কৰে, তেতিয়া আন কোনোবা এজনক আপুনি সুখী কৰি নোতোলে নো কিয়? অন্য কাৰোবাক সুখী কৰিবলৈ আপোনাক বহুত সময়ৰ প্ৰয়োজন নহয়। সৰু সৰু কামৰ দ্বাৰা, কম চেষ্টাতে আন […]