Close

৩টা অভ্যাস যিয়ে আপোনাক সফলতাৰ পৰা আতৰাই ৰাখিছে

আপুনি সফল হ’ব বিচাৰে, আপুনি বিচৰা কামবোৰ কৰিব বিচাৰে৷ আপোনাৰ মনত কিছুমান অতুলনীয় ধাৰণা আছে, আপুনি কি কৰিব লাগে সেই বিষয়ে জানে আৰু আপুনি সিদ্ধান্ত কৰিছে যে আপুনি সেই কামবোৰ কৰা আৰম্ভ কৰিব যিবোৰে আপোনাক সফল হোৱাত সহায় কৰিব৷ যদিও আপুনি কামবোৰ কৰিব বিচাৰে আপুনি সেয়া কৰিব পৰা নাই৷

সম্ভৱত আপোনাৰ এনে কিছুমান অভ্যাস আছে যিবোৰে আপোনাক সফলতাৰ পৰা আতৰাই ৰাখিছে৷ আপোনাৰ সকলো আছে কিন্তু এই তিনিটা অভ্যাসৰ বাবে আপুনি একো লাভ কৰিব পৰা নাই৷

আত্ম-সন্দেহ

আত্ম-সন্দেহ মানে নিজকে সন্দেহ কৰা৷ ই আটাইতকৈ বেয়া অভ্যাস৷ আপোনাৰ যদি আত্ম-সন্দেহৰ এই অভ্যাসটো আছে, তেন্তে আপুনি একোৱেই লাভ কৰিব নোৱাৰিব৷ আপোনাৰ আত্ম-সন্দেহ থাকিলে আপুনি আনকি কামবোৰ আৰম্ভও নকৰে আৰু কেতিয়াবা কৰিলেও আধাতে সেয়া এৰি দিব৷ আত্ম-সন্দেহে আপোনাক সদায় ক’ব, “তুমি নোৱাৰা৷”

যেতিয়া এনে সঘনাই হ’বলৈ ধৰে, কিছু সময়ৰ পিছত আপুনি বিশ্বাস কৰা আৰম্ভ কৰিব যে আপুনি “কৰিব নোৱাৰে”৷ আৰু যদি সেই বিশ্বাসটোৱে ঘৰ কৰি লয়, তেন্তে আপুনি আনকি চেষ্টাও নকৰে৷ যেতিয়া আপুনি একো চেষ্টাই নকৰে তেতিয়া কিবা ফল পাব বুলি আপুনি আশা কৰেনে? যেতিয়া আপুনি নিজৰ ১০০% কাম এটাত নিদিয়ে বা কামটো আধাতে এৰি দিয়ে, তেতিয়া কিবা হ’ব বুলি আপুনি আশা কৰেনে?

আনক দোষ দিয়া অভ্যাস

কেতিয়াবা যদি কিবা বেয়া ঘটনা ঘটে বা আপুনি যদি আপুনি কিবা কামত বিফল হয়, তেতিয়া আপুনি দুটা কাম কৰিব পাৰে-

(১) নিজৰ দোষ, বিফলতা বা নিগেটিভ ঘটনাৰ বাবে আন কাৰোবাক তাৰ বাবে দায়ী কৰক বা

(২) নিজে তাৰ দ্বায়িত্ব লওক

আপুনি যদি নিজৰ দোষৰ বাবে বা বিফলতাৰ বাবে আনক দোষ দিয়ে আপুনি বিচৰা ফলাফল লাভ কৰিবলৈ কেতিয়াও সমর্থ নহ’ব৷ আপুনি আনক দোষ দিলে সফল হ’বলৈ আপুনি নিজকে উন্নীত কৰাৰ বা আৰু ভাল কৰাৰ সুবিধা হেৰুৱাব৷ মানুহেও আপোনাক বেয়া পাব, আপোনাৰ পৰা আতৰি থাকিব আৰু মানুহৰ সংগ আৰু সহায় নোহোৱাকৈ আপুনি কেনেকৈ সফল হ’ব?

তাতোকৈ বেছি ভাল হ’ব এই অভ্যাসটো সলনি কৰি যদি আপুনি নিজৰ দোষ, ভুল, বিফলতাৰ আদিৰ দ্বায়িত্ব লোৱা অভ্যাসটো গঢ়ি লয়৷ কিন্তু অকল দ্বায়িত্ব লোৱাতে আপুনি ৰৈ যাব নালাগে৷ দ্বায়িত্ব লোৱাৰ পিছত আপুনি নিশ্চিত কৰিব লাগিব যাতে আপুনি আকৌ সেই একে ভুলবোৰকে পুনৰাই নকৰে আৰু আগতকৈ বেছি ভাল কৰিবলৈ আপুনি চেষ্টা কৰি থাকে যাতে পিছৰবাৰ আপুনি বিচৰা ফলাফল আৰু বস্তুবোৰ পোৱাত সফল হয়৷

ফ’কাছ নকৰা

আপুনি যদি কামত, লক্ষ্যবোৰত আৰু যি লাভ কৰিব খোজে সেই কথাত ফ’কাছ নকৰে, তেন্তে আপুনি কেনেদৰে সফল হ’ব? কামত ফ’কাছ নকৰাকৈ যান্ত্ৰিকভাৱে কাম কৰি থকাৰ অভ্যাস বহু মানুহৰ আছে৷ তাৰ পিছত আকৌ তেওঁলোকে যেতিয়া সফল নহয় তেতিয়া তেওঁলোক আচৰিত হয়৷ আপুনি যদি কৰিবলগীয়া কামটোত বা লক্ষ্যবোৰত বা লাভ কৰিব বিচৰা কথাবোৰত ফ’কাছ নকৰে, তেন্তে কেনেদৰে আপুনি সেই বিচৰা ফলাফল লাভ কৰিব? বহু মানূএ আজিকালি মাল্টিটাস্কিং (কেইবাটাও কাম একেলগে কৰা) কৰাৰ চেষ্টা কৰে৷ আপুনি যেতিয়া তেনে কৰিবলৈ চেষ্টা কৰে, তেতিয়া একেসময়তে আপুনি নিজৰ ফ’কাছ কেইবাটাও কামৰ ভিতৰত ভগাই পেলায়৷ কোনো এটা কামত বা ক্ষেত্ৰত গভীৰ ফ’কাছ অবিহনে আপুনি নিজৰ ১০০% দিব নোৱাৰিব আৰু লগতে বহু গুৰুত্বপূর্ণ কথাও আপুনি মিছ কৰিব (গম নোপোৱাকৈ থাকিব), যিটো সফল হ’বলৈ বৰ প্ৰয়োজনীয়৷

এক সময়ত মাত্ৰ এটা কাম বা বস্তুৰ ওপৰতহে ফ’কাছ কৰোঁ আহক৷ সেইটো সম্পন্ন হোৱাৰ পিছত আন এটা কামলৈ যাও আহক৷ এনেদৰে আপুনি বেছি কাম কৰিব পাৰিব আৰু লগতে বেছি ভালকৈ কামবোৰ কৰিব পাৰিব৷

আপুনি যদি সফল হ’ব বিচাৰে আপুনি এই তিনিটা অভ্যাস ত্যাগ কৰিব লাগিব৷ অভ্যাস সলনি কৰা যদিও সহজ কথা নহয়, তথাপি এই সম্ভৱ আৰু আপুনি সফল হোৱাৰ পৰা বাধা দি থকা এই অভ্যাস কেইটা সলনি কৰিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top