Close

পঢ়া কথাবোৰ মনত ৰখাৰ কেইটামান উপায়

বহু ছাত্ৰ_ছাত্ৰীয়ে মোক এই বিষয়ে সোধে৷ গতিকে চাও আহা কিদৰে তুমি পঢ়া কথাবোৰ মনত ৰাখিব পাৰিবা৷

মনত ভাবা

তুমি কিবা এটা কথা পঢ়ি উঠাৰ পিছতে অলপ সময় ৰেষ্ট লৈ কি কথা পঢ়িলা সেয়া মনতে এবাৰ ভালদৰে ভাবি চোৱা৷ যিখিনি পঢ়িলা তাৰ প্ৰধান কথাখিনি, মুখ্য পইন্টবোৰ আৰু কনচেপ্টবোৰ এবাৰ মনত পেলোৱা৷ প্ৰয়োজন হ’লে ভাবি থাকোতে নোট হিচাপে ইয়াক লিখি যোৱা৷ এই কথাখিনি তোমাৰ নিজৰ অভিজ্ঞতা, ব্যক্তিগত চিন্তা আদিৰ লগত কেনেদৰে মিলে সেই কথা ভাবি চোৱা৷

ই কিয় কাম কৰে?

ইউনিভার্ছিটি অব টেক্সাছৰ চাইক’লজি আৰু নিউৰ’চায়েন্সৰ এচচিয়েট প্ৰফেচাৰ এলিচন প্ৰেষ্টনৰ মতে – “আমি ৰেষ্ট লোৱাৰ সময়ত স্মূতিবোৰৰ কথা মনত পেলালে ই শক্তিশালী হয়….একো কথাই অকলশৰীয়াকৈ নহয়৷ তুমি যেতিয়া নতুন কিবা এটা শিকা তেতিয়া সেই ইনফৰমেচনৰ লগত মিলা আগতে শিকা কথাবোৰ মনলৈ আহে আৰু নতুন কথাবোৰ সেইবোৰৰ লগত সংযুক্ত হৈ পৰে৷”

আগৰ কথাবোৰৰ লগত নতুন ইনফৰমেচনখিনি কানেক্ট কৰিলে ই বেছি ভালদৰে মনত থাকিব৷

ৰিপিট কৰা

কিছুমান চাবজেক্টৰ ক্ষেত্ৰত ই বেছি কাম কৰিব৷ তোমাৰ যদি এটা চাবজেক্টৰ এখন বা দুখন কিতাপ আৰু তোমাৰ মুঠ ১০ টা অধ্যায় পঢ়িবলৈ আছে, তেন্তে তুমি এই সহজ উপায়টো ব্যৱহাৰ কৰিব পাৰা৷ প্ৰথমতে এবাৰ গোটেই কেইটা অধ্যায় এবাৰ পঢ়ি শেষ কৰা৷ এই কামটো কৰোতে হয়তো তোমাৰ এসপ্তা লাগিব৷ লাগক৷ প্ৰথমবাৰ পঢ়োতে তুমি হয়তো মাত্ৰ ১০ শতাংশ মানে বুজি পাবা৷ একো কথা নাই৷ পিছৰ সপ্তাহটোত আকৌ এবাৰ গোটেই ১০ তা অধ্যায় পঢ়ি শেষ কৰা৷ এইবাৰ হয়তো তুমি মাত্ৰ ৩০ শতাংশ মানে বুজি পাবা৷ একো কথা নাই৷

মাজতে এতিয়া এসপ্তাহৰ গেপ এটা দিয়া৷

এসপ্তাহ পিছত আকৌ এবাৰ গোটেই কেইটা অধ্যায় পঢ়ি শেষ কৰা৷ এইবাৰ কিন্তু তুমি প্ৰায় ৭০-৮০ শতাংশ মান কথা বুজি পাবা৷ আৰু বুজি পোৱা কথাবোৰ মনতো থাকিব৷ পৰীক্ষাৰ আগতে আকৌ এবাৰ পঢ়ি দিলে বুজি পোৱা আৰু মনত থকা কথাৰ পাৰচেনটেজ আৰু বাঢ়ি যাব৷

আন কাৰোবাক বুজাই কোৱা

তুমি যিখিনি কথা শিকিলা এতিয়া সেই কথাখিনি আন কাৰোবাক বুজাই কোৱা৷ তোমাৰ লগৰ কাৰোবাক বুজাই ক’বলৈ চেষ্টা কৰিব পাৰা৷ অথবা আন কাৰোবাকো কথাখিনি বুজাই ক’বলৈ চেষ্টা কৰিব পাৰা৷ প্ৰথমবাৰ তুমি পঢ়ি উঠি বুজাবলৈ চেষ্টা কৰোতে তুমি দেখিবা যে তুমি বহু কথা পাৰিলা, মাজে মাজে কিছুমান কথা থাকি গ’ল বা তুমি কিয় কথাটো হয় সেয়া ভালদৰে বুজাব পৰা নাই৷ আকৌ এবাৰ পঢ়ি লৈ সেই বিষয়টো বুজাবলৈ চেষ্টা কৰা৷ এইবাৰ আগতকৈ ভালদৰে তুমি বুজাব পাৰিবা৷

যাক তুমি বিষয়টো বুজাই আছা, তেওঁ যদি প্ৰশ্ন কৰে তেন্তে তুমি আৰু বেছি ভালদৰে কথাবোৰ বুজিব পাৰিবা৷ প্ৰশ্ন সুধিবলৈ ক’বা৷ যদি তোমাৰ লগৰ কাৰোবাক তুমি বিষয়টো বুজাই আছা তেন্তে তেওঁক যিমান পাৰে সিমান প্ৰশ্ন সুধিবলৈ ক’বা৷ তেতিয়া সেই উত্তৰবোৰ দিবলৈ যাওতে তুমি কথাবোৰ বেছি ভালদৰে বুজি পাবা৷ লগতে তোমাৰ লগৰ প্ৰশ্ন সোধাজনেও কথাবোৰ বেছি ভালদৰে বুজি পাব৷

তুমি যেতিয়া কেৱল বহি কথাবোৰ শুনি যোৱা তেতিয়া তুমি মাত্ৰ ১০% কথাহে বুজি পোৱা কিন্তু যেতিয়া তুমি আনক বুজাবলৈ বা শিকাবলৈ যোৱা তেতিয়া তুমি ৯০% বুজি পোৱা৷

কর্ণেল নোটচ পদ্ধতিটো ব্যৱহাৰ কৰা

কর্ণেল নোটচ পদ্ধতিটো আমাৰ সাধৰণ পদ্ধতিবোৰতকৈ বহু বেছি শক্তিশালী৷ কর্ণেল ইউনিভার্ছিটিৰ ৱেৱচাইটত ইয়াক পাঁচতা ভাগত ভগোৱা হৈছে৷

ৰেকর্ড- তাৰমানে তুমি যি বিষয়টো পঢ়ি আছা বা ক্লাছ কৰি আছা তাৰ নোট লিখা

প্ৰশ্ন- তুমি যি নোট লিখিছা তাৰ ওপৰত নির্ভৰ কৰি সেই বিষয়ে তোমাৰ মনলৈ অহা কিছুমান প্ৰশ্ন লিখা

মনত পেলোৱা- তুমি লিখা নোটখিনি ঢাকি লোৱা৷ এতিয়া তোমাৰ যি যি মনত আছে সেইখিনি লিখা

চিন্তা কৰা- তুমি যি শিকিলা বা পঢ়িলা সেই বিষয়ে গভীৰভাৱে চিন্তা কৰা

পর্যালোচনা কৰা- এসপ্তাহত মাত্ৰ ১০ মিনিট সময় তুমি লিখা সেই নোটখিনি উলিয়াই লৈ পঢ়া

এইকেইটা উপায়ে তোমাক পঢ়া কথাবোৰ বুজিবলৈ, মনত ৰাখিবলৈ আৰু প্ৰয়োজনৰ সময়ত মনত পেলাবলৈ সহায় কৰিব৷ তুমি নিজে চেষ্টা কৰি চোৱা আৰু এতিতয়াহে তুমি গম পাবা কোনবোৰ তোমাৰ কামত আহে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top