দুই ধৰণে তুমি সমস্যাটো চম্ভালি ল’ব পাৰা৷ এটা হ’ল দীৰ্ঘম্যাদী বা লং টাৰ্মত আৰু এটা হ’ল হ্ৰস্বম্যাদী বা চৰ্ট টাৰ্মত৷
লং টাৰ্মত কামত আহিবলৈ প্ৰথমে তুমি বিচাৰি উলিয়াব লাগিব তুমি কিয় পঢ়ি আছা৷ কি কাৰণত তুমি কলেজ বা স্কুললৈ গৈ ইমান সময় দিছা? মা-দেউতাই পঠিয়াইছে কাৰণে, নে এডমিছন দিয়া বাবে তুমি স্কুল বা কলেজলৈ গৈ আছা? সেই কাৰণটোৰে নহ’ব৷ কাৰণটো মাত্ৰ সেইটো হ’লে তুমি এনেয়েও নপঢ়া৷ স্কুল বা কলেজলৈ তুমি কি গৈ আছা? নিজকে সুধিব লাগিব, কাৰণটো বিচাৰিব লাগিব৷ এটা মজবুত, শত্তিশালী উত্তৰ বিচাৰিব লাগিব তেতিয়াহে তুমি পঢ়িবা আৰু পঢ়াত কষ্ট কৰিবা৷ অলপ সময় বিচাৰিব লাগিব পাৰে কিন্তু বিচাৰিলে পাই যাবা৷ তুমি হয়তো পিছলৈ ডক্তৰ বা ইঞ্জিনিয়াৰ বা আৰ্মী অফিচাৰ বা পাইলট বা উকীল হ’ব খোজা বা নিজৰ ব্যৱসায় কৰিব খোজা আৰু তাৰ কাৰণে এক নিৰ্দিষ্ট লেভেলকৈ পঢ়িব লাগে কাৰণে তুমি পঢ়ি আছা৷ বা তুমি সেই বিষয়টো ভালপোৱা আৰু সেই বিষয়টোত পিছলৈ ৰিচাৰ্ছ কৰিব বিচৰা৷ যি নহওক কিয় নিজৰ কাৰণটো উলিয়াই লোৱা৷ ক্লাছত বহি থাকোঁতে মনটো ইফাল-সিফালে গ’লে, মনে মনে নিজকে সেই প্ৰশ্নটো কৰিবা- মই কিয় এয়া পঢ়ি আছোঁ৷ তোমাৰ মগজুটোৱে উত্তৰটো দিলে লগে লগে তোমাৰ মনটো আকৌ পঢ়ালৈ আহিব যদিহে তোমাৰ উত্তৰটো বহুত শক্তিশালী হয়৷
ক্লাছলৈ যোৱাৰ আগতে তুমি নিজকে সেই প্ৰশ্নটোকে কৰিব পাৰা- ইমান সময় খৰচ কৰি, ইমান কষ্ট কৰি কিয় মই ক্লাছলৈ গৈ আছোঁ? সকলোৰে উত্তৰ বেলেগ বেলেগ হ’ব৷ তোমাৰ নিজৰ উত্তৰটো ৰাতিপুৱাই এবাৰ মনত কৰি ল’লে গোটেই দিনটো ই তোমাক সহায় কৰিব৷
এতিয়া চৰ্ট টাৰ্মৰ কথাটো চাও আহা৷
প্ৰতি মুহূৰ্ততে তুমি সচেতন হৈ থাকিব লাগিব৷ কেনেদৰে সেয়া কৰিবা? ক্লাছত পঢ়াই থকা সময়খিনিত তুমি নোট লিখি গৈ থাকিব পাৰা৷ সাধাৰণতে নোট লিখাৰ দৰে নহয়৷ মাইণ্ড মেপৰ জৰিয়তে৷ মাইণ্ড মেপৰ বিষয়ে তুমি বিচাৰিলে ভালদৰে পিI. ল’ব পাৰিবা৷ পঢ়াই থকা কথাখিনিৰ মূল কথাখিনি ইটোৰ লগত সিটো কানেক্ট কৰি এখন মেপৰ নিচিনা কৰি গৈ থাকিব পাৰি যিখন মেপ মনত ৰাখিবলৈ বহুত সহজ৷ ই যিহেতু ছবি এখন গতিকে ইয়াক মনত ৰাখিবলৈ আৰু প্ৰয়োজনৰ সময়ত মনত পেলাবলৈ সহজ কাৰণ ই ছবি এখন কথাতকৈ বেছি ভালদৰে মনত থাকে৷ তেনেদৰে নোট নিজৰ সুবিধামতে লিখি লোৱাৰ আন কিছুমান উপায়ো আছে৷ এয়া কৰা মানে তুমি নিজৰ মনটোক বৰ্তমান সময়ত ঘটি থকা কথাখিনিত ইচ্চা কৰি ফ’কাছ কৰিবলৈ বাধ্য কৰাইছা৷ তুমি এয়া অভ্যাস কৰিব পাৰিলে অকল আজিয়েই নহয় পিছলৈও তোমাৰ কামত আহিব৷
আৰু এইটো কথাও হয় যে কিছুমান ক্লাছ কৰি ভাল নালাগে, কিছুমান শিক্ষকে পঢ়াব নাজানে৷ কিন্তু আমি তাত ফ’কাছ নকৰোঁ, আমি ফ’কাছ কৰিম তাৰ মাজতে কি কৰিলে আমি আমাৰ প্ৰয়োজনীয় কথাখিনি শিকিব পাৰিম৷ বা সেইখিনি সময় যিহেতু বহি থাকিব লাগিব আমি নিজৰ প্ৰয়োজনীয় কিবা এটা স্কিলৰ প্ৰেকটিচ তাতে বহি থকা সময়খিনিত কৰিব পাৰোঁ নেকি? কেনে স্কিল? তোমাক যেনে স্কিলৰ প্ৰয়োজন৷ যেনে তোমাৰ আত্মবিশ্বাস বঢ়াবলৈ বা আনৰ আগত থিয় হৈ কথা ক’বলৈ প্ৰেকটিচ কৰিবলৈ মন আছে, ক্লাছৰ মাজত যেতিয়া কাৰোবাৰ কিবা সুধিব লগীয়া আছে নেকি বুলি সুধিলে বা কিবা বুজিবলগীয়া থাকিলে তুমি সকলোৰে আগত থিয় হৈ কথাটো ক’ব বা সুধিব পাৰা৷ দেখাত ই তেনেই সাধাৰণ কথা কিন্তু ইয়াক কৰিবলৈ বহুত সাহস লাগে আৰু সকলোৱে নোৱাৰে৷ তুমি কৰিব পাৰিলে ই তোমাৰ আত্মসন্মান, সাহস আৰু আত্মবিশ্বাস বঢ়োৱাটো কিন্তু খাটাং৷ কৰি চাবাচোন৷