Close

ডিগ্ৰীৰ পিছত নিজৰ কেৰিয়াৰ গঢ়াৰ এটা সহজ উপায়

ছাত্ৰ-ছাত্ৰীৰ বাবে

কিছুমান ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত নিজৰ কাম কৰিব বা আনে নকৰা কিছুমান কাম কৰিব পাৰে, গেটেই দেশ বা পৃথিৱী ভ্ৰমণ কৰিব পাৰে৷ তেওঁলোকৰ কথা বেলেগ, তেওঁলোকে নিজে নিজৰ জীৱনৰ কিছুমান কথা ঠিক কৰি লৈছে৷ বাকী যিসকল ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত নিজৰ কেৰিয়াৰ এটা বিচাৰে তেওঁলোকে নিজৰ পথটো নিজৰ বাবে সহজ কৰি তুলিব পাৰে এটা উজু উপায়েৰে৷

এটা উদাহৰণ ল’লে কথাটো সহজ হৈ পৰিব–

ধৰি লোৱা তুমি এ চি এছ পৰীক্ষা দিব বিচাৰিছা আৰু পিছলৈ এজন এ চি এছ বা এ পি এছ অফিচাৰ হ’বলৈ বিচাৰিছা৷ সেয়া কেনেদৰে সহজে কৰিব পাৰি সেয়া চাও আহা৷ সেয়া তুমি সপোন বুলি ক’ব পৰা, লক্ষ্য বুলি ক’ব পৰা, তুমি যি বুলি কোৱা সেয়া ক’ব পৰা৷

দুটা কথা তোমাক লাগিব- প্লেনিং বা পৰিকল্পনা আৰু প্ৰিপাৰেচন বা প্ৰস্তুতি৷

তুমি হায়াৰ চেকেণ্ডাৰী শেষ কৰাৰ পিছত চিন্তা কৰি, ভাবি মেলি গম পালা যে তুমি এগৰাকী এ চি এছ বিষয়া হ’ব বিচৰা৷ তুমি এ ছি এছৰ গাইড এখন আনি লৈ চালা পৰীক্ষাটোত কি কি আহে৷ তুমি গম পালা যে প্ৰিলিমিনৰী পৰীক্ষাত তুমি জেনেৰেল ষ্তাডিজ২ ২০০ নম্বৰৰ এখন পেপাৰ দিব লাগিব আৰু অপচনেল চাবজেক্ট হিচাপে এটা চাবজেক্টৰ ২০০ নম্বৰৰ পৰীক্ষা দিব লাগিব৷ সেয়া পাছ কৰিলে তুমি মেইনছ পৰীক্ষাত ইংৰাজী, জেনেৰেল ষ্টাডিজ, ৰ লগতে তুমি দুটা চাবজেক্ট ল’ব লাগিব৷ গতিকে ডিগ্ৰীত এডমিচন লোৱাৰ সময়ত তুমি সাৱধানে বাচি সেই দুটা চাবজেক্টহে ল’লা যি দুটা তুমি সেই পৰীক্ষাটোত ল’বা৷ এতিয়া তিনিবছৰ যদি তুমি সেই চাবজেক্ট দুটা ভালদৰে পঢ়া, তেনহ’লে তিনিবছৰত তুমি দুয়োটা চাবজেক্টতে সাংঘাটিক ধৰণে ভাল হ’ব নোৱাৰিবানে, ভালদৰে সাজু হ’ব নোৱাৰিবানে? নিশ্চয় পাৰিবা৷ লগতে সেই সময়ছোৱাত তুমি নিজৰ ইংৰাজী আৰু সাধাৰণ জ্ঞান ভাল কৰিব পাৰিবা৷ আৰু নিজৰ কমিউনিকেচন স্কিলবোৰ অথৰাৎ ইংৰাজী আৰু অসমীয়া কোৱা আৰু লিখা ভাল কৰিব পাৰিবা, নিজৰ ব্যক্তিত্ব আৰু ভাল কৰিব পাৰিবা৷

এনেদৰে সাজু হৈ থাকিলে পৰীক্ষাটোত ভাল কৰাটো তোমাৰ বাবে সহজ নহ’বনে? নিশ্চয় হ’ব৷ আন সাজু নোহোৱা হাজাৰ হাজাৰ ল’ৰা-ছোৱালীতকৈ তুমি বহুত ভাল অৱস্থাত থাকিবা৷ কিন্তু এনেদৰে সাজু হোৱা মানে এয়া নহয় যে তুমি সকলো বাদ দি কেৱল পঢ়িয়ে থাকিবা৷ নহয়, তোমাৰ আন যি যি কাম ভাল লাগে যেনে নাটক কৰা, গান গোৱা, খেলা, লগৰ বিলাকৰ লগত আড্ডা মৰা সেয়া সকলো কৰিও তুমি মাত্ৰ দিনে দুঘন্টা দিলে নিজকে সাজু কৰাৰ বাবে যথেষ্ট হ’ব৷

কোনোবাই যদি ইতিমধ্যে ডিগ্ৰী পাছ কৰিলা বা ডিগ্ৰী শেষ বছৰ বা চেমিষ্টাৰত পঢ়ি আছা, তুমি তেতিয়া এতিয়াও আৰম্ভ কৰিব পাৰা৷ মাত্ৰ তোমাৰ কষ্ট অলপ বেছই হ’ব৷ কিন্তু প্লেন আৰু সেইমতে কাম কৰি গ’লে তুমিও পাৰিবা৷

তেনেদৰে ডিগ্ৰী পাছ কৰাৰ পিছত নানা ধৰণৰ কেৰিয়াৰ তুমি গঢ়িব পাৰা, বেংকত প্ৰবেচনাৰী অফিচাৰ হ’ব পৰা, চি ডি এছ দি আর্মী অফিচাৰ হ’ব পৰা, চিভিল চার্ভিছ পৰীক্ষা দি অফিচাৰ হ’ব পৰা, এম বি এ কৰি কোম্পানীত ভাল চাকৰি কৰিব পৰা৷ কিন্তু এটা কথা তুমি মনত ৰাখিব লাগিব- সেয়া হ’ল তুমি ডিগ্ৰী পঢ়ি থকা তিনিবছৰ পৰিকল্পনা কৰি নিজকে তুমি বিচৰা কেৰিয়াৰৰ বাবে সাজু আৰু যোগ্য কৰি তুলিব লাগিব৷ তেতিয়াহ’লে তুমি কেৰিয়াৰ বা চাকৰি বাবেও চিন্তা কৰিব নালাগে আৰু তোমাৰ জীৱনটোৰ বহুমূলীয়া সময়বোৰো নষ্ট নহয়৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top