Close

টেক্সটবুক পঢ়াৰ এটা ভাল উপায়

তুমি যদি স্কুল বা কলেজত বা ইউনিভার্ছিটিত পঢ়ি আছা, তেনেহ’লে তুমি টেক্সটবুক পঢ়িবই লাগিব৷ ব’ৰিং হওক বা নহওক তুমি যিহেতু এইবোৰ পঢ়িবই লাগিব আৰু সেয়া পঢ়ি পৰীক্ষাৰ বাবে সাজু হ’ব লাগিব, গতিকে এই টেক্সটবুকবোৰ কেনেদৰে খুব ভালদৰে পঢ়ি তাৰ বিষয়বোৰ কেনেদৰে আয়ত্ব কৰিব পাৰি, কেনেদৰে এইবোৰ মনত ৰাখিব পাৰি, ভালদৰে বুজি পাব পাৰি সেয়া গম পালে ভাল নহ’ব জানো? চাও আহা কেনেদৰে সেয়া কৰিব পাৰি৷ 

মেট ডি মাইও ৱে এই বিষয়ে খুব ভাল পদ্ধতি এটাৰ কথা কৈছে৷ টেক্সটবুক এখন তুমি উপন্যাস পঢ়াৰ নিচিনাকৈ পঢ়ি গ’লে নহ’ব৷ কিন্তু বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে তাকেই কৰে৷

তুমি টেক্সটবুক এখন চালদৰে পঢ়াৰ আৰু তাৰপৰা যিমান সম্ভৱ সিমান লাভ পোৱাৰ উপায়টো এনে ধৰণৰ-

প্ৰথম ষ্টেপ

প্ৰথমতে গোটেই টেক্সটবুকৰ প্ৰয়োজনীয় অধ্যায়কেইটা বিচাৰি লোৱা৷ এতিয়া সেই অধ্যায়কেইটাৰ প্ৰতিটো পৃষ্ঠা লুটিয়াই যোৱা৷ তাত থকা ছবিবোৰ চোৱা, তাত কি আছে চোৱা, প্ৰতিটো অধ্যায়ত কি আছে সেয়া চোৱা, অধ্যায়বোৰ কিমান দীঘল সেয়া চাই লোৱা৷ এয়া কৰিলে তুমি কি পঢ়িব লাগিব, কিমান পঢ়িব লাগিব ইত্যাদি কথা গম পাবা৷ তোমাৰ সামগ্ৰিক ধাৰণা এটা হৈ যাব৷

দ্বিতীয় ষ্টেপ

প্ৰতিটো প্ৰয়োজনীয় অধ্যায়ৰ শেষলৈ যোৱা আৰু তাত কি কি প্ৰশ্ন, বা কুইজ আছে সেয়া চোৱা৷ এনে কৰিলে তুমি গম পাবা যে অধ্যায়টোত কোনবোৰ কথা বেছি প্ৰয়োজনীয় আৰু কোনবোৰ কথাত তুমি বেছি মন দিব লাগিব৷

তৃতীয় ষ্টেপ

এতিয়া অধ্যায় এটাত থকা ডাঙৰকৈ লিখা বা বল্ড লাইনবোৰ পঢ়া৷ অধ্যায় এটাত থকা চেপ্টাৰ হেডিং, চাব হেডিং আদি পঢ়া৷ এনে কৰিলে তুমি অধ্যায় এটাৰ মুখ্য কথাবোৰ কি সেয়া গম পাবা৷ অধ্যায়টো কিহৰ বিষয়ে, তাত কি ক’ব খোজা হৈছে আদি গম পাবা৷

চতুর্থ ষ্টেপ

প্ৰতিটো পেৰাগ্ৰাফৰ প্ৰথম আৰু শেষৰ লাইনটো পঢ়া৷ পেৰাগ্ৰাফ এটাৰ প্ৰথম লাইনটো হ’ল কথা এটাৰ আৰম্ভণি আৰু শেষৰ লাইনটো হ’ল সেই কথাখিনিৰ সমাপ্তি৷ এনেদৰে তুমি সেই পেৰাগ্ৰাফটোত কি ক’ব বিচাৰিছে সেই বিষয়ে থুলমূল ধাৰণা এটা কৰিব পাৰিবা৷

এনেদৰে পঢ়োতে তুমি কথাবোৰ বুজি পাবলৈ পঢ়া নাই৷ গোটেই টেক্সটবুকখন আৰু তাৰ অধ্যায়বোৰৰ বিষয়ে জানিবলৈহে পঢ়ি গৈছা৷ তুমি এতিয়া সম্পূর্ণভাৱে জানিবা তুমি কি পঢ়িবা, তাত কি কি কথা গম পাবা৷

এতিয়া তুমি গোটেই অধ্যায়টো পঢ়িব পাৰা৷

এনেদৰে অতিৰিক্ত কষ্ট কৰি পঢ়াৰ কি প্ৰয়োজন আছে?

এনেদৰে পঢ়িলে তুমি কথাবোৰ বেছি ভালকৈ বুজি পাবা৷ তোমাৰ প্ৰতিখন টেক্সটবুক আৰু তাৰ প্ৰতিটো অধ্যায়ে কি বুজাব বিচাৰিছে, তাত কোনবোৰ কথা আছে সেয়া বুজি পাবা, আৰু মনত থাকিব৷ টেক্সটবুকখন তোমাৰ বেছি চিনাকি হৈ পৰিব৷  তুমি পঢ়া কথাবোৰ তুমি বেছি ভালদৰে মনত ৰাখিব পাৰিবা৷ কথাবোৰ তুমি বুজি পাবা আৰু সেই কথাটোৱে পৰীক্ষাটো তোমাক বেছি ভাল ফলাফল দেখুৱাবলৈ সহায় কৰিব৷ পৰীক্ষাত লিখিবলৈ লওতে তুমি কথাবোৰ পাহৰি নোযোৱা কাৰণ প্ৰধান কথাবোৰ তোমাৰ সদায় মনত থাকিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top