Close

কেনেদৰে পঢ়িলে তোমাৰ চিৰজীৱন কামত আহিব

ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত বেছি নম্বৰ পাবলৈ নানা ধৰণৰ কাম কৰে- হাইস্কুলত থাকোতে বা আনকি হায়াৰ চেকেণ্ডাৰী পঢ়ি থাকোতে তেওঁলোকে প্ৰশ্নবোৰ বিচাৰি তাৰ উত্তৰবোৰ লিখি নিজে নোট বনাই লয় আৰু পৰীক্ষাৰ বাবে সেইবোৰ পঢ়ে৷ যিমানে নোট বেছিকৈ বনাব, যিমানে বেছিকৈ প্ৰশ্নবোৰৰ উত্তৰ লিখি পৰীক্ষাৰ বাবে সাজু হ’ব সিমানে সেই পৰীক্ষাত কম পৰা প্ৰশ্নৰ সংখ্যা বাঢ়িব আৰু সিমানে পৰীক্ষা ভাল হ’ব অর্থাৎ পৰীক্ষাত বেছি নম্বৰ পাব৷ কিন্তু তাতেই  এটা সমস্যা হয়৷

আপত্তি

বহু ছাত্ৰ-ছাত্ৰীৰ এয়া অভিযোগ যে তেওঁলোকৰ পঢ়া শেষ নহয়৷ চেমিষ্টাৰ চিষ্টেমত পঢ়া ছাত্ৰ-ছাত্ৰীৰ এই আপত্তিটো বেছি৷ কিন্তু তেওঁলোকৰ পঢ়া কিয় শেষ নহয়৷ আজি আমি তেওঁলোক এলেহুৱা, কাম পিচলৈ পেলাই থয় সেইবাবে পঢ়া

সম্ভাৱনা নাই এনেবোৰ কথালৈ নাযাও৷ আন এটা কথাহে আমি চাম৷

তেওঁলোকে পঢ়া-শুনা কৰিছে কিদৰে

মই অলপতে এই কথাটো গম পালোঁ৷ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা কিছুমান ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও তেওঁলোকে স্কুলত মানি চলা বা অনুসৰণ কৰা পদ্ধতিৰে পঢ়া-শুনা কৰি আছে৷ কেনেকুৱা পদ্ধতি? আপোনাৰ যদি মনত আছে আগতে সেয়া হয়তো আপোনালোকেও কৰিছিল- কেবাবছৰৰ প্ৰশ্নকাকত গোটাই লোৱা, তাৰ পৰা চেপ্টাৰ অনুসৰি প্ৰশ্নবোৰ বাচি লোভা আৰু সেই প্ৰশ্নবোৰৰ উত্তৰৰবোৰ লিখা৷ সেই উত্তৰবোৰ পঢ়া, মুখস্থা কৰা আৰু পৰীক্ষাত সেই উত্তৰেবাৰকে লিখা৷ যিমানে বেছি প্ৰশ্ন বাচি লৈ উত্তৰবোৰ নোট হিচাপে বনাই ল’ব সিমানে প্ৰশ্নবোৰ পৰীক্ষাত কমন পৰাৰ সম্ভাৱনা বেছি আৰু তেতিয়া পৰীক্ষাত নম্বৰ বেছিকৈ পোৱাৰ বেছি৷
কিন্তু ডিগ্ৰী পঢ়ি থাকোতে এনেদৰে পঢ়াটো সম্ভৱনে? এনেদৰে পঢ়ি তুমি কর্চটো শেষ কৰা সম্ভৱনে? এনেদৰে পঢ়ি নম্বৰৰ বাহিৰে তোমাৰ কিবা লাভ হ’বনে? এনেদৰে পঢ়ি তুমি আন কম্পিটিটিভ পৰীক্ষাৰ বাবে সাজু হ’ব পাৰিবানে?

আমি কিয় পঢ়ি আছোঁ– নম্বৰৰ কাৰণে?

অতীতৰে পৰা ই চলি আহি আছে আৰু আজিও চলি আছে৷ আমি কিয় কলেজলৈ পঢ়িবলৈ গৈছোঁ? অকল নম্বৰ বেছিকৈ পাবলৈ নে কি? কেইবছৰমানৰ পিছত সেই নম্বৰৰ কিবা ভেলু আছেনে? নম্বৰ লাগে ৱাল ইন্সষ্টিটিউট এটাত, কলেজ এখনত বা ইউনিভার্ছিটি এখনত চিট পাবলৈ তোমাক নম্বৰ লাগে৷ কিন্তু এটা লেভেলকৈহে লাগে আৰু তাতোকৈ বেছি নম্বৰ পাই একো লাভ নাই৷ তুমি যিমানে নম্বৰ নোপোৱা কিয় কেইবছৰমানৰ পিছত কোনেও সেই কথাত গুৰুত্ব নিদিয়ে আৰু তোমাৰো একো কামত নাহে যদিহে তোমাৰ আনফালে কোনো বিকাশ বা উন্নতি হোৱা নাই৷ আৰু তুমি বহুত নম্বৰ পালাই যেনিবা তুমি ভাবা নেকি অকল সেইটোৱেই তোমাক চাকৰি পোৱাত সহায় কৰিব?

তুমি কলেজলৈ আহিছা নিজৰ বিকাশ ঘটাবলৈ, নিজকে আৰু ভাল কৰিবলৈ, নতুন নতুন কথা শিকিবলৈ৷ অকল নম্বৰৰ পিছত দৌৰি যদি তুমি পুৰণি পদ্ধতিটোকে অনুসৰণ কৰি পঢ়ি থকা তোমাৰ সাংগাটিক ষ্ট্ৰেছ হ’ব, তুমি মসয়ত পঢ়ি শেষ কৰিব নোৱাৰিবা৷ লগতে অকল নম্বৰৰ কথা ভাবি থাকোতে তোমাৰ আন দিশবোৰৰ যেনে- কমিউনিকেচন, স্মর্টনেছ, পার্চনেলিটি আদিৰ বিকাশ ঘটোৱাই নহ’ব৷ লগতে খেলা ধূলা, গান গোৱা, নাটক কৰা, আদি কামবোৰোৰ কৰা নহ’ব, জীৱনটো  উপভোগ কৰাও নহ’ব৷
ডিগ্ৰী পঢ়ি থকা সময়ত তুমি এডাল্ট অর্থাৎ প্ৰাপ্তবয়স্ক৷ পঢ়াৰ ধৰণটোও সেইকাৰনে তেনে হ’ব লাগিব৷ এই সময়ত তুমি মুখস্থ কৰাতকৈ কথাবোৰ বুজিবলৈহে পঢ়া বেছি জৰুৰী৷ কথাবোৰ বুজি পালে তুমি এনেয়েও যিকোনো প্ৰশ্নৰ উত্তৰে লিখিব পাৰিবা, এনেয়েও পৰীক্ষাত ভাল কৰিব পাৰিবা৷ প্ৰয়োজনীয় নম্বৰবোৰ সংগ্ৰহ কৰিব পাৰিবা, আৰু আন কাম কৰিবলৈ মানে খেলা-ধূলা, নাটক, কৰিবলৈ, গান গাবলৈ তোমাৰ সময় ওলাব৷ এনদৰে মুখস্থ কৰি বা উত্তৰবোৰৰ নোট বনাই বেছি নম্বৰ পোৱাতকৈ যেতিয়া তুমি কথাবোৰ বুজি পৰীক্ষাত ভাল কৰিব পাৰিবা তেতিয়া তোমাৰ নিজৰ ওপৰতে বিশ্বাস বাঢ়িব অর্থাৎ আত্মবিশ্বাস বাঢ়ি যাব৷ সেই আত্মবিশ্বাস তোমাৰ সদায় কামত আহিব৷ লগতে এনে কৰা মানে তুমি নিজৰ কামৰ দ্বায়িত্ব, নিজৰ জীৱনৰ দ্বায়িত্ব নিজে লৈছা, সেই কথাটো তোমাৰ গোটেই জীৱনতে কামত আহিব৷ কলেজলৈ তুমি এইবোৰ কথাহে শিকিবলৈ গৈছা৷

কম্পিটিটিভ পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময়

তুমি বাৰু কলেজৰ বা ইউনিভার্ছিটিৰ ক্লাছত প্ৰশ্ন গোটাই, তাৰ উত্তৰ লিখি, সেয়া মুখস্থ কৰি বহুত নম্বৰ পালা৷ কিন্তু যিবোৰ কম্পিটিটিটিভ পৰীক্ষা তুমি ডিগ্ৰী বা মাষ্তাৰ ডিগ্ৰী পাছ কৰাৰ পিছত দিব পাৰিবা তাত এনেদৰে প্ৰশ্ন কমন পেলাব পাৰিবানে? নোৱাৰা৷ তেতিয়া তেনে পৰীক্ষাত তুমি উত্তীর্ণ হ’ব পাৰিবানে? নোৱাৰা৷ আমাৰ ল’ৰা-ছোৱালীয়ে তেনে পৰীক্ষাত নোপোৱাৰ আন এটা কাৰণ সেয়া নহয়তো?

তুমি যদি গোটেই চাবজেক্টটো বা চেপ্টাৰটো ভালদৰে বুজি পোৱা তাৰপৰা অহা যিকোনো প্ৰশ্ন, যিকোনো কথাৰ উত্তৰ তুমি দিব পাৰিবা৷ আৰু ভালদৰে এটা চাবজেক্ট পঢ়ি, তাক বুজি ভালদৰে আয়ত্ব কৰাটো যিকোনো কম্পিটিটিভ পৰীক্ষাৰ বাবে জৰুৰী হ’ব৷ কি পৰীক্ষা দিবা, কেনেদৰে তাৰবাবে তুমি সাজু হ’বা সেয়া তুমি নিজে ঠিক কৰিব পাৰিবা যেতিয়া তুমি নিজৰ দ্বায়িত্ব নিজে ল’বা৷

আমাৰ মাইণ্ডচেট সলনি কৰিব লাগিব

তুমি যদি সঁচাকৈয়ে চাকৰি পাব বিচৰা বা নিজৰ কাম কৰিব বিচৰা, তুমি তাৰবাবে সাজু হ’ব লাগিব৷ আৰু সেয়া তুমি কৰিব লাগিব নিজে৷ তোমাৰ কলেজ বা ইউনিভার্ছিটিয়ে সেয়া তোমাৰ বাবে কৰিব নোৱাৰে, নকৰে৷ তুমি নিজৰ দ্বায়িত্ব নিজে ল’লেহে তুমি কি পৰীক্ষাদিবা সেয়া ঠিক কৰিব পাৰিবা, নিজকে সাজু কৰিব পাৰিবা, আৰু তেতিয়াহে তুমি সফল হ’বা৷ আগৰ পুৰণি মাইণ্ডচেট এটা লৈ তুমি যদি কেৱল নম্বৰ বেছি পাবৰ বাবে পুৰণি পদ্ধতি এটা লৈ পঢ়ি থাকা তেতিয়া হ’লে হ’ব জানো?

এবাৰ যদি তুমি গোটেই কথাবোৰ ভালদৰে বুজি পোৱা তেতিয়াহ’লে কথাবোৰ তোমাৰ বাবে সহজ হৈ পৰিব৷ এবাৰ চিম্তা কৰি চাবাচোন কথাবোৰ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top