Close

তোমাৰ নতুন জীৱনটো

(যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ এক নতুন জীৱন আৰম্ভ কৰিবলৈ সাঁজু হৈছে, তেওঁলোকৰ আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বাবে)

ছাত্ৰ-ছাত্ৰী সকলৰ বাবে

এক নতুন চেলেঞ্জ

তুমি কাইলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবা, হয়তো নতুন এক শিক্ষানুষ্ঠানলৈ যাবা, এক নতুন হোষ্টেলৈলৈ যাবা৷ তোমাৰ পৃথিৱীখন তেতিয়া নতুন হ’ব৷ আনকি তুমি যেতিয়া একেখন শিক্ষানুষ্ঠানতে থাকা আৰু ঘৰৰ পৰাই অহা-যোৱা কৰি পঢ়া-শুনা কৰি থাকা, তেতিয়াও এই পৃথিৱীখন তোমাৰ বাবে নতুন হ’ব৷ এই পৃথিৱীখনত তুমিমুখামুখি হ’বা নতুন নতুন প্ৰত্যাহ্বান বা চেলেঞ্জৰ৷ সেই প্ৰত্যাহ্বান পঢ়াৰ ৰূপত হ’ব পাৰে, নতুন ঠাই, নতুন লগ-সংগৰ ক্ষেত্ৰত হ’ব পাৰে, অচিনাকী মানুহৰ মাজত বাস কৰাৰ ক্ষেত্ৰত হ’ব পাৰে, বা তেনে আন কিবা ক্ষেত্ৰত হ’ব পাৰে৷

আৰু গোটেই জীৱনটোত তুমি এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে থাকিবা৷ তুমি আজি এই প্ৰত্যাহ্বানটো গ্ৰহণ কৰিবলৈ শিকিলে কাইলৈ তুমি আন প্ৰত্যাহ্বানো সহজে গ্ৰহণ কৰিবলৈ শিকিবা৷ এইবিলাক কি হৈছে, মোৰ লগতহে কিয় এনে হয়, মই এইবিলাক কেনেদৰে চম্ভালিম বুলি চিন্তা কৰি তুমি ভয় খাব নালাগে৷ এইবোৰ কথা মাত্ৰ কিছুমান প্ৰত্যাহ্বান বুলি তুমি ধৰি ল’ব পাৰিলেই হ’ল৷

সকলো সময়তে তুমি সফল নহবও পাৰা, অর্থাৎ তুমি ভবা মতে ফলাফলবোৰ নহবও পাৰে৷ জীৱনে বিভিন্ন সময়ত তোমাক খুন্দিয়াই মাটিত পেলাই দিবলৈ চেষ্টা কৰিব৷ কিন্তু তুমি বাৰে বাৰে পৰাৰ পৰা উঠি আকৌ যুঁজিব লাগিব৷ মানব জীৱনৰ মহত্ব সেইখিনিতহে৷ আনে সেয়া কৰি আহিছে, এতিয়া তোমাৰ পৰীক্ষাৰ পাল৷ তুমি সফল হৈছানে নাই সেয়া ডাঙৰ কথা নহয়, তুমি চেষ্টা কৰিছা নে নাই, পৰাৰ পৰা উঠিছানে নাই সেয়াহে ডাঙৰ কথা৷ কাৰণ তোমাৰ ভবিষ্যত কেনে হ’ব সেয়া সম্পূর্ণৰূপে নির্ভৰ কৰিব জীৱনে তোমাক খুন্দিয়াই মাটিত পেলাই দিলে তুমি আকৌ উঠি থিয় হোৱা নে পৰিয়েই থকা তাৰ ওপৰতহে৷

নিজৰ ওপৰত নির্ভৰশীল হোৱা

নিজৰ ওপৰত নির্ভৰশীল হোৱাৰ  তোমাৰ বাবে ই এক সোণালী সুযোগ৷ নিজৰ ওপৰত নির্ভৰশীল হোৱা মানে তোমাৰ মা-দেউতাৰ সংগ এৰা, তেওঁলোকক সন্মান নকৰা, তেওঁলোকক ভাল নোপোৱা নহয়৷ বৰঞ্চ ই তুমি নিজকে বিশ্বাস কৰা, নিজৰ ব্যক্তিত্ব গঢ়াৰ চেষ্টা কৰাৰ কথাকহে বুজায়৷  তুমি নিজৰ ওপৰত নির্ভৰশীল হ’বই লাগিব কাৰণ নিজৰ কাম তুমি নিজেই কৰিব লাগিব৷ অঅন কোনেও তোমাৰ কাম তোমাৰ বাবে সদায় কৰি দিব নোৱাৰে, তোমাৰ মা-দেউতা বা পৰিয়ালৰ আন মানুহওে নোৱাৰে৷ গতিকে তুমি নিজে নিজৰ ওপৰত নির্ভৰ কৰিবলৈ শিকিবই লাগিব৷ আৰু এয়া কৰিব পাৰিলে তুমি লাভ কৰিবা এক অনন্য সাহস আৰু শক্তি,  যিয়ে তোমাক অচীন দিগন্তলৈ, অজান ঠাইলৈ সাহসেৰে আগবাঢ়ি যাবলৈ সহায় কৰিব৷ তুমি যদি অঅনতকৈ বেছি দিগন্ত চাব খোজা, বেছি কথা অনুভৱ কৰিব খোজা, তেন্তে তুমি নিজে নিজক সহায় কৰিব লাগিব৷ তোমাক প্ৰয়োজনীয় সকলো কাম, সকলো কথাতে তুমি নিজে সিদ্ধান্ত ল’বলৈ চেষ্টা কৰিব লাগিব৷ লগতে লোৱা সিদ্ধান্তবোৰৰ ফলাফলৰ দ্বায়িত্বও তুমি ল’ব লাগিব৷ আনৰ সহায় লাগিলে তুমি নিশ্চয় ল’বা, কিন্তু আনক তোমাৰ হৈ  সিদ্ধান্ত ল’বলৈ দিয়াতকৈ তুমি সিদ্ধান্তবোৰ নিজে ল’ব লাগিব৷ সিদ্ধান্তবোৰৰ দ্বায়িত্বও ল’ব লাগিব৷ কিন্তু তেনে কৰোতে তুমি মন কৰিবা যে তোমাৰ নিজৰ মনত নিজৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা ক্ৰমান্বয়ে বাঢ়ি আহিছে৷ তোমাৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে ই এটা সহজ আৰু কার্যকৰী উপায়৷

নতুন পৃথিৱী এখন আৱিষ্কাৰ কৰাৰ আনন্দ

এই খন তোমাৰ বাবে এক নতুন পৃথিৱী৷ যদি তুমি বিচাৰিব জানা, এই পৃঠিৱীখনত তুমি নানা ৰহস্যজনক, আশ্বর্যজনক আৰু মেজিকৰ নিচিনা কথা বিচাৰি পাবা৷ কিন্তু ইয়াক আৱিষ্কাৰ কৰিব লাগিব তুমি নিজে৷ আনে তোমাক সেয়া কৰি দিব নোৱাৰে৷ তুমি আগতে থকা বুলি নজনা বহু কথা, বহু কাণ্ড-কাৰখানা, বহু বিস্ময়কৰ ঘটনা এই পৃথিৱীখনত ঘটি থাকিব৷ আৱিষ্কাৰ কৰিব জানিলে তুমি আনন্দ ল’ব পাৰিবা এই সকলো অজনা কথাৰ৷ 

কিন্তু এই আনন্দ তুমি তেতিয়াহে ল’ব পাৰিবা যেতিয়া তোমাৰ মনটো পজিটিভ হৈ থাকিব আৰু মনটো খোলা হৈ থাকিব৷ এই আনন্দ তুমি তেতিয়াহে ল’ব পাৰিবা যদি তুমি এই নতুন পৃথিৱীখনক এক সমস্যা বুলি চোৱাতকৈ এক সুযোগ বুলি চাব শিকা৷ আৰু সেই কথা শিকাটো আৰু মনটো পজিটিভ কৰি তোলাটো তোমাৰ হাতত৷

মানসিক উত্তৰণ

মানসিক উত্তৰণ একমাত্ৰ বস্তু যিয়ে তোমাৰ জীৱনটোৰ সকলো ডাঙৰ আৰু গুৰুত্বপূর্ণ কথাৰ বাবে দায়ী৷ তোমাৰ জীৱনটো কোনফালে গতি কৰিব সেয়া বহু পৰিমাণে নির্ধাৰণ কৰিব তোমাৰ মানসিক স্থিতি আৰু চিন্তাবোৰে৷ মানসিক উত্তৰণে তোমাক ভাল আৰু উন্নত চিন্তা কৰাত সহায় কৰাৰ লগতে তুমি বিচৰা কামবোৰ কৰিবলৈ তোমাক সাহস, শক্তি আৰু গতি নির্দেশ কৰিব৷ মানসিক উত্তৰণৰ বাবেহে আমাৰ জীৱনত আৰু সমাজত উন্নতি আৰু প্ৰগতি সম্ভৱ৷

মানসিক উত্তৰণৰ বাবে কিন্তু তুমি নিজে চেষ্টা কৰিব লাগিব আৰু কিছুমান প্ৰচেষ্টা হাতত ল’ব লাগিব৷ আত্মবিশ্বাস বৃদ্ধি, ভয় লগা কাম কৰা, কৰিবলৈ মন নোযোৱা কাম কৰা, অনুশাসন, মনক নিয়ন্ত্ৰণ কৰা ইত্যাদি কিছুমান কাম তুমি হয়তো কৰিব লাগিব নিজৰ মানসিক উত্তৰণৰ বাবে৷ কিতাপ আৰু আন মানুহৰ লিখনিবোৰে তোমাক এই ক্ষেত্ৰত বহুলভাৱে সহায় কৰিব৷

তোমাৰ ব্যক্তিত্ব আৰু ব্যক্তিসত্তা গঢ়াৰ সময়

এই সময়খিনি তোমাৰ বাবে নিজৰ ব্যক্তিত্ব আৰু ব্যক্তিসত্তা গঢ়াৰ সময়৷ ব্যক্তিত্বই তুমি কি, কেনেকৈ চিন্তা কৰা, তোমাৰ ব্যৱহাৰ, তোমাৰ কথা-বতৰা সকলোবোৰ কথা সামৰি ল’ব৷ আনহাতে ব্যক্তিসত্তা হ’ল তোমাৰ এই পৃথিৱীত এক পৰিচয়৷ ব্যক্তিত্ব ব্যক্তিসত্তাৰ এক গুৰুত্বপূর্ণ অংশ৷ এই দুয়োটা তুমি গঢ়িব পাৰা অথবা নিজে নিজে গঢ় লৈ উঠিবলৈ এৰি দিব পৰা৷ নিজে নিজে হ’বলৈ এৰি দিলে অৱশ্যে এটা সমস্যা আছে- ই যেনে হ’ব লাগে আৰু তুমি ই যেনে হোৱাটো বিচৰা, তেনে নহবও পাৰে৷ কিন্তু তুমি যদি সজ্ঞানে এই দুয়োটা গুৰুত্বপূর্ণ কথা গঢ় দিবলৈ চেষ্টা কৰা, তেন্তে এয়া তুমি বিচৰা ধৰণৰে হ’ব৷

এয়া কৰিবলৈ হয়তো তুমি নতুন নতুন কথা শিকিব লাগিব৷ কি কি কথাই তোমৰ ব্যক্তিত্ব শক্তিশালী কৰে সেইবোৰ জানি ল’লে তোমৰ বাবে কামটো আৰু সহজ হ’ব৷ লগতে তোমাৰ ব্যক্তিসত্বা বুলি ক’লে কি কি কথা ইয়াৰ অন্তর্ভুক্ত আৰু ইয়াৰ গঠনৰ বাবে তুমি কি কি কাম কৰিব পৰা সেইখিনি জানি ল’লে এক নির্দিষ্ট দিশত কাম কৰি যাবলৈ তোমাৰ সহায় হ’ব৷ 

এই নতুন জীৱনটোত ভাল কৰিবলৈ, নিজকে নতুনকৈ আৱিষ্কাৰ কৰিবলৈ, নিজকে আৰু ভাল কৰি তুলিবলৈ তোমাক মাত্ৰ এইকেইটা সঁজুলি লাগিব-

(1) এক খোলা মন- মই সকলো কথা জানো ভাব বাদ দি, মই নতুন কথাবোৰ শিকিবলৈ নিজৰ মনটো খোল কৰি ৰাখিম এই ভাব

(2) আত্মবিশ্বাস

(3) এটা পজিটিভ এটিটিউড

এই কেইটা কথাৰ কর্ষণ কৰি তুমি নিজে নিজকে গঢ়াৰ কমাৰশাল সৃষ্টি কৰি ল’ব পাৰিবা যৰ পৰা তোমাৰ এক নতুন সংস্কৰণৰ সৃষ্টি হ’ব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top