Close

সৰু ল’ৰাটো

এখন স্কুলত এটা সৰু ল’ৰাই পঢ়িছিল৷ সি ফুটবল খেলি খুব ভাল পাইছিল আৰু সদায় খেলৰ প্ৰেকটিচ কৰিছিল৷ ইমান প্ৰেকটিচ কৰাৰ পিছতো কিন্তু স্কুলৰ ফুটবল টিমটোত সি ঠাই পোৱা নাছিল৷ কিন্তু সেইবুলি সি কোনোদিনে প্ৰেকটিচ নকৰাকৈ থকা নাছিল৷ সি সদায় প্ৰেকটিচ কৰিবলৈ আহিলে তাৰ লগত তাৰ দেউতাক আহে৷ তাৰ প্ৰেকটিচ শেষ নোহোৱালৈকে তাৰ দেউতাক সদায় বহি থাকে আৰু তেওঁ সদায় একেটা ছিটতে বহে৷

শেষৰ বছৰটো আহিল আৰু ফুটবল ছিজন আহিল৷ টিমৰ চিলেকচনৰ সময় আহিল আৰু সকলোৱে পূর্ণদ্যোমে প্ৰেকটিচত লাগিল৷ চিলেকচনলৈ আৰু মেচলৈ আৰু মাত্ৰ চাৰি দিন বাকী আছিল আৰু প্ৰস্তুতি তুংগত আছিল৷ তেনেতে হঠাতে ল’ৰাটো প্ৰেকটিচলৈ অহা বন্ধা কৰিলে৷ কোচেও তাৰ কাৰণ নাজানিলে৷

চিলেকচনৰ দিনা ৰাতিপুৱা চিলেকচন হোৱাৰ কথা আৰু মেচখন হোৱাৰ কথা আবেলি৷ হঠাতে ৰাতিপুৱা ল’ৰাটো আহি ওলাল আৰু নিজৰ বাবে টিমটোত এটা স্থান বিচাৰি কোচক অনুৰোধ কৰিলে৷ ফুটবলৰ কোচে তাক ক’লে- “চোৱা আমাৰ তোমাতকৈ ভাল খেলুৱৈ আছে আৰু তাতে তুমি এইকেইদিন প্ৰেকটিচলৈও অহা নাই৷ তোমাক মই কেনেকৈ টিমত ল’ব পাৰোঁ?’’

কিন্তু ল’ৰাটোৱে অনুৰোফ কৰিয়েই থাকিল৷ সি মাত্ৰ কোচৰ ভৰিত ধৰিবলৈহে বাকী৷ এনেদৰে অনুৰোধ কৰা কোচজনে কেতিয়াও দেখা নাছিল৷ অৱশেষত উপায় নাপাই তেও’ ক‘লে- ’‘ঠিক আছে, মোৰ নিজৰ চিন্তাৰ বিপৰীতে গৈ মই তোমাক এটা সুবিধা দিব ওলাইছোঁ৷ কিন্তু মাত্ৰ হাফ টাইমলৈকেহে৷ তাৰ ভিতৰতে তুমি তোমাৰ খেলৰ প্ৰমাণ দেখুৱাব লাগিব৷ আৰু চোৱা গোটেই স্কুলখনৰ সন্মানৰ প্ৰশ্ন ইয়াৰ লগত জড়িত হৈ আছে৷”

কোচক ধন্যবাদ জনাই ল’ৰাটো গ’লগৈ৷ সেইদিনাৰ খেলত ল’ৰাটোৱে অবিশ্বাস্য খেল প্ৰদর্শন কৰিলে আৰু তাৰ ভৰিত পৰা প্ৰতিটো বলেই গ’ললৈ ৰূপান্তৰিত কৰিলে৷ খেলত ল’ৰাটোৰ টিমটোত অনায়াসে জিকিল তাৰ গ’লবোৰৰ বাবে অঅৰু সি মেন অব দা মেটছ সন্মানো পালে৷

খেলৰ শেষত কোচে তাক মাতি ক’লে- ’‘মই তোমাৰ বিষয়ে ইমান ভুল ধাৰণা লৈ আছিলোঁ৷ তুমি ইমান ভাল কেনেকৈ খেলিলা? কিহে তোমাক অনুপ্ৰেৰণা যোগাইছিল?”

ল’ৰাটোৱে ক’লে- “মোৰ দেউতাই মোৰ খেল চাই আছিল৷”

“ক’ত আছে তোমাৰ দেউতা? মই তোমাৰ দেউতাক সদায় তোমাৰ লগত প্ৰেকটিচলৈ অহা দেখো কিন্তু আজিতো মই তেওঁক দেখা নাই৷”

“ছাৰ, আপুনি কথাটো নাজানে৷ মোৰ দেউতা অন্ধ৷ তেওঁ সদায় মোৰ লগত আঢে একমাত্ৰ মোক উৎসাহ দিবৰ বাবে৷ চাৰিদিন আগতে তেওঁ ঢুকাল৷ আৰু তেওঁ আজি প্ৰথম বাৰৰ বাবে মোৰ খেল চাই আছিল তাৰ পৰা৷”- এইবুলি ল’ৰাটোৱে আকাশৰ ফালে আঙুলিয়াই দেখুৱালে৷ তাৰ চকুত চকুপানী আছিল৷

“আৰু সেই কথাটোৱে মোক মটিভেট কৰিছিল আজি ইমান ভাল খেলিবলৈ৷”

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top